আমি চৰ-চাপৰিবাসীয়েই জীয়াই ৰাখিম অসমীয়া ভাষা (-আশ্ৰাফুল হুছেইন)

আমি চৰ-চাপৰিবাসীয়েই জীয়াই ৰাখিম অসমীয়া ভাষা
আশ্ৰাফুল হুছেইন
………………………
অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শ্মশানযাত্ৰাৰ সময়ত চৰ-চাপৰি অঞ্চলত এতিয়াও সমাদৃত অসমীয়া মাধ্যমৰ বিদ্যালয় । মধ্যবিত্ত অসমীয়া যেতিয়া ইংৰাজ হ’ব ধৰিছে, তেতিয়াও অসমীয়াকেই নিজৰ কৰি চৰ্চা অব্যাহত ৰাখিছে চৰ-চাপৰিবাসীয়ে । ইছমাইল হুছেইনৰ মতে অসমৰ দুই হাজাৰৰো অধিক চৰগাওঁ আৰু তাতোকৈ তিনিগুণ বেছি চাপৰি গাঁও । ইয়াৰে অধিকাংশ গাঁৱেই ঊনৈছ শতিকাৰ শেষভাগ আৰু কুৰি শতিকাৰ প্ৰথম ভাগত অবিভক্ত ভাৰতবৰ্ষৰ প্ৰাচীন কামৰূপ বা পূৰ্ববংগৰ পৰা ইংৰাজ প্ৰশাসন, অসমীয়া মধ্যবিত্ত আৰু মাৰোৱাৰী মহাজনৰ আমন্ত্ৰণত ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলত স্থায়ীভাৱে বসবাস আৰম্ভ কৰিছিল ।তেতিয়াৰ জাতীয়তাবাদী নেতা সকলে এই আগ্ৰাসন ৰোধৰ লগতে থলুৱা ভাষা-সংস্কৃতি সুৰক্ষাৰ নিমিত্তে অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম আৰু মাতৃভাষা ৰূপে গ্ৰহন কৰিবলৈ যি আহ্বান জনাইছিল, সেই আহ্বান মৰ্মেই পূৰ্ব বংগৰ কৃষক পৰিয়াল সমূহে নিজ মাতৃভাষা বাংলাক ত্যাগ কৰি গ্ৰহণ কৰিছিল অসমীয়াক । যাৰবাবেই ১৮৩৬ চনৰ পৰা ১৯৫১ চনলৈ চলা বাংলা ভাষাৰ ১১৫ বছৰীয়া একচেটিয়া আধিপত্যৰ অৱসান ঘটাই অসমীয়া ভাষাক সংখ্যাগৰিষ্ঠতাৰে প্ৰতিষ্ঠা লাভ কৰাইছিল আৰু আজিও বৰ্তাই ৰাখিছে । মনকৰিবলগীয়া যে ১৯০১ চন অৰ্থাৎ কটন কলেজ স্থাপনৰ সময়ৰেই পৰা চৰ-চাপৰিত অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ়ি অসমীয়া জাতীয়তাবাদক মজবুত আৰু দীৰ্ঘজীৱী কৰি আহি আছে চৰ-চাপৰি বাসীয়ে ।

উল্লেখনীয় যে চৰ-চাপৰি অঞ্চলত বসবাস কৰা ৫০ লাখৰো অধিক বংগীয় মূলৰ মুছলমান সকলৰ মাজত এখনো বাংলা মাধ্যমৰ বিদ্যালয় নাই । যদিও ঘৰত নিজস্ব বাংলা লেখিয়া দোৱানত কথা-বতৰা পাতে তথাপিও অসমীয়া মাধ্যমত পঢ়া-শুনা কৰাৰ লগতে সামজিক জীৱনত অসমীয়া ভাষাতে ভাৱ প্ৰকাশ কৰি অসমীয়া ভাষা সংস্কৃতিক সুদৃঢ় কৰি ৰাখিছে চৰ-চাপৰিবাসীয়ে । আনকি চৰ-চাপৰি অঞ্চলত ৰঙালী বিহু উদযাপনেৰেও সমন্ধ্ আৰু সংমিশ্ৰনৰ ধাৰা অব্যাহত ৰাখিছে এওঁলোকে । হাফিজ আহমেদৰ এক গৱেষণাৰ ফচল মৰ্মে চৰ-চাপৰিৰ পৰা ২০০ কবিতা পুথি প্ৰকাশ হোৱা কবি, গল্প পুথি প্ৰকাশ হোৱা ৫০ জন গল্পকাৰ, ১০০ ৰো অধিক সমালোচক-নিবন্ধকাৰ, ২০ জনৰো অধিক ঔপন্যাসিক আৰু ১৯৬৫ চন অৰ্থাৎ আজানৰ যুগৰ পৰা বৰ্তমানলৈ প্ৰায় ১০০০ সাংবাদিকে আত্ম প্ৰকাশ কৰাৰ লগতে অসমীয়াত প্ৰচলিত ইছলাম ধৰ্মীয় সাহিত্যৰ প্ৰায় এহেজাৰ পুথিৰ এক তৃতীয়াংশই চৰ-চাপৰিৰ অনুবাদকে অসমীয়ালৈ অনুবাদ কৰি কৃতিত্বৰ স্বাক্ষৰ ৰাখি থৈছে ।উগ্ৰ জাতীয়তাবাদী সকলে যি জনগোষ্ঠীৰ লোকক চৰুৱা, পমুৱা, অভিবাসী, মিঞা, ভাটিয়া, ন-অসমীয়া ইত্যাদি বুলি তিৰস্কাৰ কৰাৰ লগতে বিভিন্ন সময়ত বাংলাদেশীৰ নামত অকথ্য নিৰ্মম নিৰ্যাতন চলাই আহি আছে, সেই জনগোষ্ঠীৰ সুসন্তানেই অসমীয়াক নিজৰ কৰি লৈ গুৰুত্ব সহকাৰে লৈ অধ্যায়ন আৰু গৱেষণা কাৰ্যত ব্ৰতী হৈছে ।

আমাৰ অনুভব- অসমীয়া জাতিৰ সুৰক্ষা আৰু সুস্থ অসমীয়া জাতীয়তাবাদ জীয়াই ৰাখিবলৈ হ’লে অনাচৰবাসী অসমীয়া সকলে মানসিক সু-সম্পৰ্ক বজাই ৰাখিব লাগিব ।চৰ-চাপৰিৰ লোক-সংস্কৃতিক সন্মান প্ৰদৰ্শনৰ লগতে সংমিশ্ৰনৰ ধাৰাও অব্যাহত ৰাখিব লাগিব । ইয়াৰ ওপৰিও চাহ বাগিছাৰ জনগোষ্ঠী সমূহৰ লগতে নেপালী সকলকো অসমীয়া জাতিৰ পৰা পৃথকীকৰণ বন্ধ কৰিব লাগিব । প্ৰকাশ্য যে চাহ বাগিছা সমূহত ইতিমধ্যেই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ লগতেই ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰো সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে । যদিহে অসমীয়া জাতীয়তাবাদী সকলে আমাৰ অনুভবৰ প্ৰতি সঁহাৰি নজনাই তেন্তে বিভক্ত হব ধৰা এই জাতিটোত অসমীয়া বুলি পৰিচয় দিব পৰা কোনেও নাথাকিব বুলি নিশ্চিত হওক ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments