আমি ক’ত আছো আৰু কোনোদিশে গৈ আছো?—প্ৰণীতা ৰানী বৰা

শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ “হৃদয় এক বিজ্ঞাপন” উপন্যাসত এটা কাব্যিক পংক্তি আছে,
”মৃত্যু সহজ,
সহজ প্ৰেমো
সহজ কাম মোৰ প্ৰিয় নহয়
মোক এটুকুৰা হৃদয় দিয়া
কিস্তি কিস্তিকৈ শোধ কৰিম ঋণ,
হৃদয়েৰে….।“
আজি অনুভৱ কৰিছো এখন সঁচা মানৱীয় হৃদয়ৰ প্ৰয়োজনীয়তা।ক’ত হেৰাই গৈছে মানুহৰ বিবেক,হৃদয়? ক্ৰমশঃ যন্ত্ৰ হৈ গৈছো, মানুহ বোৰৰ মাজত মানৱীয় সম্পৰ্কবোৰ শিথিল হৈছে ইত্যাদি অভিযোগ নতুন নহয়। শ্ৰদ্ধাৰ হিতেশ ডেকা দেৱৰ “আজিৰ মানুহ” উপন্যাস পঢ়িছিলো।তাতো সেই সময়ৰ মানুহৰ আচৰণ ,চিন্তা আৰু তাৰ কিছু বছৰৰ আগৰ মানুহৰ আচৰণ চিন্তাৰ মাজৰ পাৰ্থক্যৰ স্পষ্ট প্ৰকাশ পাইছিলো। গল্প-উপন্যাসে সাধাৰণতে সেই সময়ৰ সমাজ ব্যৱস্থা, সামাজিক বাতাবৰণৰ আভাষ দিয়ে।সেই অভিজ্ঞতাৰে ক’ব খোজো বিশ্বৰ আন ঠাইৰ দৰেই আমাৰ অসম মূলুকৰো পটভূমি অলেখ।
গল্প-উপন্যাসৰ পৰা আঁতৰি আহি বাস্তৱ প্ৰেক্ষাপট লক্ষ্য কৰিলে আমাৰ প্ৰায়ভাগ মানুহৰ মনলৈ আহে অসমত উগ্ৰপন্থাৰ বিৰুদ্ধে হোৱা কেবাটাও আৰ্মি অপাৰেচনৰ ঘটনা প্ৰবাহ।তাৰ মাজে মাজে” আই এম ডি টি বাতিল কৰক” ,অসমৰ বিদেশী সমস্যাৰ সমাধান লাগে”,”শুদ্ধ এন আৰু চি লাগে” ইত্যাদি শ্ল’গানেৰে ৰাজপথ কপাই শ্ৰেণীকোঠা এৰি সমদলত যোগ দিয়া সময়বোৰলৈ মনত পৰে। কিমান যে শ্ৰেণীবৰ্জন হ’ল!বহু পিছুৱাই গ’লো আমি অসমীয়াবোৰ। সকলোৱে জনা কথাবোৰ দোহাৰিলো মনটো দুখ আৰু ক্ষোভত ভাৰাক্ৰান্ত হোৱা বাবে।
যোৱা ৩১ আগষ্টত “এন আৰ চি” ওলাল।আশা কৰা একোৱেই নাথাকিল তাত ।বিজ্ঞলোক, দল,সংগঠন, ৰাজনৈতিক লোক প্ৰায় সকলোৱে ক’লে এই কথা।তাৰ মাজতে গোঁহাই চাৰ বা আন একাংশই শলাগিলে। সোঁতৰ বিপৰীত হ’ল যেন তেখেত সকলৰ মন্তব্য। এই বিষয়ত সমালোচনা কৰা এই লেখাৰ উদ্দেশ্য নহয়। উদ্দেশ্য এই যে আমি সোঁতৰ বিপৰীতে গৈ ভাল পোৱা হৈছো সেইটোহে।আনৰ লগত নিমিলা উক্তি এটা দিয়া,উদ্ভত ফটো এখন তুলি চচিয়েল মিডিয়াত প্ৰচাৰ কৰা,উদণ্ড নৃত্য এটা প্ৰদৰ্শন কৰা তাতে গুৰুত্ব আমাৰ। খুচৰি খুচৰি চাওঁ, প্ৰচাৰ কৰো।Talk show বোৰো এইবোৰৰ বিজ্ঞাপন দিয়াৰ মাধ্যম যেন! ফলস্বৰূপে বৃদ্ধি হৈছে বেপৰোৱা মনোবৃত্তিৰ।“মোক কোনে কি কয় চাওচোন” এনে মানসিকতাৰ।
বুকু কপাই যোৱা ঘটনা ঘটিল সিদিনা টিয়ক চাহ বাগিচাত।হয় মানুহৰ মাৰত মৃত্যু হোৱা চিকিৎসক ডাঃ দেৱেন দত্ত দেৱৰ কথা কৈছোঁ।বিনা বেতনেৰে অৱসৰৰ পাছৰ সময়ছোৱা মানৱসেৱাত উৎসৰ্গা কৰিছিল তেখেতে।এইবোৰেই মানুহনে?মানুহেই একমাত্ৰ বৰ্বৰ প্ৰাণী বুলি কৈছোঁ কিয়নো আন প্ৰাণীয়ে এনে কাম কৰিব নোৱাৰে। সেইবুলি নিৰপেক্ষ দৃষ্টিভংগীৰে দৃঢ়তাৰে ক’ম- সেই সমাজ ব্যৱস্থাত ডাঙৰ-দীঘল হোৱা একাংশ লজ্জিত ,ক্ষোভিত হৈছে। তেওঁলোক যেন সক্ষম হৈও অক্ষম।কিয়?কিয় তেওঁলোকে এই উদণ্ডালী নাইকীয়া কৰিব নোৱাৰে?ইও এক সমাধান হীন প্ৰশ্ন।
মোৰ এই অনুভৱ কেৱল এজন চিকিৎসক ৰ মৃত্যুৰ বাবেই নহয়।ভয় হৈছে সমাজ ব্যৱস্থাটোৰ বাবে.., এই সময়ৰ বাবে..,আহি থকা আমাৰ ল’ৰা-ছোৱালীবোৰৰ ভৱিষ্যতৰ বাবে। মৰিয়াই মৰিয়াই মানুহ মৰাটো সহজ হৈ পৰিছে এতিয়া।কাৰণ দোষীয়ে জানে এনে কৰিলেও শাস্তি সহজে নাপায় বা পালেও বহুত দেৰিকৈ।এই ব্যৱস্থাটো অব্যাহত থাকিলে অধিক এনে কাৰ্য সংঘটিত হ’ব।সৌ সিদিনা কেইজনমান ডেকা ল’ৰাক মৰিয়াই মৰিয়াই মৰাৰ পাছত গোটেই খন হুলস্হূলহে হ’ল।একো নহ’ল।সেই সাহ(দুষ্কাৰ্য) বাঢ়ি আহি চিকিৎসকৰ ওপৰত পৰিছে,কাইলৈ আৰু মানুহ ইয়াৰ চিকাৰ হ’ব।বৰ দুখ লগা এই আইনী ব্যৱস্থা আৰু মানসিকতা বোৰ…। বহু লেখা মেলা হৈছে, Talk showহৈছে। তথাপিও এই উগ্ৰ মানসিকতা বাঢ়িছেহে।ভয় লগা হ’ল ঘৰৰ মানুহজন চাকৰি সূত্ৰে ওলাই যোৱাৰ পাছত ।মানুহজনী ভিতৰুৱা অঞ্চল এটাত চাকৰি কৰিবলৈ যাবলৈ ভয় ..”লাগিলে কমকৈ খাম দিয়া,সপোন কমকৈ দেখিম। কিন্তু তোমাক তালৈ পঠাই শান্তিত থাকিব নোৱাৰিম” -এনেকৈ ক’বলৈ,ভাবিব লৈ বাধ্য হৈছে বহু স্বামী-স্ত্ৰী।
ছোৱালীজনীতো বাদেই ল’ৰাটোও ওলাই যোৱাৰ পাছত দুচিন্তাত থাকো আমি।ক’ত বা নলগা জেঙত লাগি কাৰোবাৰ মাৰত হেৰাই যায়!মুক্ত পৰিবেশ লাগে উঠি অহা শিশুহঁতৰ বৃদ্ধি-বিকাশৰ বাবে। কিন্তু আমাৰ মনটো চোন বান্ধ খোৱা অনামী আশংকাত জুৰুলা। কেনেকৈ দিম শিশুসকলক মুকলি আকাশ?
শিক্ষকে ছাত্ৰ-ছাত্ৰীক কথা শিকাবলৈ ও ভয়।অলপ কাঢ়া কৈ ক’বলৈ আৰু ভয় জানোছা ৰোষত পৰি চাকৰিটো হেৰাই!
বহুজনে কয়, শিক্ষাব্যৱস্থা শিক্ষককেন্দ্ৰিক নহৈ ছাত্ৰ-ছাত্ৰী কেন্দ্ৰীক হোৱাটোও এটা কাৰণ।হ’ব পাৰে।আজিৰ অভিভাৱকেও সন্তানৰ প্ৰতিপালনৰ নামত ইমান সময় আৰু গুৰুত্ব দিয়ে যে,সন্তানে সহনশীলতা,সহমৰ্মিতা,সংযম শিকাৰ অৱকাশ নাপায়।তাৰ মাজতে সোঁতৰ বিপৰীতে যাব খোজা পিতৃ-মাতৃৰ মনবোৰ আছেই।ময়ো মাতৃ।মোৰ ভয় সেয়ে বেছি কিয়নো মোৰ সন্তানক ভাল কথা শিকোৱাৰ চেষ্টা কৰিলেই নহ’ব, চৌপাশৰ সামাজিক বাতাবৰণ টো যদি ভাল নহয় কিবা লাভ হ’ব জানো?
বুজাব নোৱাৰা দুখ লাগিছে।কোন দিশে গৈ আছে আমাৰ সমাজ। ধিক্কাৰ- গৰিহণা, দুদিন মানৰ বাবে পুলিচৰ জিম্মা এইয়াই যথেষ্ঠনে দোষীক দমন কৰিবলৈ?দুষ্কাৰ্যবোৰ ভয় লগাকৈ বাঢ়িছে।কোনেও কাকো গণ্য নকৰা হৈছে কিয়?ইমান উগ্ৰতা, অসহনীয়তা কিয়?!ইমান যুক্তিবাদী মানুহ বাঢ়িছে সেই অনুপাতে সুস্থ,শান্ত মস্তিষ্কৰে চিন্তা কৰি সময়োপযোগী সকলোৰে বাবে শুভ হোৱা সমাধান এটা উলিয়াব নোৱাৰিনে?দল, সংগঠন, মিডিয়া ইয়ো নিজক সলনি কৰিবৰ হ’ল। প্ৰচাৰৰ স্বাৰ্থত নহয় মানৱীয়তাৰ স্বাৰ্থত চিন্তা কৰিবৰ হ’ল। নহ’লে বিপদ আমাৰ নিজৰ।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক