আমি আজি কোন পথেৰে আগবাঢ়িম ?(-প্ৰতিম কুমাৰ)

……………..
আজিৰ পৰা পাঁচ বছৰৰ আগতে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। উত্তীৰ্ণ হোৱাৰ পিছতে আহিল মহাবিদ্যালয়ত নামভৰ্তি, নামভৰ্তিৰ বাবে প্রয়োজন হ’ল জাতিগত প্রমাণপত্র(Caste Certificate)। হাতত সময়ো বৰ কম। দেউতাই সেইকেইদিন অফিচলৈ দৌৰি দৌৰি আন বহুততকৈ হয়টো সোনকালেই সেইখন উলিয়াই আনিলে। মই দেউতাক কেনেকৈ ইমান সোনকালে উলিয়ালে বুলি সোধাত উত্তৰ দিলে যে সিহঁতক টকা কেইটামান দিলেই সেইখন চহী কৰিবলৈ বুলি সোনকালে পঠাই দিয়ে। নহ’লে হেনো তাতেই পেলাই থৈ দিয়ে; লাহে লাহে গৈ থাকিব ক্রমান্বয়ে। তাৰমানে যিখিনিয়ে পইছা-পাতি নিদিয়ে, পইছা দিয়া খিনিৰ বলত নিয়ম মতে আগত চহী কৰিবলৈ যাবলগীয়া কাগজখনো পিছ পৰি ৰয়। যাৰফলত বহু দিন ধৰি সেই কামটোতে দৌৰি ফুৰিব লগীয়া হয়। যিটো কাম কেইটকামান গুজি দিলেই দুদিনতে সম্পূৰ্ণ হৈ উঠে।
তাৰ দুবছৰৰ পিছতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ’লো। যিহেতু বিজ্ঞানৰ ছাত্র আন সকলোৰেই দৰে প্রথম লক্ষ্য ডাক্তৰী বা ইঞ্জিনিয়াৰিং পঢ়া। তথাপিও মনত বান্ধি ৰাখিছিলো এইবোৰ একো পঢ়িব নোৱাৰিলে পিছত স্নাতককে কৰিম। আহিল নহয় বিভিন্ন মেডিকেল-ইঞ্জিনিয়াৰীঙৰ নামভৰ্তিৰ প্রৱেশিকা পৰীক্ষাৰ বাবে প্র-পত্র পূৰণ কৰাৰ সময়, প্রয়োজন হ’ল স্থায়ী বাসিন্দাৰ প্রমাণপত্র(PRC) খন। এইবাৰ দেউতা নহয় মইয়ো নিজে যাব পৰা হৈছো। সেইখন উলিয়াবলৈও সেই একেই আগৰদৰে কৰ্ম-কাণ্ড। আবেদন কৰি মেলি প্রথমটো চহীৰ বাবে কম্পিউটাৰৰ ওচৰত বহি থকাজনক পঞ্চাশ টকা এটা দিলেহে সেইখন পঠাই দিয়ে। নহ’লে তাতে পৰি থাকিব। প্রথমটো চহী হৈ অহাৰ পিছত আকৌ দ্বিতীয়টো চহীৰ বাবে পুনৰ তেওঁৰ ওচৰলৈ যাব লাগিব। মই ভাবিছো এইবাৰ হয়টো তেওঁ একো নিবিচাৰিব যিহেতু আগতে এবাৰ দিছোৱেই। কিন্তু তেওঁ পুনৰ পইছা বিচৰাত উঠিল নহয় মোৰ খঙটো। খঙতে অফিচৰ সকলো মানুহৰ আগতেই সকলোৱে শুনাকে ডাঙৰকৈ কৈ দিছিলো- ‘আপোনাক আৰু কিমানবাৰ লাগে হে, আগতে এবাৰ পঞ্চাশ টকা দিছোৱে দেখুন।’ মানুহজনে অকণমান সেমেনা-সেমেনি কৰি উত্তৰ দিছিল- ‘আমাৰ দৰমহা ইমান নাই নহয় ভাইটি, কিবা এটা দিয়া আৰু মিলাই।’ মইও কামটো কৰি নিদিব বুলি ভয়তে এইবোৰ জগৰ লগোৱাতকৈ ত্রিশ টকা এটা দি তাৰ পৰা ওলাই আহিছিলোঁ। সেইয়া কথা গ’ল। সময়ত সেইখন পালোঁ কিন্তু মেডিকেল-ইঞ্জিনিয়াৰিং ক’তো আসন নাপালোঁ। ব্যক্তিগত ভাবে পঢ়িবলৈও দেউতাই বলে নোৱাৰিব বুলি জানি নিজেও মন মেলা নাছিলোঁ। শেষত স্নাতক মহলাতে নামভৰ্তি কৰিলোঁ। লগৰে বাকী টকা থকা সকলৰ কিছুমানে অসমতে বা কিছুমানে বাহিৰত ব্যক্তিগত খণ্ডত ডাক্তৰী, ইঞ্জিনায়াৰিং, ফাৰ্মাছি পঢ়ি থকাৰ সময়তে ভাবিছিলোঁ আমাৰ দেউতায়েও যদি বাহিৰা উপায়ে টকা পইচা কেইটামান গোটালেহেঁতেন, মইয়ো হয়তো আজি তেনেদৰে ইমানখিনি টকা খৰছ কৰিবলৈ কুন্ঠাবোধ নকৰিলোঁহেতেন! যদিও, মই অসৎ উপায়েৰে দেউতাই উপাৰ্জন কৰাটোৰ কেতিয়াও পক্ষপাতী নাছিলোঁ আৰু মই আজিও নিজৰ বুকুত হাত থৈ ক’ব পাৰো যে দেউতাই সেই কাম কেতিয়াও কৰা নাছিল। আচলতে তেনেদৰে ভবাৰ আৰু এটা কাৰণো আছিল। কিয়নো সেইসময়তে শুনিবলৈ পাইছিলোঁ যে টকা দিলে হেনো অসমৰ মেডিকেল-ইঞ্জিনিয়াৰিং আদিতো আসন পাব পাৰি। কথাটো কিমান দূৰ সত্য নাজানো কিন্তু আজিও মই সেই কথা বিশ্বাস কৰিবলৈ টান পাওঁ।
স্নাতক পঢ়ি থকাৰ সময়তে দেউতা অলপ অসুস্থ। সিফালে দেউতাৰ প্রথমটো পদোন্নতি আহিছে মৰিগাঁৱলৈ বুলি। দেউতাৰ লগৰে বাকীদুজনৰ আকৌ নিজ ঠাইতে পদোন্নতি পাইছে। অসুস্থ দেহাৰে ঘৰৰ পৰা ইমান আঁতৰত দেউতাই বদলি নিবিচাৰি একেটা পদতে একেঠাইতে থাকিল। দেউতাৰ লগৰ দুজনৰ পদোন্নতি পূৰ্বৰ ঠাইতে হোৱাৰ বিপৰীতে দেউতাক কিয় ইমান আঁতৰত দিলে সোধাত দেউতাই লুকাই থকা ক্ষোভ এটা উজাৰি কৈছিল,- “বাকী বিলাকে গুৱাহাটীলৈ গৈ আগতেই টকা খুৱালে, সেইকাৰণে তেওঁলোকে নিজঠাইতে খালি হৈ থকা পদ কেইটা পালে আৰু মই অসুস্থ দেহাৰে সেইখিনি কৰিব নোৱাৰিলোঁ বাবে আজি এই অৱস্থা”। এবছৰৰ পিছত পুনৰ সেই একেটা পদতেই একেটা স্থানতে পদোন্নতি আহিল। পুনৰবাৰ সেই সুযোগ দেউতাই হেৰুৱালে। আচলতে সেইখিনি মই নিজে কৰি দিবলৈও নোৱাৰিম বুলি দেউতাই হয়তো মোক কেতিয়াও আগবাঢ়িবলৈ দিয়া নাছিলে। ইয়াৰ পিছত পুনৰ শেষৰটো পদোন্নতিৰ সুযোগ আহিল স্থান হোজাইলৈ বুলি। তাতে আকৌ কাৰ্যালয়ৰ নামটো আহিছে ভুলকৈ। সেইবাৰ দেউতাৰ আৰু চাকৰি কাল আছে আগত মাত্র এবছৰ। পদোন্নতি গ্রহণ কৰিব পাৰিলে হেনো চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত পেঞ্চনটো কিছু বাঢ়ি যাব। দেউতাই আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এবছৰ যেনেতেনে কটাই দিম বুলি যাবলৈ ওলাইছিল। এইবাৰ মইয়ে অলপ আগবাঢ়ি ভুল হৈ অহা কাৰ্যালয়ৰ নামটো শুধৰাই অনাৰ বাবে গুৱাহাটীলৈ বুলি গ’লো। তালৈ গৈয়ো সেই একেই অৱস্থা, তেওঁলোকৰ নিজৰ ভুলটো শুধৰাবলৈও আকৌ পাঁচ হাজাৰ মান টকা আগবঢ়াই দিলেহে লৰচৰ কৰে। নহ’লে যেন তেওঁলোকে কাকো গুৰুত্বই নিদিব, লাগিলে আপোনাৰ অৱস্থা যিয়েই নহওক। ইমান হাৰাশাস্তি ৷ সেইখিনি কৰি মেলিও কিন্তু পিছত দেউতাৰ পদোন্নতিৰ সুযোগ গ্রহণ কৰা নহ’ল। আমিও কেইটামান টকাৰ বিনিময়ত ঘৰৰ পৰা ইমান দূৰলৈ দেউতাক পঠাবলৈ সাহস গোটাব নোৱাৰিলোঁ। নিজেই যেন নিজকে তেতিয়া বুজাইছিলোঁ মোৰ দেউতা জনতকৈ সেই কেইটা টকা কেতিয়াও ডাঙৰ হ’ব নোৱাৰে। ফলত দেউতাই সেই একেটা স্থানতে এজন তৃতীয় শ্রেণীৰ কৰ্মচাৰী হিছাপেই চাকৰি জীৱন সমাপ্ত কৰিলে৷

আজি মই স্নাতক শিক্ষা সাং কৰি নিজৰ বাবে এটা চাকৰিৰ যা-যোগাৰ কৰিবলৈ চেষ্টা কৰিছো। দেউতাৰ চাকৰি আৰু বেছি দিন নাই। ইয়াৰ পিছত ঘৰখনৰ গধুৰ দায়িত্ব এটা যেন মোৰ ওপৰতেই পৰিব। কিন্তু এইয়া কি, আজিৰ দিনত চৰকাৰী চাকৰি এটা পোৱাটো জানো ইমান সহজ! দেউতাই কৰা সেই সাধাৰণ চাকৰিটো পাবলৈকে আজি ঘোচ দিব লাগে ছয়-সাত লাখ টকা। যিখিনি টকা হয়টো মোৰ দেউতাই গোটেই চাকৰি জীৱনতে আৰ্জিব নোৱাৰিলে। তেনেক্ষেত্রত এই সময়ত মোক সিমানখিনি টকাৰ যোগাৰ কৰি দিয়ে কেনেকৈ। এনে এটা পৰিস্থিতিত পৰি পুনৰবাৰ দেউতাৰ সেই চাকৰি জীৱনৰ নিকা কাম-কাজ খিনিৰ ওপৰত অভিমান তোলো! কথা এটালৈ মনত পৰিছে। সিদিনা মোৰ কোঠাৰ কাষতে স্নাতক তৃতীয় বৰ্ষত পঢ়ি থকা ভাইটিজনৰ বায়েকহঁত আহিছে। বায়েকে তাক সুধিছে, ইয়াৰ পিছত ভাইটি কি কৰিম বুলি ভাবিছ? সি এক মিনিট সময়ো নোৰোৱাকৈ উত্তৰ দিছে- ‘চাকৰি-তাকৰি এটা বিচাৰিব লাগিব। আৰু পালে যে এনেকুৱা টকা মাৰিম নহয়। দেউতাই যি ভুল কৰিছে, সেই ভুল মইয়ো কৰিম বুলি ভাবিছ নেকি? কেতিয়াও নকৰোঁ। দেউতাই যিহে কৰিলে, মোৰ পিছৰখিনিক আমাৰ নিচিনা কষ্ট খাবলৈ নিদিওঁ !’ মই ক্ষন্তেক তভক মাৰি চিন্তা কৰিছিলোঁ, সিটো একো ভুল কথা কোৱা নাই। ইমান শুদ্ধ আৰু নিকা মনোভাৱৰ ব্যক্তিৰ জানো আজিৰ সময়ত কিবা গুৰুত্ব আছে। যি জন মানুহে নিজৰ চাকৰি জীৱনত এক টকা পইছাও ইফাল সিফাল নকৰাকৈ পাৰ কৰিলে তেওঁৰ আজি কি হ’ল? নিজৰ তিনিটাকৈ পদোন্নতিৰ সুযোগ ওপৰত গৈ কেইটকামান গুজি দিব নোৱাৰাৰ বাবেই গ্রহণ কৰিব নোৱাৰিলে। প্রথমৰ পৰা শেষলৈকে একেটা পদতে কটাই কেইদিনমানৰ পিছত চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিব। অৱসৰৰ পিছত পুনৰ আহিব পেঞ্চনৰ চিন্তা। নিজৰ শুদ্ধ পথেৰে গৈ কাম কৰি পোৱা দৰমহা কেইটাৰ পৰা কাটি ৰখা টকা কেইটা লাভ কৰিবলৈকে ৬০ বছৰীয়া সেই অসুস্থ দেহাৰেই তেতিয়া দৌৰিব লাগিব ইটো কাৰ্যালয়ৰ পৰা সিটো কাৰ্যালয়লৈ। নিজৰ জীৱনকালত টেবুলৰ তলেৰে এক পইচাও ল’বলৈ হাত কঁপা সাধাৰণ সহজ-সৰল নিকা মানুহজনে নিজৰ প্রাপ্য খিনি লাভ কৰিবলৈ সেই একেটা হাতেৰেই ডাঙৰ ডাঙৰ ঘোচখোৰ বিষয়ালৈ বুলি টেবুলৰ তলেৰে আগবঢ়াই দিব লাগিব। তেনেস্থলত ভাইটিজনে নিজৰ দেউতাকৰ নিকা কাম-কাজ খিনিক ভুল বুলি কোৱাত জানো কিবা ভুল হ’ব পাৰে ?
আমি আজি উঠি অহা নতুন প্রজন্মটোৰ একো একোজন সদস্য। আমিও সপোন দেখোঁ এখন সুস্থ, দুৰ্নীতিমুক্ত আৰু নিকা দেশৰ। য’ত সকলোৱে সমান অধিকাৰ পাওক, সকলোৱে একেলগে আগবাঢ়ি অহাৰ সুযোগ পাওক। য’ত সকলোৱে সপোন দেখাৰ অধিকাৰ পাওক আৰু নিজৰ জীৱনটোৰ লগতে দেশখনক ৰঙীন কৰি তোলক। যাৰবাবে হয়টো আমিয়েই আগবাঢ়িব আহিব লাগিব আৰু দুৰ্নীতিগ্রস্ত দেশ তথা জাতিটোক নিকা কৰি তুলিব লাগিব। কিন্তু এইখিনি কৰিবলৈ আগবাঢ়িব ধৰিলেই উঠি অহা জীৱনটোৰ পথত কোঙা কৰা অভিজ্ঞতা সমূহে অলপ হ’লেও থমকি ৰ’বলৈ বাধ্য কৰাব। কিয়নো বাহিৰৰ জগতখনৰ কথা বুজি নাপাওঁতেই যেতিয়া নিজৰ জাতিগত প্রমানপত্র বা স্থায়ী বাসিন্দাৰ প্রমাণপত্রখন উলিবলৈকে কুমলীয়া হাত কেইটাৰে টকা আগবঢ়াব লগা হ’ব। ইফালে আকৌ কেইটামান টকাৰ বিনিময়তে নিজৰ প্রয়োজনীয় জাতিগত প্রমাণপত্রখন খুচিমতে বনাই ল’ব পাৰি, লাগিলে আপুনি সেই জাতিৰ নহওকেই বা কিয়। নিয়মমতে এখন চালকৰ প্রমাণপ্রত্র উলিয়াবলৈ প্রায় এবছৰতকৈ বেছি সময় লাগিব কিন্তু কেইহাজাৰমান টকা খৰছ কৰিলেই এমাহৰ ভিতৰত প্রমাণপত্র আপোনাৰ হাতত।নাই কোনো চালনাৰ পৰীক্ষা, নাই কোনো নাকচ কৰাৰ সম্ভাৱনা। যেতিয়া পঢ়ি শুনি উঠি নিজৰ যোগ্যতা খিনি থাকিলেও চাকৰি এটাৰ বাবে লাখ-লাখ টকাৰ উৎকোচ দিব লাগিব, তেতিয়া সেই মোটা অংকৰ ধনখিনি পৰিশোধ কৰিবলৈ আমি কোন পথেৰে যাব লাগিব? ইয়াতেই হওক বা বাহিৰতে হওক লাখ-লাখ টকা খৰছ কৰি পঢ়ি অহা সকলে সেই টকাখিনি কোন পথেৰে গৈ পৰিশোধ কৰিব? আমি আমাৰ বা ওপৰৰ সকলৰ নিকা ভাৱমুৰ্তিৰ বাবে যদি জীৱনটোৰ অকণমান ৰং-স্ফুৰ্তিবোৰৰ পৰা বঞ্চিত হ’ব লগা হয়, তেনেহ’লে আমাৰ ভৱিষ্যতৰ সুখৰ বাবে কোনটো পথ গ্রহণ কৰিম? আমিও জানো এই পৃথিৱীত আমাতকৈও মানুহে সাধাৰণ ভাৱে থাকিব লগা হৈছে, অতি কষ্টৰে দুবেলা দুমুঠি খাই জীৱনত জীয়াই থাকিব লগা হৈছে। কিন্তু নিকা আৰু শুদ্ধ ভাৱে থাকি সাধাৰণ জীৱন কটোৱা সকলৰ পেটত গোৰ মাৰি যেতিয়া আমাৰ নিচিনা এচামেই ৰঙ-চঙীয়া জীৱন যাপন কৰিব তেনেক্ষেত্রত আজিৰ সময়ত আমিও এটা সুযোগ পালে সেই সুযোগৰ ব্যৱহাৰ কৰাটোত জানো কিবা ভুল হ’ব পাৰে? সৰুৰ পৰা ডাঙৰ হোৱালৈকে ইমানবোৰ টেঙা অভিজ্ঞতাৰে পুষ্ট হোৱাৰ পিছতো যদি আমি নিজে শুদ্ধ পথত থাকি আগবাঢ়ি যাব লগা সময়খিনিত আনৰবাবে বাৰে বাৰে তেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়, তেনেহ’লে আমি উঠি অহা চামে আজি কোন পথেৰে আগবাঢ়িম?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক