আমি নাখাবলৈও শিকিব লাগে নেকি? (অচিন্ত বৰঠাকুৰ)

মানুহে জীয়াই থাকিবৰ উদ্দেশ্যে খাদ‌্য খায় নে খাদ‌্য খাবৰ উদ্দেশ‌্যেহে জীয়াই থাকে, সেইটো এটা পুৰণি আৰু বহু বিতৰ্কিত প্ৰশ্ন। পৃথিৱীৰ প্ৰায় প্ৰতিজন ব‌্যক্তিৰেই পৰিশ্ৰমৰ প্ৰত‌্যক্ষ বা পৰোক্ষ উদ্দেশ‌্য হৈছে নিজৰ, পোষ‌্যজনৰ বা দুৰ্দশাগ্ৰস্তজনৰ বাবে আহাৰ যোগাৰ কৰা। উদৰ পূৰাই দুবেলা দুমুঠি খাবলৈ নোপো‌ৱাসকলে খাদ‌্যৰ বাবে জী‌ৱনসংগ্ৰামত ৰত হয় আৰু খাদ‌্যৰ অভা‌ৱ নাইকিয়া হো‌ৱাৰ পিছত জিভাৰ জুতি আৰু খাদ‌্যসঞ্চয়ৰ পিছত দৌৰে। ইপিনে, জীয়াই থাকিবৰ কাৰণে আকৌ আহাৰৰ প্ৰয়োজনীয়তাক নুই কৰাটোও অসম্ভ‌ৱ। কে‌ৱল মানুহেই নহয়, যিকোনো জী‌ৱৰ ক্ষেত্ৰত, জী‌ৱন ধাৰণৰ বাবে আহাৰৰ মৌলিক প্ৰয়োজনীয়তাখিনি নোহোৱা হ’লেই বংশবৃদ্ধিৰ বাদে অন‌্য সৃষ্টিশীলতা আৰু পৰিশ্ৰম প্ৰয়োজনবিহীন হৈ পৰিব আৰু সভ‌্যতাই স্থবিৰ হৈ পৰিব। ফলত, জনসংখ‌্যাৰ বৃদ্ধি এক অসন্তুলিত সমস‌্যা হৈ দেখা দিব আৰু ই প্ৰকৃতিক দ্ৰুতগতিত ধ্বংসৰ মূখলৈ লৈ যাব। বোধহয় সেইবাবেই প্ৰকৃতিয়ে জী‌ৱকুলক নিজৰ দখলত ৰাখিবলৈকে তেওঁলোকৰ বাবে খাদ‌্যক এক অপৰিহাৰ্য অংগ কৰি ৰাখিছে। আহাৰ গ্ৰহণ জী‌ৱকুলৰ বাবে প্ৰকৃতিসিদ্ধ নিয়ম, প্ৰতিটো জী‌ৱই নিজৰ ধৰণেৰে আহাৰ গ্ৰহণ কৰিবলৈ নিজে নিজেই শিকে। কিন্তু, জী‌ৱন ধাৰণৰ বাবে অধিকতম কিমান আহাৰৰ প্ৰয়োজন বা সুস্বাস্থ‌্যৰ কাৰণে কোনটো খাদ‌্য কিমান পৰিমাণে খো‌ৱা উচিত, সেইটো অধিকাংশ জী‌ৱয়েই সঠিককৈ অনুমান কৰিব নো‌ৱাৰে। অতিৰিক্ত, অপ্ৰয়োজনীয় বা অপকাৰী আহাৰ খো‌ৱাৰ ফলত প্ৰতিদিনেই মানুহকে ধৰি অজস্ৰ জী‌ৱ-অনুজী‌ৱই মৃত‌্যুক সাবটিবলগীয়া হয়। সেয়ে, এইখিনিতে প্ৰশ্ন হয়, জীয়াই থাকিবৰ কাৰণে দৰাচলতে আমি আহাৰ নাখাবলৈ শিকাটোও প্ৰয়োজনীয় নেকি?
অসমীয়াত এষাৰ কথা আছে, “কোনো মৰে হাড়ে-ছালে, কোনো মৰে মঙহৰ ভাৰে”। সমীক্ষাই কয় যে বিশ্বৰ প্ৰতি সাতজন মানুহৰ ভিতৰত গড়ে এজনে অনাহাৰে ৰাত্ৰিযাপন কৰিবলগীয়া হয়। প্ৰতিদিনে পাঁচবছৰৰ অনুৰ্ধৰ ২০,০০০ৰো অধিক শিশু‌ৱে কে‌ৱল আহাৰৰ অভাবত বা অভাৱজনিত ৰোগত আক্ৰান্ত হৈ মৃত‌্যুক সাবটিবলগীয়া হয়। ইপিনে, অধিক আহাৰৰ ফলত আকৌ প্ৰতি এশজন মানুহৰ ভিতৰত ৩৪জনে মেদবহুলতাত ভোগে। উন্নত দেশসমূহত আনকি মেদবহুলতাৰ এই হাৰ ৬৫ৰ পৰা ৭৫শতাংশ পৰ্যন্ত দেখা যায়। অৰ্থাৎ, পৃথি‌ৱীত অনাহাৰত মৃত‌্যু হো‌ৱা লোকতকৈ অতিৰিক্ত ভোজনৰ ফলত মৃত‌্যু হো‌ৱা লোকৰ সংখ‌্যা বহু বেছি। এই কথা বৰ্তমান যুগত সৰ্বজনবিদিত যে, মেদবহুলতাৰ ফলত মানুহৰ শৰীৰত উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰ আৰু ৰক্ত সংবহননলীকাসংক্ৰান্তীয় ৰোগ, দ্বিতীয় শ্ৰেণীৰ মেলিটাছ মধুমেহ, তেজত কলেষ্টেৰল আৰু ট্ৰাইগ্লিছাৰইডৰ পৰিমাণ বৃদ্ধি হো‌ৱা, প্ৰজনন ক্ষমতা হ্ৰাস হো‌ৱা, হাড় আৰু গাঠৰ বিষ, কিছুমান বিশেষ প্ৰকাৰৰ কৰ্কট ৰোগ, হাপানী, নিদ্ৰাহীনতা বা নিদ্ৰাৰ আধিক‌্য, সোনকালে ভাগৰ লগা, মানসিক দুৰ্বলতা আদি ৰোগৰ উদ্ভ‌ৱ হয়। মেদবহুলতাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি বছৰে চাৰে তিনিলাখতকৈও অধিক লোকৰ মৃত‌্যু হয় আৰু সমগ্ৰ ইউৰোপত এই সংখ‌্যা এক মিলিয়ন। বিভিন্ন সমীক্ষাত দেখা যায় যে মেদবহুলতাই মানুহৰ আয়ুস দুবছৰৰ পৰা দহবছৰ পৰ্যন্ত হ্ৰাস কৰিব পাৰে। কে‌ৱল অতিৰিক্ত ভোজনেই নহয়, চৰ্বি বা স্নেহজাতীয় পদাৰ্থ, অধিক কাৰ্ব’হাইড্ৰেটযুক্ত খাদ‌্য, ফাষ্ট ফুড, আদি আহাৰেও মানুহক মেদবহুল কৰাত সহায় কৰে।
কো‌ৱা হয়, “ছাগলে নাখায় কি, পাগলে নকয় কি?”। তৃণভোজী প্ৰাণীৰ ভিতৰত ছাগলীৰ খাদ‌্যতালিকাখন অতি দীঘলীয়া। সৰ্বভোজী প্ৰাণীৰ ক্ষেত্ৰত এই তালিকাখন হয়তো আৰু দীঘলীয়া হো‌ৱাৰ অ‌ৱকাশ আছে। কিন্তু, মানুহৰ খাদ‌্য তালিকাৰ দীৰ্ঘতাৰ লগত ফেৰ মাৰিব পৰা প্ৰাণী বোধহয় এই পৃথি‌ৱীতেই বিৰল। বিষাক্ত আৰ্ছেনিককে ধৰি এই পৰ্যন্ত আবিষ্কাৰ হো‌ৱা আৰু পৰ্যাবৃত্ত তালিকাত স্থান লাভ কৰা এশ দহবিধ মৌলৰ ভিতৰত কিজানি নব্বৈবিধেই মুক্ত বা যোজিত ৰূপত অথবা প্ৰাণীজ বা তৃণজ আহাৰৰ ৰূপত ভক্ষণ কৰে মানুহে। তাৰে কিছুমান ঔষধৰ ৰূপত আৰু কি‌ছুমান জ্ঞাতে বা অজ্ঞাতে খাদ‌্যৰ ৰূপত। কিছুমান আহাৰে দেহত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে আৰু আন কিছুমান আহাৰে ৰোগ সৃষ্টিকাৰী বীজাণুক দেহৰ ভিতৰলৈ প্ৰ‌বেশ কৰাব পাৰে। ১৯৯৮ চনত উন্নয়নশীল দেশসমূহত খাদ‌্যজনিত ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ প্ৰায় ১৮লাখ শিশুৰ ম‌ৃত‌্যু ঘটিছিল। উন্নত দেশসমূহত প্ৰতি তিনিজন ব‌্যক্তিৰ ভিতৰত এজন এনে খাদ‌্যজনিত ৰোগত আক্ৰান্ত হয়। কে‌ৱল আমেৰিকা যুক্তৰাষ্ট্ৰতেই প্ৰতি বছৰে প্ৰায় ৭৬ মিলিয়ন লোক খাদ‌্যজনিত ৰোগত আক্ৰান্ত হয় আৰু ৫০০০লোকে মৃত‌্যুক সাবটিবলগীয়া হয়। অকল খাদ‌্যই নহয়, ঔষধৰ বিষক্ৰিয়া বা পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ ফলতো বছৰি বহুতো মানুহ শাৰীৰিকভাবে অসুস্থ হৈ পৰা বা আনকি মৃত‌্যু‌ পৰ্যন্ত হো‌ৱাৰ নজিৰ আছে। খাদ‌্যবস্তুৰ উৎপাদন বা সংৰক্ষণৰ সময়ত প্ৰয়োগ কৰা কীটনাশক দ্ৰব‌্যৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ ফলতো বছৰি প্ৰায় ৩,৬০,০০০জন লোকৰ মৃত‌্যু হয়। ইয়াৰ ৯০শতাংশতকৈও অধিক লোক অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ বাসিন্দা।
খাদ‌্য গ্ৰহণৰ ক্ষেত্ৰত সংযমী হো‌ৱাৰ পৰম্পৰা অন‌্যান‌্য দেশসমূহৰ তুলনাত ভাৰতবৰ্ষত অতি প্ৰাচীন আৰু আদৰ্শনীয়। “বাছি খাবা, জাগি শুবা” বুলি অসমীয়াতো কথা এষাৰ আছে। ভাৰতীয় চিকিৎসাবিধিৰ পৌৰাণিক পুথি, আয়ুৰ্বেদ শাস্ত্ৰতেই প্ৰতিটো ৰোগৰ বাবে পথ‌্য আৰু অপথ‌্যসমূহক লিপিবদ্ধ কৰি থো‌ৱা হৈছে। অন‌্যান‌্য থলু‌ৱা চিকিৎসা পুথিতো কোন কোন ৰোগৰ বাবে কি কি খাদ‌্য খো‌ৱা অনুচিত, সেয়া উল্লেখ কৰা হয়। উদাহৰণস্বৰূপে, পেটৰ বিভিন্ন অসুখত মাছ, মাংস, কণী, নাৰিকল, বগৰী, উৰহী, তিয়ঁহ, বেঙেনা, আলু, লাউ, কোমোৰা, জলকীয়া, মছলা, ঘিউ আৰু চৰ্বিজাতীয় আহাৰ আৰু সহজে হজম নোহো‌ৱা যিকোনো খাদ‌্য খো‌ৱা নিষেধ কৰা হৈছে। হৃদৰোগ আৰু উচ্চ ৰক্তচাপত পিঁয়াজ, কণী, কঠাল, নিমখ, ভজা মাছ, দাইল, মাংস, তিতা, পালেংশাক, বন্ধাকবি, তিঁয়হ, মটৰমাহ, মাদক দ্ৰব‌্য আদি; কাহ, নিউমোনিয়া, হাপানী আদি ৰোগত কল, দৈ, কচু, লাও, পিঁয়াজ, পূৰৈশাক, ভেণ্ডি, কলমৌ, বিড়ি, ধঁপাত, উৰহী, বৰা চাউল, হাঁহৰ মাংস, বৰালি মাছ, গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী আদি অপথ‌্য। মেলেৰিয়া আৰু সন্নিপাত জ্বৰত পিঁয়াজ, নহৰু, কণী; বাত বিষত উৰহী, কেৰেলা, শুকান মাছ, মাংস আদি অপকাৰী। মধুমেহত চেনী, গুড়, কুঁহিয়াৰ, নতুন চাউলৰ ভাত, ৰঙালাউ, দৈ, কচু, আলু আৰু মিঠা বস্তুসমূহ; গৰ্ভপাত ৰোধিবলৈ মাটিকঁঠাল, শিলিখা, অমিতা আদি বস্তু বৰ্জন কৰাটো অতি প্ৰয়োজনীয়।
চন্দ্ৰ আৰু সূৰ্যৰ সৈতে পৃথি‌ৱীৰ অৱস্থান অনুযায়ী গণনা কৰি উলিওৱা পূৰ্ণিমা, আঁউসী, একাদশী, সংক্ৰান্তি আদি বিভিন্ন তিথিত উপবাস কৰাৰ দিহা দিয়া হৈছে হিন্দু ধৰ্মৰ ধৰ্মপুথিসমূহত। তাৰ উপৰি বিভিন্ন তিথিত বিভিন্ন খাদ‌্যৰ গ্ৰহণত বাধা নিষেধ আৰোপ কৰা হয়। সেই অনুযায়ী, প্ৰতিপদত কোমোৰা, দ্বিতীয়াত বহতী, তৃতীয়াত পটল, চতুৰ্থীত মূলা, পঞ্চমীত বেল, ষষ্ঠীত নিম্ব, সপ্তমীত তাল, অষ্টমীত নাৰিকল, ন‌ৱমীত কল, দশমীত কলমৌ, একাদশীত উৰহী, দ্বাদশীত পুৰৈশাক, ত্ৰয়োদশীত বেঙেনা, চতুৰ্দশী মাটিমাহ, পূৰ্ণিমা, আঁউসী আৰু সংক্ৰান্তিত তৈলমৎস আৰু মাংস খো‌ৱা অনুচিত বুলি কো‌ৱা হয়। এই ধৰ্মৰ নিয়ম মতে বিভিন্ন পূজা-সে‌ৱাত আৰু মৃতকৰ সৎকাৰ সম্পৰ্কীয় কাৰ্যত জড়িত হো‌ৱা লোকৰ প্ৰতিও নিৰ্দিষ্ট উপায়েৰে উপ‌বাসৰ স্পষ্ট নিৰ্দেশনা আছে। ইয়াৰ উপৰি, সোমবাৰে শি‌ৱভক্তই, মঙ্গলে শাক্তসকলে, বৃহস্পতি বাৰে লক্ষ্মীৰ উপাসকে, শুক্ৰ বাৰে সন্তোষী দে‌ৱী আৰু শণিবাৰে শণিৰ সাধকসকলে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে উপবাস ৰাখে। ভাৰতীয় নাৰীৰ কৰবা চৌথ বা ন‌ৱৰাত্ৰিৰ উপবাসৰ বিষয়ে পৃথি‌ৱীৰ বহুতো লোক জ্ঞাত।
ভাৰতৰ উপৰি পৃথি‌ৱীৰ আন আন ধৰ্মতো উপবাসৰ প্ৰচলন আছে। ইছলাম ধৰ্মত ৰমজান মাহত প্ৰতিদিনে উপবাসে থকাৰ নিয়ম আছে। বৌদ্ধ ভিক্ষুসকলে দিনটোত মাত্ৰ এবাৰহে আহাৰ গ্ৰহণ কৰে বুলি জনা যায়। সিদ্ধিলাভৰ তপস্যাত মগ্ন হো‌ৱাৰ সময়ত এওঁলোকে দীৰ্ঘদিন ধৰি উপবাসে থাকে। জৈন ধৰ্ম আৰু শিখ ধৰ্মতো কিছুমান নিৰ্দিষ্ট দিনত উপবাসৰ দিহা দিয়া হয়। খ্ৰীষ্টধৰ্মত চাৰি ধৰণৰ উপবাসৰ নিয়ম আছে যদিও সেয়া ভোকাতুৰ বা দুৰ্দশাগ্ৰস্তজনৰ হাতত নিজৰ আহাৰ আৰু কাপোৰ তুলি দিবৰ বাবেহে। গ্ৰীক আৰু ৰোমান কেথলিকসকলৰ মাজতো উপবাসৰ নিয়ম পুৰণি কালৰ পৰা চলি আহিছে। উপবাসৰ ফলত পাচন তন্ত্ৰই জিৰণি পায় আৰু খাদ‌্যনলী পৰিষ্কাৰ হো‌ৱাত সহায় হয়। যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীত চলো‌ৱা অধ‌্যয়ণ অনুসৰি উপবাসৰ ফলত মেদবহুলতা আৰু শাৰীৰিক ওজন হ্ৰাস হয় আৰু তাৰ পৰা উদ্ভ‌ৱ হো‌ৱা আনুসাংগিক ৰোগসমূহৰ পৰা হাত সাৰিব পৰা যা‌য়। উপবাসে উচ্চ ৰক্তচাপ, মধুমেহ আৰু তেজত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে। এনে উপবাসৰ ফলত ধৰ্মীয় লাভালাভৰ বিশ্বাসৰ জৰিয়তে বা মানসিক প্ৰশান্তিৰ যোগান ধৰে আৰু ইয়াৰ উপৰি খাদ‌্যও ৰাহি হো‌ৱা দেখা যায়। এনেদৰে ৰাহি হো‌ৱা খাদ‌্যৰে বা খাদ‌্যৰ খৰছেৰে অভা‌ৱীজনৰ দুখ দূৰ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’ব পৰা যায়।
উল্লেখযোগ‌্য যে, উপবাস পালন কৰা লোকসকলৰ ভিতৰত অধিকাংশই ভাৰতবৰ্ষৰ বাসিন্দা আৰু ২০০৮ চনৰ এক সমীক্ষা মতে এই দেশত মেদবহুলতাৰ হাৰ মাত্ৰ ১২শতাংশ, যিটো পৃথি‌ৱীৰ উন্নত দেশসমূহৰ তুলনাত তিনিগুণ কম। বৰ্তমান কালত গোলকীকৰণৰ ফলত পাশ্চাত্য আগ্ৰাসনৰ কবলত পৰি ভাৰতীয়সকলৰ মাজত পৰম্পৰাগত ধ‌্যান-ধাৰণাসমূহৰ পৰিবৰ্তন ঘটিছে, যাৰ ফলত খাদ‌্যাভাস আৰু শাৰীৰিক পৰিশ্ৰমৰ সন্তুলন কমি আহিছে। উল্লেখযোগ‌্য যে ২০০৮ চনতকৈ দহবছৰ আগত কৰা সমীক্ষাত ভাৰতত মেদবহুলতাৰ হাৰ আছিল মাত্ৰ ৯ শতাংশ। দহ বছৰত মেদবহুল লোকৰ সংখ‌্যাত এই তিনি শতাংশৰ বৃদ্ধিয়ে ইয়াৰ লগত সংগতি থকা উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগীৰ সংখ‌্যাও দ্ৰুতগতিত বৃদ্ধি কৰি আনিছে। অবশ‌্যে এই ৰোগসমূহৰ বাবে কে‌ৱল মেদবহুলতাই দায়ী নহয় বুলিও কো‌ৱা হয় যদিও ৰোগীৰ সংখ‌্যাৰ বৃদ্ধিয়ে দেশখনৰ লোকৰ মাজত আহাৰ আৰু জী‌ৱনশৈলীৰ পৰিবৰ্তনকেই সূচাইছে বুলি বিশেষজ্ঞসকলে মন্তব‌্য কৰে। অনাগত দিনবোৰত গোলকীকৰণে দেশখনলৈ আৰু অধিক পৰিবৰ্তন অনাৰ আশংকা প্ৰকাশ কৰে বিশেষজ্ঞই। পুৰণিকলীয়া খাদ‌্য বা শ্ৰমজী‌ৱিতাৰ বিপৰীতে দেশখনৰ যু‌ৱ প্ৰজন্মই পৰ্যায়ক্ৰমে বিদেশী নমুনাৰ খাদ‌্য আৰু শ্ৰমবিহীন জী‌ৱন কটো‌ৱাৰ প্ৰতি অধিক আগ্ৰহী হৈ গৈ থকাহে দেখা গৈছে। ভাৰতত এতিয়া খাবলৈ শিকো‌ৱাৰ আৰু পৰিবেশন কৰাৰ বিভিন্ন মাধ‌্যম সহজলভ‌্য হৈ পৰিছে, কিন্তু এখন সুস্থ-সবল ভাৰতৰ বাবে বৰ্তমান নাখাবলৈ শিকাৰ প্ৰয়োজনীয়তাও আহি পৰিছে।
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
7 years ago

খাওয়া, খাওয়া এবং খাওয়া!!