আমেৰিকা প্ৰীতি

——–

“আপোনাৰ মামাৰ ল’ৰাটোক ম‍ই লক্ষ্য কৰি আছোঁ, আগতকৈ অকণমান স্মাৰ্ট হৈছে। সেইদিনা সম্বৰ্ধনা জনোৱাৰ দিনাৰ পৰা বহুত পৰিবৰ্তন দেখিছোঁ । এতিয়া দেউতাকক হেৰুৱাই মনোবল বান্ধি লৈছে। শুনিছোঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যাব, ভাল কথা। আমাৰো গৌৰৱ ! কথা এটা কওঁ, দেউতাক নাই যেতিয়া আপোনাকে অভিভাৱক বুলি কবলৈ ওলাইছোঁ । ম‍ই জানো আপুনিয়ে তেওঁলোকৰৰ এতিয়া সকলো চম্ভালি আছে। মোৰ ছোৱালীজনী ল’ৰাজনলৈ বেয়া নহ’ব । দেউতাক থকাৰ দিনৰ পৰাই ম‍ই জানোঁ। ছোৱালীয়ে এম এ পঢ়ি আছে । বেছি লৰালৰি কৰিব নালাগে। সি যাওকগৈ, যোৱাৰ আগতে মাত্ৰ চিন এটা দি থৈ গলেই হ’ল। তাৰ পঢ়া খৰছৰ যদি অসুবিধা হয় মোক কবলৈ বেয়া পাব নালাগে। ফ্লাইটৰ টিকেটৰ প‍ইছাও দিবলৈ ভাল পাম। বেলেগৰ পৰা কিয় লব লাগে !”

 

“দাদা, আমেৰিকালৈ যাবলৈ ওলাইছে, ছোৱালী এজনী ঠিক কৰি নাযায় কিয় ? ঘূৰি আহি পোৱা দিগদাৰ হ’ব । দেখিছেই নহয়, আজিকালি ছোৱালী পাবলৈ নাই ! বেয়া নাপায় যদি কথা এটা কওঁ-মোৰ সৰু মামাৰ ছোৱালী এজনী আছে । আপোনাৰ লগত মিলিব । ফ’টো চাব নেকি? মোৰ লেপটপতে আছে। এয়া চাওক। অ’ এটি ভিডিঅ’ও আছে । আপুনি লৈ যাওক, ঘৰত দেখুৱাব পাৰিব । ম‍ই মামীৰ লগত কথা পাতোঁ ৰ’ব । এক মিনিট !… পাতিলোঁ, “ঠিক আছে” বুলি কৈছে । আপুনি ইচ্ছা কৰিলে তাইক লগ ধৰিবও পাৰে । আপুনিতো পৰহি যাবগৈ, কাইলৈ এপাক গুৱাহাটীৰ পৰা তাইক লগ ধৰি আহকগৈ । এইটো তাইৰ নম্বৰ । ম‍ই তাইৰ লগত কথা পাতি তাইক আপোনাৰ কথা ক’ম ।”

অচিনাকি আলহীক আথে বেথে বহিবলৈ দি মায়ে সুধিলে- ক’ৰ পৰা বা আহিলে, চিনি পোৱা নাই দেখোন! “চিনি নাপাব‍ই দিয়ক । ম‍ই গুৱাহাটীৰ পৰা আহিছোঁ । আপোনালোকৰ কথা ম‍ই শৰ্মাৰ পৰা শুনি আছো। তেখেতৰ বিয়োগত শোক পালো । কি কʼব ভাগ্যৰ লীলা!  ম‍ই জীৱনৰ আগচোৱা মঙ্গলদৈত আছিলোঁ, সেই সুত্ৰে কিছুমান মানুহক চিনি পাওঁ । চানমাৰিত এটা ফ্লেট আছে, আমি গনেশগুৰিত থাকো । পেছাত ম‍ই উকীল । অলপ ৰাজনীতিও কৰিলো । এতিয়া আচল কথাটোলৈ আহোঁ- আপোনাৰ ল’ৰা আমেৰিকাত থাকে বুলি শুনিছো । ভাল কথা । এনে এখন গাৱঁৰ পৰা সাত সাগৰ তেৰ নদী পাৰ হৈ যোৱাটো কম ডাঙৰ কথানে! শৰ্মাৰ পৰা গম পালো ল’ৰাজনৰ বিয়াৰ উপযুক্ত বয়স হৈছে । সেয়ে ভাবিলো এপাক ঘৰখন চাই যাওঁ । মোৰ এজনীয়েই ছোৱালী । এল এল বি পঢ়ি আছে । যদি আপোনাৰ একো আপত্তি নাই তেন্তে ল’ৰাই ছোৱালীৰ লগত কথা পাতিব পাৰে । পিছৰ খিনি সিঁহতে ঠিক কৰি লব।”

এদিন হঠাতে চানমাৰীৰ পদপথত আন্টিয়ে ( আমাৰ দূৰ সম্পৰ্কীয় আলহীৰ আলহী ) লগ পাই মোক তেওঁলোকৰ ঘৰলৈ লৈ গৈছিল । ইতিমধ্যে ম‍ই আমেৰিকামুখী হোৱাৰ কথা গম পাইছিল । বহিবলৈ দি “পুৰণি এলবামটো উলিয়াই তেওঁৰ দিল্লীত পঢ়ি থকা ডাঙৰ ছোৱালীজনীৰ ফ’ট’বোৰ এফালৰ পৰা দেখুৱাই গৈছিল । “জানা- তাইৰ বাবে বহুত ল’ৰা আহি আছে, আমিহে মনে মিলা ল’ৰা পোৱা নাই ।” হয়- ভাল ল’ৰা চাই দি দিব বুলি কৈ ওলাই আহিছিলো ।
এয়া আৰম্ভণিৰ কেইটামান উদাহৰণহে । প্ৰথম প্ৰস্তাৱটো পোৱাৰ পিছত হতবাক হৈছিলো- ঘৰৰ মৰমৰ “বাপা”লৈ মানুহে ছোৱালী দিব পৰা হ’ল!  সৰুৰে পৰা একমাত্ৰ ল’ৰা বুলি মৰম কৰোতে কৰোতে ডাঙৰ হোৱা কথাটো গমেই নাপালো । আগতে কোনোৱে চিনি নোপোৱা মোক আমেৰিকা নামৰ শব্দটোৱে বহুতৰে চকুৰ মণি কৰিলে ।

***********************************************************************************************

(২)
অসমৰ বাহিৰে ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে যৌতুক প্ৰথা প্ৰচলিত আছে । যৌতুকৰ নামত লাখ লাখ টকা দিব লাগে । মোৰ বন্ধু কেইজনমানৰ অৱস্থা শোচনীয় আছিল। দেউতাকৰ চাকৰি নাই, ছোৱালীৰ লগত দিব লাগে নূন্যতম দুই-তিনি লাখ । মোৰ বন্ধু এজনৰ বায়েকৰ বিয়াত টকা যোগাৰ কৰিব নোৱাৰাৰ বাবে চুক্তি কৰি কিস্তি কিস্তি কৈ দিয়াৰ ব্যবস্থা কৰিছিল । সি আই আই টি গুৱাহাটীত নামভৰ্তি কৰি বেংকৰ পৰা লোন লৈ সেই ধাৰ মাৰিছিল । তাৰ মুখতেই শুনিছিলো, বায়েকৰ প্ৰথম সন্তান জন্ম হোৱালৈকে সকলো খৰচ সিহঁতে দিবলগীয়া হৈছিল । সি বৃত্তিৰ টকাকেইটা সিহঁতলৈ পঠিয়াইছিল । সেই মানুহজনৰ (বায়েকৰ গিৰিয়েক) অলপ মানো হৃদয় বোলা বস্তু নাইনে ? মোৰ মানুহজনক চাবলৈ মন গৈছিল । সেই ল’ৰাজন মোৰ ভাল বন্ধু হোৱা কাৰণে মোক সকলো কথা কৈছিল । ম‍ই ওলোটাই ধৰিলে, সমাজৰ নিয়ম বুলি এৰাই চলিছিল । কেতিয়াবা কেতিয়াবা সিহঁতেও যৌতুক লব নেকি সোধা প্ৰশ্নৰ উত্তৰ খাটাং কৈ দিব পৰা নাছিল । সি কৈছিল, Academic degree ৰ দৰে কাৰক বোৰে যৌতুকৰ পৰিমাণ নিৰ্ধাৰণ কৰে। যদি এম.এচচি.ৰ “বজাৰমূল্য” ১০ লাখ, তেন্তে পি.এইচডি.ৰ ২০ লাখ । আকৌ কোনোবা ইউনিভাৰচিটিৰ পৰা Ph.D. কৰিলে ২০ লাখ হলে IITian ৰ মূল্য ৩০ লাখ । আমেৰিকাত থাকিলেতো কথাই নাই । শুনি হতবাক হৈছিলো আৰু কিছুমান উদাহৰণও দেখিছিলো । ম‍ই তাক বাৰে বাৰে অন্ধ্ৰপ্ৰদেশত জন্ম নহৈ ভাল হ’ল বুলি কৈছিলো । মোৰ বন্ধুজনৰ আৰু এটা কথাই মোক জোকাৰি গৈছিল, যৌতুক নললে ল’ৰাজনৰ কিবা খুঁত থকা বুলি ধৰে, হয়তো তাৰ দোষ আতৰাবলৈ কৈছিল। কেতিয়াবা কেতিয়াবা ছোৱালীৰ ধনী বাপেকে ল’ৰাজনক ধনৰ লোভ দেখুৱাই বিয়া দিয়াও দেখিবলৈ পোৱা যায় । মধ্যস্থতাকাৰীৰ সহায়ত দৰ-দাম কৰা কথাটো শুনি মোৰ বজাৰত দালালৰ সহায়ত গৰু-ছাগলী বেচা-কিনা কৰা যেন লাগে । এইখিনিতে উনুকিয়াই থোৱা ভাল যে টাইৱানৰ মোৰ বান্ধবী লি-ছানে কৈছে যে সিহঁতৰ সমাজত ছোৱালীৰ মাক-বাপেকক সৰুৰ পৰা ডাঙৰ দীঘল কৰি বিয়াৰ বাবে উলিয়াই দিয়া বাবে ল’ৰাজনে ভাল উপহাৰ দিয়ে, সামৰ্থ অনুযায়ী টকা-প‍ইছা ।
অসমখনক সেই ব্যাধিয়ে চুই নোযোৱাকৈ আছেনে? যৌতুকৰ বাবে অত্যাচাৰ, হত্যা আদি বাতৰি কাকতত প্ৰায়ে দেখিবলৈ পোৱা যায় । কিছুমানে হয়তো যৌতুক ল’ব খোজে, কোনোবাই দিব খোজে । “মোৰ চানমাৰিত এটা ফ্লেট আছে”, দুখন ব’লেৰ’ৰ কথা নকলোৱেই যেনিবা! এইবোৰে কি বুজাইছে। কাৰনো গুৱাহাটীৰ ফ্লেটত থাকিবলৈ মন নাযাব ! তাকে কৈ টোপ দিবলৈ বিচৰা নাইনে? মাজে মাজে মনত হাঁহি উঠে, মোৰ দাম বাঢ়িল তাৰমানে ! এটা ফ্লেট, ব’লেৰ’, কেইলাখমান টকা । তাৰপিছত, পামনে ইমানদিনে পাই অহা মৰমবোৰ । মা-দেউতাৰ অশেষ কষ্টৰ ফলবোৰ কোনোবাই টকাৰে কিনিব পাৰিবনে ? তেওঁলোকক এৰি ম‍ই কৃত্ৰিম পৰিবেশত থাকিব পাৰিমনে? এইবিলাক মানুহে পৰিৱেশ দূষিত কৰা নাইনে। এনেকৈয়ে যৌতুক নামৰ ব্যাধিটোৱে আমাৰ সমাজত শিপোৱা নাইনে ? আজি এজনে উপযাচি দিছে,কাইলৈ আনএজনে খুজিবলৈ সুবিধা পোৱা নাইনে ?
আমেৰিকা নামৰ শব্দটোৱে এইবোৰ দিয়া নাইনে ? তাত ম‍ই কি কৰিমগৈ কাৰোৰে চিন্তাৰ বিষয় নহয়। যদি ঘুৰি আহোঁ, মোলৈ তেনেকৈ কোনোৱাই ছোৱালী দিবলৈ আহিবনে ? হয়তো আমেৰিকা শব্দটোৰ পিছত দৌৰা মানুহবোৰ নাহিব ! মনত অলেখ প্ৰশ্ন লৈ, কাকো একো উত্তৰ নিদি উৰা মাৰিছিলো । সেইসময়ত সেইবোৰ চিন্তা কৰাৰ অৱকাশ নাছিল । তাত গৈ কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি নাইবা মুখামুখি হব লাগে কোনে জানে !

********************************************************
(৩)
আমেৰিকামুখী উৰাজাহাজত, ফোন নম্বৰটো নলৈ, mailID লৈ উঠিলো । এই সংক্ৰান্তত ছোৱালীৰ লগত কথা পাতিবলৈ অখঁজা লাগে, তাতে ক’ৰ পৰা বা আৰম্ভ কৰিব লাগে ? ম‍ই আকৌ লিখাত ভাল। সাহিত্য, ব্যাকৰণ আদি নাজানিলেও কিবা কিবি লিখিব পাৰো । আনে বুজি পাওঁক বা নাপাওঁক, ম‍ই বুজি পাওঁ । আমেৰিকাৰ মাটিত ভৰি দিয়াৰ কেইদিনমান পিছত আধুনিক যুগৰ অত্যাবশ্যকীয় আহিলা ব্যৱহাৰ কৰি ই-মেইল এটা পঠালো । সিফালে গৈ পাইছিল কি নাপাইছিল উত্তৰ আহিলেই ! ধন্য বিজ্ঞান ধন্য । আগৰ দৰে হোৱা হ’লে কিমান দিন চকুৰ টোপনি খতি কৰি, ডাকোৱাল অহালৈ বাট চাব লাগিলহেতেঁন ! আজিৰ প্ৰজন্মক কলে হয়তো হাহিঁব বা বিশ্বাস নকৰিব । যিকিনহওক বৰ ভাল লাগিল। অচিনাকী মানুহক এনেদৰে ৰিপ্লাই দিছে মানে সিফালে মোৰ বিষয়ে ভালদৰেই গুণা-গথা হৈছে চাগে। লগে লগে উত্তৰ নিদি কেইদিমান পাছত দিলো । মোৰ প্ৰসংশাৰে মোৰেই মেইল-বক্স ভৰি পৰিল, সেইবিলাকে মোৰ ভাল কৰিব বুলি পঠাইছিল যদিও মোৰ এলাৰ্জিহে উঠিল । এদিন লিখিলো “ম‍ই জানো ম‍ই কিমান পানীৰ মাছ, বেলেগে মোৰ পানীৰ গভীৰতা জুখিলে ম‍ই বেয়া পাওঁ । মোৰ এই সকলো বোৰ ভাগ্যৰ বলত হৈছে ।” তাৰপিছত বেছি আগবঢ়াৰ আগতে ম‍ই বন্ধুত্বৰ হাত আগবঢ়ালো। বন্ধুত্বই ইজনক সিজনক বুজি পোৱাত সহায় কৰে । মোৰ বন্ধু-স্থান বৰ ভাল । “আপোনাৰ বন্ধু হ’বলৈ পাই নিজকে ধন্য মানিছোঁ”-সিফালৰ উত্তৰ । লাহে লাহে ভাৱৰ আদান-প্ৰদান বাঢ়িবলৈ ধৰিলে । ম‍ই কেনেকুৱা মানুহ, কি বিছাৰো, ভবিষ্যত পৰিকল্পনা কি নিলিখাকৈ নাথাকিলো । সেই ফালৰ পৰাও দুই-এটা তেনেকুৱা কথাৰে মোৰ মেইল বক্সত টুকুৰিয়াই থাকিল । মোৰ কিবা ভাল খবৰ থাকিলে দিবলৈ বেছি সময় নৰৈছিলো ।  মোৰ ছোৱালী বন্ধু অলপ বেছি । মাত্ৰ বন্ধুহে, বেলেগ একো ভাব নাথাকে ।

আমেৰিকা পোৱাৰ পিছত মোৰ অৰ্কুট (ইণ্টাৰনেটৰ এটি জনপ্ৰিয় ৱেবচাইট)ৰ Profile ত আমেৰিকা নামটো সোমাল । তাৰ পিছত বহু মানুহে (দৰাচলতে ল’ৰা বা ছোৱালী)মোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলে । বহুতে মনে মনে লক্ষ্য কৰি থাকিল, কিছুমানে বন্ধুত্বৰ হাত আগবঢ়ালে । ম‍ইও ভালেই পালোঁ । এদিন হঠাতে ল’ৰা এজনৰ পৰা মেচেজ পালো । ম‍ই তাক ফোন কৰিব লাগে, অতি সোনকালে । সি আমাৰ কাষৰ গাঁৱৰ, ম‍ই ভালকৈ চিনি নাপাওঁ, মোৰ লগত পঢ়াও নহয়, কিন্তু মোক সমনীয়া বুলিয়ে ধৰে। বাটে ঘাটে দেখিলে মাত-বোল কৰে, তাৰ কামতকৈ কথা এখোপ চৰা । ম‍ই সময় উলিয়াই ফোন কৰাত কেইদিনমান দেৰি হঁওতে আন এটা মেচেজ পালো- মোৰ নম্বৰটো দিব লাগে- সিয়েই ফোন কৰিব । মোৰ নিজৰেই বেয়া লাগিল । ফোন কৰিলো- আচল কথা গম পালো । হায় ভগবান ! ম‍ই আমেৰিকা যোৱা কথাটো সি শুনিছে কাৰোবাৰ পৰা । কথাটো হ’ল – “ত‍ই গৈছ’ যদি মোকো লৈ যা” ।  আচৰিত নহৈ নোৱাৰিলো । মেডিকেল ৰিপ্ৰেজেনটিভ কাম কৰা ল’ৰাটোক ম‍ই আমেৰিকালৈ আনিব লাগে । ম‍ই বহু বুজাই ভাগৰি গলো, ইমান সহজ নহয় ভিছা পাবলৈ । শেষত হোটেল বা গেলামালৰ দোকানত কাম কৰিবলৈ ৰাজি হোৱা ল’ৰাটোলৈ মোৰ পুতৌ লাগিল । সি মোৰ পৰা নম্বৰ বিচাৰিলে, ম‍ই কলো- তুমি ফোন কৰিব নালাগে ম‍ইয়ে মাজে মাজে ফোন কৰিম । তথাপিও আকোৰগোঁজ, নম্বৰ লাগিব‍ই, মোলৈ ফোন কৰিব‍ই । পিছত এদিন তাৰ অৰকুটৰ মেচেজত দেখিলো, তাৰ ম’বাইলত অসমতে থকা আন এজন বন্ধুলৈ মিছ ক’ল দিবলৈও বেলেঞ্চ নাই । ম‍ই অকলে অকলে হাঁহিলো । আকৌ এবাৰ মোৰ অৰ্কুটৰ প্ৰফাইল এজনী অচিনাকী ছোৱালীয়ে চাইছে, ম‍ই ওলোটাই গৈ দেখিলো, বাঙ্গালোৰত ইঞ্জিনিয়াৰিঙ পঢ়ি আছে । পিছত গম পালো আমাৰ এন আৰ আই “NRI” এজনৰ সম্পৰ্কীয় । নিশ্চয় মোৰ কথা ওলাইছে ছাগে, নহলেনো কিয় মোৰ প্ৰফাইল চাব !

*********************************************************
(৪)
“আমাৰ অঞ্চলৰ প্ৰতি দহঘৰ মানুহৰ পৰা এজন আমেৰিকাত আছে”- বৰ গৰ্বেৰে অন্ধ্ৰপ্ৰদেশৰ ল’ৰা এজনে কৈছিল । সিহঁতৰ কাৰণে আমেৰিকালৈ যোৱাটো, আমাৰ ভাল ঘৰ এটা বন্ধাৰ নিচিনা । কথা হ’ল সিহঁত ইমানেই তীক্ষ্ণনে যে আমেৰিকাই মাতি মাতি নিছে । আমেৰিকাত গৈ কি কৰিছে কোনে জানে, তাত পেট্ৰল পাম্পত কাম কৰিলেও সি “এন আৰ আই (NRI)”, আমাৰ মেজিষ্ট্ৰেটেও সিমান মৰ্য্যদা নাপায়, সিহঁতে যেনেকৈ পায় সিহঁতৰ অঞ্চলত ! ম‍ই দেখি বিচ্যুতি খাইছিলো যেতিয়া তিনিটা কোঠাৰ ঘৰ এটাত আঠজন ভাৰতীয় লগ পাইছিলো । আমাৰ অসমত বাংলাদেশী দেখাৰ দৰে ম‍ই আমেৰিকাত ভাৰতীয় লগ পাইছিলো । এই ক্ষেত্ৰত চিন দেশো পিছ পৰি থকা নাই । কাৰো মুখত উভতি যোৱাৰ কথা শুনা নাছিলো ।

মিছিছিপি কলেজত ২০১০ চনৰ ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ সোতৰজন ছাত্ৰৰ ভিতৰত পোন্ধৰজনেই ভাৰতীয়, তাৰে তেৰজন অন্ধ্ৰপ্ৰদেশৰ আৰু দুজন ৰাজস্থানৰ । আমেৰিকাৰ ল’ৰা-ছোৱালীয়ে নপঢ়ে নেকি? তেওঁলোকেও পঢ়ে কিন্তু ইউনিভাৰচিটিত, কলেজত নহয় । মিছিছিপি কলেজ ব্যক্তিগত খণ্ডৰ, তাত “টিউচন ফি” বহুত বেছি । আমাৰ ভাৰতীয় ইমান ধনী নে যে বছৰি পোন্ধৰ হাজাৰ ডলাৰ দি আমেৰিকাত এম.এচ.ছি পঢ়িছেগৈ ! বৃত্তি নহলে সাধাৰণতে আমেৰিকাই ভিছা নিদিয়ে,যদি বৃত্তি নাই তেন্তে নিজৰ বেংক একাউন্টত মোটা অংকৰ ধন দেখুৱাব লাগিব । কথা সুধিবলৈ আপোচ নকৰা ম‍ই ইমান টকা সঁচাকৈয়ে আছেনে বুলি সোধাত ভিছা অফিছত দেখুৱাবলৈ বেংকত টকা থকাৰ প্ৰয়োজন নাই বুলি টপৰাই উত্তৰ দিছিল।  তাৰমানে ম‍ইহে বুৰ্বক হৈ থাকিলো । হায়দৰাবাদত এনেকুৱা ভিছাৰ বাবে বহু এজেঞ্চি আছে, তাৰ বাবে আপুনি জমা দিব লাগিব কেইহাজাৰমান টকা।  এমাহমান পিছত ভিছাই দুৱাৰত টুকুৰিয়াব! তাৰ পিছত মোৰ সুধিবলৈ ভাল নালাগিল । বেছি ভাগ ল’ৰাই মধ্যবিত্ত ঘৰৰ, তেনেস্থলত বছৰি পোন্ধৰ হাজাৰ ডলাৰ ! সপোনতো অংক মিলাব নোৱাৰিলো । মোৰ ঘৰৰ সকলো মাটি বেছিলেও পাঁচ হাজাৰ ডলাৰৰ বেছি নাপাওঁ । মনে মনে লক্ষ্য কৰিলো সিহঁতৰ ডলাৰ অহাৰ পথ। সকলোৱে “পাৰ্ট টাইম” কাম কৰে, ঘন্টা হিচাবত, গেছ-ষ্টেচন (আমেৰিকাত পেট্ৰ’ল পাম্পক গেছ-ষ্টেচন বুলি কয়), হোটেল, মোটেল আদিত । প্ৰায়ভাগে ৰাতি ডিউটি দিয়ে । প্ৰতি ঘন্টাত ৬/৭ ডলাৰকৈ বেতন । শুনা মতে এইটো আমেৰিকাৰ নূন্যতম বেতনকৈ তলত ।  বিদেশীৰ বাবে ভিছাৰ প্ৰকাৰ আছে, ছাত্ৰৰ বাবে থকা ভিছাৰ বাবে তেনেকুৱা ধৰণৰ কাম কৰাটো অবৈধ । কাম কৰাৰ বাবে “Working permit” উলিয়াব লাগে, তাৰ পিছত প্ৰতিমাহে কৰ দিব লাগে, প্ৰায় ৪০%। মালিকৰ বাবেও কৰৰ কথা আহি পৰে, তাতে কম খৰছতে কাম কৰা মানুহ পালে কোনেনো নাৰাখিব !  তেনেকুৱা কাম কৰা বেছিভাগ মালিকেই এন আৰ আই ! শুনা মতে ধৰা পৰিলে কাৰাদণ্ড পৰ্য্যন্ত হব পাৰে । ৰাতিপুৱা ঘুৰি আহি দুই ঘন্টামান শুই কলেজলৈ যায় । একেলেথাৰিয়ে ৩৬ ঘন্টা কাম কৰা ল’ৰাও লগ পাইছো। সেইবিলাক দেখি-শুনি মোৰ মূৰটো আচন্দ্ৰাই কৰে। সিহঁতৰ কষ্ট সহিষ্ণুতা শলাগিবলগীয়া ।  আমেৰিকান ল’ৰা-ছোৱালীয়েও কাম কৰে, সাধাৰণতে চেমিষ্টাৰৰ শেষত নতুনকৈ ক্লাচ হোৱাৰ আগতে দুমাহ তেওঁলোকে কাম কৰে । সকলোৱে নকৰে যদিও প্ৰায়ভাগে কৰে বুলি কব পাৰি । তেওঁলোকে কাম কৰি নিজৰ পকেট খৰচ যোগাৰ কৰে । তেওঁলোকৰ স্বাধীনচিতীয়া মনোভাব মোৰ ভাল লাগে ।

**************************************************************************************
(৫)
“The United states imports Oil from Saudi Arabia, car from Japan, TVs from Korea, Whiskey from Scotland; so what we import from India? We import people, smart people, really smart people from INDIA.” তাৰমানে আমেৰিকাৰ একোৱেই নাই, মানুহো নাই ! এইটো মোৰ ভাষ্য নহয়, তেওঁলোকৰে TV ৰ সাক্ষ্যাতকাৰ এটাত দেখিছিলো, কেনেকৈ তেওঁলোকে ভাৰতীয় মগজু কিনি লৈ আহে । সেই একে Documentary ত দেখিবলৈ পাইছিলো কেনেকৈ IITian বোৰ আমেৰিকামুখী মনোভাবেৰে JEE কাৰণে হায়াৰ ছেকেণ্ডাৰীৰ দুই বছৰ দিনক ৰাতি কৰি, ৰাতিক দিন কৰি পঢ়ে । সাক্ষ্যাৎকাৰটোত বোম্বে আই আই টি ৰ কেইজনমান ছাত্ৰই বৰ গৰ্বেৰে একেমুখে আমেৰিকাত গৈ চাকৰি কৰিব বুলি কৈছিল। সিহঁতৰ মনত এবাৰো ভাৰততে থাকি দেশখনৰ কাম কৰি উন্নতিৰ পথলৈ এখোজ আগবঢ়োৱাৰ ভাব নাই আৰু মোৰ বোধেৰে ভবিষ্যতলৈ নাহে । এইক্ষেত্ৰত নাৰায়ণমূৰ্তিয়ে Infosys ৰ জৰিয়তে কেইজনমানক ভাৰততে ৰাখিবলৈ চেষ্টা কৰিছে । আমেৰিকা চফ্টৱেৰ কোম্পানিৰ ৬০ শতাংশৰ বেছি ভাৰতীয় । IIT ৰ গ্ৰেজুৱেটক ভিছাৰ কাৰণে এজেঞ্চিক ধৰিব নালাগে, তেওঁলোকক আমেৰিকাই লৈ যায় ।
যি সময়ত অসমৰ ৰাজ্যিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সংখ্যা মাত্ৰ তিনিখন, তেনেসময়তেই অন্ধ্ৰপ্ৰদেশত ইয়াৰ সংখ্যা তিনিশৰ অধিক । তাত ঘৰে ঘৰে ইঞ্জিনিয়াৰ । “থ্ৰি ইডিয়ত” চিনেমাখনত কোৱাৰ দৰে ল’ৰা হলে ইঞ্জিনিয়াৰ, ছোৱালী হলে ডাক্টৰ । চৰকাৰীয়েই হওক বা বেচৰকাৰীয়ে হওক বেংকৰ পৰা লোন লৈ হলেও, ডাক্টৰ, ইঞ্জিনিয়াৰ হ‍বই ।
এবাৰ আমেৰিকাত থাকোতে ভ্ৰমণ কৰিবলৈ ওলালো, গোটেই সময়খিনি ৫০ ৰো অধিক ভাৰতীয় লগ পালো । তাৰে ৯৮%শতাংশ অন্ধ্ৰপ্ৰদেশৰ, বোধহয় মোৰ বন্ধুজন তেলুগু কাৰণে ম‍ই সকলো তেলুগু ল’ৰাই লগ পালো। তাৰে সকলোবিলাকেই MS কৰিব আহিছে, ইঞ্জিনিয়াৰ সকলো । কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত চিট পাবলৈ সকলোতে কঠিন, সেয়া IIT য়েই হওক বা AEC য়েই হওক বা অন্ধ্ৰৰ কোনোবা কলেজেই হওক বা আমেৰিকাৰ ইউনিভাৰচিটিয়েই হওক । প্ৰায়বিলাক ল’ৰায়েই চিভিল,মেকানিকেল আদিত MS কৰি থকা দেখা পালো। কম্পিউটাৰ ইঞ্জিনিয়াৰত MS কৰি থকা অতি কম সংখ্যকহে লগ পালো । চিভিল, মেকানিকেল আদিৰ ছাত্ৰই ঘৰতে বিভিন্ন চফ্টৱেৰৰ জ্ঞান লয় । তাৰপিচত সাক্ষ্যাতকাৰত বহি অতি কম বেতনত কোনোবা চফটোৱেৰ কোম্পানীৰ লগত চুক্তিবদ্ধ হৈ আমেৰিকাবাসী হয় । তাৰপিছৰ “Lifestyle” মোৰ বোধগম্য নহয় কাৰণ ম‍ই তেনেকুৱা মানুহ লগ পোৱা নাই ।

আমেৰিকাত ভৰি দিয়েই যিটো ঘৰত [ সেইটোক ঘৰ বুলি কয় নে কোঠা বুলি কয় সঠিককৈ কব নোৱাৰো, ইংৰাজীত “Apartment” বুলি কয় ] সোমাইছিলো, তাত পাঁচজন ল’ৰা আছিল, চাৰিজন অন্ধ্ৰৰ, এজন নেপালৰ ।তিনিটা শুৱনি কোঠা, সোমায়েই বহিবলৈ অলপ আহল-বহল ঠাই, কাষতে ৰান্ধনিশাল (কিটছেন!) আৰু এটা শৌচাগাৰৰ লগতে গাধোৱা ৰুম । কোনোবা ব্যক্তিগত কোম্পানীৰ ঘৰ সেইবিলাক। ঠিক ঘৰ বুলি কব নোৱাৰি, দুই-তিনি মহলাৰ বিল্ডিঙবোৰত তেনেকুৱা বহু কোঠা আছে ।দুটা শোৱনি কোঠাযুক্ত, তিনিটা শোৱনি কোঠাযুক্ত আদি ।  তাৰে ভিত্তিতে ভাড়া নিৰ্ধাৰণ হয় । তিনিটা শোৱনি কোঠাৰ ঘৰটোত ন-দহ জন থাকিলেও কোনো আপত্তি নাই, কোম্পানীয়ে নিদিষ্ট ভাড়াই লয় । বেছি ল’ৰা থাকিলে সিহঁতৰ ভাড়াবোৰ ভাগ-বতৰা কৰি লয় আৰু কম খৰচতে থকাৰ সেইটো ভাল উপায়। নতুন ঘৰ নোপোৱালৈকে তাতেই এসপ্তাহ থাকিলো । ল’ৰাকেইজন বেয়া নাছিল, কিন্তু তেনেকৈ থকাৰ অভ্যাস নাই কাৰণে নিজাকৈ ঘৰ বিচাৰি আমেৰিকান পৰিয়ালৰ ঘৰ এটাৰ আধা অংশত অকলে থাকিবলৈ লৈছিলো । সিহঁতে কথাটো ভাল পোৱা নাছিল, কিয় ইমান খৰচ কৰি থাকিব লাগে ! তাত কেনেকৈ আছো কোনেওটো গম নাপায়! ম‍ই বোলো- মোৰো নিজস্ব কথা এটা আছে, কাৰোবাক দেখুৱাই যে ভাল ঘৰত থাকিব লাগে বুলি মোৰ মনে নধৰে ।

************************************************************************************
(৬)
মোৰ যাত্ৰাৰ লক্ষ্য আছিল লুজিয়ানা । মোৰ যাত্ৰা পথত জেকচন ষ্টেট ইউনিভাৰচিটিত দুঘন্টা ৰবলগীয়া হ’ল । তাত এটা ঘৰত সোমালো, প্ৰ্থম বৰ্ণনা দিয়াটোৰ নিচিনাই । ইয়াৰে এটা কোঠাত এহাল দম্পতী, আনএটাত তিনিজন, আৰু এটাত দুজন থাকে । ৰেফ্ৰিজাৰেটৰ দুৱাৰ খুলিলে, বহু আধা খোৱা, আধা ৰন্ধা বস্ত, দেখিবলৈ পোৱা যায় । বেচিনত নোধোৱা প্লেট, ডাষ্টবিনৰ চাৰিওফালে কাগজ,পলিথিন, লৰালৰিত তাত নোসোমাইগৈ !!! লুজিয়ানাৰ ৰাজধানী “Bouton Rouge” পাঁওতে ৰাতি প্ৰায় ১২ বাজিছিল । তাত লুজিয়ানা ষ্টেট ইউনিভাৰচিটিৰ এটা ঘৰত(!)সোমাবলগীয়া হৈছিল, সেই ৰুমটোত কিমানজন ল’ৰা আছিল ম‍ই ধৰিব নোৱাৰিলো, কাৰণ এঘন্টা সময়ৰ ভিতৰত ঘৰটোৰ ভিতৰলৈ এবাৰেই সোমাইছিলো, তাকো সৰুপানী চুবলৈ । ৰুমটোত ঠিয় হবলৈ ঠাই নাছিল,গোটেইবোৰ তাতে নাথাকে, সপ্তাহটোৰ শেষ বুলি ফুৰিবলৈ আহিছে । বাথৰুমৰ ভিতৰৰ পৰা ওলাই অহাৰ পিছ্ত মোৰ মুখখনৰ বৰণ সলনি হোৱা দেখি তাৰে এজনে বেয়া নাপাবলৈ কৈছিল ।ইতিমধ্যে মোৰ বন্ধুজনে মোৰ বিষয়ে সিহঁতক অবগত কৰিছিল ।
সৰুৰে পৰা ছাফ-চিকুন পৰিবেশত ডাঙৰ হোৱাৰ বাবে তেনেকুৱা পৰিবেশত মোৰ অলপ অশান্তি লাগে। চাফ-চিকুনৰ ক্ষেত্ৰত ভাৰতৰ সকলোকেইখন ৰাজ্যৰ ভিতৰত অসমখন এক নম্বৰত বুলি ম‍ই একেষাৰে কব পাৰো । ম‍ই মোৰ গাঁৱখনৰ মানুহৰ নিচিনা পৰিস্কাৰ মানুহ বেলেগত দেখা নাই । দুই এটা ব্যতিক্ৰম নথকা নহয় । প্ৰত্যেকঘৰ মানুহৰে চাৰিওফালে চাৰিটা ঘৰ, সেয়া টিনৰেই হওঁক বা খেৰৰে হওঁক।৯৯%শতাংশ মানুহৰ এটা নিজা মন্দিৰ আছে । দিন হাজিৰা কৰা মানুহজনৰ ঘৈনীয়েকেও ৰাতিপুৱাই উঠি কাথি-ঘৰ মচি-কাচি নামঘৰত চাকিগছ দিয়াতো নিত্ত নৈমিত্তিক কাৰ্য্য । আন্ধাৰতে উঠি বাহিবন অতাই ৮-৯ কিলোমিটাৰ খোজকাঢ়ি গৈ পামৰ খেতি-বাতিত কাম কৰি আকৌ ঘুৰি অহা তিৰোতা মানুহ আমাৰ গাঁৱত বহু আছে । এবাৰ মাঘ বিহুত মোৰ লগৰ পোন্ধৰজন ল’ৰাক আমাৰ ঘৰলৈ লৈ গৈছিলো । তেওঁলোক অসমৰ বাহিৰৰ প্ৰত্যেকখন ৰাজ্যৰে আছিল বুলি কব পাৰি । সিহঁতক গাঁৱখন এপাক ঘুৰাই আনিছিলো । আজিও সিহঁতে মোক নৈ খনৰ কথা কয়, মানুহবোৰৰ কথা কয় । আমাৰ মানুহৰ পৰিস্কাৰ-পৰিচন্নতা দেখি তবধ মানিছিল । ইমান বোৰ ঘৰ কিয় লাগে ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব লগীয়াত পৰিছিল । আমাৰ ঘৰৰ মন্দিৰটো পকি, কিন্তু থকা ঘৰটো কাঠৰ, সিহঁত আচৰিত নহৈ নোৱাৰিছিল ।ভড়ালঘৰটোৰ ওচৰলৈ গৈ পিতপিতাই চাইছিল, হাজাৰতকৈ অধিক গাঁঠি থকা আমাৰ ভড়াল ঘৰটো ককাদেউতাৰ দিনৰে, সেইটো ছাগে এই দিনত বনোৱা মানুহ নোলাব । ঘুৰি আহোঁতে মা-দেউতাক সেৱা কৰি আহিব পাহৰা নাছিল সিঁহতে । বাইদেউহঁতে দিয়া ঘৰতে বোৱা গামোছা আৰু ৰুমাল সিঁহতে সযতনে ৰখা ম‍ই দেখিছো । ঘৰতে তাতঁশাল দেখি আৰু মোৰ বাইদেউহঁতে নিজৰ কাপোৰ নিজে ব‍ই লোৱা কথাখিনি ভেবা লাগি শুণি আছিল । কেইজনমানে পিছত আকৌ যাওঁ, আকৌ যাওঁ বুলি পেনেপেনাই আছিল । সকলোকে বাৰে বাৰে নিবলৈ মোৰো এটা কথা থাকে দিয়কছোন, মানে খৰচ-পাতিৰ । তথাপিও মোৰ নলে-গলে লগা বন্ধু তিনিজন ম‍ই ঘৰলৈ গলে মোৰ লগত ওলাইছিল ।আমাৰ ঘৰখন নিজৰ বুলিয়েই ভাবিছিল, মা-দেউতাকৰ পৰা আতঁৰত থকাৰ বেদনা ম‍ই তেতিয়া বুজি নাপাইছিলো, এতিয়া ভালকৈয়ে বোধগম্য হৈছে । মা-দেউতাই ইংৰাজী বা হিন্দি কব নোৱাৰিছিল যদিও বুজি পাইছিল, সিহঁতেও দুই-এটা অসমীয়া কব পৰা হৈছিল । “মা, খবৰ ভালনে” বুলি গৈয়েই সোধা কথাটো আজিও কাণত ভাঁহি আছে ।  মা-দেউতা আৰু সিঁহতৰ মাজৰ ভাবৰ আদান-প্ৰদান চাবলগীয়া আছিল । কি আবেগিক সেই মুহুৰ্তবোৰ, যদিও ভাষাহীন ! পিছলৈ মোৰ অনুপস্থিতিত সিঁহতে আমাৰ ঘৰত মোৰ ঠাই পুৰাব পৰা হ’ল । সিহঁতো পিছে হোষ্টলত বৰ চাফ-চিকুনকৈ থাকে । এইখিনিতে কৈ থোৱা ভাল যে আই আই টি হোষ্টেলৰ মোৰ কোঠাটোৰ কাষত জনৈক চক্ৰবৰ্তী বুলি বেঙ্গলী ল’ৰা এজন আছিল । তাৰ কোঠাৰ দুৱাৰ খুলিলে সেইফাললেৰে যাবলৈ অলপ টানেই হৈছিল । মোৰ কোঠাটোত তাৰ প্ৰভাব নপৰা নহয় । ল’ৰাজন বোলে বৰ চোকা আছিল ।
*****************************************************************************************************
(৭)
“ইউনিভাৰচিটি অফ লুজিয়ানা” পাওঁতে ৰাতি তিনি বাজিল ।প্ৰথমে যিটো ঘৰত সোমালোঁ তাত ১৮ জন ল’ৰা লগ পালোঁ । দুটা ঘৰৰ পাঁচটা শোৱনি কোঠাত মুঠতে ওঠৰজন থাকে । প্ৰথমে সোমায়েই পোৱা আহল বহল ঠাইখিনিত বিশৃংখলতাই সীমা চেৰাইছে । জোতাছেন্ডেলৰ লগতেই সহবাস কৰিছে লেপটপে !ফ’ট’ একপি তুলিবলৈ নাপাহৰিলোঁ । আগলৈ তেনেকুৱা দৃশ্য চাবলৈ ভাগ্য হয়নে নহয় বা !সদায় কোমল কাপোৰেৰে মছি চাফ-চিকুণ কৰি ৰখা মোৰ লেপটপটোলৈ মনত পৰিল । কি-ব’ৰ্ডৰ ভিতৰত ধুলি সোমালে ফুৱাই ফুৱাই গুচাই ফুলাম গামোছাৰে ঢাকি বেলেগ কি-ব’ৰ্ড ব্যবহাৰ কৰা মোৰ লেপটপৰ জীৱনকাল ছাগে এইবিলাকৰ তুলনাত কমেই হব ! শোৱনি কোঠালৈ সোমাই মোৰ চকু কপালত উঠিল । তাত বিচনাৰ সলনি মজিয়াতে কেইখনমান বিচনাচাদৰ অসংলগ্নভাৱে পৰি আ্ছে।ভৰি দিবলৈ ঠাই নাই । এখন বিচনা চাদৰ পাৰি, আনএখন গাত লবলৈ ব্যবহাৰ কৰে । কেইখনমান গৰম কাপোৰ নথকা নহয় । আমেৰিকাৰ প্ৰায় ঘৰবিলাকৰ মজিয়াত কাৰ্পেট থাকে, বনাওতেই লগাই দিয়ে ।কাৰ্পেটবোৰ ভেড়াৰ নোমৰ দৰে কোমল হয় । তাতেই শুব পাৰি । সেইকাৰণে ল’ৰাবোৰ তেনেকৈ শুৱে ।
ফাগুন-চ’ত মাহত আমাৰ গাঁৱৰ ফালে পুখুৰী খন্দা মানুহৰ দল আহে । আমি মাতি কটা বঙাল বুলি কওঁ । ক’ৰ পৰা আহে ভালদৰে নাজানো, কিছুমান বিহাৰৰ পৰা অহা যেন লাগে আৰু কিছুমান বাংলাদেশৰ পৰা ।ভঙা ভঙা অসমীয়া কব পাৰে । আমি সৰু থাকোতে সিহঁতক দেউতাই আমাৰ ঢেকিঘৰটোত থাকিব দিছিল ।সিহঁতে পুজিৰ পৰা খেৰ আনি লগত অনা এখন কেথা (ফটা কাপোৰ চিলাই কৰি কৰা ডাঙৰ কাপোৰ)পাৰি আনখন গাত লৈছিল । সৰুতে আমাৰো তেনেকৈ থাকিবলৈ মন গৈছিল, আমি সিহঁতৰ আদব-কায়দা বোৰ চাই আছিলোঁ । সিহঁতেও আমাক মৰম কৰিছিল ।আমেৰিকাৰ সেই কোঠাটো দেখি আমাৰ ঢেকিঘৰৰ বিচনাখনলৈ মনত পৰিল । তেনেকুৱা এটা অভিজ্ঞতা হব বুলি মনে মনে ভালেই পাইছিলোঁ ।পিছে মোৰ বন্ধুজন থকা ঘৰটো বেলেগ আছিল । তাত ম‍ই বায়ু-বিচনাত(বেলুনৰ দৰে ফুলাই বিচনাৰ আকৃতিৰ ৰবৰৰ বিচনা)শুইছিলোঁ ।
দুদিন পিছত “ইউনিভাৰচিটি অফ লুজিয়ানা” ৰ গ্ৰেজুৱেচনৰ দিন । সেই দিনটোত থাকিবলৈ পাই ভালেই লাগিল । আমেৰিকাত ল’ৰা-ছোৱালী গ্ৰেজুৱেট হোৱাটো বহুত ডাঙৰ কথা । মাক-বাপেকৰ বৰ গৌৰৱৰ দিন সেইটো ( গুৱাহাটি বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেচনৰ দিন কেতিয়া গ’ল গমেই নাপালো)!সেইদিনা পৰিয়ালৰ সকলো আহে ইউনিভাৰচিটিলৈ । সেইদিনা ভাৰতৰ ২৫জনতকৈ অধিক ল’ৰা-ছোৱালী গ্ৰেজুৱেট হ’ল ।সিহঁতৰ লগতে ম‍ইও গৰ্বিত হলোঁ । ৰাতি বহুদেৰিলৈ পাৰ্টি চলিল । ৰাতি নৌপুৱাওতেই কেইজনমান ল’ৰাক চুট-টাই পিন্ধি ওলাই যোৱা দেখিলোঁ । সাধাৰণতে দৈনন্দিন খৰচৰ মাত্ৰা অত্যধিক হোৱা বাবে তাত বিনা বেতনত এদিন থকাও টান । সেয়েহে সিহঁতে গ্ৰেজুৱেচনৰ পিচদিনাই নতুন কৰ্মস্থলীলৈ ৰাওনা হয় । যেনেকৈ ভিছা পোৱাৰ বাবে কষ্ট কৰিব লগা হয় তাতকৈ বেছি কষ্ট কৰে চাকৰি এটা পাবলৈ । MIT, Havard ৰ কথা বেলেগ । এই সৰু সৰু ইউনিভাৰছিটি বা কলেজৰ পৰা গ্ৰেজুৱেট হোৱা ছাত্ৰ-ছাত্ৰীয়ে কোনো এটা এজেঞ্চিৰ (consultancy)লগত চুক্তিবদ্ধ হয় ।শুণামতে এজেঞ্চিয়ে কেইমাহমানৰ বাবে থকা খোৱাৰ ব্যবস্থা কৰি কোনো নিদিষ্ট চাকৰিৰ বাবে প্ৰশিক্ষন দিয়ে ।  তাৰ পিছত মাহিলি বেতনৰ পৰা কেইবছৰমানলৈ কিবা এটা শতাংশ কাটি লৈ যায় । প্ৰশিক্ষন কালত ল’ৰা বা ছোৱালীজনীয়ে নিজৰ ইচ্ছামতে বেলেগ কোম্পানীতো আবেদন কৰিব পাৰে, কিন্তু যেতিয়া চাকৰিৰ বাচনি হয় তেতিয়া সি/তাই পোনপতীয়া ভাবে যোগদান কৰিব নোৱাৰে, consultancyৰ যোগেদি যোগদান কৰিব লাগিব ।তাৰ মানে কোম্পানীয়ে কিমান বেতন দিয়ে চাকৰিয়ালে গম নাপায়, consultancy য়ে কিমান দিয়ে সেইটোহে হিচাপ হয় । অন্যকথাত কোম্পানীয়ে consultancy ৰ সহায়ত মানুহৰ দৰ-দাম কৰে । একেই দালালৰ সমীকৰণ !!!
*****************************************************************************************
(৮)
মিছিছিপি ৰাজ্যখন আমেৰিকাৰ দুখীয়া ৰাজ্যবোৰৰ ভিতৰত এখন । মিছিছিপিত আফ্ৰিকান-আমেৰিকান (ক’লা বৰণৰ) মানুহৰ সংখ্যা বহু বেছি । অকল মিছিছিপিতেই নহয়, দক্ষিণৰ প্ৰায়বোৰ ৰাজ্যতেই এনে মানুহৰ সংখ্যা বেছি । আমেৰিকাত এতিয়াও ক’লা-বগাৰ মাজত শীতল যুদ্ধ চলি আছে বুলি কিছুমান ঘটনাৰ পৰা বোধগম্য হয় । আন্ধাৰত টৰ্চ মাৰিলেও দেখা নোপোৱা ক’লা মানুহবোৰ দেখিলে মোৰ দিনতেই ভয় লাগে । পিষ্টল দেখুৱাই ৰাস্তাৰ পৰা টকা কাঢ়ি লৈ যোৱা কথাবোৰে মোৰ মনত ভয়-শংকা বঢ়াইছিল । এবাৰ গাড়ীএখনত কেইজনীমান ক’লা বৰণৰ মাইকী মানুহ আহি মোৰ ঘৰৰ দুৱাৰমুখতে ৰৈ কিবাকিবি সুধি আছিল, আনকি দুৱাৰমুখত থকা ফুলৰ টাবটো নিব বিচাৰিছিল । তেনে সময়তে মোৰ দুজন বন্ধু অহাত তেওঁলোক গুছি গৈছিল । ৰাস্তাত মদৰ বটল লৈ প‍ইচা খোজা মানুহো লগ পাইছিলোঁ ।
মিছিছিপিত (বোধহয় গোটেই আমেৰিকাতে)এঠাইৰ পৰা আনঠাইলৈ যাবলৈ নিজস্ব গাড়ী থকাটো অতন্ত্য প্ৰয়োজনীয়, নহলে গাড়ী চলাব জনাটো বাঞ্ছনীয় । গাড়ী এখন পাবলৈ সহজ কিন্তু ড্ৰাইভাৰ পাবলৈ টান । মানুহৰ শ্ৰমৰ মূল্য বহু বেছি । সেয়েহে ডাঙৰ ডাঙৰ চহৰৰ গাড়ীবোৰত বিদেশী ড্ৰাইভাৰ দেখিবলৈ পোৱা যায় । এবাৰ কিবা এটা কামত আলাবামালৈ (Alabama) যাব লগা হ’ল । থকা ঠাইখনৰ পৰা কোনো বাছৰ পৰিবহণ ব্যবস্থা নাই । এঘন্টা ব্যক্তিগত গাড়ীৰে গৈ নৈশবাছ ধৰিব লাগে (বন্ধু এজনে থৈ আহিছিল)। নৈশবাছৰ ৪০ জন যাত্ৰীৰ ভিতৰত মাত্ৰ দুজনৰ বাহিৰে বাকীবোৰআফ্ৰিকান-আমেৰিকান আছিল । সাধাৰণতে টকা-প‍ইচা কম থকা মানুহবোৰ বাছেৰে অহা-যোৱা কৰে ।কোনোমতে একো অঘটন নোহোৱাকৈ পাঁচ ঘন্টা পলমকৈ হ’লেও গন্তব্য স্থান পালোঁ । অভিযোগ কৰিব গৈয়ো ঘূৰি আহিব লগা হ’ল, কোনে শুনিব ! দ্বিতীয়বাৰ নৈশবাছেৰে আৰু যাত্ৰা নকৰোঁ বুলি শপত খালোঁ ।
আমেৰিকাত ভাল মানুহৰ সান্নিধ্যও নোপোৱা নহয় । “আপুনি Olemiss লৈ আহিছে নেকি?” এয়াই আছিল মোৰ জীৱনৰ এটা নতুন অধ্যায়ৰ আৰম্ভনি । “নাই, ডা ইউনিভাৰচিটি অফ মিছিছিপি”- মোৰ সংক্ষিপ্ত উত্তৰ !“আহক তেনেহলে মোৰ লগত”- ম‍ই মাত্ৰ পিছ লৈছিলোঁ । Olemiss যে মোৰ ইউনিভাৰচিটিৰ আন এটা নাম পিছলৈ বুজি পালোঁ । গাখীৰৰ দৰে বগা, কান্ধলৈ পৰা মুগা বৰণৰ চুলি,নীলা চকুৰে মৰমলগা এয়া “ৰেবেকা ৰ’জ হাৰ্ডি” । প্ৰফেছৰৰ আজ্ঞা পালন কৰি মোক নিবলৈ আহিছিল ।এঘন্টাৰ ৰাস্তাত ৰসায়ন বিজ্ঞানৰ পৰা আৰম্ভ কৰি বৰাক অ’বামালৈকে লেথাৰি নিচিগা কথা শুণিলো ।প্ৰথমে তাইৰ কথা বুজি পাবলৈ অকণমান অসুবিধা হৈছিল যদিও পিছলৈ অভ্যস্ত হ’লোঁ আৰু তাইৰ লগত ভাল বন্ধুত্বও গঢ়ি উঠিল ।স্নাতক, দ্বিতীয় বৰ্ষৰ ছাত্ৰীজনীয়ে মোৰ গৱেষনাগাৰতে তাইৰ পৰীক্ষাৰ যাবতীয় ব্যবহাৰিক অধ্যয়ন কৰে ।মাজে মাজে তাইৰ আসোঁৱাহসমুহ দূৰ কৰি দিবলগীয়া হয় ।আমেৰিকাত ভৰি দিয়াৰ দুদিন পিছতেই ৰেবেকাৰ মাকক লগ পোৱাৰ সৌভাগ্য হ’ল । মানুহজনীয়ে বৰ মৰম কৰিছিল, বোধহয় মোৰ ঘৰৰ পৰা আঁতৰি থকাৰ বেদনা অনুভব কৰিব পাৰিছিল । তেওঁলোকৰ ঘৰৰ দুৰত্ব ইউনিভাৰচিটিৰ পৰা ৩০-৪০ কিলোমিটাৰ মান হব । মাজে মাজে তেওঁ ঘৰতে হোৱা বেঙেনা,বিলাহী, ভেন্দি আদি পঠিয়ায় । এদিন তেওঁলোকৰ ঘৰলৈ ভাত খাবলৈ মাতিছিল ।আইতাক. মাক আৰু ৰেবেকা থকা সৰু ঘৰটো সোমাই নিজৰ ঘৰ পোৱা যেন লাগিছিল । ৭৫ বছৰীয়া আইতাৰ পৰা পোৱা মৰমে আজিও মোক বৰ আবেগিক কৰি তোলে । তেওঁলোকলৈ এতিয়াও মাজে মাজে ফোন কৰোঁ ।তেওঁলোকে মোক হিয়া উজাৰি আশীৰ্বাদ দি্য়ে ।সাত সাগৰ তেৰ নদীৰ সিপাৰে পোৱা তেনেকুৱা মৰম কেতিয়াও পাহৰিব নোৱাৰিম । ঠিক তেনেকৈ ম‍ই থকা ঘৰখনৰ পৰাও মৰম পাইছিলোঁ । ম‍ই দিয়া ফুলাম গামোছাই এতিয়াও দুয়োখন ঘৰ শুৱনি কৰি আছে ।
**************************************************************************************
(৯)
আমেৰিকাত মোৰ খুলশালীৰ খুলশালী থাকে – পাৰিলে লগ কৰিবা”, মোৰ লগৰ কনক শৰ্মা আমেৰিকাত থাকে, লগ পালে মোৰ কথা ক’বা”, “মোৰ মামা পৰিয়ালৰ সৈতে আমেৰিকাত থাকে,তোমাক লগ পালে ভাল পাব” ইত্যাদি ইত্যাদি । কোনোৱে সঠিককৈ কব নোৱাৰে আচলতে আমেৰিকাৰ ক’ত থাকে, মাত্ৰ তেওঁলোকৰ কোনোবা চিনাকি আমেৰিকাত আছে বুলি কৈ গৰ্ব অনুভব কৰে, হয়তো তেওঁলোকক দেখাই নাই । নিউয়ৰ্কৰ পৰা কেলিফৰ্ণিয়া, টেক্সাচৰ পৰা মিনাপলিচলৈ কিমান দূৰ হ’ব পাৰে কাৰোৱেই ধাৰণা নাই । মাকে আমেৰিকাৰ মন্দিৰত থকা পুতেকলৈ মোৰ হাতত দিয়া গামোছা তাত গৈ ম‍ই ডাকযোগেৰে পঠিয়াইছিলোঁ ।
২০০৭ চনৰ জুলাই মাহত সৌভাগ্যক্ৰমে ম‍ই মোৰ গৱেষণা পত্ৰৰ ওপৰত বক্তৃতা দিবলৈ কেলিফৰ্ণিয়ালৈ গৈছিলোঁ, মাত্ৰ দহ দিনৰ বাবে । তাতেও এজন বেঙ্গলী আৰু এজন তেলেগু ল’ৰাৰ লগত দুদিন আছিলোঁ । দুয়ো ইঞ্জিনিয়াৰ (!) ( চিভিল আৰু মেকানিকেলত IIT ৰ পৰা ডিগ্ৰী লৈ চফটোৱৰ কোম্পানীত চাকৰি কৰি আছে!) তেওঁলোকৰ খোৱা-বোৱাৰ নিদিষ্ট সময় নাছিল, এজনেতো দিনে ৰাতিয়ে মদৰ (বিয়েৰ) বটল লৈয়ে থাকিছিল । ম‍ই আমেৰিকালৈ যোৱা খবৰটো গাঁওত বনজুইৰ দৰে বিয়পি গৈছিল । তাৰ আগলৈকে মোক ওচৰ চুবুৰীয়ায়ো ভালদৰে চিনি পোৱা নাছিল । আনকি স্কুলৰ শিক্ষকেও ম‍ইয়ো সেইখন স্কুলৰ ছাত্ৰ আছিলোঁ বুলি গমেই পোৱা নাছিল । হয়তো মনত পেলাবলৈ বহুত কষ্ট কৰিব লগা হৈছিল ।
দহদিন পিছত ঘূৰি আহোতে মোক চাবলৈ বহু মানুহ আহিছিল । আমেৰিকালৈ গ’লে মানুহ কেনেকুৱা হয়? হয়তো মোৰ একো পৰিবৰ্তন নেদেখি বিমুখ হৈছিল, তথাপিও কথাবোৰ মনযোগেৰে শুনিছিল ।বৰদেউতাহঁতৰ ঘৰলৈ অহা এজন মানুহ মোৰ কথা শুনি আমাৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিছিল ।আমেৰিকাৰ পৰা চকলেট আৰু শুকান ফলৰ মিশ্ৰণ আনিছিলোঁ । তাকে মানুহক অলপ অলপ দিয়া হৈছিল । সেই মানুহজনে শুকান আঙুৰকেইটা মন্দিৰৰ প্ৰসাদৰ দৰে লোৱা দেখি আচৰিত হৈছিলোঁ ।শিক্ষকতা কৰা মানুহজনে কেইটামান নিজৰ ল’ৰালৈ বান্ধি লৈছিল । হয়তো সেইখিনিয়ে পুতেকক আমেৰিকামুখী কৰাৰ বাবে অনুপ্ৰেণিত কৰাৰ মানসেৰে লৈ গৈছিল । পিছলৈ ম‍ই বাটেৰে গলে পথাৰত হাল বাই থকা ককাইটিয়ে –“বাপা, আমেৰিকালৈ আকৌ কেতিয়া যাবি” বুলি সোধা হৈছিল ।
************************************************************
(১০)
মোৰ লগত আমাৰ আলহি, মোৰ বন্ধু-বান্ধৱী, আনকি চিনাকী মানুহৰো প্ৰায় এশৰ ওচৰা-ওচৰি ফোন নম্বৰ লৈ গৈছিলোঁ । যাবলৈ ওলোৱাৰ সময়ত পোৱা সকলোৰে সঁহাৰি, আশ্বাস, মৰম, আশীৰ্বাদে মোক অভিভূত কৰিছিল । সময় উল