আমেৰিকান হোৱাৰ আনন্দ (অমিতাভ মহন্ত)

ম্যাকড’নাল্ডৰ খাদ্যৰ সৈতে মোৰ প্ৰথম পৰিচয় মুম্বাইত৷ কে এফ চি, চাব ৱে, চি চি ডি ইত্যাদিৰ অন্দৰমহলৰ দৰ্শনো প্ৰথম মুম্বাইতেই হ’ল৷ অৱশ্যে জীৱনত প্ৰথম ম্যাকড’নাল্ড দেখিছিলো কলিকতাত৷

কলেজৰ চুড়ান্ত পৰীক্ষা শেষ হৈছিল, য়াহু মেছেঞ্জাৰ, অৰকুটতকৈ নৌকৰি ডট কম,টাইমছ জব ডট কমত বেছি সময় কটোৱাৰ বয়স হৈছিল তেতিয়া৷ তেনে এটা দিনতেই বৰ্তমান চাকৰি কৰি থকা প্ৰতিষ্ঠানটোৰ পৰা ইন্টাৰভিউৰ খবৰ আহিল, কলিকতাত ইন্টাৰভিউ৷ সেই সময়ত ইন্টাৰভিউ বুলিলে আটাইতকৈ ভয় লাগে ইংৰাজীলৈ৷ কলেজৰ চেমিনাৰবোৰত কিবা কিবি কৰি কাম চলাই নিছিলো৷ কিন্তু ইন্টাৰভিউতটো সেই অনা নেচেল৷ ইন্টাৰভিউৰ দিনা মগজুত থকা ইংৰাজীৰ সমস্ত জ্ঞান একত্ৰিত কৰি ইংৰাজীত কোনোমতে কথা কৈ সেইবাৰলৈ দুৰ্গ ৰক্ষা কৰিলোঁ৷

ইন্টাৰভিউ শেষ কৰিয়েই মেট্ৰ’ত উঠি ৰাওনা দিলো পাৰ্ক স্ট্ৰিটলৈ৷ স্কুলীয়া বন্ধু চিন্ময়ে তাতে থকা মিউজিক ৱৰ্ল্ডৰ সন্মূখত ৰৈ থাকিবলৈ কৈছে, তাৰ পিছত আমি কলিকতা ফুৰিবলৈ যাম৷ ভৰসা দেউতাই দি পঠিওৱা টকা দুই হাজাৰ, ইতিমধ্যে চাৰিশমান শেষেই৷ মিউজিক ৱৰ্ল্ডৰ সন্মুখত ৰৈ থাকোতেই হঠাৎ সন্মুখত দেখিলো ম্যাকড’নাল্ড৷ স্বয়ং ব্ৰহ্মা মোৰ সন্মুখত বৰ দিবলৈ হাজিৰ হ’লেও চাগে মই ইমান আনন্দ নাপালোঁ হেতেন ৷ একে দৌৰে ৰাস্তা পাৰ হৈ তাতে সোমালোগৈ৷ সোমায়েই দেখো এক সপোনপুৰী, ডেকা-বুঢ়া সকলোৱে গাত গা লগাই বিভিন্ন খাদ্যৰ সোৱাদ লোৱাত ব্যস্ত৷ সৰু ল’ৰা ছোৱলীবোৰে ‘এম’ লিখা থকা বেলুনবোৰেৰে খেলি আছে৷ কাউন্টাৰলৈ গৈ দেখিলো মোটামুটি লাইন এটা ইতিমধ্যে গঢ় লৈ উঠিছে৷ সমস্যাটো হ’ল তাতেই, ক্ৰেতা-বিক্ৰেতা দুয়োপক্ষই ইংৰাজীত বাণ নিক্ষেপ কৰাত ব্যস্ত৷ আৰু ইংৰাজীও কি ইংৰাজী, আমি তেনেকৈ ক’লে জিভা যে মোচোকা খাব সেয়া নিশ্চিত৷ যি হয় হ’ব বুলি মৰণত শৰণ দি লাইনত থিয় দিলো৷ দেউতাই দিয়া টকাৰেই ৰাতি হোটেলত থাকি পিছদিনা ঘুৰিবও লাগিব৷ গতিকে ওপৰৰ স্ক্ৰীনত কমদামী খাদ্যৰ সন্ধানত চকু পিটপিটাবলৈ ধৰিলো৷ যথা সময়ত মোৰ নম্বৰ আহিল৷ মৰণত শৰণ দি একেবাৰে চাহাবী ষ্টাইলত ক’লো,

– ওৱান ম্যাকচিকেন প্লিজ৷

উত্তৰত সেইফালৰ পৰা ছোৱালীজনীয়ে কিবা কিবি ক’লে, একো নুবুজিলো পিছে৷ বঙালী জিভাত আমেৰিকান ইংৰাজী, ক’তনো বুজিম আৰু৷ তায়ো চাগে মোৰ অৱস্থাটো বুজিলে৷ গতিকে এইবাৰ পুনৰ হিন্দীতেই আৰম্ভ কৰিলে,

-চৰি চাৰ, ম্যাকচিকেন অভি নহী মিলেগা৷ ডু ইউ ৱান্ট টু হেভ ছামথিং এলচ্৷

ভগ্ন হৃদয়েৰে আকৌ এবাৰ মেনুখনলৈ চকু ফুৰালো৷ এইফালে জীৱনত প্ৰথমবাৰলৈ কোনোবাই চাৰ বুলি মতাৰ সুখ, আনফালে বাজেট নিলাব নোৱাৰাৰ দুখ৷ ‘নো থেংক ইউ’ বুলি কৈ গভীৰ বেদনাৰে তাৰ পৰা ওলাই আহিলো৷

ইতিমধ্যে চিন্ময় আহি পাইছিল৷ ম্যাকড’নাল্ডে অন্তৰত সৃষ্টি কৰা বেদনা ওচৰৰে কুসুম ৰোল কৰ্ণাৰত ডাবল চিকেন ৰোল এটা খাই শান্ত কৰিবলৈ বৃথা চেষ্টা কৰিলো৷

ঘটনাৰ পৰৱৰ্তী স্থান মুম্বাইত৷ কলিকতাত ইন্টাৰভিউ দিয়া চাকৰিটো পালো, মুম্বাইত আহিছোঁ এসপ্তাহৰ ট্ৰেইনিং কৰিবলৈ৷ এইবাৰ কিন্তু আগৰ সেই দৰিদ্ৰ মইজন নাই৷ কোম্পানীয়ে বেংক একাউন্ট খুলি দিছে (তাৰ আগলৈ নাছিল দেই), এডভান্স হিচাপে পছিশ হাজাৰ টকা একাউন্টত দি দিছে, বিলাসী হোটেলত ৰুম বুক কৰি দিছে৷ হোটেলৰ বিছনাত শুলে অতি কমেও পাঁচ ইঞ্চিমান ভিতৰলৈ সোমাই যাওঁ, জীৱনত প্ৰথম এচি ৰুমত আছো৷ স্বৰ্গ কেনেকুৱা হ’ব পাৰে এক থুলমুল ধাৰণা মই পাই গলো৷

প্ৰথমদিনা ৰাতিপুৱা ট্ৰেইনিং কৰিবলৈ যাওতে হোটেলৰ ওচৰত ম্যাকড’নাল্ড এখন দেখি গৈছিলো৷ এইবাৰ ৰক্ষা নাই, ঘুৰি আহোতে বাহিৰে বাহিৰে তাতেই সোমালো৷ ইতিমধ্যে বাটে ঘাটে ইংৰাজী কব পৰা হৈছো৷ কাউন্টাৰ খালী আছিল, গৈয়েই তিনিজনমানৰ খোৱাৰ অৰ্ডাৰ দিলো৷ ইতিমধ্যে মেনু দেখি জিভাৰ পানী পৰে আৰু৷ হঠাৎ তাৰে কৰ্মচাৰীজনৰ মাতত সম্বিত ঘুৰি আহিল৷

– ডাইনিং অ’ৰ পেকিং চাৰ?

এতিয়া তাক ডাইনিং বুলিনো কওঁ কেনেকৈ, অতি কমেও তিনি জনৰ খাদ্য৷ ধুনীয়াকৈ বুজাই দিলো যে ওৱান পাৰ্ট ডাইনিং এণ্ড ৰেষ্ট টু পাৰ্ট পেকিং৷ ভতিজা দুটাই যে ম্যাকড’নাল্ড নহলে ভাতেই নাখাই তাকো ক’লো তাক৷ সি কিবা চাবলৈ যাবনে মোৰ ভতিজা?

ডাইনিং পাৰ্ট টেটুৰ গুৰিলৈকে খালো৷ অপূৰ্ব সোৱাদ৷ জীৱনত কি মিচ কৰি আছিলো ইয়াত নোসোমালে গমেই নাপালোহেতেন৷ উগাৰ এটা মাৰি পেকিং খিনি লৈ হোটেললৈ খোজ ললো৷ তাৰ পৰা ওলাই দুই খোজমান আহি পেকিংখিনিত হাত ভৰালো, এটা ম্যাকচিকেন উঠি আহিল৷ বাচা, কলিকতাত তই বৰ দুখ দিলি, কত সাৰিবি এইবাৰ৷ মোকোৰা মোকোৰ কামোৰ বহাই হোটেললৈ পদব্ৰজে ৰাওনা দিলো৷

হোটেল সোমাই গম পালো আমাৰ খোৱাৰ বাবে বোলে একো টকা দিব নালাগে, মানে বিল টু কোম্পানী৷ হে ভগবান মোক একেদিনাই ইমান সুখ কিয় দিছা৷ লৰালৰিকৈ পেকিংৰ বাকীখিনি শেষ কৰি টয়লেটলৈ গৈ পেট খালী কৰি ডাইনিং ৰুমলৈ খোজ ললো৷

পিছৰ দুদিন অফিচৰ গাড়ীৰে হোটেল অনা নিয়া কৰা বাবে ম্যাকড’নাল্ড যোৱাৰ সুবিধা পোৱা নাই৷ সুযোগ ওলাল ৰবিবাৰে৷ আমি গোটেইকেইজন প্ৰশিক্ষাৰ্থী মুম্বাই দৰ্শনত ওলালো৷ বাকীকেইজনে মুম্বাই চালে, মই আৰু গাজিয়াবাদৰ ৰাজীবে ধাহি মুহি কে.এফ.চি, ছাব ৱে আদিত আক্ৰমণ চলালো৷ বিশ্বাস কৰক বা নকৰক, আমি বিদেশী খাদ্যৰ ওপৰত কৰা সেই আক্ৰমণ লাডেনে কৰা আক্ৰমণতকৈ কোনো গুণে কম নাছিল৷ কোনো এৰা ভকত নহয়, দুয়ো সমানে খালো, আনকি গধুলি দুয়ো লোমোফেন টেবলেট দুটাও একেলগেই খাব লগা হ’ল৷

ট্ৰেইনিং শেষ কৰি গুৱাহাটীত কৰ্মজীৱন আৰম্ভ কৰিলো৷ ইতিমধ্য মুম্বাইত অৰ্ধ আমেৰিকান হৈছিলো৷ গুৱাহাটীৰ ম’ম ঘৰ,জে ১৪ত আগৰ মজা নোপোৱা হ’লো, লাড়ু,পিঠা কৰবাতে ৰ’ল৷ কে এফ চি নাই, ম্যাক ডি নাই, কি যে ঠাইত জন্ম ললো নহয়৷

পৰৱৰ্তী কালত কলিকতা, মুম্বাইলৈ গলেই আকৌ আমেৰিকান হৈ পৰো৷ এনেকৈ কিছুু বছৰ চলিল৷ এদিন অফিচৰ কামত পানবজাৰ গৈ আছিলো৷ হঠাৎ অকল্পনীয় কিবা এটা দেখি বুকুখন কিবা কিবি লাগি গ’ল৷ কৃষ্ণ, এইখন দেখোন কে এফ চি৷ লগে লগে গাড়ী ৰখাই দৌৰ দিলো৷ ইতিমধ্যে ৰখীয়াজন চাগে উত্তৰ দি দি হায়ৰাণ হৈছিল৷ মই কিবা সোধাৰ আগতেই ক’লে,

– আৰু বিশ পচিশ দিন পিছত আহক৷

তাৰ পিছত আলেঙে আলেঙে খবৰ লৈ থাকো৷ যিদিনা মুকলি হ’ব বুলি গম পালো সেইদিনা হাজিৰ হৈ দেখো পৰিস্থিতি বিষম৷ গ্ৰাহকৰ লাইন ৰাজপথ পাইছেহি৷ লাইন পাতিবলৈচোন কিবা লাজ লাগিল, মইটো আগতে কে এফ চিত খাই নোপোৱা নহয় কিবা৷ মানুহবোৰৰ কাম নাই আৰু৷ অফিছৰ পিয়নটোক মাতি আনি লাইনত লগাই দিলো, পেকিং কৰি নিম আকৌ৷ ফটোখন পিছে লগে লগে উঠি থলো৷ ফেচবুকত আপলোড কৰিব লাগিল নহয়৷

চাৰিমাহমান পিছত কোনোমতে ভিৰ কমিল৷ এদিন গলো৷ দুৱাৰ খন খুলি সোমাবলৈ নাপাওতেই তিনিজনীমানে একেলগে কাউন্টাৰৰ পৰা ‘হাই’ দিলে৷ হাই ও একেবাৰে ভয়ঙ্কৰ হাই, কোনোবাটো নলবৰীয়া, কোনোবাটো বৰপেটীয়া, আকৌ কোনোবাটো যোৰহটীয়া হাই৷ আমেৰিকাৰ এই আগ্ৰাসনটো যে তেওঁলোকে অসমীয়া হাই এটা আৱিষ্কাৰ কৰি উলিয়াইছে দেখি বৰ ভাল লাগিল৷ একেবাৰে ঘৰৰ ছোৱালীযেন লাগিল৷ নিজৰ ঠাই, অসমীয়াতেই অৰ্ডাৰ দিলো, খালো৷ অলপ কমকৈ ভজা গল চাগে৷ একো নাই ঘৰৰে দোকান৷ বৰ্মনৰ দোকানৰ চিঙৰাৰ দৰে জ্বলাই পেলোৱা নাই নহয়৷

এতিয়া কে এফ চি বাঢ়ি বাঢ়ি তিনিখন হ’লগৈ, গনেশগুৰিত ডুপ্লিকেট এখনো হ’ল৷ এতিয়া আৰু আমেৰিকান হ’বলৈ মুম্বাই, কলিকতা যোৱাৰ দৰকাৰ নাই, বিকশিত অসমত কে এফ চি, চিচিডি,ছাব ৱে,পিজ্জা হাট সকলো পোৱা যায়৷ যিসকলে অসমৰ উন্নতি হোৱা নাই বুলি কৈ থাকে তেওঁলোকক পাচ কিলোমিটাৰ মানৰ ভিতৰত থকা তিনিখন কে এফ চি দেখুৱাই দিলেই হ’ল৷ অসমক বঞ্ছনা কৰা হ’লে অসমবাসীক আমেৰিকাৰ সুখ দিয়েনে কিবা৷ হাঁহিৰাম কাইটিয়ে অসমক বিদেশৰ লেখীয়া কৰিবলৈ কম যত্ন কৰিছেনে, বিদেশী বোৱাৰী পৰ্যন্ত আনি দিছে৷ তথাপি আমি চকুচৰহাবোৰৰ পৰা শান্তি নাই৷ জানো নহয়, এইবোৰ সকলো বিসম্বাদীৰ চাল৷

হাঁহিৰাম কাইটি থকালৈ আমাৰ চিন্তা নাই, কে এফ চি, চি চি ডি আদিৰে অসম ভৰি পৰিব৷ পিছে কাইটিৰো বয়স হৈ অহা বাবেহে চিন্তা হৈছে৷ পোৱালী গগৈকো দেখোন কাইটিয়ে হাল বোৱাতহে লগালে৷ এইফালে খেতিয়ক গগৈও অনশন,ধৰ্ণাত ব্যস্ত৷ ডড়ীয়া প্ৰভূ সকলো তেৰ বছৰ ধৰি ভোকত আছে, সুযোগ পালে নিজেহে আগতে খাই ল’ব৷ শৰ্মাদাই সুযোগ পালেতো গোটেইবোৰ মধ্যাহ্ন ভোজনতে শেষ কৰিব৷ তেনেহ’লে বুল কাইটি? নাই নাই, তেওঁ সুবিধা পালে কে এফ চি খন কে এফ আৰ কৰি পেলাব৷ এনেও খৰ্গ কাটি নিয়াৰ পিছত মাংসখিনি এনেয়েহে থাকে৷

অ পাহৰিছিলোৱেই দেখোন, ৰাইজে দিল্লীৰ পৰা আম আদমীক অসমলৈ আনিবলৈ মন মেলিছে নহয়৷ লগতে পাৰিলে কেজৰিৱালক কৈ মেলি ‘ম্যাকড’নাল্ড’ এখনো আনিবহে৷ সেইখিনি কৃপা কৰিলে আমাৰ দৰে ‘হঠাৎ আমেৰিকান’বোৰৰ ভোটকেইটা নিশ্চয় পাব৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

So satiric and touching

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক