আমি হেৰোৱা সম্পদবোৰ (দুলাল বৰুৱা)

Baruah Dulal

আমি হেৰোৱা সম্পদবোৰ

বিজ্ঞান, শিক্ষা আৰু সংস্কৃতিৰ দ্ৰুত বিকাশে মানুহৰ জীৱন ধাৰনৰ পদ্ধতি, জীৱনবোধ, জীৱনৰ প্ৰতি দৃষ্টিভংগী, বৌদ্ধিক চিন্তা-চৰ্চা আৰু মানৱীয় মূল্যবোধৰ আমূল পৰিৱৰ্তনৰ ঘ্টালে | পৰিৱৰ্তনৰ সোঁতে উটুৱাই লৈ গ’ল ভালেমান সম্পদ আৰু তাৰ বিনিময়ত দিলে এক যান্ত্রিক আৰু ভোগবাদী জীৱন পদ্ধতি | বিজ্ঞানে মানুহক বহুদূৰ আঁতৰাই লৈ গ’ল প্ৰ্কৃতিৰ পৰা | যি প্ৰকৃতিৰ বুকুতে জন্মি, ডাঙৰ-দীঘল হৈ চৌদিশে কেৱল বিৰল নান্দনিক সৌন্দৰ্য উপভোগ কৰিছিল, সেই প্ৰকৃতিয়ে হৈ পৰিল আমাৰ বাবে কেৱ্ল ভোগৰ সামগ্ৰী |কিন্তু ভোগেও যেতিয়া আমুৱাবলৈ ধৰে, তেতিয়াহে আমি উপলব্ধি কৰোঁ প্ৰকৃতিৰ পৰা আঁতৰি থাকি জীৱনৰ মাদকতা আৰু প্ৰকৃতিৰ মহত্ত্ব অনুভৱ কৰাটো সম্ভৱ নহয় |

যোৱা তিনিটামান দশকৰ ভিতৰত অসমৰ মানুহৰ জীৱন ধাৰণ পদ্ধতিৰ আমূল পৰিবৰ্তন ঘটিছে | কৃষিজীৱী মানুহৰ নগৰ অঞ্চললৈ হোৱা প্ৰব্ৰজনে কৃষিভিত্তিক সংস্কৃতিৰ ৰূপৰ পৰিবৰ্তন ঘটাইছে | মানুহৰ বৃত্তিৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰ ৰুপৰো পৰিবৰ্তন হয় | গতিকে এসময়ত এটা কৃষিজীৱী পৰিয়ালৰ বাবে একান্ত প্ৰ্য়োজনীয় সম্পদসমুহ আজি অপ্ৰয়োজনীয় বা লুপ্ত হৈ পৰিছে | অসমীয়া মানুহৰ ঘৰখনৰো এটা সুকীয়া সাংস্কৃতিক পৰিচয় আছিল | কিন্তু গাঁৱতো এতিয়া এনে এখন আদৰ্শ ঘৰ প্ৰায় নাইকিয়া হ’ব ধৰিছে | নগৰৰ দুই বা তিনিকোঠলীয়া ফ্লেটত চোতাল, বাটচ’ৰা, ভঁৰালঘৰ,চাহখোলা, চাংমাইশাল, ঢেঁকীশালৰ প্ৰয়োজনেইবা ক’ত ??? অসমৰ গাম্য জীৱনত চোতালখনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ | মানুহ এঘৰলৈ গ’লে নঙলা পাৰ হৈয়ে চোতালখনতে ভৰি দিব লাগে | অসমীয়া পৰিয়ালৰ আগচোতাল আৰু পাছচোতাল, দুখন চোতাল থাকে |তাৰওপৰিও মৰণা মৰা, ধান জৰা, শুকুওৱা চোতাল একোখনো থাকে | মানুহৰ ঘৰলৈ সোমাই যোৱাত দুৱাৰমুখ খনেই নঙলা বা পদুলি | নঙলাতে কোনোৱে জপনা এখন বা তিনিডাল গোটা বাঁহৰ শলখাও দিয়ে | নঙলা মূখতে দুয়োকাষে বকুল, শেৱালী, নাহৰ আদিও দুডাল লগায় |বতৰত বকুল, শেৱালী, তগৰৰ গোন্ধে পদূলি আমূলমূলাই থাকে | “মোৰ পদূলিৰে তুমি আহিছিলা চেনাই, বকুলৰে ফুল গছকি…….” ঘৰৰ জীয়ৰী-বোৱাৰীহঁতৰ সামাজিক দায়বদ্ধতাও আছিল শলাগিবলগিয়া| তেওঁলোকে কাউৰীয়ে কা নৌ কৰোঁতে শোৱাৰ পৰা উঠি বাঢ়নীৰে চোতাল, নঙলামুখ সাৰি ফুঁ নমৰাকৈ ভাত খাৱ পৰা কৰি থয় | চোতাল, নঙলামুখ সাৰি ঘৰৰ জাৱৰ-জোঁথৰ সোপাকে আজিৰ শিক্ষিত মানুহৰ দৰে বাটত দ’ম নকৰিছিল |বাৰীৰ পিছফালে থকা জাবৰ পেলোৱা নিৰ্দিষ্ট ঠাইতহে পেলাইছিল | তেওঁলোকে যে কেৱল নিজৰ নঙলামুখ খনহে সাৰিছিল তেনে নহয় ৰাজহুৱা বাটও যিমান দূৰলৈকে পাৰে সাঁৰে | কেনে মনোমোহা দৃশ্য….!!!.

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক