আমেৰিকাৰ চান হৌজেৰ মিউনিচিপাল ৰৌজগাৰ্ডেনখন- পৰী শ্যামলী ভূঞা

পৰ্যটকৰ বিখ্যাত ঠাই উটিত এবাৰ ৰৌজ গাৰ্ডেন চাবলৈ গৈ এপাহো ফুল দেখা নাপাই হতাশা আৰু দুখেৰে খঙেই উঠি আহিছিল৷ কিয় গাৰ্ডেনখনৰ নামটি ৰৌজ গাৰ্ডেন এনেই ৰাখি থৈছে যেতিয়া ভিতৰত গোলাপেই নাই! লঠঙা এজোপা দুজোপা গছত কোনোমতে এপাহ দুপাহহে ফুল বিচাৰি পাইছিলোগৈ৷ কিবা তিতা কেঁহা লাগি ওলাই আহিছিলো৷ পৰ্য্যটন বিভাগকে মনে মনে গালি দি ভাবিছিলো ভুৱা কথাৰে পথিকৰ পৰা টকা কেইটামানকে উলিওৱাৰ বুদ্ধি চাগে৷ বাগিচাৰ ভিতৰত মালীকেইজনে কোৱা মতে গছবোৰ এনেকৈয়ে নুফুলাকৈ থাকে কেতিয়াবা হে কাচিৎ এসোপা একেলগে ফুলে৷

সেইদিনাই যি ৰৌজ গাৰ্ডেন চালো কোনো ঠাইতে কেতিয়াও ৰৌজ গাৰ্ডেনৰ নামত সেইফালে মুখখনো নুঘূৰোৱা হলো৷

পিছে আমেৰিকাৰ ৰৌজ গাৰ্ডেনখনৰ কথা যেতিয়া শুনিলো তেতিয়া ভাব হল আমেৰিকাৰ ৰৌজ গাৰ্ডেনখন অলপ ভালেই হব চাগে৷ আমাৰ ভাৰততকৈ অলপ মানতো ভাল হব৷ ফুলবোৰ ফুলি থাকিব চাগে৷ উন্নত দেশ যেতিয়া বাগিছাৰ গছবোৰ, ফুলবোৰ ভালকৈ তদাৰক কৰি উন্নতকৈ ৰখাৰ ব‍্যৱাও হব চাগে৷

পিছে সেই ৰৌজ গাৰ্ডেন মই ভবাৰদৰেই নহয় ভবাতকৈও বহু বেছি উন্নত আছিল৷ মাথোঁ উন্নতেই নহয় কেতিয়াও সপোনতো ভাবিব নোৱাৰাকৈ ধুনীয়া আছিল৷ পথিকক চকুৰ টিপো এটা মাৰিব নিদিয়াকৈ এপাহ এপাহ ফুলে আকৰ্ষণ কৰিব পৰাকৈ হাজাৰ সংখ্যাত বাগিচাখন জাতিস্কাৰ হৈ ফুলি ৰৈছিল৷

আমেৰিকাত গৈ থকাকেইদিন তাতে থকা জা ভণ্টিজনীয়ে এদিন ৰৌজ গাৰ্ডেনৰ কথা লৈ কৈছিলে ’বলক গোলাপৰ বাগিচা ফুৰাই আনো৷’ কথাটো শুনিয়েই সেইদিনা দূৰতেই মই মুখ কোঁচাই কৈ উঠিছিলো ’নাই নাযাওঁ৷’ তাই মোক আকৌ বুজাই ক’বলৈ ধৰিছিল ’এয়া যেনেকুৱা তেনেকুৱ ৰৌজ গাৰ্ডেন নহয় দেখিলেহে গম পাব৷ আমেৰিকাৰ ৰৌজ গাৰ্ডেন কোনো এলাপেচা গোলাপৰ বাগিচা নহয়৷’ তাই যেনেকৈ ন দি কলে আমি যাবলৈ সাজু হৈ উঠিলোঁ৷

আমেৰিকাৰ এই গোলাপৰ বাগিচাখনৰ নাম হল San Jose Municipal Rose Garden . চান ফ্ৰান্সিছকোৰ চান হৌজেত অৱস্থিত এই ৰৌজ গাৰ্ডেনখন আমেৰিকাৰ ভিতৰতে শ্ৰেষ্ঠ ৰৌজ গাৰ্ডেন হিচাপে পৰিগণিত হৈছে৷ সম্পূৰ্ণ পৃথিৱীৰ মানুহকে এই ৰৌজ গাৰ্ডেনখনে অতীজৰে পৰা আকৰ্ষিত কৰি আহিছে৷ সৰ্বমুঠ ৩৫০০ জোপা গছ আৰু ১৯০ প্ৰকাৰৰ ভিন্ন গোলাপৰ প্ৰজাতি আৰু ৰঙেৰে ভৰা এই ৰৌজ গাৰ্ডেনখন৷ চান হৌজেৰ চহৰৰ মাজতে অৱস্থিত এই বাগিচাখন মানুহে জগিং, ৱাকিঙৰ কাৰণেও আটাইতকৈ সুবিধাজনক ঠাই হিচাপেও ব‍্যৱহাৰ কৰে৷ জনা যায় যে কেতিয়াবাহে এনে দিন পাৰ হৈ যায় যেতিয়া তাত আটাইবোৰ ফুল একেলগে ফুলি থকা অৱস্থাত দেখা পোৱা নাযায়৷ এনে দৃশ‍্যও খুউব বিৰল বুলিয়েই কব পাৰি৷

বাগিচাখন গৈ পোৱাৰ কিছু দূৰ আগতেই আগতেই সুঘ্ৰাণ এটা আহি নাকত পৰিলেহি৷ মিঠা মিঠা ইমান ভাল লগা৷ ভালদৰে আৰু দুটামান দীঘল উশাহ টানি ললো৷ হয়, গোলাপৰে গোন্ধ হয়৷ ইমান ধুনীয়াকৈ গোলাপৰ গোন্ধ পোৱা যুগ পাৰ হ’ল৷
গাড়ীৰ আটাইবোৰে খিৰিকীবোৰ খুলি দিলোঁ৷ সেই সুঘ্ৰাণ আহি আটাইৰে নাকত লাগিলেহি৷

বাগিছাৰ বাহিৰৰ গেটখনত গাড়ী ৰোৱাৰ লগে লগেই সেই সুঘ্ৰাণে আৰু বেছিকৈ আহি বেৰি ধৰিলেহি৷ আৰু কিছু তীব্ৰকৈ৷ বাগিচাখনৰ আশে পাশে আৰু সন্মুখতো যিমানবোৰ ঘৰ আছে প্ৰত‍্যেকৰে ঘৰতে লোমালোমে গোলাপফুল দেখা পালোঁ, যেন আঙুৰৰ থোপা৷ মাথোঁ দুটামান ৰঙেই নহয় ভিন ভিন ৰঙৰ৷ আমাৰ দেশৰ সৰু সৰু গোলাপবোৰৰ দৰেও নহয়, কাঁহৰ বাতিটো হেন ডাঙৰ এচপৰা এচপৰা ফুল৷

আমোলমোল গোন্ধে সোনকালেই আমাক টানি নি ভিতৰ পোৱালেগৈ৷ সোঁফালে মুকলি ফিল্ড৷ বাঁওফালে গোলাপবোৰ৷ সেইফালে ডিঙি ঘূৰাইয়েই বিচুৰ্তিত আমাৰ কি কৰো কি নকৰোকৈ মূৰ ঘূৰাই অহা অৱস্থা হবলৈ ধৰিলে৷ এয়া কি দেখিলো সঁচাইনে নে কোনোবা সপোনৰ দুনীয়া৷ মুখত মাত নাইকিয়া হৈ গ’ল৷ গোলাপৰ বাগিচা নহয় যেন সেয়া গোলাপৰ খেতি এডৰাহে৷

থতমত খোৱা চকুৰ চাৱনি বাগিচা ফালি ফালি যেনি তেনি দপদপাবলে ধৰিলে৷ চাৰিওফালে লেখ হীনকৈ ফুলি থকা গোলাপৰ গছবোৰ৷ শ শও নহয় হাজাৰ সাংখ‍্যাত৷ চাৰিওফালে ফুলি ৰোৱা গোলাপৰ ফুলবোৰৰ পৰা দূৰৈৰ গোলাপবোৰ নেদেখাই হৈ ৰৈছিল৷ কোনজোপা চাওঁ কোনফালে যাওঁ বুলি একেবাৰে বাঁওফালৰ চুকটোৰ পৰাই আৰম্ভ কৰোঁ বুলি আগলৈ গলোঁ৷

গোলাপ পাহৰ ডালতে হামিংবাৰ্ডটো বহি আছিল৷ আমাৰ উপস্থিতিৰ বতৰা পাই কাষৰ গোলাপজোপালৈ জঁপিয়াই গৈছিল৷ আকস্মিক কম্পনত গোলাপজোপালৈ লক্ষ্য কৰিলো হামিংবাৰ্ডটো তাতে বহি ৰৈছিল৷

“সৌটো হামিংবাৰ্ড, সৌটো হামিংবাৰ্ড“ সকলোৰে মাজত হুৱাদুৱা লাগিছিল৷

হঠাত হামিংবাৰ্ডটো গছজোপা এৰি উৰা মাৰিছিল৷ আৰু আছে নেকি হামিংবাৰ্ড এই গছজোপাতে? মোৰ চকুহালি গোলাপবোৰৰ মাজে মাজে চাৰিওফালে পিটপিটাই ফুৰিছিল৷ কিজানি মোৰ চিকাৰী চকুৰ বতৰা পাইছিল, এযোৰ হামিংবাৰ্ড আকৌ গোলাপৰ ডাল এটা এৰি উৰা মাৰিছিল৷ হামিংবাৰ্ডে ভৰা চান হৌজৰ গোলাপৰ বাগিছা৷ সুগন্ধিময় উশাহ৷ চকুৱে তৎ হেৰুৱাব ধৰিলে, ভৰিয়ে সন্তুলন হেৰুৱাব ধৰিলে৷ সাধুকথাৰ স্বৰ্গৰ ৰাজসভাহে যেন৷ গোলাপৰ বিয়পি পৰা সুগন্ধ স্বৰগৰ সুগন্ধহে যেন৷ সঁচা অৰ্থত এইখনেই চাগে মৰতৰ স্বৰগ৷ সেইখন ৰৌজ গাৰ্ডেন চাবলৈ কমেও আমাক একঘণ্টাৰ সময় লাগিছিল৷ ভালকৈ ৰৈ ৰৈ চাবলৈ ডেৰ ঘণ্টাও কমেই হব৷ হালধীয়া, বগা, কমলা, ৰঙা, ৰঙাৰো বহু ভাগ, গুলপীয়া, তাৰো বহু ভাগ, আনকি নাম নজনা ক’ত ক’ত ৰঙ, লতাৰ পৰা ধৰি ওখ ডাঙৰ একো একোজোপা গছলৈ, নানান জাতৰ গোলাপে ৰৌজ গাৰ্ডেন ভৰি ভৰি ফুলি ৰৈছিল৷

প্ৰতিপাহ ফুলেই মস্ত একোপাহহঁত ফুল৷ প্ৰতিপাহ ফুলৰ সৌন্দৰ্যই মন হৰি নিয়া মাদকতাৰে ভৰা৷ এদৰা ফুলৰতো কথাই নাই৷ মনতে ভাবিছিলো চিনেমাৰ গানৰ দৃশ্যগ্ৰহণ কৰিবলৈ যে কিমান বঢ়িয়া ঠাই৷ ভাৰতত এনে এখন গোলাপৰ বাগিচা হোৱা হলে মানুহ চাগে দিনটোলৈ অলপ সময়ৰ বাবেও আঁতৰিয়েই নগ’লহেঁতেন৷

পৰ্য্যটক আৰু স্থানীয় মানুহ মিলি ঠাইখনত বহু মানুহ৷ কোনেও ফুল ছিঙা নাছিল৷ ছিঙাটো দূৰৈৰ কথা কোনেও এপাহো হাতেৰেও চুই চোৱা নাছিল৷ বাগিছাখনৰ বিষয়ে এটা বিশেষ কথা জানিব পাৰিছিলো যে গছবোৰ যেতিয়া ট্ৰিম কৰা হয় পেলনীয়া ডালবোৰ মানুহৰ বাবে সেইদিনা মুকলিকৈ এৰি দিয়া৷ মানুহে হিলদল ভঙা যেন সোঁঁতত তাৰ ডাল নি ঘৰত জীয়াই থয়গৈ৷ তাৰ পৰাই বিয়পি পৰে ৰৌজ গাৰ্ডেনৰ দৰেই একোখন বাগিছা ঘৰে ঘৰে, ঠায়ে ঠায়ে৷ বাগিচাৰ কাষৰ ঘৰৰ চকুত লগা গোলাপৰ দেখি তেতিয়াহে বুজিলো সেয়ে চাগে সকলোৰেই ঘৰতেই এই গোলাপবোৰ৷ মাত্ৰ আশে পাশেই নহয় তাত থকা কেইদিন যিমানবোৰ ঠাই ফুৰিছিলো সকলো ঘৰতেই সকলো ঠাইতেই মানুহৰ বাগিছা শুৱনি কৰি থকাকৈ ডাঙৰ ডাঙৰ মস্ত মস্ত গোলাপ একোপাহকৈ হ’লেও দেখা পাইছিলো৷

মোৰো মন গৈছিল কণ কণ ডাল একোটাহঁত ঘৰলৈ আনি জীয়াবলৈ৷ পিছে আমাৰ যে ঘূৰি আহিবৰ হৈছিল৷ সেইদিনটোলৈ ৰ’বলৈ সময় ক’ত৷ তাতে ৰৈ ৰৈ মনটো হেঁপাহ পলোৱালৈকে চাৰিওফালে চাই চাই বহি ৰ’লো৷ ডাল আনিব নোৱাৰিলো যদিও দৃশ‍্যৰেই মনটো ভৰাই উভতি আহিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments