আমি জীয়াই আছোঁ আঘোণাকাই (অভিজিত মেধি)

আঘোণাকাই,
আমাৰ পথাৰত পানী নাই,
বুকুত যন্ত্ৰণাৰ নদী৷

বিলাতী নিচাই বুৰোৱা
সন্ধিয়াৰ মালিকবোৰে
কিয় আমাৰ মুখত বিহটোপাও দিব পৰা নাই?

জানা আঘোণাকাই,
আমিবোৰ নহয় মানুহ,
ৰাজনীতিৰ লেব’ৰেটৰীত ক্ষত-বিচ্ছিন্ন আমি;
যেন একো একোটা গিনিপিগ৷
পৰিৱৰ্তন নামৰ এখন যুদ্ধত,
আমি গুলীবোৰৰ সহজ লক্ষ্য
যাৰ তেজত প্ৰতিবাদৰ ভাষা নাই৷
পৰ্দা উঠে পৰ্দা নামে
কিন্তু দৃশ্যপটৰ সলনি নাই৷
অহিংসাৰ গান গাই গাই
গান্ধী মৰে হিংসাৰ আঁচোৰত,
লিউকে’মিয়াত ভুগিছে সুভাষ,
তেজ বিচাৰি বিচাৰি হায়ৰাণ৷

জানা আঘোণাকাই,
তোমাৰ মোৰ সপোনবোৰ
ৰেহাই মূল্যত বিক্ৰী হয় প্ৰতাৰকৰ চোতালত,
ভোকাতুৰ আমাৰ পথাৰে হজম কৰি থয় বীজবোৰ,
তথাপি টঙালি বান্ধি এইবেলি ওলাম আমি
শইচৰ গজালি মেলাবলৈ চহাম মাটি,
নহ’লে বাঢ়ি অহা নাঙঠ শিশুবোৰক
আমি কি বুজাম আঘোণাকাই?
যে কাপোৰৰ তলত সকলোৱেইটো নাঙঠ আমি!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments