আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি (সপ্তম খণ্ড) – পৰী পাৰবীন

প্ৰথমতে বানপানী, তাৰ পিছত মহামাৰী আৰু শেষত নিৰ্বাচন। বানপানী আৰু মহামাৰী ৰোধৰ কাৰণে বৈশালীৰাজে গ্ৰহণ কৰা প্ৰচেষ্টাত বৈশালীগণ সন্তুষ্ট হৈছিল। প্ৰজাই ৰাজহাউলিৰ গোপন বৈঠকৰ তলা-নলা বুজি নাপায়, বাহিৰৰ পৰা দেখা কামবোৰহে দেখা পায়। নিৰ্বাচনক উপলক্ষ্য কৰিয়ে যে বৈশালী ৰাজসভাৰ অতবোৰ অংক চলিল, সেয়া বাহিৰৰ মানুহে নুবুজিলে। মহামাৰীয়ে প্ৰতি ঘৰৰে তিৰোতা-শিশুৰ প্ৰাণ কাঢ়িলে, কিন্তু নিৰ্বাচনত সেই প্ৰভাৱ নপৰিল। নিৰ্বাচনত নাৰীৰ অধিকাৰ নাথাকে, নাথাকে শিশু-চেমনীয়াৰ অধিকাৰ।

কল্কি নাথে কথা দিয়া মতেই কথা ৰাখিলে।বৈশালীৰ পানীখিনিৰ ভাৰ বোৱাই নপঠিওৱাত তেওঁৰ অঞ্চলবাসী নিৰাপদে ৰ’ল আৰু সেই সমস্ত ভোট বৈশালীৰাজ মনুদেৱৰ সপক্ষে গ’ল। পূৰ্বৰ মন্ত্ৰীসভাখনকে বাহাল ৰাখি নতুনকৈ দুজনমান নেতাক অন্তৰ্ভুক্ত কৰা হ’ল। মনুদেৱৰ সোঁহাতস্বৰূপ চিহনাদক সেনাধ্যক্ষৰূপে আৰু লক্ষ্মীনাৰায়ণক কোষাধ্যক্ষৰূপে নিয়োজিত কৰা হ’ল। দুয়োজনেই মনুদেৱৰ বিশ্বস্ত আৰু আজ্ঞাবাসী ভৃত্যস্বৰূপ।

আনন্দৰ এই সন্ধিক্ষণত নৃত্য-গানেৰে ৰাজহাউলিৰ ৰংগমহল ভৰি পৰিল। মধুৰস লৈ সুন্দৰী দাসীসকলে আপ্যায়ণ কৰিলে দেশ-বিদেশৰ অতিথিক। মনুদেৱে নৱনিয়োজিত সদস্য চিহনাদ আৰু লক্ষ্মীনাৰায়ণক লৈ গাভৰুহঁতৰ সৈতে নৃত্য কৰিলে। মদিৰা ভৰাই মধু পান কৰিলে সকলোৱে। প্ৰধানমন্ত্ৰী তাম্ৰভদ্ৰ বেচ গহীন হৈ পিয়লাত চুমুক দিছে। উপৰজা যুদ্ধবীৰ কিছু অন্যমনস্ক। যেন মধুশালাৰ আনন্দত একাত্ম হ’ব পৰা নাই। মনুদেৱ আগুৱাই আহিল তেওঁৰ ওচৰলৈ,

“কিহে সুন্দৰীগণ, আমাৰ যুৱৰাজক কিয় মনোযোগ দিয়া নাই? চোৱাচোন মদিৰাৰ পাত্ৰ খালি হৈ পৰিছে তেওঁৰ। দিয়া, মদিৰা ভৰাই দিয়া। যুৱৰাজৰ মন ৰঙাই দিয়া।”

মনুদেৱৰ ইংগিতত সুন্দৰী দাসী লয়লাস খোজেৰে আহি যুদ্ধবীৰৰ কাষত ঠিয় হ’ল। কোনোবাজনীয়ে কান্ধত হাত থ’লে, কোনোবাজনীয়ে মদিৰাৰ পাত্ৰ পূৰ কৰিলে।

যুদ্ধবীৰে সুন্দৰী নাৰীৰ পৰশ আঁতৰাই মনুদেৱক ক্ষমা খুজিলে, “ক্ষমা কৰিব মহাৰাজ, যথেষ্ট হৈ গৈছে মোৰ। মনটোও বৰ ঠিক লগা নাই।“

“কি হৈছে যুদ্ধবীৰ? কিবা সমস্যা?” বৈশালীৰ ৰজাই উপৰজাক লৈ ব্যস্ত হৈ পৰিছে।

“তেনে কোনো ব্যক্তিগত সমস্যা নহয় মহাৰাজ। মই অপৰাধবোধত ভুগিছোঁ।“

“কেনেধৰণৰ অপৰাধবোধ যুদ্ধবীৰ?”

“এই মহামাৰীয়ে যে আমাৰ ইমানবোৰ ল’ৰা তিৰোতা মাৰি নিলে, সেয়া জানো আমাৰ ভুলৰ বাবেই নহয়”।

“তুমি কি ক’ব খুজিছা যুদ্ধবীৰ?”

“আমি কল্কি নাথৰ ভয়ত বানপানীৰ আবদ্ধ পানীবোৰ বৈশালীৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা নকৰিলো। যাৰ বাবে প্ৰাণনাশক বীজাণুৰে নগৰ ভৰি পৰিল। কিয় আমি কেইটামান ভোটৰ বাবে ইমান ডাঙৰ ভুল কৰিলো?”

মনুদেৱে যুদ্ধবীৰক একাষৰীয়াকৈ লৈ আহিল, “ৰাজনীতিত ইমান আবেগ ভাল নহয় যুদ্ধবীৰ। তুমি নিজক নিয়ন্ত্ৰণ কৰা উচিত। ক্ষমতাৰ বাবে অলপ উনৈশ বিশ কৰিবই লাগিব। নিৰ্বাচনো এক যুদ্ধ। যুদ্ধত দুই এটা প্ৰাণহানি হ’বই।“

প্ৰাণহানি ঘটিছিল ভানুমতীৰ দৰে অলেখজনীৰ। মাতৃহীনা হৈছিলোঁ মই। মোৰ দৰেই অলেখজন। কিন্তু জীৱনৰ কি কোবাল গতি! বৈ থাকে অহৰহ। বৈ বৈ কঢ়িয়াই থাকে সকলোবোৰ। বৰ কম বয়সতে দায়িত্বশীলা হৈ উঠিলো। আচাৰ্য আহিছিল নিয়মীয়াকৈ। তেওঁ মোক গীতাৰ বাণী শুনাইছিল, কৈছিল মোক, “জীৱন ক্ষণস্থায়ী। আত্মা অমৰ। তোমাৰ মাতৃদেৱীৰ আত্মা এতিয়াও জীয়াই আছে। শৰীৰৰ বিনাশ হৈছে মাত্ৰ”।

পিতাইক কৈছিল তেওঁ, মোৰ দৰে চোকা মস্তিষ্ক হেনো বৈশালীতে নাই। ৰাজকুল টোলৰ ছাত্ৰকেইজনেও মোৰ মেধাৰ ওচৰত হাৰ মানি যাব ইত্যাদি ঢেৰ কথা কৈ মোৰ অধ্যয়ন বাদ নিদিবলৈ অনুৰোধ কৰিছিল পিতাক।

ঘৰুৱা কামৰ মাজতে অধ্যয়ন চলাই নিছিলো মই। জ্যামিতি ভাল লাগিছিল মোৰ। এবাৰ পুষ্পকৰ লগত ধেমালি কৰি সুধি পেলালো, এই যে স্তম্ভটো, এইটো কিমান ওখ কচোন।

সি ওখ স্তম্ভটো চাইছিল। তাৰ পিছত কৈছিল, জখলা আনি জুখিব লাগিব।

মই হাঁহি দিছিলো, “মই এতিয়াই জুখি দিম।”

জ্যামিতিৰ সহায়ত, অনুপাত সূত্ৰৰ সহায়ত বৰ সহজেই স্তম্ভটোৰ উচ্চতা জুখি দিছিলো। সি আচৰিত হৈ চাইছিল, “তই এইবোৰ ক’ত শিকিলি পালী?”

“আচাৰ্যৰ ওচৰত।“

সিও আহিবলৈ লৈছিল নিয়মীয়াকৈ। কিন্তু সি পঢ়াতকৈ মোক সহায় কৰাতহে বেছি ধ্যান
দিছিল। ঘাটলৈ পানী আনিবলৈ যাওঁতে গধুৰ কলহটো দাঙি দিয়াৰ দৰে কামবোৰত সি মোৰ লগে লগে আছিল।

দায়িত্ব বাঢ়িছিল মোৰ, আইক হেৰুৱাই কম বয়সতে ডাঙৰ হৈ পৰিছিলো। পিতাইৰ অঙহী বঙহীসকলে নতুন আই আনিবলৈ কুতুৰিছিল পিতাইক। পিতায়ে মোক লৈ তেতিয়া পাহাৰৰ ফালে গুচি গৈছিল।

সেই পাহাৰটোতে দেওলগা মন্দিৰ এটা আছিল। সেই মন্দিৰটোৰ বিষণ্বিতা দেৱদাসীজনীৰ ভৰিৰ বান্ধোনৰ তাল শুনিবলৈ ৰৈ আছিলোঁগৈ মন্দিৰৰ দুৱাৰচুকত। ৰুণুক জুনুক..ৰুণুক জুনুক। দেৱদাসীৰ খোজৰ শব্দই মোক টানি থাকিছিল। পূজাৰ থালি লৈ তেওঁ মন্ত্ৰ জপিছিল। কপালত ডাঙৰকৈ ৰঙা ফোঁট, কাণৰ কাষেৰে ওলাই থকা কুঞ্চিত অলকাৰে দীঘল ভাজলগা কেশটাৰি, শৰীৰত শুভ্ৰবৰণৰ এখনীয়া বস্ত্ৰ- এই সকলোবোৰেৰে সাইলাখ পূজাৰ প্ৰতিমাজনীৰ দৰেই লাগিছিল সেই দেৱদাসীক। পূৰ্ণিমাৰ ৰাতি
দেৱদাসীৰ গাত জঁক লাগিছিল। গোটেই ৰাতি নাচিছিল তাই। নূপুৰৰ শব্দই চোতাল কঁপাইছিল। আৰু দুই তিনিদিনলৈ মন্দিৰৰ দুৱাৰ বন্ধ হৈ গৈছিল। কিছুদিনৰ পিছত মন্দিৰৰ দুৱাৰ খোল খাইছিল। আকৌ বতাহত ভাঁহি আহিছিল সেই অবাৰ্চীন সুৰ, নাৰীৰ বন্দিত্বৰ সুৰ, ৰুণুক জুনুক, ৰুণুক জুনুক।

নুপূৰ পিন্ধা দেৱদাসী নৃত্যই দৰক লগাইছিল মোক। একেথৰে চাই আছিলো সেই নৃত্যাংগনালৈ । মোৰ গাত যেন কালিকা লাগিল। নৃত্যৰ ভংগীমাসমূহে মোক বশ কৰি লৈছিল। ঘৰলৈ আহি মই স্বৰ্ণখচিত অলংকাৰেৰে কাচোন কৰিলো। গাত মেৰিয়াই ল’লো কিংখাপৰ বস্ত্ৰ। কিমান দেৰি নৃত্যত মগন আছিলোঁ নাজানো, পিতাই আহি বাহিৰত ৰৈ মোক চাই থাকিল, চাই থাকিল আচাৰ্যয়ো। পুষ্পকে আহি গাত ধৰি জোকাৰোতেহে সম্বিত আহিল মোৰ। ক’ত আছিলো মই? অতদেৰি ক’ত আছিলোঁ মই? স্বৰ্গলোকৰ পাৰিজাত কাননৰ কোনো দেৱাংগনৰ সৈতে যেন একাত্ম হৈছিলোঁ।

পিছদিনাও দেৱদাসী নৃত্য চাবলৈ গৈছিলো মনে মনে। দেৱদাসীৰ মাটিত ভৰি নপৰে। দেৱদাসীৰ অঞ্জনাভি চকুত বিষণ্নতাৰ দোলা। সেই বিষণ্নতাই পোহৰাই থয় মন্দিৰৰ চৌহদ।

ঘৰত আহি আখৰা কৰিছিলোঁ। নৃত্যই মোক কোনোবা অজান দেশলৈ লৈ গৈছিল। আচাৰ্য
আৰু পিতা সাম্যদত্তই চৰাঘৰত বহি কথা পাতিছিল। পিতাই বিচাৰিছিল মোক ক্ষত্ৰিয়সকলৰ দৰে ৰাজবিদ্যাত পাৰ্গত কৰি তুলিবলৈ। দেবদাসী নৃত্য পছন্দ নাছিল পিতাৰ।

আচাৰ্য বিমোহিত হৈছিল। যদিও কূটনীতি আৰু ৰসায়ন মোৰ প্ৰিয় বিষয় আছিল, এনে লাগিছিল যেন নাচিবলৈহে মোৰ জন্ম হৈছিল। ওচৰ-চুবুৰীয়া সকলোৱে ৰ’ লাগি চাইছিল মোলৈ, কথা পাতিছিল নিজৰ মাজত, স্বৰ্গৰ অপ্সৰাও হেনো লাজ পাই যাব মোৰ নৃত্যত।

শুক্লপক্ষৰ ৰাতি মই মন্দিৰ প্ৰাংগনত নাচিবলৈ সুযোগ পাইছিলোঁ। শ্ৰৱণকুমাৰৰ আখ্যানটো আমি নৃত্যৰ মাজেৰে দাঙি ধৰিছিলো। অন্ধ আৰু বৃদ্ধ পিতৃ-মাতৃৰ বাবে পানী আনিবলৈ গৈ ভুলতে ৰজা দশৰথৰ কাঁড়ত মৃত্যুবৰণ কৰা শ্ৰবণকুমাৰৰ
চৰিত্ৰটো ৰূপায়ন কৰিছিলো মই। শুভ্ৰ বসন পিন্ধি মৃদংগৰ তালে তালে দুভৰি সঞ্চালন কৰি একমাত্ৰ পুত্ৰৰ অসহায় মৃত্যুত কাতৰ হোৱা শ্ৰৱণকুমাৰৰ অভিনয় চাই চকুলো টুকিছিল উপস্থিত দৰ্শকবৃন্দৰ লগতে মোৰ আচাৰ্যয়ো।

“তাই নাচিবলৈকে জন্ম হৈছে”, দৰ্শকৰ মাজত গুণগুণনি উঠিছিল। দশৰথৰ চৰিত্ৰত অভিনয় কৰা সবিতাৰ সৈতে মোৰ নৃত্যৰ শিক্ষা আৰম্ভ হৈছিল গুৰু ত্ৰিভুৱনৰ ওচৰত। গুৰু ত্ৰিভূৱন এজন বিখ্যাত নৃত্যকলাবিদ আছিল আৰু নৃত্যৰ ওপৰত তেওঁৰ জ্ঞানৰ বাবে দেশ-বিদেশতো খ্যাত আছিল। সেই গুৰুৰ ওচৰত দীক্ষা লোৱাৰ ব্যৱস্থা কৰি দিলে মোৰ আচাৰ্যই ।

খুব কম সময়ৰ ভিতৰতে মই মহাভাৰতৰ ছয় সহস্ৰাধিক শ্লোক মুখস্থ ৰাখিলো আৰু নৃত্যৰ আকাৰ দিয়াৰ প্ৰয়াস কৰিলো। নৃত্যৰ সকলোবোৰ ভাবৰ সৈতে পৰিচিত হ’লো। এই ভাববোৰে দৰ্শকৰ পৰা উপযুক্ত আবেগৰ ৰস আদায় কৰিবলৈ সক্ষম হয়। মহাভাৰতৰ পাঞ্চালীৰ বস্ত্ৰহৰণত যিদৰে দৰ্শকে ক্ৰোধত ফাটি পৰে, ৰামায়ণৰ শূৰ্পনখাৰ
ভংগীমা দেখি তেওঁলোক নহঁহাকৈ থাকিব নোৱাৰে ।

প্ৰেম, পুতৌ, ক্ৰোধ, ঘৃণা, ভয় তথা হাস্যৰসৰ কোনোটোতেই অপাৰগ নাছিলো মই। নৃত্যৰ পাৰদৰ্শিতাই কাল হৈ আহিছিল মোলৈ।

তেৰবছৰীয়া কিশোৰী তেতিয়া মই। মোৰ নৃত্য পৰিবেশনৰ বাবে আমন্ত্ৰণ আহিছিল বিভিন্নজনৰ পৰা। পৰাপক্ষত মই ৰাজহুৱা অনুষ্ঠানত নৃত্য পৰিবেশন কৰিবলৈ যোৱা নাছিলোঁ। নৃত্যই মোক জীৱন দিছিল। বৰ সযতনে বুকুত পোহপাল দিছিল এই নৃত্যকলা। প্ৰায়বোৰ নৃত্যৰ দৰ্শক আছিল মোৰ গুৰু আৰু সহপাঠিসকল।

দিনবোৰ গতানুগতিক চলি আছিল মোৰ। আচাৰ্যৰ পাঠ আহ্নিক বেলাতে শেষ কৰি মই নৃত্যগুৰুৰ ওচৰলৈ যাওঁ। শৰৎ নামিছিল বৈশালীত। কুহেলিকাৰে ভৰা তেনে এটা গধূলিৰ কথা। মই ঘৰলৈ ওভতিছিলো গুৰুৰ ওচৰত প্ৰশিক্ষণ লৈ। পুৰণি ৰাজহাউলিটোৰ পৰা সন্ধ্যাৰাগ ভাঁহি আহিছিল। বাদ্যযন্ত্ৰ আৰু কোনোবা নৃত্যাংগনাৰ নূপুৰৰ ঝংকাৰত ভৰি থমকি ৰ’ল হঠাতে। ৰাজহাউলিটোৰ গাতে লাগি থকা উদ্যানখনলৈ খোজ লৈছিলো লাহেকৈ। জলসৰোবৰত শুধ বগা ৰাজহংসকেইজনীয়ে কেলি কৰি আছিল। আনমনা হৈ পৰিছিলো মই। বতাহত বিয়পি পৰিছিল চতিয়না ফুলৰ উগ্ৰ গোন্ধ।

শৰতময় দুবৰিত নিয়ৰকণা জিলিকিছিল। মোৰ ভৰিলৈ চঞ্চলতা নামি আহিছিল। কিশোৰী মনৰ সলাজতা সামৰিব নোৱাৰি মই ঘাঁহনিডৰাৰ ওপৰতে থিয় হৈ ৰ’লো। পাদুকা খুলি নূপুৰ পিন্ধিলো।

ধিততিকি ধিততিকি থেই। পতাক হস্ত মুদ্ৰাৰে ভংগীমা ল’লো মই।
ধিততিকি ধিততিকি থেই। পুস্পবৃষ্টিৰ ভংগীমাৰে মই ।
অবুজ ভাৱনাত মই। নৃত্যৰতা মই।

হঠাতে ভাবনা আহিল, জোপোহাৰ আঁৰৰ পৰা বিমুগ্ধ নয়নেৰে কোনোবা আপোনজনে মোক একেথৰে চাই আছে। । মোৰ দেহত সেউজীয়া বস্ত্ৰ , দুচকুত সেউজী বিশ্বাস । মোৰ আঙুলিত আলতাৰ ৰং, চকুত প্ৰেমৰ বৰণ ।

ধিততিকি ধিততিকি থেই । দুগাল ৰাঙলী হৈ পৰিল ।

ধিততিকি ধিততিকি থেই । কপালৰ টিকলীয়ে হালি জালি নাচিলে ।

ধিততিকি ধিততিকি থেই । হাতৰ কংকণ জুনুককৈ বাজি উঠিল ।

তিগধা দিগ দিগ থেই …ঘূৰ্ণনত সেউজী আঞ্চুলে মোক মেৰিয়াই ধৰিছিল।

তিগধা দিগ দিগ থেই …… ঘূৰিছিলোঁ ………
তিগধা দিগ দিগ থেই …………ঘূৰিছিলোঁ মাথোঁ।

আৰু এটা সময়ত নাচোনৰ তালে তালে ঘূৰি ঘূৰি দুবৰিত দুহাতেৰে ভেজা দি বহি পৰিছিলোঁ । অলপ পৰ নীৰৱ হৈ পৰিল চৌপাশ, নিস্বৰ হ’ল সময়।

গহীন খোজেৰে জোপোহা ফালি নামি আহিল আপোনজন।

তেওঁ আহি মোৰ ওচৰতে বহি পৰিল। মোৰ নূপুৰ খুলি ভৰি দুখন কোলাত তুলি ল’লে
তেওঁ, “এই ভৰি দুখনক মোৰ পূজা কৰিবলৈ মন যায় পালী।”

“ছিঃ পুষ্পক! ল’ৰা হৈ তোৰ মুখত এনে বচন।“ ……

ভৰি দুখন কোঁচাই আনিছিলো। সদায় একেলগে ঘূৰি ফুৰা ল’ৰাটোৰ স্পৰ্শটো বিশেষ হৈ অনুভূত হ’ল যেন। কিঞ্চিত শিহৰণবোধ এটাই ক্ৰিয়া কৰি মনত। বুকুৰ বস্ত্ৰখন খামুচি ধৰিছিলো। খামুচি ধৰিছিলো ঔপলা সময়খিনি । আঁৰ চকুৰে চাইছিলো তালৈ। উন্নাভি জখলা হৈ কান্ধ পাতি ল’ব খুজিছিল সি ।

মৌন হৈ খোজ লৈছিলো ঘৰলৈ। পিছে পিছে পুষ্পক। পুষ্পকে মোৰ আঁচলত টানি ধৰিলে।

“কি হৈছে?”, ঈষৎ উষ্মা জাৰিলো মই। নহ’লে যে দুৰ্বল হৈ পৰা ক্ষণ ওপজিব।
“মোৰ দুনয়ন চা। ”
“চালো। ৰক্তিম কিয়?”

একো নামাতিলে সি। পুৰণি হাউলিটোৰ দেৱালত আঁউজি কৈ থাকিল, “তোৰ ঘৰলৈ আজি ত্ৰৌঞ্চৰাজ্যৰ মানুহ আহিছিল।“

“মোৰ ঘৰলৈ অতিথি আহিছিল অথচ মই গম নাপালো”, আশ্চৰ্যপ্ৰকাশ কৰিলো মই।

“তই গুৰুৰ ওচৰলৈ যোৱাৰ পিছতে আহিছিল।“, পুষ্পকে বুজাই দিলে।

“কিয় আহিছিল ?”

“তোৰ হাত খুজিবলৈ আহিছিল। ত্ৰৌঞ্চৰজাই তোক বিয়া পাতিবলৈ বিচাৰিছে”।

ভৰিৰ নূপুৰটো কেঁকাই উঠিল। ৰজাই বিয়া পাতিব বিচাৰিছে মোক? আৰু ই যে পুষ্পকে মোক পূজা কৰাৰ কথা কয়। কি সমীকৰণবিহীন জ্যামিতি এইটো!

নাই, নহ’ব নহ’ব, মূৰটো জোকাৰি দিলো, খোপাটো সুলকি পৰিল, তগৰফুল দুপাহ চুলিৰ পৰা তলত পৰি থাকিল। খামুচি ধৰিলো তাৰ বক্ষত, “পিতায়ে কি ক’লে? পিতায়ে কি ক’লে ত্ৰৌঞ্চৰজাক?”

এনেতে পুৰণি ৰাজহাউলিৰ গেটৰ পৰা দাৰোৱান এজনে পুষ্পকক খবৰ দিলে, বৈশালীৰ ৰাজমহিষীয়ে তাক লগ কৰিব বিচাৰিছে।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক