আমি এনেকৈ আৰু কিমান দূৰলৈ যাম! (লক্ষ্য প্ৰহৰ বৰদলৈ)

প্ৰথমেই কৈ থোৱাটো আৱশ্যকীয় হ’ব যে এই লেখক অল্পভাষী, গতিকে পাঠকে এই লেখাটো পঢ়ি যাওতে নিজেও ঠায়ে ঠায়ে কিছু পৰিমাণে ভাৱ-সাগৰত ডুব যাব লাগিব।

ব’হাগ বিহুৰ উৎপত্তিৰ ফালে চাবলৈ গ’লে আমি দেখা পাম যে ই মূলতঃ কৃষিভিত্তিক উৎসৱ। অসমৰ বিভিন্ন জাতি-ধর্ম-বর্ণ নির্বিশেষে এই উৎসৱ পালন কৰি আহিছে। কাৰণ এটা সময়ত অসমৰ সৰহসংখ্যক লোকেই কৃষিকার্যৰ লগত জড়িত আছিল। কিন্তু বর্তমান সময়ত অসমীয়া মানুহে কৃষিকার্যক অৱজ্ঞাৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। অসমীয়া কৃষকসকল আজি হীনমন্যতাত ভোগে। ইয়াৰবাবে দায়ী হয়তো আমাৰ সমাজব্যৱস্থা আৰু লগে লগে আমাৰ মানসিকতা। ক্ৰমান্বয়ে বিহুৰ পৰম্পৰাগত বৈশিষ্ট্যবোৰো লুপ্ত হ’বলৈ ধৰিছে। এই সমূহ একা-বেঁকা পথ যদি জোৰা দি চোৱা যায় তেন্তে চকুত পৰিব যে এনেবোৰ কাৰণতেই হয়তো লাহে লাহে ‘বিহু’ এক ব্যৱসায়িক বিনোদন আৰু লাভালাভৰ সঁজুলি হোৱাৰ পথত অগ্ৰসৰ হৈছে।
বিহু আহিল বুলিয়েই আজি কেইটা অসমীয়া পৰিয়ালে পিঠা-পনা নিজ হাতে তৈয়াৰ কৰে? প্ৰকৃততে আজিৰ প্ৰায়ভাগ অসমীয়াই বিহুৰ পিঠা-পনা, দৈ-চিৰা যোগাৰহে কৰে! যোগাৰ কৰা এই প্ৰক্ৰিয়াটোত যে ঘৰৰ বয়োজ্যেষ্ঠ বা ওচৰ-চুবুৰীয়াৰ প্ৰতি অলপো আন্তৰিকতা থাকে তাত কিছু সন্দেহ আছে। যদিও কিছুসংখ্যক লোকৰ এই ক্ষেত্ৰত আন্তৰিকতা থাকে তেন্তে সেয়া লেখত ল’ব পৰা বিধৰ। আজি বিহু আহিলেই এইবোৰ সামগ্ৰী(!)ৰে বজাৰ ভৰপূৰ হৈ পৰে। কাৰণ বণিকগোষ্ঠীয়েও বুজি উঠিছে যে অসমীয়াৰ ধনৰ টোপোলাই বর্তমান সময়ত বিৰাট আকাৰ ধাৰণ কৰিছে। ‘‘পৰৰ পিঠাৰে বিহু পতা’’ বোলা যোজনাফাঁকি এতিয়া চাগে’ আমাৰ ক্ষেত্ৰত বৰ সুন্দৰভাৱে প্ৰযোজ্য হ’ব!
প্ৰায়ভাগ অসমীয়াই আজি ‘গাঁৱলীয়া’ শব্দটোকেই হীন দৃষ্টিৰে চোৱা হৈছে। তেওঁলোকে নগৰীয়া মানুহৰ আদৱ-কায়দা যিমান সোনকালে পাৰে, সিমান সোনকালে আয়ত্ব কৰিবলৈ যত্ন কৰিছে। আৰু অৱশেষত নগৰমূখী হৈছে তেওঁলোকৰ বাসস্থানো। ইয়াত দোষ কাৰ? সেই মানুহখিনিৰ নে আমাৰ সমাজব্যৱস্থাৰ? হয়তো দুয়োটা পক্ষৰেই!

এই লেখাৰ পাঠকে এবাৰ নিজেই ভাবক যে, আমাৰ আদৰৰ বিহুটো ক’ৰ পৰা আহি আজি কোনখিনি পালেহি! বিহু নৃত্যৰ কথাকে ধৰা যাওক…
এটা সময় আছিল, মুকলি বিহু পথাৰত অনুষ্ঠিত কৰা হৈছিল। চলি অহা লোকবিশ্বাসৰ ফলতেই তেতিয়াৰ হোজা খেতিয়ক ৰাইজে ভাবিছিল এই গীত আৰু নৃত্যই আমাৰ পথাৰ শস্যগর্ভা কৰি তুলিব। সেইদেখি ব’হাগৰ এই দিনকেইটা মানুহখিনিয়ে সম্পূর্ণ নিয়ম-নীতিৰে মন-প্ৰাণ ঢালি উদযাপন কৰিছিল। তাত আছিল এক অনামী স্পন্দন, জীৱনীশক্তি। আগৰ কালছোৱাত বিহুৱে কেৱল আনন্দই যে দিছিল তেনে নহয়, ইয়াৰ সৈতে জড়িত হৈ আছিল গভীৰ দর্শন আৰু বিজ্ঞান। বিহুৱে জনজীৱনক সৎ আৰু মহৎ উদ্দেশ্যৰে জীয়াই থাকিবলৈ বাৰে বাৰে সকিয়াই দিছিল। বিহুৱে মানুহক প্ৰেৰণা দিছিল প্ৰকৃতিৰ সৈতে একাত্ম হ’বলৈ। কিয় আৰু কেনেকৈ; সেইখিনি পাঠকলৈ এৰিলোঁ। লাহে লাহে ব’হাগৰ বিহুটিয়ে গৃহস্থৰ চোতাল গচকি নগৰ পালেহি আৰু লগে লগে মঞ্চলৈ উত্তীর্ণ হ’ল, অৱশেষত সেইটি বিহুৱেই টি.ভি.ৰ পর্দাও পালেহি! এই সন্দর্ভত ড০ লক্ষ্মীনন্দন বৰাদেৱৰ এষাৰ কথা মনকৰিবলগীয়া- ‘‘গুৱাহাটীত ঢোলৰ মাত, পেঁপাৰ মাত আৰু বিহুগীত শুনো ইলেক্ট্ৰনিক মাধ্যমতহে। শুনাৰ কোনো সময়-অসময় নাই। প্ৰচণ্ড শীতকালতেই টি.ভি.ত বিহুগীত পৰিবেশন কৰা হয়। সেয়ে ইয়াৰ বিশেষত্ব হেৰাই যোৱাৰ পথত।’’
আগৰ দিনত বিহুগীত আৰু নৃত্যত নগ্ন যৌনতাৰ বেহা হোৱা নাছিল, এতিয়া যি সহজলভ্য। আচলতে এতিয়া ব’হাগ বিহু উদযাপন কৰা বিষয়টো অকল ব্যৱসায়ীক লাভালাভৰ ক্ষেত্ৰতেই সমাপ্ত হৈছে বুলি ক’ব পাৰি, য’ত নাই কোনোধৰণৰ আন্তৰিকতা, সমাজ আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা। সহজ সৰল আমাৰ আদৰৰ বিহুটিক বর্তমান সময়ত যেনেদৰে অতিৰঞ্জিত ৰূপত আত্মপ্ৰকাশ কৰোৱা হৈছে, সেইখিনি কৰাৰ প্ৰয়োজন নিশ্চয় নাছিল। (বিহুৰ প্ৰতি কিছুসংখ্যক অসমীয়াৰ আগৰ সেই উচ্ছাস নোহোৱাৰ ইয়ো এটা প্ৰধান কাৰণ বুলি ভাবোঁ।) সংস্কৃতি হ’ল মাটিৰ সম্পদ, তাক মাটিতেই থাকিবলৈ দিয়া ভাল। আজি আমাৰ সংস্কৃতিয়ে মাটিৰ সৈতে থকা আগৰ সেই সংস্পর্শ হেৰুৱাইছে বাবেই, ই স্বকীয় গুণবোৰো হেৰুৱাবলৈ ধৰিছে। এনে সৰু সৰু অথচ বিৰাট কাৰণৰ হেতু আজি অসমীয়াই নিজৰ মাটিতেই নিজৰ নিচান বিচাৰি ফুৰাৰ দৰে লজ্জাজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ধাৰণা কৰিব পাৰি!

আমাৰ সমাজখন আৰু আমাৰ মানসিকতাৰ বৰ খৰ গতিৰে পৰিবতৰ্ন হৈছে। খৰ গতিৰে যোৱা গাড়ী এখন ধ্বংসও হয় নিমিষতে! যদিও সময়ৰ লগে লগে এখন সমাজৰ, এটা জাতিৰ সংস্কৃতিৰ পৰিবর্তন হোৱা কথাটো একো অস্বাভাৱিক কথা নহয়, তথাপি কিন্তু সেই পৰিবর্তন, এটা জাতিৰ জনজীৱনৰ নিয়ন্ত্ৰণাধীন হোৱাটো নিতান্তই আৱশ্যকীয় কথা। কাৰণ এটা জাতিৰ উন্নয়নত, সেই জাতিটোৰ সাহিত্য, সংস্কৃতি আৰু লোকবিশ্বাসে বাৰুকৈ প্ৰভাৱ পেলায়। পৰিবর্তনে যদি আমাৰ জাতিটোৰ সাংস্কৃতিক বৈশিষ্ট্যক বিনষ্ট কৰে, সেই পৰিবর্তনৰ ফলস্বৰূপে আমি যদি আমাৰ ঐতিহ্যৰ পৰাই বিচ্ছিন্ন হৈ পৰোঁ তেন্তে তেনে পৰিবর্তন আমাক লাগেই বা কিয়!
বর্তমান সময়ত অসমীয়া বুদ্ধিজীৱী সমাজে অকল বাতৰি চেনেলৰ অনুষ্ঠানত বহি আমাৰ সাংস্কৃতিক ‘ৰূপান্তৰ’ৰ বিষয়ে উক্তি-কটুক্তি প্ৰকাশ কৰিলেই আমাৰ কৃষ্টি-সংস্কৃতি এই ‘প্ৰদূষণ’ৰ কৱলৰ পৰা মুক্ত নহয়। আমাৰ কৃষ্টি-সংস্কৃতি এইখিনি পর্যায়লৈ কিয় আৰু কেনেকৈ আহি উপনীত হ’ল তাৰ কাৰণবোৰৰহে নির্মোহ বিশ্লেষণ হ’ব লাগিব আৰু সেইখিনি ধুই নিকা কৰিবলৈ এতিয়াও বাকী থকা অসমীয়া কেইজনে কেনেধৰণৰ পদক্ষেপ ল’ব লাগিব তাকে জনোৱাটোহে গুৰুত্বপূর্ণ কথা হ’ব। নহ’লে এনে এটা দিন অতি সোনকালেই আহিব, যিটো দিনত কুলি-কেতেকীহঁতেও লাজতে অসমৰ পৰা কোনোদিনে ঘুৰি নাহোঁ বুলি উৰা মাৰিব!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments