আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি(পঞ্চম খণ্ড) – পৰী পাৰবিন

দাসী সুহাগীয়ে পুষ্পকাননত সোমাই ভিন্নৰঙী ফুল বুটলিছে৷ নিমপাত আৰু জবাপাতৰ কুমলীয়া আগবোৰ পটাত পিহি ভাগে ভাগে ৰাখিছে তাই৷ গৰম পানীত মৌ আৰু নেমুৰ ৰস মিহলাই মোক খাবলৈ দিছে প্ৰজ্ঞাই৷

এই সকলো আয়োজন মোৰ সৌন্দৰ্যৰক্ষাৰ বাবেই৷ মোৰ ঢৌ খেলোৱা চুলিখিনিৰ সতেজতাৰ বাবে জবাপাতৰ প্ৰলেপ লগাই ত্বকৰ পৰিচৰ্যাৰ বাবে নিমপাতৰ ৰসমিহলি চৌবাচ্চাৰ শীতল পানীত ডুবি থাকোঁ বহুপৰ৷ উজ্জ্বলতাৰ বাবে মুখত গাখীৰ আৰু ভিন্নৰঙী ফুলৰ লেপন৷

অতখিনি চেষ্টাই কিন্তু মোৰ মুখৰ পৰা অস্থিৰ চিত্ৰখন আঁতৰাই দিব পৰা নাই৷ শ্ৰমণ অহাৰে পৰা কেইবাটাও ৰাতি মই উজাগৰে কটাইছোঁ৷ হাঁহাকাৰৰ বুকুখন মুখত ফুটি উঠিছে৷ চকুৰ তলত ক’লা দাগ পৰি মোৰ অস্থিৰতাৰ কথা চৌপাশে জনাই দিছে৷ আৰু মই যেন আন্ধাৰ গুহা এটাত দিশ হেৰাই আৰ্তনাদ কৰি আছোঁ, সহায়ৰ হাত
আগবঢ়াবলৈ কোনো নাই, মোৰ কাষত কোনো নাই৷

এৰা৷ নিজৰ বুলিবলৈ কোনো নাথাকিল৷ নিজৰ মাতৃৰ পৰিচয় নাথাকিল, পিতৃ-স্বামী, কোনোৱেই নাথাকিল নিজৰ বুলিবলৈ৷ এই এটা সন্তান, সেই সন্তানৰ পদে পদে মৃত্যুভয়৷

কিয়? কিহৰ বাবে এই চাৰিবছৰীয়া ল’ৰাটোৰ মৃত্যুভয়?

নাই, নাই, এতিয়ালৈ সেই কথা কাকোৱেই কোৱা হোৱা নাই৷ সেই কথালৈ বহুবেলি বাট৷ তাৰ আগততো বহুত প্ৰসংগই আছে ক’বলৈ৷ মোৰ শৈশৱৰ প্ৰসংগ আছে, মোৰ বিয়া, মোৰ বৈধব্য আৰু এই পংকিল ৰাস্তা- প্ৰতিটো ঘটনাই ইটোৰ পাছত সিটো এনেকৈ গাঁঠি থোৱা যে, এটাক এৰি আনটো প্ৰকাশ কৰা নাযায় কোনোপধ্যেই৷

সেই যে পিতায়ে মোক আমবাগিচাৰ পৰা তুলি ঘৰলৈ লৈ আহিল, তাৰ পিছতেই মোৰ জীৱনচক্ৰ আৰম্ভ হ’ল৷ মোক কোলাত তুলি লৈ আই ভানুমতীৰ বুকু মাতৃত্বৰ মমতাৰে উথলি উঠিল৷ কিন্তু অহৰহ তেওঁ সেই দু্ৰ্ভগীয়া মাতৃৰ কথা ভাবি থাকিল, নৱজাতকটিক হেৰুৱাই যাৰ কোলা শূন্য হৈ পৰিছে৷ কোনে কি পাকচক্ৰত পৰি
কেঁচুৱাটিক তেনেকৈ এৰি গ’ল সেই কথা নাজানে, অথচ তেওঁ সেই অজানা মাতৃৰ বিনা অনুমতিত কেঁচুৱাটোক ৰাখিবও নোৱাৰে৷ উচপিচ কৰি ৰাতিটো কটাই পিতা সাম্যদত্তক পঠিয়াই দিলে কাউৰীয়ে কা নকৰোঁতেই৷

আমবাগানৰ ওচৰৰ গাঁওবোৰত খবৰ কৰিও কিন্তু পিতা সাম্যদত্তই একো খবৰ উলিয়াব নোৱাৰিলে৷ বৰঞ্চ দুটামান ভুনভুননিহে শুনিলে,

“এয়া চহৰৰ নিষিদ্ধ অঞ্চলৰ কোনো বাৰবনিতাৰ পাপ৷ ”
“নহয় নহয়, এয়া ৰাজপৰিয়ালৰ অবৈধ সন্তান৷ “

কেঁচুৱাটোৰ ডিঙিত পিন্ধাই থোৱা স্বৰ্ণ-অলংকাৰডাললৈ মন কৰি এয়া যে কোনো
অভিজাত লোকৰ সন্তান সেয়া অৱশ্যে সন্দেহৰ বাহিৰত নাথাকিল৷ কিন্তু পৰিচয় নোলাল সেই সন্তানৰ৷ আন্দোলিত মনেৰে সাম্যদত্ত ঘৰলৈ উভতিল৷

হঠাতে যেন নতুন এক দায়িত্ব আহি পৰিল সাম্যদত্তৰ জীৱনলৈ৷ পৰীৰ দৰে দেৱকন্যা এটিৰ হাঁহি-কান্দোনে মুখৰিত কৰি ৰাখিলে সাম্যদত্তৰ কুটিৰ৷ থৰকাছুটি হেৰাইছে ভানুমতীৰ৷ কোলাতেই থ’বনে বোকোচাতেই ল’ব এই গোলাপকলিটি৷ চাকিৰ কাজলেৰে দেৱকন্যাৰ চকু আঁকে, চেলাউৰিত শিলিখাৰ ৰং ঘঁহে, ভৰিত নূপুৰ পিন্ধায়৷ দেৱকন্যা আলাসত ডাঙৰ হয়, মুখেৰে কলকলাই কলকলাই হাত ভৰি আচাৰে, হাতৰ কংকন বাজে, ভৰিৰ নেপূৰ জুনুককৈ নাচে, তাকে
শুনি আই ভানুমতীৰ বুকুখনি শাঁত পৰি যায়৷

সাম্যদত্তৰো একেই অৱস্থা৷ খেতিখোলাত মন নবহে তেওঁৰ৷ অকণমানি চেহেৰাটোৱে অহৰহ ঘৰলৈ টানি থাকে তেওঁক৷ খেতি সামৰি নঙলামুখৰ পৰা কেঁচুৱাটোক চিঞৰে৷
তেতিয়াহে মনত পৰে, কেঁচুৱাটোৰ দেখোন নামকৰণ কৰা হোৱাই নাই৷

কথাৰ কথাই নহয়, দুয়ো এইবাৰ পণ্ডিতৰ ওচৰ পালেগৈ৷ আদ্যোপান্ত বিৱৰিলে পণ্ডিতক, শেষত ক’লে,

“পণ্ডিতপ্ৰবৰ, কেঁচুৱাটো জন্ম কেতিয়া হৈছিল, পিতৃ-মাতৃ কোন একোৱেই নাজানো৷ এতিয়া আপুনিয়েই কওক আমি কি কৰা উচিত৷ ”

পণ্ডিতপ্ৰবৰ যেন গভীৰ চিন্তাত নিমগ্ন হ’ল৷ পাপ-পুণ্যৰ বিচাৰত তেওঁৰ জীৱন শেষ হওঁ হওঁ৷ কিন্তু এই শিশুটি যে ইমান নিষ্পাপ৷ কিছুপৰ চকুমুদি তেওঁ কিবা ভাবিলে আৰু ক’লে, “পিতৃ-মাতৃৰ সন্ধান নোপোৱালৈকে কেঁচুৱাটো আপোনালোকেই ৰাখক৷ আপোনালোকৰ সন্তান হিচাপেই তাই পৰিচিত হওক৷ কিন্তু ওঁঠৰ বছৰ বয়সত প্ৰাপ্তবয়স্কা হোৱাৰ সময়ত এই সত্য তাইৰ আগত প্ৰকাশ কৰিব লাগিব৷ ”

কেঁচুৱাটো কোলালৈ টানি আনি কপালখনলৈ চাই থাকিল পণ্ডিতে, “আৰু তাইৰ যিহেতু জন্মকুণ্ডলী পোৱা নগ’ল আৰু আপোনালোকে আম গছৰ তলত তাইক উদ্ধাৰ কৰিলে, গতিকে তাইৰ নামটো আম্ৰপালী ৰখা হওক৷ আম্ৰপালী এদিন অনন্যা নাৰী হ’বগৈ৷ প্ৰকৃতিয়ে আপোনাৰ হাতত এই শিশুৰ দায়িত্ব দিছে৷ আপোনালোক দুয়ো আনন্দেৰে সেই দায়িত্ব পালন কৰক৷ ”

পণ্ডিতে মোৰ শিৰত হাত বোলাই আশীৰ্বাদ দিছিল৷ সেই মহান ব্যক্তিৰ হাতৰ পৰশ পাইছিলোঁ মই, জন্মদাত্ৰী আইয়ে দলিয়াই দিয়াৰ পাছতো মোক আঁকোৱালি ল’লে অলেখজনে৷ আঁকোৱালি ল’লে সেই দীৰ্ঘদেহী শৰীৰৰ সাম্যদত্ত নামৰ দেৱপুৰুষজনে৷ এই দেৱপুৰুষজনে মোক আঙুলিত ধৰি খোজকাঢ়িবলৈ শিকালে, মাটিত পৰুৱা দেখিলে কান্ধত তুলি ল’লে৷ আই ভানুমতীয়ে মোক অকলে এৰি পানীঘাটলৈকো নোযোৱা হ’ল, ঘৰৰ সমস্ত কাম পেলাই কেৱল মোকেই উমলাই থাকিল৷ আৰু মই? মই হৈ পৰিলো সকলোৰে চকুৰ মণি, আলাসৰ ৰাণী, যাৰ নাম আম্ৰপালী৷

শৈশৱ বৰ মধুৰ আছিল মোৰ৷ মোৰ আধাফুটা কথাবোৰত হেনো মৌ বৰষিছিল, খোজ-কাটলত
আছিল আন শিশুৰ মাজত দেখা নোপোৱা লয়লাস ভংগীমা৷ মুঠৰ ওপৰত আন শিশুতকৈ
ব্যতিক্ৰম আছিলো বুলি দহোজনে স্বীকাৰ কৰিছিল৷ এইবোৰ কথাই মোক বেচ আত্মবিশ্বাসী কৰি তুলিছিল৷

খেতিয়ক হ’লেও পিতা সাম্যদত্তৰ বিচাৰ-বুদ্ধি আছিল বেচ উন্নত৷ মোৰ গতিবিধি নিৰীক্ষণ কৰি পিতায়ে মোক বৈশালীৰ আন ছোৱালীৰ দৰে সাধাৰণভাৱে ডাঙৰ হোৱাত ইচ্ছাপ্ৰকাশ নকৰিলে আৰু এদিন মোৰ শিক্ষাৰ বাবে ওচৰৰ টোল দুখনৰ আচাৰ্যৰ লগত কথা পাতিলে৷ তাৰে এখন টোল আছিল ব্ৰাহ্মণ সম্প্ৰদায়ৰ ছাত্ৰসকলৰ বাবে
আৰু আনখন আছিল বৈশ্যসকলৰ বাবে৷ দুয়োখনতেই পিতাই নিৰাশ হ’ল৷

এইবাৰ পিতাই নগৰৰ টোলখনৰ আচাৰ্যৰ ওচৰ পালেগৈ, য’ত কেৱল ক্ষত্ৰিয় কিশোৰসকলকহে শিক্ষাদান কৰা হৈছিল৷ পিতাইৰ এই যাত্ৰা মোৰ বাবে আছিল অন্য এক মনোৰম যাত্ৰা৷

সিদিনা আয়ে মোক নতুন বস্ত্ৰৰে সজাই দিলে, কপালত চন্দনৰ ফোঁট লগালে, চুলিকোঁচা মাজতে সেওতা ফালি দুফালে বান্ধি দিলে৷ পিতাইয়ে মোক হাতত ধৰি নগৰলৈ বাট বুলিলে৷ লক্ষ্য আছিল নগৰৰ বিখ্যাত ৰাজকুল টোল৷ সেইখন টোলত
বৈশালীৰ ভিন্ন প্ৰান্তৰৰ পৰা ছাত্ৰসকল আহে জ্ঞান ল’বলৈ৷ নিৰক্ষৰ পিতায়ে মোৰ দৰে অজ্ঞাত কুলশীল ছোৱালী এজনীক লৈ যি আত্মগৌৰৱেৰে খোজ দিছিল সিয়েই মোৰ আত্মবিশ্বাস আৰু সৌভাগ্যত দুগুণে ৰং চৰাইছিল৷ পৰম সৌভাগ্যৱান যেন অনুভৱ হৈছিল মোৰ৷

দীঘলীয়া বাট কুৰি বাই নগৰৰ মাজমজিয়াৰ টোলত উপস্থিত হৈ দেখিলো ছাত্ৰসকলৰ
সৈতে পাঠদান কাৰ্যত ব্যস্ত আছিল আচাৰ্য৷ পিতা সাম্যদত্তই বাহিৰৰ আসনখনতে বহি থাকিল৷ মূৰত হাজাৰটা চিন্তা তেওঁৰ৷ প্ৰথমটো হ’ল যে, এইখন টোলত আন কোনো স্ত্ৰীক অধ্যয়নৰত হোৱা দেখা নাই৷ দ্বিতীয়টো হ’ল যে, এইখন টোলত কেৱল
সম্ভ্ৰান্ত শ্ৰেণীৰ কিশোৰসকলেহে অধ্যয়ন কৰে৷ তেনেস্থলত এজন সাধাৰণ কৃষকৰ সন্তানক……..

মনত এনেধৰণৰ এবোজা চিন্তা লৈ ক্লান্তি আৰু হতাশাত টোলৰ বাহিৰৰ বটবৃক্ষৰ গাতে আঁউজি চকু দুটা মুদি দিলে পিতায়ে৷ পিতাইৰ শান্ত মুখখনলৈ মই চাই ৰ’লো একেথৰে৷ পিতাইৰ মাজত দেখা পোৱা সেই মুখখন যে মই আন কোনো পুৰুষৰ মাজতে দেখা নাই আজিলৈ!

পিতাইৰ পৰা কিছু আঁতৰি আহি টোল-প্ৰাংগনৰ ফুলবোৰ চাই চাই আগবাঢ়ি গলো৷ আৰু তেনে সময়তে ঘটিছিল ঘটনাটো৷

হঠাতে ছাগলী এজনী সোমাই আহিল খোলা নঙলাৰে৷ ছাগলীজনীক দেখিয়েই টোলৰ ল’ৰা
কেইজনমানে লাঠি লৈ ছাগলীজনীক খেদি খেদি মাৰিবলৈ ধৰিলে৷ মোৰ সহ্য নহ’ল৷ মই একেকোবে গৈ সিহঁতৰ হাতৰ পৰা লাঠিবোৰ কাঢ়ি লৈ ছাগলীজনী বাহিৰলৈ উলিয়াই দিলো৷ তাকে দেখি সিহঁতৰ খং উঠিল আৰু মোক আক্ৰমণ কৰিবলৈ ধৰিলে৷ ময়ো পিছহুঁহকি নাহিলো৷ ওলোটাকৈ সিহঁতক আক্ৰমণ কৰিলো৷ সিহঁতে মোক মাটিত বগৰাই দিয়ে, মই সিহঁতৰ গাত উঠি চুলি জোকাৰি দিওঁ৷ এনেকুৱা কৰোঁতে মোৰ চুলিৰ বেণী খুলি গ’ল, গাৰ বস্ত্ৰ ক্লেদাক্ত হৈ গ’ল৷ হুলস্থূল শুনি আচাৰ্য ওলাই আহিল কক্ষৰ পৰা৷

পিতায়ে মোক দেখি তবধ মানিলে, মইতো কেতিয়াও কাৰো লগতে কাজিয়া কৰা নাছিলো,
তেন্তে আজি কি হ’ল? আচাৰ্যৰ সন্মুখত মোক তেনে অৱস্থাত দেখি লাজ আৰু শংকাত পিতাইৰ মুখখন কেঁহৰাজবৰণীয়া হৈ পৰিছে, ৰঙা চকু দেখুৱাই মোক প্ৰশ্ন কৰিছে,

“কিয় দণ্ড দিছা তেওঁলোকক? ”
“পিতাই, সেই ল’ৰাকেইজনে এই নিৰীহ ছাগলীজনীক অকাৰণতে পিতিছিল”, মই সেই
ছাগলীজনীলৈ আঙুলিয়াই দিলো৷ তাই এতিয়া আপোনমনে ঘাঁহ খোৱাত ব্যস্ত৷

আচাৰ্য আগবাঢ়ি আহিছে, “এই ছোৱালীজনী কাৰ হয়? ”, মোক ইংগিত কৰি পিতাইক সুধিছে তেওঁ৷

পিতাই সাম্যদত্তৰ কণ্ঠ শুকাই গৈছে, সেপ ঢুকি কোনোমতে কৈছে, “প্ৰণাম আচাৰ্য৷ মোক ক্ষমা কৰিব, তাই আগতে তেনে কাম কেতিয়াও কৰা নাছিল৷ মই সাম্যদত্ত৷ তাই মোৰ জীয়ৰী আম্ৰপালী৷ মই তাইৰ শিক্ষাৰ কথা সুধিবলৈকে আপোনাৰ ওচৰলৈ আহিছিলোঁ৷ “

আচাৰ্যই পিতাইক নিজৰ কক্ষলৈ লৈ গ’ল, “সাম্যদত্ত আপোনাৰ ছোৱালীজনী সাধাৰণ
ছোৱালী নহয়৷ তেওঁ এই বয়সতে ছাগলী এজনীৰ কাৰণে নিজতকৈ ডাঙৰ তিনিজন ল’ৰাৰ
লগত যুঁজ কৰিবলৈ সাহস কৰিছে, আমি এই সাহসক উৎসাহ দিয়া উচিত৷ ”

এইবুলি কৈ আচাৰ্যই কিছুপৰ নীৰৱ হৈ থাকিল৷ তাৰ পাছত খুব গহীনভাৱে উত্তৰ দিলে, “কিন্তু আমাৰ ৰাজকুল টোলত যে ছোৱালীৰ শিক্ষাৰ ব্যৱস্থা নাই৷ নগৰৰ শিক্ষিত সমাজে এই কথাটো কিদৰে ল’ব মই নাজানো৷ কিন্তু মহোদয়, আপোনাক নিৰাশ নকৰোঁ মই৷ মই আপোনাৰ ঘৰলৈ গৈ হ’লেও ছোৱালীজনীক শিক্ষাদান কৰিম৷ “

সাম্যদত্ত আচৰিত নহৈ নোৱাৰিলে৷ যদিও তেওঁৰ মূৰৰ পৰা চিন্তাৰ বোজাটো খহি পৰিল, কিন্তু ভাবি নেপালে, আচাৰ্যই এনে কি দেখা পালে সেই ছোৱালীজনীৰ মাজত যে অতিৰিক্ত সময় খৰচ কৰি তাইক শিক্ষাদান কৰিব৷

সেই আচাৰ্য মোৰ জীৱনৰ বাটকটীয়া হৈ ৰ’ল৷ এযোৰ কৌতূহলী চকু, ভাবোদ্দীপক উপলদ্ধি আৰু জিজ্ঞাসাৰে মই তেতিয়াই আচাৰ্যৰ অন্তৰ স্পৰ্শ কৰিছিলো৷

আচাৰ্যই তেওঁৰ কথা ৰাখিছিল৷ গুৰু যে পৰমব্ৰহ্মসদৃশ, সেই কথা মই উপলদ্ধি
কৰিছিলো৷ সপ্তাহত তিনিদিনকৈ তেওঁ মোক পাঠদান কৰিবলৈ আৰম্ভ কৰিলে৷

জীৱনৰ বাটত বহুকেইজন প্ৰভাৱশালী লোকৰ সান্নিধ্যলৈ আহিছিলো৷ ৰাজকুল টোলৰ আচাৰ্যও আছিল তেনে এজন প্ৰভাৱশালী ব্যক্তি৷ আৰ্যৱৰ্তৰ এজন লেখত ল’ব লগা আচাৰ্য আছিল তেওঁ৷ দূৰ-দূৰণিৰ ৰজা-মহাৰজাৰ সন্তানো আহে তেওঁৰ ওচৰত দীক্ষা ল’বলৈ৷ আৰু তেনে এজন ব্যক্তি নিজেই আহে এজন সামান্য কৃষকৰ ঘৰলৈ,
কেৱল মোক পাঠদান কৰিবলৈ৷

এই কথাটোৱে সেই কম বয়সতে মোৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল৷ আচাৰ্যই শিকোৱা পাঠ মই খুব নিয়াৰিকৈ লৈছিলো৷ আৰু এটা কথা মনলৈ আহিছিল, চুবুৰীয়া গুড্ডি, কিৰণহঁত কেতিয়াও আগবাঢ়ি অহা নাছিল এই শিক্ষা ল’বলৈ৷ ইচ্ছা প্ৰকাশ কৰা নাছিল তেওঁলোকৰ পিতৃ-মাতৃয়েও৷ স্ত্ৰীশিক্ষা যেন এক অপ্ৰয়োজনীয় কামহে
আছিল৷

যিয়েই নহওক, সংস্কৃত ভাষাৰ লিপিসমূহ ভালকৈ আয়ত্ত কৰিব পৰাৰ পিছতেই আচাৰ্যই মোৰ বাবে নতুন নতুন বিষয় লৈ আহিল৷ গণিতত বুৎপত্তি আছিল তেওঁৰ৷ তেখেতৰ শিকন পদ্ধতিত গণিত মোৰ বাবে তেনেই সহজ হৈ পৰিছিল৷

পিছৰটো বৰ্ষলৈ ৰাজবিদ্যা আৰু কূটনীতি শিকোৱাৰ কথা আছিল, তেনে সময়তে দুৰ্যোগ আহিছিল বৈশালীলৈ৷

যুৱৰাজ মনুদেৱৰ পাঁচবছৰীয়া শাসন সম্পূৰ্ণ হৈছিল৷ উলহ-মালহেৰে উদযাপন হৈছিল এই পঞ্চবৰ্ষপূতি৷ স্বৰ্ণ-নগৰী বৈশালীৰ নগৰ-সজ্জা বেচ উন্নত৷ বৈজ্ঞানিক পদ্ধতিত নিৰ্মাণ কৰা সুসজ্জিত নাদ আৰু নলা-নৰ্দমাসমূহেই ইয়াৰ প্ৰমাণ৷ বৈশালীৰ প্ৰজা বৰ পৰিশ্ৰমী৷ মূলতঃ খেতি আৰু বেপাৰ বণিজেই বৈশালীবাসীৰ জীৱন নিৰ্বাহৰ উপায়৷ নিজৰ ঠাইৰ উৎপাদিত সামগ্ৰী জাহাজেৰে
বাহিৰলৈ পঠোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে৷ বাহিৰৰ নেপাল, পাৰ্চী আৰু গ্ৰীচ দেশৰ পৰা বণিজসকল আহে গংগাৰ বুকুৰে৷ ৰাজপৰিয়ালৰ উৎসৱসমূহত ভাগ লয় তেওঁলোকেও৷

নগৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰসমূহ থলুৱাভাৱে নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা আছে৷ গংগাৰ দুয়োপাৰ ওখকৈ বান্ধি বৈশালীক সুৰক্ষিত কৰাৰ চেষ্টা কৰা হৈছে৷ ইমানৰ পাছতো ৰুষ্ট প্ৰকৃতিক তুষ্ট কৰিবলৈ সক্ষম হোৱা নাই বৈশালী৷

বৰ্ষপূতিৰ আনন্দ-উলহৰ মাজতে ধাৰাষাৰ বৃষ্টিপাত আৰম্ভ হৈছিল৷ শ্ৰাৱণৰ কোনো
এক শনিবাৰ আছিল সেয়া৷ সেউজীয়া পথাৰবোৰ পানীৰে ভৰি পৰিছিল৷ দুয়োকূল ওপচাই
ওফন্দি পৰিছিল গংগাদেৱী৷ দহদিনৰ নেৰা-নেপেৰা বৰষুণৰ পাছত গংগা ওফন্দি
পৰিছিল৷ লুম্বিনী পাহাৰৰ পানী বৈ আহিছিল বৈশালীৰ মাজলৈ৷ হুলস্থূল লাগিছিল
প্ৰজাৰ মাজত৷ হুলস্থূল লাগিছিল কৃষকৰ মাজত৷ ভঁৰালৰ শস্য নষ্ট হৈছিল, পথাৰৰ শস্য পানীত জাহ গৈছিল৷ এক ভয়ংকৰ বিপদ আহিছিল বৈশালীলৈ৷ বৈশালীনৃপতি মনুদেৱৰ বাবে এয়া নতুন বিপদ৷ কোনোদিনেই এনে হোৱা নাছিল৷ জৰুৰী বৈঠক আহবান কৰিলে তেওঁ৷ চিন্তিত মুখমণ্ডল, কপালত দুঃশ্চিন্তাৰ ৰেখা, বৈশালীৰ এই
দুৰ্যোগৰ সময়ত সহায় কৰিব নোৱাৰিলে যে তেওঁৰ হাতৰ পৰা ৰাজপাট যাব, সেয়া তেওঁ অনুমান নকৰাকৈ নাথাকিল৷

সিফালে গংগাৰ দাঁতিকাষৰীয়া নামনি অঞ্চলৰ নেতা কল্কি নাথে লিখিতভাৱে জনাইছে যে কোনো কাৰণতেই বৈশালীৰ পানী বহন কৰিবলৈ প্ৰস্তুত নহয় তেওঁ৷ বৈশালীৰ উজনি অঞ্চলৰ পানীবোৰ যাতে কল্কি নাথৰ নেতৃত্বাধীন নামনি অঞ্চলসমূহৰ মাজেৰে গংগালৈ ওভতাই পঠিওৱাৰ দৰে সিদ্ধান্ত লোৱা নহয়৷ অগত্যা মনুদেৱে সমগ্ৰ বৈশালীৰ শাসনভাৰ কল্কি নাথৰ হাতত এৰি সেইখন গাঁৱৰ
নিৰাপত্তা নিশ্চিত কৰিব লাগিব৷

চিঠিখন পঢ়ি বৈঠকখানাৰ এখন হেলনীয়া আসনত মূৰ পেলাই চকু মুদি ৰৈছে তেওঁ৷ যোৱা পাঁচবছৰে নিয়াৰিকৈ ৰাজপাট চলাইছে তেওঁ৷ তক্ষশীলা বিশ্ববিদ্যালয়ৰ স্নাতক মনুদেৱৰ নিজৰ দক্ষতাৰ ওপৰত আস্থা আছে৷ তেওঁৰ ওপৰত আস্থা আছে
লিচ্চবি দলৰ সদস্যসকলৰো৷ একেই আস্থা আছিল উপনৃপতি যুদ্ধবীৰৰ ক্ষেত্ৰতো৷

চাৰিজনীয়া বৈঠকখনৰ সোঁমাজত বহি আছে বৈশালীৰাজ মনুদেৱ৷ মনুদেৱৰ কাষৰ আসনত
উপনৃপতি যুদ্ধবীৰ৷ একাষে সেনাপতি আৰু সন্মুখত অভিজ্ঞ প্ৰধানমন্ত্ৰী তাম্ৰভদ্ৰ৷ পিছলৈ বৈ পৰা শুকুলা চুলি, তীক্ষ্ণ চাৱনিৰে পঞ্চাশোৰ্ধৰ
তাম্ৰভদ্ৰৰ ৰাজকাৰ্যৰ দক্ষতা অতুলনীয়৷ পূৰ্বৰ ৰজাৰ দিনতে কাৰ্যকাল গ্ৰহণ কৰিছিল তেওঁ৷ পূৰ্বতেও বৈশালীৰ বহু সমস্যাৰ সমাধানত তেওঁৰ হাত আছিল৷ যোৱা পাঁচদশকত তেওঁ বৈশালী দেখিছে৷ বৈশালীৰ সুখ-দুখ তেওঁ নিজহাতেৰে বুটলিছে৷ সেই বৈশালী আজি গভীৰ সংকটত৷ বানে ধুই নিছে বৈশালী৷ পশুধনৰ পৰা
কৃষিভূমিলৈকে পানীৰ তলত৷ মুখ খুলিছে তেওঁ,

“পৰিস্থিতি খুব বেয়ালৈ গৈছে৷ হাতত সময় একেবাৰেই নাই, আমি সোনকালেই এটা
সিদ্ধান্ত লোৱা উচিত৷ বৈশালীৰাজে যদি অনুমতি দিয়ে, মই কিছু পৰামৰ্শ দিব পাৰোঁ৷ ”

মনুদেৱে মূৰ দোঁৱাই অনুমতি প্ৰদান কৰিলে৷ তাম্ৰভদ্ৰই কৈ গ’ল, “এইবাৰ বৈশালীলৈ ভালে কেইবছৰৰ পাছত সংহাৰ মূৰ্তি ধাৰণ কৰিছে৷ বিশবছৰমান আগতেও এবাৰ এনে এক প্ৰলয়ংকাৰী বান আহিছিল৷ সেই সময়ৰ প্ৰশাসনে খুব তৎপৰতাৰে বৈশালীগণৰ ওচৰত ঠিয় হৈছিল৷ সেইবাৰ নামনি অঞ্চলৰ গাঁওসমূহ খালি কৰি
গংগামুখী বান্ধবোৰ খুলি দিয়া হৈছিল যাতে বৈশালীৰ পানীবোৰ সুকলমে ওলাই যায়৷ সিমানখিনি কৰাৰ পাছতো বৈশালীৰ এক বিস্তৰ ক্ষতি হৈছিল, ধন-জনৰ হানি হৈছিল, যিবোৰ পূৰাবলৈ ভালে কেইমাহ লাগি গৈছিল৷ বাহিৰৰ দেশসমূহেও সহায়ৰ হাত আগবঢ়াইছিল, আশ্ৰয় দিছিল, খাদ্যযোগান ধৰিছিল৷ “

“কিন্তু মহাৰাজ, এইবাৰৰ বানপানী তাতোকৈও বেছি৷ গংগাৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ আমি যদি কল্কি নাথৰ ভয়ত এই পানীখিনি গংগালৈ উলিয়াই পঠিওৱাৰ ব্যৱস্থা নকৰো, তেতিয়া বৈশালীৰ প্ৰজাগণৰ লগতে জীৱকুলৰো
বিপুল ক্ষতি হ’ব৷ আমাৰ হাতত সময়ো বৰ কম৷ মই শংকিত, সমগ্ৰ বৈশালী ডুব যোৱাৰ আগতেই আমি হয়তো সকলোখিনি পানী উলিয়াই পঠিয়াব নোৱাৰিম৷ “

প্ৰধানমন্ত্ৰী তাম্ৰভদ্ৰই এইখিনি কৈ মনুদেৱৰ মুখলৈ চালে৷

মনুদেৱ চিন্তিত, ভোটৰ অংকই মাজে মাজে তেওঁৰ আসনখনৰ হিচাপটোও খেলিমেলি কৰি দিছে, কপাল কোঁচ খুৱাই কৈ উঠিছে, “কিন্তু কল্কি নাথৰ দাবী মানি নল’লে আমি হয়তো বিপদত পৰিম৷ কল্কি নাথৰ হাতত তিনিহাজাৰৰো অধিক ভোটদাতা আছে৷ যদি পানীখিনি সেইখিনি গাঁৱৰ মাজেৰে বোৱাই দিয়া হয়, তেতিয়া এইসকল লোকে অহা নিৰ্বাচনত আমাৰ বিপৰীতে ভোট দিব৷ এইটোৱে আমাৰ লিচ্ছবি দলক এই ভয়ংকৰ
বিপদলৈ ঠেলি দিব৷ ”

“বুৰঞ্জী সাক্ষী আছে মহাৰাজ, প্ৰজাতকৈ ৰজা ডাঙৰ নহয়, এই নিৰীহ জীৱকূল আৰু
আমাৰ মুখলৈ চাই ৰোৱা বৈশালীৰ জনগণৰ ওপৰত মিছা শাসন চলাই আমি সফল হ’ব
নোৱাৰিম, যদিহে বিপদৰ সময়ত আমি তেওঁলোকৰ কাষত ঠিয় নিদিওঁ৷ আমি এটা
নিৰ্বাচন হাৰি গ’লেও বৈশালীবাসীৰ অন্তৰত থাকিম৷ অদূৰ ভৱিষ্যতত আমাৰ আজিৰ
নিৰূপায়তা প্ৰমাণ হ’ব আৰু সময়ে কল্কি নাথৰ দৰে সুবিধাবাদী নেতাক চিনি নোপোৱাকৈ নাথাকিব৷ জনতাৰ বিশ্বাসটো হৈছে মূল কথা৷ জনতাৰ বিশ্বাস ৰাখিব পাৰিলে আমি পুনৰ শাসনলৈ আহিব পাৰিম৷ গতিকে মোৰ কথাটো হৈছে, যিকোনো উপায়েৰে আমি বৈশালীবাসীক এই বানপানীৰ কবলৰ পৰা উদ্ধাৰ কৰিব লাগে৷ “

তাম্ৰভদ্ৰই একপ্ৰকাৰ হাতযোৰ কৰি মিনতি কৰিলে বৈশালীৰাজক৷

ৰজা মনুদেৱে এইবাৰ উপৰজা যুদ্ধবীৰলৈ মূৰ ঘূৰালে, “যুদ্ধবীৰ, তুমিও আমাৰ ৰাজসভাৰ এজন উল্লেখযোগ্য ব্যক্তি আৰু লিচ্ছবিদলৰ উত্তৰাধিকাৰী৷ তোমাৰ মতামত আমাৰ বাবে দৰকাৰী৷ “

যুদ্ধবীৰে মতামত দাঙি ধৰিলে, “প্ৰধানমন্ত্ৰীয়ে ঠিকেই কৈছে মহাৰাজ, যদি আমাৰ শাসনভাৰ কল্কিৰ হাতত তুলি দিওঁ, বুৰঞ্জীয়ে আমাক হেয় দৃষ্টিৰে চাব৷ লিচ্ছবিদলৰ সদস্যসকলে আমাক কেতিয়াও ক্ষমা নকৰিব৷ গতিকে কল্কিনাথৰ ভাবুকিক গুৰুত্ব নিদি আমি বৈশালীবাসীৰ উদ্ধাৰৰ বাবে চেষ্টা চলাব লাগে৷ বৈশালীৰ জনগণক অনতিপলমে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি তেওঁলোকৰ জীৱন সুনিশ্চিত কৰিব লাগে৷
ভগৱান প্ৰসন্ন হ’লে আমাৰ জনগণ আকৌ আমাৰ মাজলৈ ঘূৰি আহিব৷ ”

যুদ্ধবীৰৰ সিদ্ধান্তক আদৰণি জনোৱা হ’ল৷ বৈশালীৰাজৰ হাততো সেইটোৱেই একমাত্ৰ উপায় আছিল৷ নিজৰ সমৰ্থনখিনি হাতৰ পৰা আঁতৰাই পঠিয়াবলৈ তেওঁ টান পাইছিল৷ যদিও তেওঁ জানে, মানবীয়তাৰ লগত ৰাজনীতিৰ তুলনা তুচ্ছ, তথাপি
যিকোনো ৰাজ্যপ্ৰধানৰ বাবেই এয়া হয়তো চিন্তনীয় কথা৷

তৎকালীনভাৱে সকলোবোৰ সাজু কৰিবলৈ নিৰ্দেশ দি মনুদেৱ শয়নকক্ষত সোমাল৷ বৈশালী ৰাজ্যৰ ভৱিষ্যত, প্ৰজাৰ নিৰাপত্তা আৰু নিজৰ সিংহাসনৰ স্থায়িত্ব- এই সকলোবোৰ চিন্তাই তেওঁৰ মূৰত কুণ্ডলী এটাৰ দৰে পাকঘূৰণি খাই থাকিল৷
সুখাসনযুক্ত পালংকত চিন্তাক্লিষ্ট মন আৰু ক্লান্ত দেহা এৰি চকু মুদি দিলে ৰজা মনুদেৱে৷

(আগলৈ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক