আমেৰিকাৰ কিছু কথাৰে – পৰী শ্যামলী ভূঞা

আমেৰিকাত থকা কেইদিন ৰাষ্টাবোৰ পাৰ হৈ ইমানেই ভাল লাগিছিল – এনে লাগিছিল যেন গাড়ীত নুঘূৰি খোজেৰেই ৰাষ্টাবোৰ পাৰ হৈ ঘূৰি ফুৰিম৷ অৱশ‍্যে নুফুৰাও নহয়৷ ইটো সিটো কামত ওলাওঁতে খোজ কাঢ়িয়ে ঘূৰি ফুৰিলোঁ৷

গাড়ীৰ যিহে স্পীড, ভাৰতৰ গাড়ীৰ লগত তুলনাই কৰিব নোৱাৰি৷ ভাৰততকৈ দুগুণ ষ্পীডত চলা গাড়ীবোৰ দেখোঁতে ৰাষ্টাবোৰ পাৰ হোৱা অসম্ভৱ যেনে লাগিছিল৷ কিন্তু যেতিয়া সেই দেশৰ নিয়মবোৰ দেখিলোঁ, জানিলোঁ, এনে লাগিব ধৰিলে যে ইয়াতকৈ আৰু সুবিধাজনক সহজ জীৱন বেলেগ ক’তো হ’বই নোৱাৰে৷

নিৰ্দিষ্ট ব‍্যৱধানৰ অন্তৰালত ঠায়ে ঠায়ে জেব্ৰা ক্ৰছিঙৰ ব‍্যৱস্থা৷ ক্ৰছিঙৰ দুয়োকাষে বুটামৰ সুবিধা৷ যেতিয়াই পথেদি অহা যোৱা কৰা যাত্ৰী ৰাষ্টা পাৰ হ’ব লগা হয়, নিজৰ ইচ্ছা অনুসৰি বুটাম টিপিলেই হয়৷ ১০ ছেকেণ্ডমানতে ৰাষ্টাৰ গাড়ীবিলাকক ৰবলৈ চিগনেল দেখুওৱা হয়৷ ৰাষ্টাৰ দুয়োকাষে খিজ কাঢ়ি থকা মানুহৰ চিহ্নৰে বগা লাইট জ্বলি উঠে৷ ২০ ছেকেণ্ড সময় বহুত, ৰাষ্টাটো পাৰ হবলৈ৷ ২০ ছেকেণ্ড সময় পাৰ হৈ গ’লেও ভাৰতৰ দৰে কোনো গাড়ীয়ে ওফৰাই নিব বুলি কৰা ভয়ৰো প্ৰয়োজন নাই৷ ইয়াত আমি গাড়ীখনক আগভাগ দি পিছুৱাই যাওঁ৷ তাত মানুহ এজনক আগভাগ দি গাড়ীখন ৰৈ যায়৷ লাগিলে এজন মানুহেই ৰাষ্টা পাৰ হওঁক, সকলো গাড়ীয়ে কিন্তু একে নিয়মেই পালন কৰে৷ মাত্ৰ ৰাষ্টা পাৰ হ’ব বিচৰা ব‍্যক্তিৰ বাবেই এই সুবিধা দেখি অন‍্য বহু নিয়ম, সুবিধাৰ কথা নেদেখিয়েই অনুমানেই কৰিব পৰা যায়৷

অন‍্য এদিনৰ কথা। ৱাছৰুমত এদিন লগৰজনীৰ বেগটো ধৰি ৰৈ আছিলোঁ৷ অলপ পাছতে পিছফালে ঘূৰি চাই দেখিলোঁ, মই য’ত থিয় দি আছিলোঁ, মোৰ পাছফালেই এটা লাইন সৃষ্টি হৈ পৰিল৷ ছয় সাতজনীমান মহিলাৰ এটা সৰু সুৰা শাৰী৷ মই আচৰিত হৈ গ’লোঁ আৰু ক্ষন্তেকতে সকলো বুজি পাই গ’লোঁ৷ মই সেই ঠাইৰপৰা আঁতৰি মোৰ পাছফালৰ গৰাকীক আগবাঢ়ি যাবলৈ কৈ মই অন‍্যফালে গৈ ৰ’লোঁগৈ৷ লগে লগেই শাৰীটো নাইকিয়া হৈ পৰিল৷ কাৰণ ইমান ডাঙৰ ৱাছৰুমটো খালি আছিল৷ তেওঁলোকে বিচৰা হ’লে মোৰ কাষৰেই পাৰ হৈ আগবাঢ়ি যাব পাৰিলেহেঁতেন। মই কোনো বাট দখল কৰিও ৰৈ থকা নাছিলোঁ৷ আচৰিত হৈ বহুত প্ৰভাৱিত হ’লোঁ তেওঁলোকৰ ভদ্ৰতা আৰু নিয়মানুৱৰ্তিতা দেখি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments