আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি- পৰী পাৰবিন

নৱম খণ্ড:

এটা ৰৌদ্ৰোজ্জ্বল শাৰদীয় পুৱা। প্ৰাংগনৰ ফুলবোৰ আনদিনাতকৈ বেছি উজ্জ্বল আৰু চঞ্চল। চৌপাশৰ শাৰী শাৰী বৃক্ষবোৰ ছন্দ মিলাই হালিছে, জালিছে। মৃদু মধুৰ সুবাস এটিৰে চৌদিশ আমোলমোল হৈ পৰিছে।

দুৱাৰ খুলি চোতাললৈ ওলাই আহিলো। নৱমল্লিকা, নাৰ্জীবোৰে মিঠাকৈ হাঁহি মাৰি অভিবাদন জনালে। মই মোৰ নৃত্যৰ সাজযোৰত সোণালী বৰণৰ মুক্তাবোৰ সীঁবলৈ ধৰিলো। পিতায়ে ওচৰতে বহি মোৰ কাৰ্য চাই থাকিল। চুই চালে মুক্তাখচিত মেজাংকৰী বস্ত্ৰ। গংগাৰ সিপাৰৰ বণিজৰ পৰা পিতায়ে এই বস্ত্ৰবোৰ মোৰ বাবেই লৈ আনে। জীয়েকলৈ তেওঁৰ বৰ স্নেহ। মাতৃহীনতাৰ অনুভৱ হ’বলৈ দিয়া নাই কোনোদিন। আৰু সেইবাবেই পিতাই মোৰ বৰ আদৰৰ। হাঁহি হাঁহি আমি মৃদু মধুৰ বাৰ্তালাপ কৰি থাকিলোঁ।

এনে অলসতাৰ মাজতেই আহি ওলাল মহাদেৱ মন্দিৰৰ প্ৰধান পুৰোহিতজন, য’ত আজি সন্ধ্যাবেলা মোৰ নৃত্যানুষ্ঠান অনুষ্ঠিত কৰাৰ কথা আছে। খৰখেদাকৈ জনাবলৈ আহিলে যে, অনুষ্ঠানৰ সময় সলনি হৈছে। হঠাতেই ৰজাঘৰৰ পৰা চমন আহিছে নৃত্য অনুষ্ঠান উপভোগ কৰিবলৈ ৰাজপালিকাৰ বিষয়ববীয়া উপস্থিত থাকিব। সৰু মন্দিৰটোৱে আয়োজন কৰা এক নৃত্যানুষ্ঠানত ভাগ ল’বলৈ আহি আছে বৈশালীনৃপতি মনুদেৱৰ সহিতে প্ৰধানমন্ত্ৰী তাম্ৰভদ্ৰ আৰু সেনাধ্যক্ষ চিহনাদ। অনুষ্ঠানৰ মাত্ৰ দুদিন আগত সেই চমন পাই পুৰোহিতৰ মূৰত যেন সৰগ ভাঙি পৰিছে। দুদিনৰ ভিতৰতে ইমান আয়োজন কিদৰে সম্ভৱ! আৰু সেইহেতু পুৰোহিত আহি সাম্যদত্তৰ ঘৰ ওলাইছেহি। নৃত্য পৰিবেশনৰ উপৰিও অভ্যৰ্থনাৰ কামখিনিৰ দায়িত্ব ল’ব লাগে, এই অনুৰোধ পুৰোহিতৰ। গাঁৱৰে কন্যাহঁতক লৈ সেই দায়িত্ব মোক পালন কৰিবলৈ অনুৰোধ কৰি তেওঁ আনফাললৈ খোজ ল’লে।

ব্যস্ততা বাঢ়ি গ’ল যেন হঠাতে। নাৰ্জীফুলৰ মালা গুঁথাৰে পৰা আৰম্ভ কৰি মোৰ নৃত্যৰ বাবে প্ৰয়োজনীয় আভৰণলৈকে, এই সকলোবোৰ নতুনকৈ আৰম্ভ কৰা হ’ল। চোতালৰ ঘাঁহনিখনতে বহি লৈ কোনোবাজনীয়ে খোপাৰ বাবে তগৰফুলৰ মালা গুঁথিলে, কোনোবাই গাঁথিলে শেৱালী ফুলৰ মালা।

সময়বোৰ খৰ খোজেৰে অতিক্ৰান্ত হ’ল যেন। চোতালত বহি থাঁকোতেই বেলি আহ্নিকলৈ গতি কৰিলে। চন্দন আৰু হিংগুলচূৰ্ণৰ লেপনেৰে সৰোবৰত অলস স্নানত ডুব গ’লো। কি যে এক মায়া এই কুমলীয়া যৌৱনৰ। দেহৰ পাহিবোৰ চাই হেঁপাহ নপলায়। সৰোবৰৰ জলে মোক চুবলৈ লাজ পায়। সখীহঁতে পানী ছটিয়াই মোক নোৱায়, ধোৱায়। অত ৰূপ, অত লাৱন্য কাৰ বাবে সযতন, হৃদয়ৰ মাজত এই প্ৰশ্নটোৱে বাৰে বাৰে দোলা দি যায়। চিনাকী-অচিনাকী ভাববোৰত ডুবি থাকোঁতেই পদূলিমুখত ৰথৰ শব্দ শুনো, অনুষ্ঠানৰ বাবে বেছি দণ্ড নাই বাকী।

সেইদিনা মন্দিৰত বিৰাট আয়োজন। মন্দিৰৰ প্ৰৱেশ পথত পাৰি দিয়া হৈছিল ৰঙা দলিচা। ৰঙা দলিচাত সিঁচি দিয়া হ’ল গোলাপৰ কোমল পাহিবোৰ। যথা সময়ত সৈন্য সহিতে মনুদেৱ আহি উপস্থিত হ’ল। ৰজাক সম্ভাষণৰ উদ্দেশ্যে মই নাৰ্জীফুলৰ মালা লৈ প্ৰৱেশপথত ৰৈ আছিলোঁ। কংকণ আৰু নেপূৰৰ ঝনঝননি তুলি নৃত্যময়ী খোজেৰে আগুৱাই গৈ মই ৰজা মনুদেৱৰ ডিঙিত মালা আঁৰি দিলো। ৰজাই মূৰটো হাউলাই মোলৈ কিছু পৰ চাই থাকিল। চক খাই উঠিলো মই। ইমান তীক্ষ্ণ চকু! সেইযোৰ চকুৰ সন্মুখতে এতিয়া মই নৃত্য পৰিবেশন কৰিব লাগিব। কিঞ্চিত উদ্বিগ্নতাই বাস ল’লে মনত।

সন্ধ্যা নামি আহিল। পুৰোহিতে অনুষ্ঠানৰ আঁত ধৰিলে। বৈশালীৰ কন্যাহঁতে নৈশ দীপমালাবোৰত তেল ঢালি উজলাই তুলিছে মন্দিৰ প্ৰাংগন। বাদ্যযন্ত্ৰ সহিতে বাদকসকল মঞ্চৰ সোঁফালে আসন লৈছে। মৃদু মধুৰ সুৰ এটাৰে বাদ্যসংগত কৰিলে বাদকে। মই ধীৰ গতিৰে মঞ্চলৈ আগবাঢ়িলো। সুৰৰ ঝংকাৰে মোক পাৰ্থিৱ শক্তিৰ পৰা নিলগাই নিয়ে। কংকন আৰু নেপূৰৰ শব্দবোৰে মোক কোনোবা দ্যুলোকলৈ লৈ যায়। আৰু বাদ্যৰ গতিৰ লগে লগে মোৰ পদযুগলৰ সঞ্চালন খৰ হয়। মই হেৰাই যাওঁ নৃত্যৰ মাজত। দৰ্শকৰ আসনত তেতিয়া মহাজগতৰ নীৰৱতাই বিৰাজ কৰিছে। ঢোল-মৃদংগৰ শব্দৰ মাজত তেনে সময়তে বিজুলী হৈ আহে তীক্ষ্ণ চাৱনিটো, ৰজা মনুদেৱৰ চাৱনিটো।
ক্ষন্তেকতে মেঘে গাজিছিল, ডাঙৰকৈ ধুমুহা আহিছিল, চাকিবোৰ নুমাই আন্ধাৰ নামি আহিছিল। শৰতৰ সন্ধ্যা এই ধুমুহা-বৰষুণ যেন বিপদৰ আগজাননী। মঞ্চৰ পৰা নামি গচি গচি চাকিবোৰ জ্বলাই দিলো। চাকিৰ ধৃষ্ণিবৰ্ণী পোহৰত মোৰ মুখমণ্ডল নক্ষত্ৰৰ দৰে দ্যুতিমান হৈ গৈছিল, টানি আনিছিল সখীয়ে মোক, “পালী, কি সুন্দৰ দেখাইছে তোক! ৰজাই তোৰ পৰা চকু আঁতৰাবই পৰা নাই।”

“যাঃ”, লাজ নে ভয়ত মূচকচ গ’লো মই। পুষ্পকক দেখা নাই, ক’ত আছে সি, মনটো অস্থিৰ হৈ উঠিল। সি থাকিলে মোৰ সাহস বাঢ়ে।

এইবাৰ আহি পুৰোহিতে খবৰ দিলে, মোক ৰজাই ওচৰলৈ মাতিছে। কিয় মাতিছে? কিবা ত্ৰুটি পালে নেকি মোৰ নৃত্যত?

খামুচি ধৰিলো সখীৰ হাতত। দুৰু দুৰুকৈ কপি উঠিল বক্ষ। ধীৰ খোজেৰে ৰজাৰ ওচৰলৈ খোজ ল’লোঁ। মন আন্দোলিত, আন্দোলিত দেহা, কঁপি উঠা অধৰ, নেপূৰৰ জনজননিত কঁপি উঠা চৌপাশ।

জুনুক জুনুক জুনুক।

ৰজাই মূৰ তুলি চাই থাকিল । ত্ৰিভূৱন পাহৰি গ’ল যেন। কিছু দণ্ড তেনেকৈ থাকি মাত লগালে,

“দেৱী, তোমাৰ নৃত্যত মই সন্মোহিত। মই তোমাৰ পিতৃ-মাতৃক লগ পাব বিচাৰো। তেখেতসকল আছেনে ইয়াত?” গলগলীয়া কণ্ঠ তেওঁৰ।

মই দৰ্শকৰ ফালে চাই পঠিয়ালোঁ। নাই, পিতাই অহা নাই আজি। মোৰ মনৰ ভাব তেওঁ বুজি পালে,

“নাই, নাই, কোনো কথা নাই দেৱী। তেওঁক অনতিপলমে মোক লগ কৰিবলৈ ক’বা।“

মাত্ৰ দুটা বচন বিনিময় কৰি ৰজা মনুদেৱ ৰথত বহিলগৈ। প্ৰধানমন্ত্ৰীয়ে পিতাইক খবৰ দিবলৈ পুৰোহিতক জনাই নিজৰ বাগীলৈ খোজ ল’লে। আৰু তেওঁলোক যোৱাৰ ফালে চাই অংগবস্ত্ৰৰ আঞ্চুল চিকুটি ৰৈ থাকিলো । পথৰ ধূলি উৰুৱাই ৰজাৰ বাগী গুচি যায়। সখীহঁতে মোৰ কান্ধত হাত থৈ তেওঁলোকৰ ফালে চাই থাকিল।

“কি আছিল ৰজাৰ চকুত? কিয় মোৰ বুকু কঁপি উঠিছিল ৰজাৰ কণ্ঠত? কিয় মোৰ নৃত্যত চাকিবোৰ নুমাই গৈছিল? আৰু এনে ক্ষণত কিয় মোৰ পুষ্পক মোৰ ওচৰত নাছিল?” শয়নৰ পৰা উঠি বহি পৰিলো মই। ক’লৈ গ’ল পুষ্পক? কিয় কালিৰে পৰা তাৰ দেখাদেখি নাই?
মধ্যৰজনীৰ প্ৰহৰ। হাতত সাৰে ভৰিত সাৰে মই দুৱাৰ খুলিলো। শুক্ল পক্ষৰ জোনাক ৰাতি মই মূৰে কপালে বস্ত্ৰ মেৰিয়াই পুষ্পকৰ ঘৰৰ প্ৰাংগনত ভৰি দিলোগৈ। পুষ্পকৰ কক্ষৰ গৱাক্ষত টুকুৰিয়াই ফুচফুচাই মাতিলো, “পুষ্পক ! পুষ্পক!”

দুৱাৰ খুলি সি ভিতৰলৈ টানি আনিলে মোক, “কি হৈছে পালী? এই ৰাত্ৰিবেলা তই ইয়ালৈ অকলে কিয় আহিছ?”

“তই কালি কিয় যোৱা নাছিলি পুষ্পক? মোৰ ভয় হৈছিল।“

“কি কাৰণত ভয় লাগিছে পালী?”, দুই বাহুৰে মেৰিয়াই সি আলফুলকৈ সাৱটি ধৰিলে মোক।

“পিতাইক ৰজাই তলব দিছে”, কণ্ঠটো মোৰ থোকাথুকি।

চিন্তিত হৈ পৰিল পুষ্পক। তাৰ পিতাককো ৰজাই তলব দিছিল। সেইদিনাৰে পৰা পিতাকে শয়নপাটি এৰা নাই। কিবা যেন গভীৰ চিন্তাত নিমগ্ন হৈ আছে। ঘৰখন গোমা হৈ পৰিছে হঠাতে। পিতাকৰ এই অৱস্থা দেখি পুষ্পকো চিন্তিত। সেই কাৰণতেই পালীৰ অনুষ্ঠান চাবলৈ যোৱা নহ’ল তাৰ। কিন্তু পালী যে এই ৰাতি তাৰ কক্ষ পাবহি সেয়া তাৰ কল্পনাৰো অগোচৰ আছিল। অলপ শংকাও জাগিল, কোনোবাই যদি পালীক এই সময়ত দেখি যায়!

পথাৰৰ চমু বাটেৰে সি মোৰ ঘৰলৈ বুলি বাট দেখুৱাই লৈ গ’ল। জোনাকী পৰুৱাবোৰে আমাক সংগ দিলে। জোৎস্নাবিধৌত ৰাতিৰ স্ফটিকহেন জোনৰ পোহৰ। মনত পৰিলে, সান্ধ্যবেলা ৰজাৰ আগত নৃত্য পৰিবেশন কৰোতে যে চাকিবোৰ নুমাই গৈছিল! শংকিত মই, ক’ত কি অথন্তৰ ঘটিব লগা আছে নাজানো। আৰু এনেকুৱা সময়তে পুষ্পকৰ হাতখন বৰ দৰকাৰ হয় মোক।

কুঁচিমুচি সোমাই পৰো পুষ্পকৰ বহল বক্ষত, “পুষ্পক, তই আঁতৰি থাকিলে মোৰ বৰ ভয় লাগে।“

পুষ্পকে মোৰ পিঠিত হাত ফুৰাই অভয়দান দিলে, “তই এনেই চিন্তা কৰিছ পালী। ভয় কৰিবলগা একো নাই। মই আছোঁ লগত, সদায়েই আছোঁ। কিন্তু তই এইদৰে ৰাতি অকলে ওলাই নাহিবি।
পুষ্পকৰ বুকুত মূৰ থৈ ৰাতিৰ শেষ প্ৰহৰত নিজৰ শয়নকক্ষ সোমালো। মনটো কিছু মুকলি হ’ল। নিদ্ৰাদেৱীয়ে আঁকোৱালি ল’লে গভীৰভাৱে।

চকু মেলি দেখোঁ, বেলি আহ্নিকলৈ গতি কৰিছে। ধহমহকৈ পাটিৰ পৰা নামিলো। নিজৰ ওপৰতে লজ্জিত হৈছোঁ, মনটোক কোনোমতেই নিজৰ আয়ত্বত ৰাখিব পৰা নাই মই। পিতায়ে কি বুলি ভাবিছে বাৰু? নাই, পিতাই এতিয়াও পথাৰৰ পৰা অহা নাই, ডিঙি মেলি চাই পঠিয়াইছোঁ নঙলামুখলৈ। নাতিদূৰত দেখিলো পিতাইৰ গহীন খোজ, পথাৰৰ বেশত নহয়, বসনত চকচকীয়া ধূতি । কিন্তু ইমান ম্লান বদন, উচপ খাই উঠিলো। পিতাইৰ গা বেয়া নেকি? পিতাইক যে ৰজাই মাতিছিল, সেয়াই কিবা চিন্তাৰ কাৰণ নেকি? ততাতৈয়াকৈ গৰম পানীৰে ভৰি হাত ধুবলৈ দি পাকশালাত মই আহাৰ যতনালো। নামমাত্ৰ আহাৰ স্পৰ্শ কৰি পিতায়ে হাত ধুলে। বুকুখন কঁপি উঠিল, ক’ৰবাত যেন কিবা এটা হৈছে, মই ৰাতি পুষ্পকক লগ কৰিবলৈ যোৱা কথাটো গম পোৱা নাইতো পিতায়ে! দুখে আৱৰি ধৰিলে মোক। পিতাইক মই দুখ দিলো, দুখ দিলো, এইবুলি মোৰ দুনয়নত অশ্ৰুকণা জিলিকি উঠিল। পিতায়ে যদি পুষ্পকক নিবিচাৰে, ময়ো পুষ্পকৰ পৰা আঁতৰি আহিম। অশ্ৰুৰে গাল দুখন ভিজি গ’ল। প্ৰেমত ইমান কষ্ট!

ৰজা মনুদেৱে তালফাল লগাইছে। সামান্য এজনৰ খেতিয়কৰ ইমান স্পৰ্ধা! ‘মহামাত্য’ বুলি চিঞৰি উঠে মাজে মাজে। প্ৰধানমন্ত্ৰী নিৰুপায় হৈ চাই ৰয়। কৃষক সাম্যদত্তই ৰজাৰ উচ্চ আভিজাত্যৰ অহংকাৰ ধূলিসাৎ কৰি থৈ গৈছে। আহত মৃগপহুৰ দৰে ছটফটাই ৰৈছে ৰজা মনুদেৱ। এক বিৰাট অহংকাৰমিহলি সহানুভূতিৰে কৃষকৰ জীয়ৰীক বৈশালীৰ ৰাণী পতাৰ প্ৰস্তাৱ দিছিল তেওঁ,

“সাম্যদত্ত, শুনিছেনে, আপোনাৰ জীয়ৰী এই ৱিজ্জী কাউন্সিলৰ ৰাণী হ’ব। এই ৰাজহাউলিত তেওঁ ৰাণী হৈ থাকিব।“

মৌন হৈ ৰৈছিল সাম্যদত্ত। দুগুণ বয়সৰ ৰজালৈ কোনোপধ্যেই জীয়েকক সম্প্ৰদান কৰাৰ কথা মনলৈ আনিব পৰা নাই তেওঁ। ৰজা অস্থিৰ হয়।

“সাম্যদত্ত, আপুনি মোৰ কথাবোৰ মূল্যায়ণ কৰিব পাৰিছেনে? মই তাইক আপোনাতকৈ বহুত উন্নত জীৱন এটা প্ৰদান দিবলৈ ওলাইছো। এইখিনি সময়ত আপুনি মূৰ্তিৰ দৰে থিয় হৈ নাথাকিব। সন্মত হওক। বিবাহৰ দিন ঠিক কৰক।“

বিবাহৰ প্ৰসংগটোৱে প্ৰায়েই সাম্যদত্তৰ বুকু ভাঙে। মুখ খুলিলে লাহে লাহে,

“মহাৰাজ, এয়া আপোনাৰ মহানতা যে আপুনি এজন সাধাৰণ কৃষকৰ ছোৱালী বিয়া পাতিবলৈ খুজিছে। কিন্তু মহাৰাজ, মোৰ ছোৱালী তেনেই সৰু ছোৱালী। ওঠৰত ভৰি দিয়াই নাই। মই এতিয়াই তাইৰ বিয়াৰ কথা ভাবিবলৈ কষ্ট পাইছোঁ মহাৰাজ।“

কাকূতি কৰি উঠিছিল কৃষক সাম্যদত্তই। পলকতে এক ভয়ংকৰ মানুহলৈ পৰিণত হ’ল ৰজা সাম্যদত্ত। এজন কৃষকে তেওঁৰ প্ৰস্তাৱ অমান্য কৰে, ইমান সাহ! গৰজি উঠিল সমুদ্ৰৰ তৰ্জনৰ দৰে,

“সাম্যদত্ত আপুনি কাৰ আগত কথা হৈ আছে বুজা নাই। এই সৰু অজুহাতবোৰ মোক নেদেখুৱাব। সেই মালীৰ পুতেকৰ লগত যে আপোনাৰ ছোৱালীৰ সম্পৰ্ক আছে সেয়া মই নজনা নহয়। জীয়ৰীক বুজাওক। তিনিদিনৰ ভিতৰত মোক উত্তৰ লাগে। আৰু মই নঞাৰ্থক উত্তৰ শুনিবলৈ কোনোপধ্যেই প্ৰস্তুত নহয়। আপুনি এতিয়া যাব পাৰে।“ হাতেৰে ইংগিত দিলে মনুদেৱে। ক্ৰোধান্বিত নয়ন দুটা দেৱাললৈ ঘূৰাই দিলে। সাম্যদত্তলৈ চাই থাকিলে তেওঁ ভস্ম হৈ যাব যেন।

মলিন চেহেৰাৰে সাম্যদত্তই খোজ লৈছিল বাহিৰলৈ, তেনেতে আকৌ গুজৰি উঠিল ৰজাই, “আৰু এটা কথা শুনি যাওক ডাঙৰীয়া সাম্যদত্ত। আপোনাৰ ছোৱালী ওঠৰত ভৰি দিবলৈ বেছি দিন নাই। প্ৰাপ্তবয়স্কা ছোৱালীৰ ওপৰত ৰাষ্ট্ৰৰ অধিকাৰ থাকে। আপোনাক নিশ্চয় এই কথা নতুনকৈ বুজাব নালাগিব।“

উচপ খাই চাই ৰয় ৰজালৈ তেওঁ। দেশৰ অধিকাৰ বুলি কৈ কি ইংগিত দিলে বৈশালীৰাজে। এই যেন মহাপক্ষী এজনী নিউ নিউকৈ মূৰৰ ওপৰেৰে পাৰ হৈ গ’ল। দি গ’ল অশুভ ইংগিত কিছুমান।

ৰাজনীতি আৰু আইন সম্পৰ্কীয় কিছু কথা তেৱোঁ নজনা নহয়। কোনোদিনে কথাবোৰে তেওঁক স্পৰ্শ কৰা নাছিল। কাৰণ তেওঁলোকৰ জীৱন কেৱল নিজৰ আৰু পৰিয়ালৰ ভৰণপোষণতে ন্যস্ত আছিল। সমাজ আৰু ৰাজ্য সম্পৰ্কীয় কথাবোৰত মূৰ ঘমাব লগীয়া একো কাৰণ নাছিল। কিন্তু এতিয়া কাৰণ আছে। এই আইনে তেওঁৰ কলিজাত হাত দিছে। বুকুখনত হাত দি চালে। মৃত তেজে কৰাল বান্ধিছে। বক্ষজুৰি কেঁচা তেজৰ গোন্ধ।

ঢলং পলংকৈ ঘৰ সোমাই দেখিলে, আদৰৰ জীয়ে গুণগুণাই গুণগুণাই আহাৰ পাক কৰিছে। কোনোমতে আহাৰত হাত লগাই তেওঁ চোতালত বহি থাকিল। তিনিদিনৰ ভিতৰত ৰজাক উত্তৰ লাগে । এফালে আকৌ জীয়েকৰ ওঠৰবছৰীয়া জন্মদিন নিচেই সমীপত।

পুষ্পকৰ দেউতাকলৈ খবৰ পঠিয়ালে। উপায় এটা ভাবি উলিয়াব লাগে। ওঠৰ বছৰ হ’লেই জীয়েক দেশৰ সম্পত্তি হৈ পৰিব। তেতিয়া ৰজাৰ ইচ্ছাই আইন হ’ব। এটা সুৰুঙা বিচাৰি পাইছে তেওঁ, বিবাহিতা নাৰীৰ ওপৰত ৰাষ্ট্ৰৰ অধিকাৰ নাথাকে।

পুষ্পক! পুষ্পকৰ বাদে আন একো উপায় দেখা নাই তেওঁ। পুষ্পকৰ হাতত সম্প্ৰদান কৰিলে নিৰাপদ হৈ থাকিব স্নেহৰ দুহিতা। তেতিয়া যে জীয়েকো সুখী হ’ব। কিন্তু এইখিনিকে কৰিবলৈ সময় ইমান তাকৰ।

এৰা, দুদিন পিছতেই মই ওঠৰবছৰত ভৰি দিম। প্ৰাপ্তবয়স্কা হ’ম মই। বেৰত কাণ লগাই শুনিছোঁ, পিতাইহঁতৰ কথোপকথন। বিয়াৰ কথা পাতিছে আমাৰ। ওঠৰ বছৰীয়া জন্মদিনতে মন্দিৰত দুয়োৰে মালা সলোৱাৰ প্ৰসংগ আনিছে।

খঞ্জনী পখীটি বুকুৰ মাজেৰে ভূৰুংকৈ পাৰ হৈ গ’ল। পথাৰৰ আলিৰে দৌৰি গৈ পুষ্পকৰ ঘৰ পালোগৈ। গৈয়েই পিছফালৰ পৰা পুষ্পকক সাৱটি ধৰি পিঠিত মূৰ গুজি দিলো। অলপো দ্বিধাবোধ নাথাকিল, এয়াতো মোৰেই পুৰুষ, জন্ম-জন্মান্তৰৰ বাবে মোৰ নামৰেই পুৰুষ। এতিয়া যে আমাৰ সম্পৰ্কই নাম পোৱাৰ কথা।

পুষ্পকে মিঠা হাঁহি এটাৰে পিছফালৰ পৰা আগলৈ আনি মোৰ থুঁতৰিত ধৰি সুধিলে, “মোৰ পালীজনী আজি ইমান আনন্দত কিয়?”

“আনন্দৰেইতো কথা পুষ্পক! তোৰ পালীৰ যে বিয়া!”

সেমেকা হাঁহি এটা মাৰিলে সি, “জানো পালী। ৰজাই তোৰ হাত বিচাৰিছে।”

“কি কৈছ তই পুষ্পক? কোন ৰজাৰ কথা কৈছ?”

“বৈশালীৰাজ মনুদেৱে তোলৈ বিয়াৰ প্ৰস্তাৱ পঠিয়াইছে পালী। তই নাজাননে?”

পিছহুঁহকি আহিলো মই। নাই নাই, পিতায়ে সেই কথা পতা নাছিল। পিতায়ে মোৰ লগত ৰজাৰ বিয়া ঠিক কৰা নাই। পুষ্পকৰ বিয়াহে ঠিক কৰিছে। পুষ্পকে মিছা কৈছে। হয়তো নাজানে সি।

“এই পাগলী, তই যতেই থাক, সুখেৰে থাক, মই তাতেই সুখী হ’ম। চাচোন মই কন্দা নাই।“

“বুৰ্বকটো, চকু জলেৰে ভৰি আছে আৰু সি কয় কন্দা নাই। চকুৰ পতাত চুমা এটা আঁকি দিলো, মই তোক বাদ দি ৰজাৰ পত্নী হ’ম বুলি কিয় ভাবিছ পুষ্পক?”

তাৰ চকুপানীখিনি মচি মই হাঁহি পেলালো, “আৰু দুদিনহে, এই শংকা, এই সন্দেহ সকলো দূৰ কৰি মই তোৰেই লখিমী পত্নী হৈ ঘৰ সোমামহি। এতিয়া যাওঁ। তোৰ পিতৃদেৱ এতিয়া আমাৰ ঘৰত।”

বনপখীজনী হৈ পথাৰৰ আলিৰে ঘৰলৈ বুলি দৌৰ মাৰিলো। কিন্তু ই কি! ইমানবোৰ নিৰাপত্তাৰক্ষী! খোজৰ গতি মন্থৰ হ’ল। অধোবদনে খোজ ল’লো নঙলা খুলি। চৰাঘৰত বহুত মানুহ। ৰজাঘৰীয়া মানুহ। প্ৰধানমন্ত্ৰী তাম্ৰভদ্ৰক চিনি পাইছোঁ, তেওঁক লগ পাইছিলো মন্দিৰৰ নৃত্যানুষ্ঠানত।

“প্ৰণাম মহামাত্য।“, ওচৰ পাই মাত দিলো তেওঁক।
“পালী, এওঁলোকক শীতল জলেৰে আপ্যায়ন কৰা।“, পিতায়ে মোক লগে লগে তাৰ পৰা পঠিয়াই দিলে ভিতৰলৈ। ভিতৰলৈ আহি বেৰেৰে কাণ ঊণাই থাকিলোঁ মই।

“গতিকে সাম্যদত্ত, কি ভাবিলে আপুনি?”

“মহোদয়, আপুনি মোৰ ঠাইত থিয় হৈ চিন্তা কৰি চাওক। পালী এতিয়াও ওঠৰ বছৰত ভৰি দিয়াই নাই । বিবাহৰ উপযুক্ত হ’লেহে মই সেই কথা চিন্তা কৰিম। কিন্তু দুগুণ বয়সৰ ৰজা মনুদেৱলৈ মোৰ ছোৱালীক কিদৰে অৰ্পণ কৰো মহোদয়, আপুনিয়েই কওকচোন।“

“মই আপোনাৰ মনৰ দোমোজা বুজি পাইছোঁ। যিকোনো দেউতাকেই সেইধৰণে চিন্তা কৰিব। কিন্তু আপুনি ৰজাৰ বিষয়ে জ্ঞাত নহয়। আম্ৰপালীক দেখাৰে পৰাই তেওঁ খাৱন শোৱন বাদ দিছে। মুখত কেৱল আম্ৰপালীৰ গুণগান আৰু দিবাস্বপ্নত মজি থাকে। বৈশালী ৰাজসভালৈ সম্পূৰ্ণ পিঠি দিছে তেওঁ। ক্ষমতাৰ কথা পাহৰি গৈছে, পাহৰি গৈছে ৰাজকাৰ্যৰ কথা। বৈশালীৰ প্ৰজাগণৰ বাবে অন্ততঃ ৰজাৰ হাতত অৰ্পণ কৰক তেওঁক। দুগুণ বয়স হ’লেও আম্ৰপালীয়ে ৰজাৰ মৰম-স্নেহত কোনোদিনেই ত্ৰুটি দেখা নাপাব। কিন্তু ইয়াৰ বিপৰীত হ’লে তেওঁ যিকোনো পৰ্যায়লৈ যাব পাৰে।“

চকু মুদি ভাবি ৰৈছে সাম্যদত্তই। আওপকীয়াকৈ ভাবুকি দিছে নেকি প্ৰধানমন্ত্ৰীয়ে ৰজাৰ হৈ? নাই, পৃথিৱীৰ কোনো শক্তিয়ে এজন পিতৃৰ পৰা এজনী কন্যাক দূৰ কৰিব নোৱাৰে। ইমান সহজে হাৰমনা মানুহ তেওঁ নহয়। ৰজাই যিকোনো পৰ্যায়লৈ যাব পাৰে মানে কি কথা। বৈশালীৰ আইন ইমান দুৰ্বল নহয় যে, মন গলেই কোনোবাই জোৰকৈ বিয়া পাতিব পাৰে। লাগিলে সেয়া ৰজাই হওক কিয়। তাম্ৰভদ্ৰই আকৌ মুখ খুলিলে,

“আপুনি ৰজা মনুদেৱৰ যি নম্ৰ চেহেৰা মনলৈ আনি থৈছে, ৰজা মনুদেৱ তেনে নহয় প্ৰকৃততে। বাহ্যিক দৃষ্টিত তেওঁ নম্ৰ, ভদ্ৰ, হিতোপকাৰী, কিন্তু প্ৰকৃততে তেওঁ ভীষণ ভয়ংকৰ আৰু আত্মকেন্দ্ৰিক। আপুনি নগৰগণিকা নিয়োগৰ আইনখনৰ বিষয়ে অজ্ঞাত নহয় নিশ্চয়।“

মুখ মেল খাই গ’ল সাম্যদত্তৰ। তেওঁ নগৰগণিকা আইনখনৰ বিষয়ে অজ্ঞাত নহয়। এই আইনমতে, ওঠৰ বছৰৰ ওপৰৰ অবিবাহিতা নাৰীক ৱিজ্জী কাউন্সিলে ভোটদান প্ৰক্ৰিয়াৰ যোগেদি নগৰগণিকা ৰূপে বাচনি কৰিব পাৰে। কিন্তু নগৰগণিকাৰ প্ৰসংগ ইয়ালৈ আহিছে কিয়। কথাবোৰ বিশৃংখল হৈ গ’ল সাম্যদত্তৰ, আবতৰীয়া বৰষুণে বিশৃংখল কৰি যোৱা হৰিৎপত্ৰবোৰৰ দৰেই।

সখী প্ৰভাৰ লগ লাগি মই শীতল জল আৰু সুমিষ্ট ক্ষীৰেৰে আপ্যায়ণ কৰিলো ৰজাৰ অতিথিক। আঁৰচকুৰে মোলৈ চাই থাকিল মহামাত্য তাম্ৰভদ্ৰই। কপালত চিন্তাৰ ৰেশ। এফালে প্ৰেম আৰু জেদেৰে বলীয়ান হৈ যিকোনো কাম কৰিব পৰা ৰজা মনুদেৱ, আনহাতে কোনোপধ্যেই শিৰনত কৰিব নোখোজা পিতা সাম্যদত্ত আৰু তাৰ মাজতে বিপ্ৰতিপন্ন হৈ ৰোৱা আম্ৰপালীৰ ভৱিষ্যত।

বৈশালীৰাণী নে নগৰগণিকা নে পুষ্পকৰ পত্নী?

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক