আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি (ষষ্ঠ খণ্ড) – পৰী পাৰবিন

যি বৰষুণক লৈ কবিসভাত ৰমন্যাসিক কবিতাৰ সৃষ্টি হৈছিল, যি বৰষুণত সৃষ্টিৰ বীজ ৰোপন কৰিছিল, সেই বৰষুণ এতিয়া বৈশালীবাসীৰ বাবে অভিশাপহে হৈ পৰিছে।উপপথ, নলা-নৰ্দমা সকলো জলভৰ্তি হৈ পৰিছে। ঘৰ ডুবিছে। পথাৰ পানীৰতলত। আমবাগানলৈ চাই চাই চিন্তিত হৈ পৰিছে সাম্যদত্ত। চিন্তিত হৈ পৰিছে কণমানি আম্ৰপালীৰ লগতে সহধৰ্মিনী ভানুমতীৰ হেতু।ওখকৈ বন্ধা ভঁৰালঘৰো পানীত ডুবো ডুবো। ভঁৰালঘৰৰ চাঙত বহি তেওঁ ক্ৰুদ্ধ আকাশখনলৈ চাই চাই স্তুতি কৰিছিল,“হে বলীয়া বান, ক্ষান্ত হোৱা, হে সূৰুয দেৱতা, চকু মেলি লোৱা।”ঠিক তেনে সময়তেই ৰাজপথত ৰজাৰ আদেশ অনুযায়ী ঢোল বজাই বজাই ঘোষণা কৰা শুনা গ’ল,“শুনক শুনক বৈশালীগণ, এটা জৰুৰী ঘোষণা আছে।“সাম্যদত্ত উধাতু খাই মূৰত জাপিটো লৈ ৰাজআলি পালেহি। ঘোঁৰাবাগীখনত উঠি অহা ৰাজঘোষকে ঢোল বজাই বজাই ৰাইজক কৈ গ’ল,“বৈশালীৰাজৰ জৰুৰী নিৰ্দেশমৰ্মে বৈশালীবাসীয়ে অনতিপলমে এই স্থান পৰিত্যাগ কৰিব লাগিব। গংগা নৈখন বিপদসীমাৰ ওপৰেৰে বৈ আছে। পানীয়ে বৈশালী গ্ৰাস কৰাৰ আগতেই এই স্থান ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে। তৃতীয় প্ৰহৰৰ পূৰ্বে সকলো গাঁওবাসীকে প্ৰবেশপথত সাজু হৈ থাকিবলৈ কোৱা হ’ল। বাকীখিনি ব্যৱস্থা ৰজাঘৰৰ পৰা কৰা হ’ব”।ঘোষণাটো মহামাৰীৰ দৰে ক্ষন্তেকতে বিয়পি পৰিল। টোপোলাত কি কি বান্ধিব, কি কি সামৰি থৈ যাব, পশুধনখিনি কি কৰিব ইত্যাদি অলেখ প্ৰশ্নই প্ৰত্যেকৰ মনত দোলা দি গ’ল। বৰ কঠিন প্ৰশ্ন এইবোৰ। অন্তত সাম্যদত্তহঁতৰ দৰে মাটিতেই জীৱন থকা মানুহৰ বাবে এয়া বৰ কঠিন প্ৰশ্ন।কোনোবাই কান্দিলে ঘৰখনৰ বাবে, কোনোবাই আকৌ গাইজনীৰ বাবে, কোনোবাই আকৌ পথাৰখনৰ বাবে। আই ভানুমতীয়ে গহীনভাৱে কাপোৰৰ টোপোলাটো সাজু কৰিলে। পাঁচবছৰীয়া ছোৱালীজনীৰ খোৱাবস্তুৰ পৰা খেলনা পুতলাটোলৈকে সকলো বস্তু বান্ধিলে টোপোলাটোত। আগেয়ে নেদেখা পানীৰ ঢলটোৱে দুয়োকে বিতত কৰিলেও ছোৱালীজনীৰ মুখখনলৈ চাই তেওঁলোক জী উঠিল। বৰষুণৰ মাজতেই তেওঁলোক তিনিও নগৰৰ মূখ্য দ্বাৰত উঠিলগৈ। মূখ্য প্ৰবেশদ্বাৰত আগৰে পৰাই উপস্থিত আছিল সহস্ৰাধিক মানুহ। তিতি বুৰি জুৰুলি জুপুৰি হোৱা এখিনি মানুহ। আপোন ঘৰ এৰি প্ৰাণৰ খাতিৰত শৰণাৰ্থী শিবিৰত আশ্ৰয় ল’বলৈ ওলোৱা এখিনি মানুহ। নৈপৰীয়া বতাহত দেহা চেঁচা পৰা কেঁচুৱাৰ কান্দোনেৰে, বধূগণৰ হুমুনিয়াহেৰে তথা পুৰুষৰ উদাস মলিন চেহেৰাৰে পৰিবেষ্টিত হৈ থাকিল নগৰৰ মূল প্ৰবেশপথ। প্ৰশাসনৰ ফালৰ পৰা তাত নাও, নাৱৰীয়াকে ধৰি বলসেনাবাহিনীও সাজু হৈ আছিল। সাজু হৈ আছিল প্ৰয়োজনীয় কিছু সামগ্ৰী। তেওঁলোকক বিভিন্ন স্থানলৈ লৈ যোৱাৰ বাবে অসংখ্য নাওৰ ব্যৱস্থা কৰা হৈছিল। উপৰজা যুদ্ধবীৰে নিজে উপস্থিত থাকি সমস্ত কাৰ্যসূচী নিৰীক্ষণ কৰি আছে। উদ্ধাৰ অভিযানত ভেষজ ঔষধৰে পৰা প্ৰয়োজনীয় সকলো সামগ্ৰী শাসকমণ্ডলীয়ে মজুত ৰাখিছে। তথাপি যেন মানুহবোৰে স্বস্তিৰ নিশ্বাস এৰিব পৰা নাই। অনিশ্চিত জীৱন এটালৈ আগবাঢ়ি আছে বৈশালীগণ।আয়ে মোক কোলাত লৈ জোৰেৰে সাৱটি আছে। মূৰটো আইৰ কান্ধত পেলাই মই টোপনি যাবলৈ চেষ্টা কৰিছোঁ। আইৰ কোলাৰ উমে মোক কিছু আৰাম দিছে। পিতায়ে আমাক লৈ এখন নাৱত উঠিলগৈ। নাওখনে গংগানৈৰ বিপৰীত দিশে গতি কৰিবলৈ আৰম্ভ কৰিলে। গোটেই ৰাতিটো আমি যাত্ৰা কৰি থাকিলোঁ। ৰাতি পুৱাবৰ পৰত নাওখন নৈৰ পাৰত লাগিলগৈ। তাত সাজু হৈ থকা ঘোঁৰাবাগীয়ে আমাক পাহাৰীয়া ঠাই এখনলৈ লৈ গ’ল।সেনাবাহিনী মোতায়েন কৰা হৈছিল তাতো। কাঠৰ কুণ্ডা, খাদ্যবস্তু আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ সকলোৰে নামত আবণ্টিত আছিল।পিতা সাম্যদত্তকো একঠা ভূমি প্ৰদান কৰা হ’ল। লগতে দিয়া হ’ল পৰিয়াল চলোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। বলসেনাবাহিনীৰ সহায়ত সাম্যদত্তকে ধৰি সকলোৱে নিজৰ নিজৰ সুবিধা অনুসৰি অস্থায়ী ঘৰ সাজি উলিয়ালে। বাঁহৰ বেৰ, বাঁহৰ তৰ্জাৰে সাজি উলিওৱা দুকোঠলীয়া পঁজা। পোহৰ সোমাবলৈ সৰুকৈ খিৰিকী এখনৰো ব্যৱস্থা কৰা হ’ল। ভানুমতীয়ে খোৱাৰ যোগাৰত লাগিল। উন্নত গাঁওৰ পৰা আহি হাবিয়নী ঠাই এডোখৰত জীৱন নিৰ্বাহ কৰিবলগা হোৱাত যথেষ্ট কষ্ট অনুভৱ কৰিলে। কিন্তু জীৱনৰ বৈচিত্ৰ্য এইখিনিতেই। দুখৰ কজলা ডাৱৰতো পোহৰৰ চিকমিকনি লুকাই থাকে।প্ৰথমাৱস্থাত এই জংঘলৰ মাজত মোৰ বাবেও খেলা ধূলা কৰাৰ পৰিবেশ নাছিল। আচাৰ্যৰ ওচৰত শিক্ষা যেন আধৰুৱা হৈ গ’ল তেনে ভাব হৈছিল। মুঠতে এক অনিশ্চিত বৰ্তমানটো সাৱটি তিনিওটি প্ৰাণী পৰি ৰৈছিলোঁ অস্থায়ী জুপুৰিত।অৰণ্যৰ জীৱনত কষ্ট থাকিলেও ৰঙৰ অভাৱ নাছিল। জয়াল ঠাইখনত অভ্যস্ত হোৱা নাছিল কেও। দিনত সাপৰ ভয়, ৰাতি বাঘৰ ভয়। গতিকে সবাই মিলি জংঘল চাফা কৰিলে। জোঁৰ লৈ ৰাতি ৰাতি পহৰা দিয়াৰ ব্যৱস্থা কৰা হ’ল। বহিৰাজ্যৰ পৰা সহায়ৰ হাত আহি থাকিল। খাদ্যবস্তুৰ অভাৱ নহ’ল। লিচ্ছবি দলৰ বিষয়ববীয়াসকলেও নিয়মিতভাবে দৰ্শন দি থাকিল যাতে বান কমিলেই এই শিবিৰত থকা মানুহখিনিক নি পুনৰ পূৰ্বৰ স্থানত সংস্থাপন দিব পাৰেগৈ। এই সমৰ্থনখিনি হাতৰ পৰা ওলাই যোৱা মানে বৈশালীৰ ৰাজসভাত লিচ্ছবি দল পতিত হোৱা।লাহে লাহে কথাবোৰ থানথিত লাগিছিল। চেমনীয়াহঁত গোট খাই খেলিবলৈ আৰম্ভ কৰিছিল। বনৰীয়া ফুলৰ গোন্ধ আৰু পাহাৰীয়া জুৰিৰ সৌন্দৰ্যয়ো মোক কম মতলীয়া কৰা নাছিল। আই-পিতাই লগত থাকিলেতো যিকোনো ঠাইতেই থাকিব পাৰি। সেউজীয়াৰ সজীৱ আৰু সান্নিধ্যই মোক অৰণ্যময়ী কৰি তুলিছিল। এনে সময়তে লগ পাইছিলোঁ পুষ্পকক।পুষ্পক, যি মোৰ শৈশৱৰ খেলাৰ লগৰী, মোৰ প্ৰথম প্ৰেমৰ স্বাক্ষৰ আৰু মোৰ প্ৰয়াত স্বামী, তেওঁৰ সৈতে মোৰ প্ৰথম পৰিচয় এই অৰণ্যতেই। পুষ্পক মোতকৈ ডাঙৰ আছিল। কিন্তু মোলৈ তাৰ বিশেষ মৰম গঢ় লৈ উঠিছিল। জংঘলত কাঁড়চালনাই হওক বা নিৰ্মল জুৰিত সাঁতোৰবিদ্যাই হওক, মোৰ প্ৰতিটো কামতে সি লগে লগে থাকিছিল। মোলৈ সি মাটিৰ কৃষ্ণ এটা সাজিছিল। কানাইৰ শিৰত ময়ূৰপংখী সজাবলৈ ময়ূৰৰ পাখি বিচাৰি সি কেইবাটাও ৰাতিপুৱা চোপ লৈছিল।কি নিৰ্মল আছিল সেই মৰম। পুষ্পক, মোৰ পৰাণৰ পুষ্পক আজি আকাশৰ সোণালী তৰা হৈ জিলিকি আছে। মোৰ পৰা শতযোজন দূৰৈত, অথচ কি ওচৰত।এই অৰণ্যতেই লগ পাইছিলো বাবা যশপালক। সীমান্তৰ সিপাৰৰ দেশসমূহৰ গুপ্তচৰৰ দায়িত্বত আছিল বাবা যশপাল। সেই নিমিত্তে সীমামূৰীয়া দেশসমূহৰ লগত সঘন যোগাযোগ, ভাবনা আৰু তথ্যৰ আদান প্ৰদান তথা কাৰিকৰী দক্ষতাৰে উজ্বলি আছিল বাবা যশপাল। হিমালয় পৰ্বতৰ সীমাত অৱস্থিত আমাৰ শিবিৰটোলৈ সহায়ৰ বাবে টহল দিছিল তেওঁ আৰু সেই সময়ত মই গাই আছিলো কোনো অখ্যাত কবিৰ পদ্য। মোৰ দৰে পাঁচবছৰীয়া ছোৱালী এজনীৰ মুখত সংস্কৃতৰ শুদ্ধ উচ্চাৰণ শুনি তেওঁ তবধ মানিছিল। লাহে লাহে তেওঁৰ সৈতে মোৰ ঘনিষ্ঠতা বাঢ়ি গৈছিল। পৰ্বতৰ সীমনাত নিসংগ জীৱন যাপন কৰা তেওঁ মোক অলৈ তলৈ লৈ গৈছিল। আজৰিপৰত তেওঁ মোক পৌৰাণিক আখ্যানসমূহ শুনাইছিল । মোৰ আগ্ৰহ দেখি অস্ত্ৰচালনা শিকালে, শিকালে অশ্বচালনা। দেশ-বিদেশৰ বীৰ-বীৰাংগনাৰ সাহস যেন মোৰ বুকুত থাপি দিলে। ইমান সম্ভাৰেৰে সমৃদ্ধিশালী হৈও মই কিন্তু অবলা নাৰীৰ দৰে বেশ্যা নামেৰে স্বীকৃত হ’লোঁ। আজিৰ দিনত মোৰ কাম হ’ল, পুৰুষক শাৰিৰীক-মানসিক মনোৰঞ্জন প্ৰদান কৰা।ভাগ্যৰ কি পৰিহাস! বীৰাংগনাৰ সাধু শুনি শুনি বাৰাংগনা নামেৰে স্বীকৃত হৈ ৰ’লোঁ এই বৈশালীৰ ইতিহাসত। মোৰ হাজাৰ হুমুনিয়াহেৰেও মোৰ এই পৰিচয় আঁতৰাব নোৱাৰে। এই পৰিচয় মোৰ ইচ্ছাকৃত আছিল নে? নে মই দুৰ্বল আছিলো? কোনোটোৱেই নহয়, কিন্তু জীৱন কেতিয়াবা তাতোকৈ বহুগুণে জেদী। জীৱনে মৃত্যুৰ দোলাত তুলি ৰং চায় কেতিয়াবা। মোৰ ভুল আছিল, মই মৃত্যুৰ সৈতে চুক্তি নকৰিলো। চুক্তি কৰিলোঁ জীৱনৰ সৈতে। জীৱনক ভাল পোৱাটোৱেই মোৰ অপৰাধ ।অস্থায়ী শিবিৰৰ সেই দুমাহতো পিতায়ে কিন্তু বৈশালীৰ গোন্ধ পাহৰিব পৰা নাছিল। বৈশালীৰ পানী শুকুৱাৰ খবৰ আহিছিল। কল্কি নাথৰ দাবী মানি বৈশালীৰ পানীখিনি নামনি বৈশালীৰে গংগালৈ বোৱাই পঠোৱা নহ’ল। বৰঞ্চ সমূহ জনগণক স্থানান্তৰ কৰি জন-ক্ষতিৰ পৰিমাণ কমাই দিয়া হ’ল। এয়া তৎকালীনভাৱে লোৱা সিদ্ধান্ত আছিল যদিও বৈশালীগণৰ মন জিত কৰিলে ৰজাই। বানপানীৰ সমস্যা দূৰ হোৱাত ঘৰলৈ যাবলৈ কেউটি প্ৰাণী উদগ্ৰীৱ হৈ উঠিল।তথাপি যেন মন সেমেকি উঠিছিল আমাৰ দৰে শিশুমখাৰ, বিশেষকৈ পুষ্পকৰ মুখখন সেমেকি আছিল। জুৰিৰ পাৰৰ ওখ শিলচটাত বহুদেৰী বহি আছিলগৈ সি । মোৰ অস্বস্তি লাগিছিল, তাৰ কান্ধত হাত থৈ সুধি পেলাইছিলোঁ,“অই পুষ্পক, কি হ’লনো? কিয় এনেকৈ আছ?”মুখখন ফুলাই সি পাহাৰৰ শিলছটাত বহি থাকিল। বুজিলো, বিদায়ৰ দুখত সি ভাৰাক্ৰান্ত হৈছে। এইবাৰ তাক জোকাৰি দিলোঁ,“আমি লগ পাই থাকিমেইতো।“

“কেনেকৈ পাম? তই থাক ইমান দূৰৈত।“

“আহিবি আক’ খেলিবলৈ। সদায় আহিবি।“সি যেন কিবা এটা চিন্তা কৰিলে, তাৰ পাছত তললৈ নামি আহিল।“সঁচাকৈ কৈছতো।“ “একদম সঁচাকৈ কৈছোঁ। এটা কাম কৰিবি, মোৰ লগত পঢ়িবলৈ আহি যাবি। গুৰুৰ ওচৰত আমি দুয়োটাই পঢ়িম, হ’বনে?হ’বইতো, কিয় নহ’ব? পুষ্পকৰ মুখৰ হাঁহি ওলাল। দুয়োটাই দৌৰি দৌৰি নীলা-হালধীযা পখিলাবোৰ খেদাত লাগি গ’লোঁ। দৌৰি দৌৰি এসময়ত ভাগৰ লাগিল। পাহাৰৰ ওপৰৰ সমান ঠাইখিনিতে দুয়োটাই শুই পৰিলো।নয়নভৰি চালো সূৰুযৰ কোমল সৌন্দৰ্য। সেউজীয়াখিনিয়ে আৱৰি আছিল আমাক। পৱনেও জানিছিল, এতিয়া আমাৰ বিদায়ৰ বেলা। আৰু এসময়ত এই সকলোবোৰকে মাত লগাই আমি যাবলৈ ওলালোঁ।বৈশালীত সোমাই আচৰিত হোৱাৰ পাল আমাৰ। কি বৈশালী কি হৈ গ’ল। বোকাৰ সেমেকা গোন্ধ আৰু চাৰিওফালে শ্মশানসদৃশ নিজম নিতাল পৰিবেশ। মূলদ্বাৰত বিভিন্ন গোষ্ঠীৰ নেতাসমূহে আদৰিলে আমাক। বৈশালীবাসীৰ প্ৰত্যাৱৰ্তনত বৰকৈ সুখী হ’ল তেওঁলোক। ৰজাঘৰীয়াই অতি সোনকালে বৈশালীৰ আগৰ পৰিস্থিতি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিলে। ঘূৰাই আনিবই লাগিব, কাৰণ কেইদিনমান পিছতে যে বৈশালীৰ নিৰ্বাচন সম্পন্ন হোৱাৰ কথা।মূলদ্বাৰৰ পৰা আনি ঘোঁৰাবাগীখনে সকলোকে গাঁৱত নমালেহি। সাম্যদত্তই দূৰৈৰ পৰাই দেখিলে ইমান ডাঙৰ বানপানীতো ঘৰটো উটি যোৱা নাই। মনটো ভাল লাগিল তেওঁলোকৰ। দুৱাৰ খুলিহে মূৰে কপালে হাত দিলে, কি বিশৃংখল! কি কদৰ্যময়! তীব্ৰ গোন্ধ এটা নাকত লাগিল। মজিয়ালৈ চাব নোৱাৰি। ক্লেদাক্ত, পূতিগন্ধময়।চোকে কোণে মৃত গণ্ডুপদৰ গলিত দেহা। পানীয়ে ইফালৰ বস্তু উটুৱাই আনি ক’ৰবাত পেলাইছে। ভানুমতীয়ে শোঁটা এডাল লৈ লগে লগে কামত লাগিল। ভিতৰৰ আচবাববোৰ বাহিৰলৈ উলিয়ালে। ঘাটৰ পৰা জল কঢ়িয়াই গোটেইবোৰ ধুই ৰ’দত দিলে, গোবৰ মাটিৰে ঘৰৰ বেৰ আৰু মজিয়া লেপন কৰিলে। ভঁৰালৰ ডুলিত থকাধানবোৰ ৰ’দত মেলি দিলে। কামৰ শেষত স্নান কৰি ভোজনৰ বাবে আহাৰ প্ৰস্তুত কৰে মানে আকাশত চন্দ্ৰমাই দেখা দিলে। খেলৰ পৰা আহি মই কলমতিয়াবলৈ ধৰিলো। মোক হাত ভৰি ধুৱাই আয়ে মোক আৰু পিতাইক খাবলৈ দিলে। তাৰ পিছত নিজে নোখোৱাকৈয়ে আই পাটিত পৰিল। পিতায়ে মন কৰিলে কথাটো,“কি হৈছে ভানু? নোখোৱাকৈ কিয় বিচনাত পৰিলি?”ভানুমতীৰ মুখখন মলিন। গাটো অকস্মাৎ বেয়া লাগি আহিছে। বিচনাত পৰাৰ লগে লগেই ভানুমতী টোপনিত পৰিল। পিতা সাম্যদত্ত যেন কিছু চিন্তাত পৰিল। কোনোদিনেই আয়ে ভোজনপৰ্ব আধাতে এৰি বিচনাত নপৰে। কি হ’ল আজি? সাম্যদত্তই চুই চালে কপালত। ই কি! যেন অগ্নিহে বৰষিছে ভানুমতীৰ দেহাত। মাটিৰ কলহৰ পৰা ঘটিত ঠাণ্ডা পানী আনি কপালত দি থাকিল। তথাপি ভানুমতীৰ জ্বৰৰ মাত্ৰা নকমিল। থৰথৰে কঁপি থাকিল তেওঁ ওৰেটো ৰাতি।কি হ’ল হঠাতে? সাম্যদত্ত কিছু শংকিত হ’ল। ৰাতি নৌ পুৱাওতেই মোক জগাই আইক ৰখিবলৈ দি নগৰৰ বৈদ্যৰ ঘৰৰ ফালে খোজ ল’লে।বানপানীয়ে থানবান কৰি যোৱা বৈশালীত তেতিয়া মহামাৰীয়ে বিৰাজ কৰিছে। নগৰৰ তিনিজন বৈদ্যই ৰোগীক ঘৰে ঘৰে দৰ্শন দিছে। কোনোজন সুস্থ হৈছে। কোনোজনে শেষ উশাহ টানিছে। চিতাত উঠিছে কোনোজনৰ দেহা। মুঠতে সমগ্ৰ বৈশালীতে এক আতংকময় পৰিবেশ। বানপানীত ইমান ক্ষতি হোৱা নাছিল, প্ৰাণ নগ’ল কাৰো। কিন্তু মহামাৰীয়ে প্ৰাণ নিবলৈ ধৰিলে এজনৰ পিছত এজনকৈ।এফালে সন্মুখত নিৰ্বাচন।বৈশালীৰাজ চিন্তিত হৈ পৰিল। কাষৰ মগধ, অৱন্তি আৰু আন আন ঠাইৰ পৰা বৈদ্য অনালে। ঠায়ে ঠায়ে ঔষধশালাৰ ব্যৱস্থা কৰা হ’ল।সাম্যদত্তই পিছে বৈদ্যক ঘৰত নাপালেগৈ । সাম্যদত্ত গৈ পোৱাৰ আগেয়েই সংকটজনক ৰোগীৰ ওচৰলৈ দৌৰ মাৰিলে তেওঁ। সাম্যদত্তই এইবাৰ দূৰৈৰ বৈদ্যৰ ঘৰলৈ খোজ ল’লে । তাতো একেই অৱস্থা। ঘূৰি ঘূৰি বেলি দুপৰত এজন বৈদ্যক লগ পালে, কিন্তু বৈদ্যই লগে লগে সাম্যদত্তৰ পৰিবাৰক চাবলৈ আহিবলৈ অক্ষম হ’ল। দুটামান ঔষধ সাম্যদত্তৰ হাতত ধৰাই তেওঁ আন ৰোগীৰ ওচৰলৈ যাবলৈ ওলাল। ঔষধখিনি লৈ সাম্যদত্ত ঘৰলৈ পোনালে। তেতিয়াহে মনত পৰিল যে, ভানুমতীৰ লগতে কণমানি জীয়েকো হয়তো ভোকত আছে। তেওঁ অনুমানো কৰিব পৰা নাই, পত্নী ভানুমতী এতিয়া কি অৱস্থাত আছে। খোজ খৰ হ’ল তেওঁৰ।“পালী আই, পালী আই”, দুৱাৰমুখত ঠিয় হৈ সাম্যদত্তই চিঞৰিলে।দৌৰি আহিল সৰু ছোৱালীজনী। ছোৱালীজনীক দেখি সাম্যদত্ত আচৰিত। ঘামি জামি চৌকাত ৰুটি সেকি আছিলোঁ মই। আই বিচনাৰ পৰা উঠিব পৰা নাই। পিতায়ো সেই পুৱাতেই একো নোখোৱাকৈ ওলাই গৈছিল।মোক তেনে অৱস্থাত দেখি পিতায়ে মৰমেৰে সুধিলে, ‘‘ তুমি কি কৰি আছা পালী আই।”“পিতাই মই তোমালোকৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছোঁ। ভোক লগা নাই তোমাৰ?”পিতায়ে সাৱটি ধৰিলে মোক। চকুযোৰ যেন চলচলীয়া হৈ পৰিল, ‘‘তোমাৰ আই কেনে আছে পালী?”“আই ভাল হৈ যাব পিতাই। মই ভগৱানক কৈছোঁ নহয়!”পিতায়ে মোৰ মূৰত হাত ফুৰাই দিলে। আয়ে কেঁকাই আছে, কোনোপধ্যেই এটুকুৰা ৰুটিও মুখলৈ নিব পৰা নাই আইৰ। সোৱাদ হোৱা নাছিল চাগৈ, মনটো বেয়া লাগিছিল মোৰ, কিয় যে ভালকৈ ৰান্ধিবলৈ নিশিকিলো। এইবাৰ শিকিব লাগিব। আই নৰীয়াত পৰিলে যাতে মই যত্নল’ব পাৰোঁ, তাৰ বাবেই ৰন্ধন প্ৰণালীবোৰ শিকি ল’ব লাগিব। এইবোৰ চিন্তা কৰি থাকোঁতেই নঙলা খুলি কোনোবা সোমাই আহিল,“সাম্যদত্ত, ৰোগী কেনে আছে এতিয়া?”পিতায়ে দুৱাৰ খুলি তেওঁক আগবঢ়াই আনিলে, “চাওকচোন বৈদ্য, কালি ৰাতিৰে পৰা এনেকৈয়ে পৰি আছে। জ্বৰো কমা নাই। খাবও পৰা নাই। গাৰ বিষত কেঁকাই আছে।”বৈদ্যই নাড়ী পৰীক্ষা কৰিলে। খুব ধীৰ গতিত গৈ আছে নাড়ীৰ স্পন্দন। বৈদ্যৰ মুখখন চিন্তিত হৈ পৰিছে, “যি সন্দেহ কৰিছিলোঁ সেয়াই হৈছে। বীজাণুৱে ৰক্তকণিকাবোৰ ধ্বংস কৰি দিছে। এই বীজাণুবোৰ ধ্বংস কৰিবলৈ মই অলপ কাঢ়া ঔষধপ্ৰয়োগ কৰিব লাগিব। জ্বৰ কমিলে ঔষধে বীজাণুখিনিক বশ কৰি লৈছে বুলি বুজি পোৱা যাব। তেতিয়া বিপদমুক্ত। ৰাতিটোৰ বাবেহে চিন্তা।““পালী আই, গৰম পানী অলপ আনাচোন” বুলি কৈ মোনাৰ পৰা গছৰ কিছু শিপা উলিয়াই ৰস উলিয়ালে আৰু লগত লৈ অনা ভিন্নৰঙী কাঁচৰ পাত্ৰৰ পৰা গৰম পানীখিনিত এটোপ এটোপকৈ ভেষজ ঔষধ ঢালিলে। তাৰ পিছত নিজৰ হাতত কিবা এবিধ আৰক সানি চেপেনাসদৃশ সজুঁলিৰে দুখিলা পাত গৰম পানীখিনিত দি দিলে। মই চাই থাকিলোঁ,“এয়া কি গছৰ পত্ৰ বৈদ্য?”“এয়া অতি বিষাক্ত গছৰ পত্ৰ। সামান্য পৰিমাণে জিভাত লাগিলেও মানুহ মৃত্যুমুখত পৰিব পাৰে।”, বৈদ্যই সাৱধান কৰি দিলে।“তেতিয়াহ’লে মোৰ আইক কিয় দিছা?”, চিৎকাৰ কৰি উঠিলো মই।“কাৰণ তোমাৰ আইৰ শৰীৰত যে তাতোকৈ বিষাক্ত বীজাণুৱে আক্ৰমণ কৰিছে। সিহঁতকমাৰিবলৈ ইয়াতকৈ উৎকৃষ্ট ঔষধ একোৱেই নাই।“বৈদ্যই সৰু নলী এডালত দৰৱখিনি ঢালি নলীৰ আগৰ বেজীৰে ভানুমতীৰ পদতলৰ বিভিন্ন স্থানত বিন্ধিবলৈ আৰম্ভ কৰিলে। বেজীৰ খোঁচত ভানুমতীৰ ভৰিৰ তলুৱাৰে তেজ নিগৰি আহিল। জ্বৰৰ তীব্ৰতাত তেওঁ পিছে কেটকূটেই নকৰিলে। ভৰিৰ তলুৱাৰ বিভিন্ন বিন্দু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি বৈদ্যই সিৰাসংযোগী বিন্দুবোৰত বিষৰ ঔষধবোৰ ঢালিবলৈ ধৰিলে যাতে সিৰাবোৰে প্ৰতিটো অংগলৈ বিষাক্ত বীজাণুৰ সৈতে যুঁজিব পৰা ঔষধবোৰ কঢ়িয়াব পাৰে। আয়ুৰ্বেদমতে হেনো ভৰিৰ তলুৱাৰ সৈতে মানৱ শৰীৰৰ সকলো অংগৰ সংযোগ আছে।কামখিনি কৰি অতাই বৈদ্যই ঘোষণা কৰিলে, “আজি ৰাতিটো বৰ গুৰুত্বপূৰ্ণ। এতিয়া শৰীৰত দুই পক্ষৰ মাজত দুৰ্বাদল যুদ্ধ হ’ব। উত্তাপ কম-বেছি হ’ব। ভগৱানক ভৰসা কৰা যাতে শৰীৰৰ যুদ্ধখনত আমি প্ৰয়োগ কৰা ঔষধখিনি জিকি যায়।“বৈদ্যই বিদায় লৈছিল। মুখৰ ভাবত গম পোৱা গৈছিল, যুদ্ধখন বেচ জটিল হ’ব। জীৱন আৰু মৃত্যুৰ মাজৰ যুদ্ধখনত ওলমি আছে আই ভানুমতীৰ আত্মা। সেয়ে হৈছিল, যুঁজি যুঁজি হাৰ মানিছিল ভানুমতী। উশাহ স্তব্ধ হৈ পৰিছিল হঠাতে। পিতায়ে চিঞৰি চিঞৰি বিলাপ জুৰিছিল। কান্দিবলৈ পাহৰি গৈছিলোঁ মই। এবাৰ আইলৈ চাই, এবাৰ পিতাইলৈ চাই কণমানি হৃদয়খন খণ্ড বিখণ্ড হৈ গৈছিল,“জীৱন ইমান দুৰ্বলনে? ইমান ভংগুৰনে? মৃত্যু ইমান সহজনে ? ইমান অসহায়নে? ”(আগলৈ)

105You, Nupur Hazarika, Sneha Nath Hazarika and 102 others30 Comments

LoveComment

Share

Comments

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক