আমেৰিকাৰ অভিজ্ঞতা (বসন্ত শৰ্মা)

যোৱা বছৰ কৰ্মসূত্ৰে মই আমেৰিকালৈ গৈছিলো৷ মোৰ যাত্ৰা যদিও পূৰ্বনিৰ্ধাৰিত আছিল, তথাপিও প্ৰথমবাৰলৈ ভাৰতৰ বাহিৰলৈ অকলে যোৱা বাবেই হয়তো মনত এটা আশংকাৰ ভাৱ আহিছিল৷ অৱশ্যে যাত্ৰাৰ আগতেই মোৰ বাবে হোটেলত ৰূম বুক কৰা, এয়াৰপৰ্টৰ পৰা হোটেললৈ যোৱা ব্যৱস্থা আদি আনুসংগিক কামবোৰ আগতেই যোগাযোগ কৰি ঠিক কৰি থোৱা আছিল৷ মোক এয়াৰপৰ্টৰ পৰা হোটেললৈ নিবলৈ এগৰাকী কৰ্মচাৰী আহিব বুলিও আগতেই ঠিক কৰা আছিল৷ আমেৰিকাৰ ফ্ল’ৰিডাৰ সময়মতে মই সন্ধিয়া ছয়বজাত এয়াৰপৰ্টত নামি ইমিগ্ৰেশ্যনৰ বাবে দীঘলীয়া শাৰীত থিয় হৈছিলো৷ ইমিগ্ৰেশ্যন প্ৰক্ৰিয়াটো বহুত জটিল নহয় যদিও মনত এটা ভয়ৰ ভাৱ আছিল৷ অৱশ্যে মোৰ চিন্তাক ভুল প্ৰতিপন্ন কৰি মোৰ ইমিগ্ৰেশ্যনৰ কামখিনি অতি সহজে হৈ গৈছিল৷ ইতিমধ্যে এয়াৰপৰ্টৰ বাহিৰত মোক হোটেললৈ নিবৰ বাবে আমাৰ ক’ম্পেনীৰ লিণ্ডা নামৰ এগৰাকী কৰ্মচাৰী ৰৈ থকা বুলি জানিব পাৰিছিলো৷ তেখেতৰ নামটো মই আগতেই জানিছিলো৷ লিণ্ডাই এয়াৰপৰ্টৰ বাহিৰৰ পৰাই মোৰ সৈতে হোৱাটছএপ যোগে যোগাযোগ কৰিছিল৷ মই প্ৰথমতে তেখেতক এগৰাকী ৩০-৩৫ বছৰীয়া মহিলা বুলিহে ভাবিছিলো৷

কিন্তু মই যেতিয়া মহিলা গৰাকীক দেখি আচৰিত হ’লো যে তেওঁৰ বয়স ৭৫ ৰো অধিক হব৷ কিন্তু সুন্দৰ সাজপোচাক আৰু মুখত অনবৰতে লাগি থকা এটা সুন্দৰ হাঁহিৰে তেখেতে মোক আদৰণি জনাইছিল৷ সেই সময়ত এয়াৰপৰ্টৰ বাহিৰৰ তাপমান আছিল প্ৰায় সাত ডিগ্ৰি চেলছিয়াচ৷  ইমান ঠাণ্ডাতো তেওঁৰ দেহত বয়সৰ কোনো চাপ মই দেখা নাছিলো৷ এগৰাকী যুৱতীৰ দৰেই সাবলীলভাৱে গাড়ী চলাই তেখেতে মোৰ বাবে নিৰ্দিষ্ট হৈ থকা হোটেলখনলৈ লৈ গৈছিল৷

মানুহগৰাকীৰ কামত বয়সৰ কোনো প্ৰভাৱ নাছিল৷ আমেৰিকাত ভৰি দিয়েই দেখা পোৱা এই কথাটোৱে মোক বাৰুকৈয়ে আপ্লুত কৰিছিল৷ ইয়াকে কয় কৰ্মসংস্কৃতি৷ এয়াৰপৰ্টৰ পৰা হোটেললৈ যোৱা এক্সপ্ৰেছৱেটোৰে পথৰ নীতি-নিয়ম মানি গাড়ী চলাই যোৱা সেই সত্তৰোৰ্ধৰ সপ্ৰতিভ মহিলাগৰাকীলৈ চাই মই ভাবিছিলো যে আমাৰ ভাৰতত হোৱা হ’লে ব্যক্তিগত বা চৰকাৰী খণ্ডৰ কৰ্মচাৰী হওক, প্ৰায় ষাঠি বছৰ বয়সতে অৱসৰ লৈ ঘৰতে বহি আৰামেৰে জীৱন নিৰ্বাহ কৰিলেহেঁতেন৷

এইবোৰ দেশৰ কামৰ ক্ষেত্ৰত বয়সৰ কথা নাহে৷ ইফালে আমাৰ দেশত ডেকা ল’ৰা-ছোৱালীৰ মাজতেই দেখা অলসতা আৰু কামৰ প্ৰতি নিৰ্লিপ্ততাই আমাক সচাকৈয়ে এলেহুৱা কৰি পেলাইছে৷ মই সেই মহিলাগৰাকীৰ পৰাই কৰ্ম্মসংস্কৃতিৰ প্ৰথম পাঠ পালো৷

পিছদিনা সোনকালে উঠি মই মোৰ কৰ্মস্থান অভিমুখে গ’লো৷ কৰ্মস্থানলৈ যোৱা পথটোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দেখি ভাল লাগিছিল৷ ক’তো এটাও কাগজৰ টুকুৰা নাই৷ সকলো ইমান পৰিষ্কাৰ পৰিচ্ছন্ন৷ সকলোতে আমাৰ ইয়াত কল্পনাও কৰিব নোৱাৰা ধৰণৰ পৰিচ্ছন্নতাই বিৰাজ কৰিছিল৷ মই চাকৰি কৰা কোম্পানীটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰুইজ কোম্পানী আছিল৷ ফ্লৰিডাৰ বন্দৰৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ আমাৰ ক্ৰুইজ কোম্পানীৰ প্ৰকাণ্ড আকাৰৰ প্ৰমোদ তৰীবোৰত এবাৰতে ৪,০০০ লৈকে পৰ্য্যটক কঢ়িয়াই নিছিল৷

মোৰো সেই সময়ছোৱাত পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছিল৷ আমেৰিকাৰ পৰাই বহুত বেলেগ বেলেগ প্ৰতিবেশী দেশলৈ ‘ক্ৰুইজ’ত যাবলগা হৈছিল৷ সকলো দেশৰে পথ-পদূলি, অঞ্চলবোৰ বৰ চাফ-চিকুণ দেখিছিলো৷ সকলোৱে যেন লেতেৰা নকৰো বুলি প্ৰতিজ্ঞা কৰিহে থৈছে, তেনে অনুভৱ হৈছিল৷

বহুদিন চকলেট খাই খালী পেকেটটো পেলাবৰ বাবে ডাষ্টবিন বিচাৰি নোপোৱা বাবে মোৰ হেণ্ড-বেগটোতে ভৰাই থৈছিলো৷ সেই খালী পেকেটটোকে বহুদুৰ কঢ়িয়াই আনিহে নিৰ্দিষ্ট ঠাইত পেলাইছিলো৷ আমাৰ ইয়াৰ কথা হোৱা হ’লে কিজানি ময়েই য’তে ত’তে পেলাই দিলোহেঁতেন৷ এয়াই আমাৰ বেছিভাগ মানুহৰ মানসিকতা৷ আমিয়েই আমাৰ নিজৰ পৰিবেশ প্ৰদূষিত কৰাত ইন্ধন যোগাইছো৷

কৰ্মক্ষেত্ৰতো সকলো কৰ্মচাৰীকে চাৰিওফালৰ পৰিবেশ চাফ-চিকুণকৈ ৰখাৰ ক্ষেত্ৰত বহু প্ৰশিক্ষণ দিয়া হৈছিল৷ বিশেষকৈ আৱৰ্জনাবোৰ বিভাজন কৰি নিৰ্দিষ্ট ডাষ্টবিনত পেলোৱা কথাটোৰ ওপৰত বহু গুৰুত্ব দিয়া হৈছিল৷

আমাৰ ভাৰতত আবৰ্জনাবোৰ বিভাজন কৰা পদ্ধতিৰ ব্যৱহাৰ খুবেই কম দেখা যায়৷  আগৰে পৰাই সৰ্বসাধাৰণৰ মাজত আবৰ্জনাবোৰ বিভাজন কৰি পেলোৱাৰ সচেতনতা তথা অভ্যাস গঢ়ি উঠিলে হয়তো আমাৰ দেশখনো আজি বহুত পৰিষ্কাৰ হ’লহেতেন৷ আবৰ্জনাবোৰ এনেদৰে ভাগ কৰিব পাৰি, যেনে- কেচা আবৰ্জনা, শুকান আবৰ্জনা, প্লাষ্টিক আবৰ্জনা, বটল আবৰ্জনা৷ সেইবোৰ বেলেগ বেলেগকৈ ডাষ্টবিনত সংগ্ৰহ কৰি পুনঃব্যৱহাৰৰ বাবে ফেক্টৰীলৈ পঠোৱা হয়৷ সৰ্বসাধাৰণৰ সামান্য সচেতনতাই আবৰ্জনাসমূহৰ এক বুজন অংশকেই ব্যৱহাৰৰ উপযোগী কৰি তোলে৷ দেশখনৰ বাবে  অৰ্থনৈতিক ভাৱেও এয়া এটা লাভজনক দিশ৷

আমাৰ দেশত খুব কমেইহে আবৰ্জনাৰ বিভাজন কৰা হয়৷ ফলস্বৰূপে এইবোৰ কোনোবা নদী-জলাশয় ইত্যাদিত পেলাই দিয়া হয় বা কোনো এঠাইত একেলগে দম কৰি থোৱা হয়৷ এনেবোৰ আবৰ্জনা পুনঃব্যৱহাৰৰ বাবে উপযোগী নহয়৷ ইয়াৰ ফলস্বৰূপে অঞ্চলটোৰ সামগ্ৰিক পৰিবেশ প্ৰদূষিত হৈ গৈ থাকে৷ আমি সকলোৱে আবৰ্জনাবোৰ বিভাজন কৰি পেলোৱাৰ অভ্যাস কৰিলে বহুক্ষেত্ৰত সেই আবৰ্জনাবোৰ পুনঃব্যৱহাৰৰ উপযোগী কৰিব পৰা গ’লহেতেন৷

আমাৰ দেশত পৰ্যাপ্ত পৰিমাণে ডাষ্টবিনৰো অভাৱ বাৰুকৈয়ে অনুভৱ হয়৷ প্ৰত্যেক অঞ্চলতে  ২০০ মিটাৰ দুৰে দুৰে একোটাকৈ ডাষ্টবিন ৰখাৰ উপৰিও সকলোৱে প্ৰতিজ্ঞা কৰিব লাগিব যে ডাষ্টবিনৰ বাহিৰে যেন আমি ক’তো আবৰ্জনা নেপেলাও৷ এনে অভ্যাসেই আমাৰ অঞ্চলসমূহো আমেৰিকা বা ইউৰোপৰ দেশবোৰৰ দৰে পৰিষ্কাৰ কৰি তোলাত সহায়ক হ’ব৷ এবাৰ যদি আমাৰ অভ্যাস হৈ যায় তেন্তে পৰিবেশটো লেতেৰা কৰিবলৈ কাৰোৱেই মন নাযাব৷ প্ৰথম অৱস্থাত এই ক্ষেত্ৰত সময় লাগিলেও এয়া অসম্ভৱ নহয়৷ এই কামটো সফলতাৰে কৰিবলৈ চৰকাৰ আৰু সৰ্বসাধাৰণ ৰাইজৰো নিজা দায়িত্ব আছে৷ চৰকাৰীভাৱে এনেবোৰ বিষয়ক তৃণমূল পৰ্য্যয়ৰ পৰাই গুৰুত্ব দিয়াটো উচিত আৰু দৰকাৰ হ’লে এই বিষয়ক প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব লাগে৷ এই ক্ষেত্ৰত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোউীয়ে যথেষ্ট গুৰুত্বপূৰ্ণ কথা এষাৰ কৈছে – “এবাৰ যদি আমি আৰু লেতেৰা নকৰো বুলি আমি শপত খাওঁ যে তেন্তে ভাৰতৰ বাহিৰৰ কাৰোৱেই শক্তি নাই যে আমাৰ দেশলৈ আহি লেতেৰা কৰিব৷”

হয়,  আমি সকলোৱে সলনি হোৱাৰ সময় আহি পৰিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments