আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি (অষ্টম খণ্ড) – পৰী পাৰবীন

আকাশ চুবলৈ দিয়াৰ সপোনটো বগুৱা বাই বৈ থাকিল। উৰিবলৈ শিকিলো মই, ওপৰলৈ, মাথোঁ ওপৰলৈ। আত্মবিভোৰ হৈ চকু মুদি উৰিয়ে আছিলোঁ নশিকাৰুৰ উন্মাদনা গাত সানি । উন্মাদনাৰ সাজ সোলোকাই যেতিয়া চকু মেলি চাইছিলোঁ, দেখিলোঁ, লক্ষযোজন উচ্চতাৰ বিশাল শূন্যতাত মাথোঁ মই অকলে। কোনোৱেই যে নাছিল লগত।

নিঃসংগতাৰ স’তে কটোৱাৰ আখৰা আচলতে সিদিনাই আৰম্ভ হৈছিল। নিঃসংগতাই আলাপ কৰিছিল
প্ৰতি খোজতে, সেয়া স্নানঘাটত থিয়সাঁতোৰ কৰাৰ পৰতে হওক বা কথক নৃত্যৰ বোলতে হওক।

শাক্য, ত্ৰৌঞ্চ মগধৰ মন্ত্ৰীপুত্ৰ, ধনী ব্যৱসায়ী আৰু বহুতৰে মুখে মুখে বৈশালীৰ তেৰবছৰীয়া কিশোৰী আম্ৰপালীৰ নাম। কি আছিল মোৰ মাজত? আজিও নাজানো মই।

কি ৰূপ আছিল মোৰ? এনেকুৱা ৰূপতো বৈশালীৰ বহুত কন্যাৰে আছিল। মোৰ অলপ বিদ্যায়তনিক শিক্ষা আছিল। আৰু আছিল দুভৰিৰ যাদু। সেই যাদুৰ আলমত ৰাজমহিষীয়ে এটা প্ৰস্তাৱ দিছিল, ৰাজনৰ্তকীৰ প্ৰস্তাৱ।

মনুদেৱৰ ৰাজসভাত ৰাজমহিষীয়ে বৈঠক পাতিছিল। বৈঠকত উপস্থিত আছিল তাম্ৰভদ্ৰ সহিতে গণ্য-মান্য বয়সস্থ ব্যক্তি। ৰজা মনুদেৱৰ অনুপস্থিতিত হৈছিল সেই বৈঠক। নৃত্য-গানৰ দৰে মনোৰঞ্জনক লৈ মনুদেৱৰ অমনোযোগিতা ৰাজমহিষীৰ চিন্তাৰ কাৰণ।

শাক্যমুনিয়ে সুন্দৰীৰ পত্নীক অকলে থৈ ঘৰ এৰাৰ কথাটোৱে তোলপাৰ লগাইছিল চৌপাশে। শাক্যমুনিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল বৈশালীনগৰী। জীৱনৰ চল্লিশটা বসন্ত গৰকিবলৈ লোৱা মনুদেৱৰ বিবাহৰ প্ৰতি অনীহাৰ কথাটোৱে ৰাজমহিষীৰ মনতো শংকাৰ সৃষ্টি নকৰা নহয়। যি সময়ত গৌতমী মাতৃৰ মমতাই, পত্নী গোপাৰ ভৰযৌৱনে ৰজা সিদ্ধাৰ্থক বান্ধি ৰাখিব পৰা নাছিল, যি সময়ত শ শ যুৱকে ভোগ বিলাস এৰি আহি ভিক্ষাৰ পাত্ৰ হাতত লৈছিল, সেই সময়ত পুত্ৰ মনুদেৱক কোনো সুন্দৰীয়ে আকৃষ্ট কৰিব নোৱৰাটো একপ্ৰকাৰ চিন্তাৰ কথাই আছিল।

সেই সময়তে ৰাজমহিষীৰ চকুত পৰিছিল স্বৰ্গৰ অপ্সৰা এজনী আহি পুৰণি হাউলিৰ গাতে লাগি থকা উদ্যানখনত নাচি থকা দৃশ্যটো। বৈশালীৰ কিশোৰীগৰাকীৰ কথা ঘুনুক ঘানাককৈ শুনিছিল তেওঁ। আজি দেখিলে। অনুভৱ কৰিলে, এইজনীয়েই উপযুক্ত হ’ব ৰাজনৰ্তকীৰ বাবে। ৰাজনৰ্তকী হ’লে বৈশালীৰ সম্পদ বৈশালীতে থাকি যাব। ভোগ বিলাসত মত্ত হ’ব ৰজা মনুদেৱ। পুত্ৰক বান্ধি ৰখাৰ এই অভিনৱ পৰিকল্পনাটো তেওঁ হাতৰ পৰা এৰাই যাবলৈ নিদিলে। আৰু দ্বাৰৰক্ষীক কৈ মাতি পঠিয়ালে পুষ্পকক।

ৰাজমহিষীৰ বাৰ্তা লৈ পুষ্পকৰ আনন্দৰ সীমা নাই। দৌৰি দৌৰি আহি মোৰ মুখত সন্দেশ ভৰাই দিলে,
“পালী, পালী, বৰ শুভ বাৰ্তা।”

কিহৰ বাবে শুভ বাৰ্তা পুষ্পক? ৰাজনৰ্তকী হ’লে ধন-সোণৰ গৰাকী হ’ম, সন্মানৰ চকুৰে চাব, সেইবাবেইতো? নালাগে মোক ধন-সোণ। মই ইমানবোৰ মানুহৰ মাজত নাচিবলৈ যাব নোৱাৰো। নৃত্য মোৰ বাবে কলা। নৃত্যকলাক মই পূজা কৰোঁ। মই পেটৰ দায়ত এই কলাক ব্যৱহাৰ কৰিব নোৱাৰো।

থৰ হৈ ৰৈ গৈছিল পুষ্পক। আগদিনাৰ বিয়াৰ প্ৰস্তাৱৰ কথাটোৱে তাক আমনি কৰি আছিল। ৰাজনৰ্তকী হ’লে বিয়াৰ কথাবোৰ অলপ শাম কাটিব। অন্তত: বাহিৰৰ ৰাজ্যলৈ গুচি নাযাব তাৰ প্ৰেমৰ ৰাণী। কিন্তু তাৰ প্ৰেমৰ ৰাণীয়ে যে সেইধৰণেৰে চিন্তা নকৰে।

নাই। মই নকৰিছিলো সেইদৰে চিন্তা। বিয়াৰ কথাটোতো আগ্ৰহ নাছিল। আগ্ৰহ নাছিল ৰাজনৰ্তকী হিচাপে নিয়োজিত হোৱাৰ কথাটোতো। প্ৰকৃতিৰ সান্নিধ্যত বনফৰিঙৰ দৰে নাচি থকাটোৱেই মোৰ কাম্য আছিল।

পুষ্পকৰ বক্ষ খামুচি উচুপি উঠিছিলো, “এয়া ভাল লক্ষণ নহয় পুষ্পক। মোৰ দৰে সামান্য কৃষকৰ দুহিতাক এনে সন্মান দিয়াৰ আঁৰত নিশ্চয় কিবা কৌশল আছে। পুষ্পক। পুষ্পক। শুনিছনে? তই এতিয়াই নোৱাৰোঁ বুলি কৈ আহগৈ যা।”

শয়নকক্ষলৈ দৌৰি আহি পালংকত উবুৰি খাই উচুপি থাকিলো। দেহাটো ৰৈ ৰৈ কঁপি থাকিল। চৰাঘৰত আচাৰ্য আৰু পিতাইৰ আলোচনা চলিল। ৰজাঘৰীয়াৰ আহবান কোনে অমান্য কৰিব পাৰে?

অসন্তুষ্ট মনেৰে পিতায়ে মোক বুজনি দিলে। কি হ’বলৈ গৈ আছে মোৰ ভৱিষ্যত, তেওঁ উমান কৰিলে। বাহ্যিক দৃষ্টিত ৰাজনৰ্তকীৰ আসন নাম-যশেৰে পৰিপূৰ্ণ হ’লেও আমাৰ দৰে সাধাৰণ প্ৰজাৰ বাবে এয়া বৰ জটিল জীৱন। প্ৰথমবাৰলৈ পিতাইক মই চিন্তিত যেন দেখিলো।

মন্দিৰ প্ৰাংগণত শুক্লপক্ষৰ ৰাতি মোৰ নৃত্য চলিল। গোটেই নিশা মোৰ নৃত্য চলি থাকে। সোমৰসেৰে মাতাল হৈ থাকে বৈশালীনগৰী। ধনী শ্ৰেষ্ঠীহঁতে মোৰ শৰীৰলৈ সোমৰস ছটিয়ালে, দলিয়াই দিয়ে স্বৰ্ণমুদ্ৰা। স্বৰ্ণমুদ্ৰাত জনজননিত মোৰ ভৰিৰ নূপুৰযোৰ দুগুণে বাজে। দেবদাসীজনীৰ দৰে মোৰ কালিকা লাগে। গোটেই নিশা মই নাচি থাকোঁ। নাচি নাচি ৰাতিপুৱালৈ মই ক্লান্ত হৈ পৰো। মন্দিৰৰ দুৱাৰ বন্ধ হৈ যায়। পুষ্পকৰ গাত ভেজা দি মই ঘৰত ভৰি দিওঁ। দুদিনলৈ মই ক্লান্ত হৈ পৰো। উন্মুক্ত কেশগুচ্ছ পানীত এৰি মই শিলুৱা আন্ধাৰৰ স’তে কথা পাতি থাকো। শৰীৰতকৈ মন বেছি পৰিপক্ব হৈ উঠাটোৱেই মোৰ ক্লান্তিৰ চিন। কাকো বুজাব নোৱাৰো মই। পুষ্পকৰ নিষ্কলুষ প্ৰেমে মনটোক শান্ত কৰিলেও জীৱনৰ গতি বেছি অস্থিৰ হৈ উঠিছে। কি বিচাৰিছিলো মই, যি বিচাৰিছিলো সেয়া প্ৰাপ্তিৰ পথ সুগমনে? জাগতিক মায়ামোহত বন্দী হৈও জগত চেৰাই ভ্ৰমি ফুৰে মোৰ দু্ৰ্বাৰ মন।

এনে সময়তে মোক এদিন পুষ্পকে শাক্যমুনিৰ সভালৈ লগ ধৰিলে। শাক্যমুনিৰ বাণীয়েহে যেন মোৰ মন ঠাণ্ডা কৰিব, জীৱনৰ অস্থিৰতাৰ সমাধান দিব, মোক এই মানসিক অৱস্থাৰ পৰা মুক্ত হোৱাৰ পথ দেখুৱাব।

“তই মোৰ বাবে কিয় ইমান চিন্তা কৰ পুষ্পক?”
“কাৰণ তোৰ মনৰ অস্থিৰতা মই সহ্য কৰিব নোৱাৰো”

পিতাইৰ অনুমতি বিচাৰিলো। পিতায়ে পোনছাটেই সুধিলে, পুষ্পক যাব নে লগত?
পিতাইৰ ভৰসা পুষ্পক। মোৰ ভৰসা পুষ্পক। পুষ্পকৰ ভৰসা মই।

বসনত মোৰ মেজাংকৰী অংগবস্ত্ৰ। নিম্নদেশত দীঘল নিম্নবাস। পিতা সাম্যদত্তই মূৰ দাঙি চালে মোলৈ। দীৰ্ঘদেহী পিতাইৰ কান্ধ চুইছে মোৰ উচ্চতাই। হুমুনিয়াহ এটা নিগৰি আহে পিতাইৰ নিশ্বাসত। স্নেহৰ তনয়াৰ হাত বিচাৰি পিতাক ব্যতিব্যস্ত কৰি তোলা কথাটো মোৰ অজানা নহয়। পিতাইৰ বুকু কঁপি উঠে।

পুষ্পকে চাই ৰয় মোলৈ। মোক যে সি সদায় নতুন দৃষ্টিৰে চায়, সেয়াও মোৰ নজনা নহয়। লজ্জাৰ আভৰণে মেৰিয়াই ধৰে মোক। মেলাৰ পৰা অনা কংকণযোৰ মোৰ হাতত ভৰাই দিলে আলফুলে। পিন্ধাই দিলে মণিখচিত বিন্দি।
গোটেই ৰাস্তাটোত সি মোক শাক্যমুনিৰ বিষয়ে কৈ গ’ল। কিদৰে নগৰৰ ধনী শ্ৰেষ্ঠীসকলে সকলো সম্পদ দান কৰি প্ৰব্ৰজা হৈ গৈছে, সেই উদাহৰণ দিলে। জীৱনৰ চৰম সত্য বিচাৰি নিৰ্বাণ লাভ কৰিবলৈ শাক্যমুনিৰ অনুৰাগী আছিল পুষ্পক। কাজেই মই তাৰ আগ্ৰহত হয়ভৰ দিলো।

মই পুষ্পকৰ হাতত ধৰি খোজ ল’লো। চঞ্চল খোজে বাৰে বাৰে উজুটি খুৱায় মোক। পুষ্পকে মোক পৰিবলৈ নিদিয়ে। থাপ মাৰি ধৰে। মোৰ মনৰ খঞ্জনী পখীটি বুকু ফালি অন্ত: গহনত লুকাই পৰে।
তথাপি তাৰ মনৰ গধুৰতা মোৰ বুজিবলৈ বাকী নাথাকে। বহুতবাৰ সি শংকিত মনে মোক সুধি পেলাইছে, আচলতে সি মোৰ যোগ্য সঁচাকৈয়ে হয় জানো? মোৰ দৰে সৌন্দৰ্যৰ অধিকাৰী নাৰী ৰাজসিংহানতহে শোভা পায়। সি মোৰ ভৃত্য হৈ থাকিলেও হ’ব, ইত্যাদি ঢেৰ কথা কৈ সি মোৰ মনটো জোখে। মই কষ্ট পাওঁ, উচাৎ মাৰি আঁতৰি আহো। বুজি পাওঁ, প্ৰেমৰ সাগৰত ককবকাই থাকিলেও সিদ্ধান্ত এটাত আহিবলৈ সি ভয় খাইছে, জানোচা তাৰ অনাড়ম্বৰ জীৱনে মোক কষ্ট দিয়ে।

পুষ্পকৰ পিতা পুৰণি ৰাজহাউলিত মালীৰূপে কৰ্মৰত। সেই ৰাজপ্ৰাংগণৰে উদ্যানৰ বিশাল ধৰ্মসভাত বহি আছিল শাক্যমুনিৰ শিষ্যগণ। কেশবিহীন মুণ্ডৰে, গেৰুৱা বৰণৰ উত্তৰীয় বস্ত্ৰৰে সভাৰ শোভাবৰ্ধন কৰি আছিল শ শ শ্ৰমণে। শিষ্যগণৰ মুখত বিৰাজ কৰি আছিল প্ৰজ্ঞা আৰু আধ্যাত্মিকতাৰ পৰা নিৰ্গত ৰশ্মিয়ে। কান্তিময়তাৰ সৰল খোজেৰে আহি আসন লৈছিল শাক্যমুনিয়ে। ৰাজপুৰুষসকল আৰু সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকল বহিছিল আগশাৰীৰ আসনত। সোঁফালে বহিছিল নাৰীসকল আৰু কম বয়সীয়া যুৱসকল।

শাক্যমুনিয়ে পদ্মাসনত বহি তাপস ভংগীমা ল’লে। একেই ভংগীমা ল’লে শিষ্যগণেও। সমস্বৰে উচ্চাৰণ হ’ল,
বুদ্ধং শৰণং গচ্ছামি।

মই চাই থাকিলো শাক্যমুনিলৈ। এই মানুহজনে ভোগ এৰি ভিক্ষাৰ পাত্ৰ লৈছে। মন-আত্মাক বিদীৰ্ণ কৰি মোৰ প্ৰাণপখীয়ে কলৰৱ কৰি উঠিছে, শুক্ল পক্ষৰ ৰাতি মন্দিৰৰ ৰংগমঞ্চত বাজি উঠা স্বৰ্ণমুদ্ৰাৰ জনজননিয়ে মোক প্ৰশ্ন কৰিছে, এই যাত্ৰাৰ অন্ত ক’ত?

শাক্যমুনিয়ে ভাষণত কৈছে, “নিৰ্বাণেই এই যাত্ৰাৰ অন্ত। নিৰ্বাণ প্ৰাপ্তি ন’হলেহে আত্মাই জনমৰ পিছত জনম লয়। প্ৰতি জনমতে দুখ, বেদনা, বাৰ্ধক্য আৰু জৰাৱস্থাৰ কষ্ট।”

“মৃত্যুৱেই নিৰ্বাণপ্ৰাপ্তিৰ শেষ সীমা নেকি?”

“নাই নহয়। মৃত্যুতো মোক্ষপ্ৰাপ্তি নহ’ব পাৰে। আনহাতে কিছুৰ বাবে জীৱনকালতে নিৰ্বাণপ্ৰাপ্তি ঘটিব পাৰে। লোভক বশ নকৰিলে নিৰ্বাণপ্ৰাপ্তি সম্ভৱ নহয়। বৌদ্ধই সেই মাৰ্গ অনুসৰণ কৰে, যি মাৰ্গৰ শেষত মানুহে মুক্তি পায়। লোভ-মোহ-আশা-আকাংক্ষা-মায়াৰ বন্ধন ছিন্ন কৰি পৰম প্ৰাৰ্থনীয় পথহে মুক্তি লভাৰ পথ দেখুৱায় এই ধৰ্মই। শিষ্যগণে আওৰালে,
“ধম্মং শৰণং গচ্ছামি।”

“দ্বিধা আৰু অনাস্থা থকা কোনো লোককে বুদ্ধই এই মাৰ্গলৈ আহবান নকৰে। এই মাৰ্গৰো উৰ্দ্ধত আছে সময়। সময়েই সকলো সমস্যাৰ সমাধান দিব।”

“নিৰ্বাণ বা মুক্তিৰ বাবে কঠোৰ তপস্যাৰ প্ৰয়োজন আছে নেকি শাক্যমুনি?”

“কঠোৰ তপস্যাই শৰীৰ ক্ষয় কৰে। শৰীৰ ক্ষয় হ’লে মন দুৰ্বল হয়। দুৰ্বল মনেৰে সত্য উপলদ্ধি কৰিব নোৱাৰি। আনহাতে সম্পূৰ্ণৰূপে সংসাৰধৰ্মত নিমজ্জিত হ’লেও মায়াত্যাগ সম্ভৱ নহয়। এই দুই পন্থাৰ মাজৰ মধ্যম পন্থাই হৈছে নিৰ্বাণ লাভৰ প্ৰকৃত পথ। “

বিৰবিৰণি উঠিছিল শ্ৰোতামণ্ডলীত। সংসাৰধৰ্ম পালন কৰিও নিৰ্বাণ সম্ভৱ। বুদ্ধই সংসাৰত্যাগৰ কথা কোৱা নাই। নিৰ্বাণ লাভৰ উদ্দেশ্যে মায়াত্যাগৰ কথাহে কৈছে।

এক জ্যোতিৰ্বলয়েৰে উদ্ভাসিত হৈ পৰিছিল তেওঁৰ মুখমণ্ডল। দুচকু মুদ খাই আহিল মোৰ। এই ঐশ্বৰিক সত্তাৰ ওচৰত নতজানু হৈ পৰা মোৰ অন্তৰাত্মাত তেতিয়া ধুমুহাৰ আগজাননী। শৰতৰ কোমল ৰ’দজাক খেদি অপৰাহ্ণবেলিকা হঠাতে বৃষ্টি নামি আহিল। পুষ্পকে মোক বাট দেখুৱাই ঘৰলৈ নিলে। কাষে কাষে ৰজাঘৰীয়া বাগী এখন খটখটকৈ পাৰ হৈ গ’ল। বৃষ্টিজাকত জুৰুলি জুপুৰি হৈ কপিকুলৰ জাক এটাই আম্ৰবৃক্ষত আশ্ৰয় লৈছে। মই পুষ্পকৰ হাতত খামুচি ধৰিলো,

“পুষ্পক! এই যাত্ৰাৰ অন্ত ক’ত?”

বাগীখন ৰৈ গ’ল কাষতে। চালক নামি আহি আমাক দুয়োকে বাগীখনত উঠিবলৈ ক’লে। মই পুষ্পকৰ চকুলৈ
চালো, সি মূৰ জোকাৰিলে, নাই দৰকাৰ নাই।

নাতিদূৰৰ উদ্যানত দুটা অৱয়বে নিৰীক্ষণ কৰি থাকিল যেন। বৃষ্টি ফালি নীলবৰ্ণী প্ৰজাপতি কিছুমানে মোক খেদি আহিল।

“কোন হয় তাই? কি নাম ছোৱালীজনীৰ? ইমান স্পৰ্ধা তাইৰ! সামান্য যুৱক এজনৰ কথা শুনি ৰজাৰ আহ্বানক অমান্য কৰে!” , বৈশালীনৃপতি মনুদেৱৰ চকু ৰক্তবৰ্ণী। গোটেই নিশাটো তেওঁ আসন্দীত বহি কটাইছে। পালংকৰ বস্ত্ৰ যিদৰে আছিল সেইদৰেই আছে। কক্ষত সোমাব দিয়া নাই কোনো লিগিৰাকে। ৰাজমহিষীও দুবাৰমান আহি দুৱাৰৰ ফাঁকেৰে চাই গ’ল। পুত্ৰৰ ৰোষৰ কাৰণ কোনোৱেই জানিব পৰা নাই।

মাজে মাজে পায়চাৰি কৰিছে অস্থিৰভাৱে, অধোবদনে, হস্তযুগল পিছফালে। বৈশালীত তেওঁৰ নিবাসৰ সমীপতে
অনিন্দ্য-সুন্দৰী নাৰীৰ চলন-ফুৰণ, একোৱেই গম নাপায় তেওঁ!

ৰাজসভালৈ ওলাই অহা নাই তেওঁ। শাক্যমুনিৰ বিদায়-পৰ্বত ৰজাৰ অনুপস্থিতি অপমানজনক। তথাপি কেৱে এই অনুপস্থিতিৰ কাৰণ জানিবলৈ সাহস কৰা নাই। ক’ৰবাত কিবা এটা খেলিমেলি হৈছে বুলি ৰাজহাউলিৰ উষ্ম বতাহজাকে কৈ গৈছে। প্ৰধানমন্ত্ৰী তাম্ৰভদ্ৰ সোমাই আহিছে চিন্তিত বদনে। ৰজাৰ শয়নকক্ষত সোমাই তেওঁ দুৱাৰ বন্ধ কৰি দিলে।

খৰখোজেৰে আহি মনুদেৱে তেওঁৰ বাউসীত ধৰে, “কি নাম তাইৰ? ক’ত থাকে তাই? হাতত ধৰি লগত যোৱা ল’ৰাজন কোন হয়?” , একে উশাহতে দহোটামান প্ৰশ্ন সুধি তাম্ৰভদ্ৰৰ মুখলৈ চাই ৰয় তেওঁ। উত্তৰৰ বাবে ৰ’বলৈ ধৈৰ্য নাই তেওঁৰ।

“মহাৰাজ, সেই ছোৱালীজনীৰ নাম আম্ৰপালী। তাইৰ দেউতাক সাম্যদত্ত বৈশালীৰ এজন সাধাৰণ কৃষক।”

“আৰু কওক প্ৰধানমন্ত্ৰী। আৰু খবৰ কওক সেই ছোৱালীজনীৰ বিষয়ে। কালিৰে পৰা আপুনি কি খবৰ গোটালে? আৰু সেই ল’ৰাজন কোন হয় তাইৰ? ক’ত থাকে সি?”

“সেই ল’ৰাজন পুৰণি ৰাজহাউলিৰ মালীৰ পুত্ৰ। আৰু আপুনি জানি সুখী হ’ব, আম্ৰপালীক বহুদিনৰ আগতেই ৰাজমহিষীয়ে ৰাজনৰ্তকী হিচাপে নিয়োগ কৰি থৈছে। “

“ৰাজনৰ্তকী! ৰাজনৰ্তকী আম্ৰপালী মোৰ চকুত ধৰা দিয়াহি নাই কিয়? আৰু ই সামান্য মালীৰ পুত্ৰ! সামান্য মালীৰ পুত্ৰৰ ইমান সাহস, ৰাজবধূৰ হাতত ধৰে। ৰাজমহিষীক খবৰ দিয়ক প্ৰধানমন্ত্ৰী, বৈশালীৰাজ মনুদেৱৰ সৈতে বৈশালী-তনয়া আম্ৰপালীৰ শুভ পৰিণয়ৰ দিন ঠিক কৰক এতিয়াই, এই মুহূৰ্ততে চমন জাৰি কৰা যাওক। আৰু মালীলৈ খবৰ পঠিওৱাৰ ব্যৱস্থা কৰা হওক। “

তাম্ৰভদ্ৰ ছটফটাই উঠে, মালীৰ গাত অলপো দোষ নাই। কি ৰোষত পৰে বা আকৌ মালী! পিছে ৰজাৰ আদেশ অমান্য কৰে কিদৰে? মালীলৈ খবৰ পঠিওৱা হ’ল।

মনুদেৱে একুৰি সোণৰ মুদ্ৰা আনি মালীৰ হাতত তুলি দিয়ে, প্ৰতিদানত তেওঁ বৈশালী ত্যাগ কৰাৰ প্ৰস্তাৱ। উচপ খাই উঠে ৰাজহাউলীৰ মালী। কি ভুল কৰিলে তেওঁ? কিহৰ ৰোষত পৰিল তেওঁ? ভৰি দুখন সাৱটি ধৰে তেওঁ ৰজাৰ। বৈশালী ত্যাগ কৰাৰ শাস্তি নিদিয়ক তেওঁ। বিনিময়ত তেওঁ যিকোনো কাম কৰিবলৈকে প্ৰস্তুত আছে। চকুপানী মচি মচি কাতৰ কণ্ঠেৰে প্ৰাৰ্থনা কৰে বৈশালীনৃপতিক। প্ৰাৰ্থনা কৰে প্ৰধানমন্ত্ৰীক।

প্ৰধানমন্ত্ৰীয়ে বুজনি দিয়ে মনুদেৱক, আম্ৰপালীক মনুদেৱৰ হাতত তুলি দিয়াটো ইমান ডাঙৰ সমস্যা নহয়। তাৰ বাবে সাধাৰণ মালী এজনক শাস্তি দিয়াৰ প্ৰয়োজন নাই।

বাতায়নেৰে দূৰৈৰ পাহাৰটোলৈ চাই থাকে মনুদেৱে। নীল প্ৰজাপতিবোৰে শুভ-প্ৰণয়ৰ সাজ পিন্ধি লানি লানি পাহাৰবোৰ আৱৰি ধৰিছে।

নূপুৰৰ ৰুণুক-জুনুক শব্দ এটাত উচপ খাই উঠে তেওঁ। বাস্তৱ নে? নহয় বাস্তৱ। ভ্ৰম এয়া। কান্ধলৈকে পৰা কেশৰাজি পিছলৈ ঠেলি তেওঁ পালংকত শুই পৰে।

সেই সময়তে চোৰাংচোৱাই তাম্ৰভদ্ৰক খবৰ দিয়ে, শুক্লপক্ষৰ ৰাতি আম্ৰপালীয়ে মহাদেৱ মন্দিৰত নৃত্য কৰাৰ দৰে ৰোমাঞ্চক খবৰ। উচপ খাই উঠে ৰজা মনুদেৱ। তেজৰ সোঁত গতিময় হয়। গতি বাঢ়ে ধমনীৰ, গতি বাঢ়ে হৃদস্পন্দনৰ।

চল্লিশবছৰীয়া ৰজা মনুদেৱ কিশোৰী নৰ্তকীৰ প্ৰেমত পৰে।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments