আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি- পৰী পাৰবীন

(চতুৰ্দশ খণ্ড: )

বৈশালীৰ ঘৰে ঘৰে কন্দল বাঢ়িছে।
সোমৰস আৰু ব্যভিচাৰত ডুবিবলৈ লৈছে বৈশালীৰ পুৰুষগণ। শিশুসকল ক্ষুধাত ৰৈছে, নাৰীসকলৰ বস্ত্ৰ মলিয়ন হৈছে। এই সকলো অথন্তৰৰ মূল নায়িকা হৈছে দেৱী আম্ৰপালী।

এনে অজস্ৰ দুৰ্নামেৰে আঘাত কৰি গৈছে দেৱী আম্ৰপালীৰ কৰ্ণ। কোনোৱে আহি ৰজাক আপত্তি দৰ্শাইছে, দেৱী আম্ৰপালীক উৎখাত কৰিব লাগে। গণিকাৰ অপৱিত্ৰ স্পৰ্শই বৈশালীৰ দৰে পুণ্যভূমিখন অপৱিত্ৰ কৰি তুলিছে। তাৰেই ফলস্বৰূপে বৈশালীৰ পুৰুষসকল নিষ্কৰ্মা হৈছে।

ৰজা মনুদেৱে হাঁহিছে। বৈশালীৰ সকলো পুৰুষৰ চকুৰ মণি আম্ৰপালীৰ বিপক্ষে মাত মতা দেখি তেওঁৰ প্ৰতিশোধৰ লিপ্সা বাঢ়ি গৈছে। বিচাৰ হওক, বিচাৰত দোষী সাব্যস্ত হ’লে আম্ৰপালীক শাস্তি প্ৰদান কৰা যাওক। আম্ৰপালীক কি শাস্তি দিলে তেওঁৰ মন জুৰ পৰিব তেওঁ সেই কথা নাজানে। কিন্তু বৈশালীৰ বাহিৰে ভিতৰে আম্ৰপালীৰ গুণগান শুনিলে তেওঁ ঈৰ্ষাত দগ্ধ হয়। বোকাৰ পদ্মফুলৰ দৰে জাতিষ্কাৰ হৈ থকা আম্ৰপালীক তেওঁ যি উদ্দেশ্যৰে আনি নাম-যশৰ শীৰ্ষস্থান প্ৰদান কৰিলে, সেই আম্ৰপালীয়ে গোৰ মাৰি দিলে তেওঁক। ৰজা হৈও তেওঁৰ সামান্য আকাংক্ষা এটা পূৰণ হোৱা নাই। ইমানেই অহংকাৰ সেই সামান্য নাৰীৰ। অহংকাৰী নাৰীৰ এই অপযশে তেওঁক উৎসাহিত কৰিছে। উৎসাহিত কৰিছে বাবেই আম্ৰপালীৰ বিৰুদ্ধে উচটাই দিলে বৈশালীৰ নাৰীসকলক। প্ৰাতঃবেলাতে এজাক নাৰীৰ গুমগুমনি ভাঁহি আহি সচকিত কৰি তুলিলে আম্ৰকুঞ্জৰ দাস-দাসীসকলক।

প্ৰভা দৌৰি আহিল,
“বৈশালীৰ সমস্ত নাৰী আহি প্ৰৱেশপথত উপস্থিত হৈছে। তেওঁলোকে দেৱী আম্ৰপালীৰ ওপৰত ক্ৰোধান্বিত হৈ আছে।’’

“ক্ৰোধান্বিত? আম্ৰপালীৰ ওপৰত ক্ৰোধান্বিত হোৱাৰ কি কাৰণ?”

“কাৰণ, দেৱীৰ মোহত পৰি বৈশালীৰ পুৰুষসকলে ঘৰ-সংসাৰৰ ফালে মন নিদিয়া হৈছে। সমস্ত আৰ্জন আনি পুৰুষসকলে দেৱীৰ নৃত্যানুষ্ঠানত খৰচ কৰে। সোমৰসত মাতাল হৈ থাকি শুই বহি কটায়। ’’
মনটো মোৰ বিচলিত হৈ পৰিল। এই সকলো দুখ-দুৰ্দশাৰ ময়েই কাৰণ নেকি? মই পাপী, মই কলংকিনী। এই পৃথিৱীত মই জীয়াই থাকি বোজা হৈছোঁ নেকি? মনটোত অজস্ৰ ভাৱনাই তোলপাৰ লগালে।

দ্বাৰৰক্ষীক নিৰ্দেশ দি তেওঁলোকক ভিতৰত আসন ল’বলৈ দিয়া হ’ল। জলযোগৰ ব্যৱস্থা কৰা হ’ল। দাসীসকলে মোৰ প্ৰসাধনৰ বাবে সাজু হ’ল। সখী প্ৰভাৰ নিৰ্দেশত মোৰ শৃংগাৰ আৰম্ভ কৰিলে তেওঁলোকে। ছাঁইবৰণীয়া ভূষণৰ লগত মিলাই উজ্জ্বল মাঙনৰঙী মণি-মুকুতা, কান্ধত মদাৰফুলৰ দৰে তেজাল উত্তৰীয়, কঁকালত কিংকিনী, দীঘল চুলিটাৰিত বকুলফুলৰ মালাৰে সুসজ্জিত মোক দেখি বৈশালীৰ সাধাৰণ নাৰীসকলৰ চকু চাট মাৰি ধৰিলে। তেওঁলোকৰ সমস্যাবোৰৰ বিষয়ে জানিবলৈ তেওঁলোকৰ সন্মুখত থিয় হ’লোঁ, স্মিত হাঁহিৰে নমস্কাৰ জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ মুখবোৰ লাহে লাহে কোমল হৈ আহিল। মোৰ চকুলৈ মূৰ তুলি চাই থাকিল বৈশালীবধূসকলে। ক্ৰোধ সামৰি তেওঁলোকৰ চকুত এইবাৰ অপাৰ কৌতূহলে বিৰাজ কৰিলে। নিজৰ মাজতে গুণগুণনি তুলিলে, তেওঁলোকে সন্মুখত যি দেখিছে সেয়া দেৱী নে মানৱী।

ৰূপৰ অহংকাৰ মোৰ কোনোদিনেই নাছিল। কিন্তু আছিল নিজৰ প্ৰতি সাংঘাতিক বিশ্বাস। মই যি চকুত চকু থওঁ, সেই চকুৱে মোৰ প্ৰতি ঘৃণা ভাব ৰাখিব নোৱাৰে, এই বিশ্বাস আছিল মোৰ। বৈশালীৰ নাৰীসকলৰ চকুলৈ চালোঁ। সেইবোৰ চকুলৈ চালোঁ, যিবোৰ চকুক হয়তো হতাশাৰ বাদে আন একোৱেই আপোন কৰি লোৱা নাছিল।

ইমান হতাশা কিহৰ বাবে? তেওঁলোকৰ স্বামীসকলে তেওঁলোকৰ প্ৰতি দায়িত্ব পালন কৰা নাই, এয়াই হতাশা নেকি? ইয়াত মোৰ কি কৰণীয় আছে?

আছে, কৰণীয় আছে। ৰাষ্ট্ৰৰ এজন দায়িত্বশীলা নাগৰিক হিচাপে মই তেওঁলোকৰ হৈ আইনৰ ওচৰত মাত মাতিব পাৰোঁ। তাৰ বাহিৰে মই কি কৰিব পাৰোঁ। তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰোঁনে? আত্মনিৰ্ভৰশীল হ’বলৈ আগ্ৰহী নে তেওঁলোক? নে তেওঁলোকে চিৰজীৱন কেৱল পুৰুষৰ কান্ধত ভেঁজা দিয়েই কটাই দিব খোজে। কি বিচাৰে বৈশালীৰ এই নাৰীসম্পদসকলে? সোধা হ’ল তেওঁলোকক।

মোৰ প্ৰশ্ন শুনি তেওঁলোকে ইজনীয়ে সিজনীৰ মুখলৈ চালে। এয়াতো বৰ অবান্তৰ প্ৰশ্ন। নাৰীয়ে নিজৰ বুলি কিবা চিন্তা কৰিব পাৰে নে? পুৰুষৰ অধীন নহ’লে নাৰী দেখোন বেশ্যা হ’ব লাগিব।

চকু মুদি দিলোঁ। সিহঁতৰ কথাত ভুল নাছিল। এজন তথাকথিত প্ৰভাৱশালী পুৰুষৰ অধীন হ’ব নোখোজাৰ বাবেই মোক জোৰকৈ বেশ্যা সজোৱা হ’ল। সেই ইতিহাস মই কিদৰে পাহৰিম? কিন্তু যুগে যুগে এই ইতিহাসৰেই পুনৰাবৃত্তি ঘটিবনে? মই শিশুসকললৈ চালোঁ, তেওঁলোকৰ পেটত ক্ষুধা দেখিলোঁ, মাতৃসকলৰ চকুত দেখিলোঁ মোৰ প্ৰতি অযুত ভৰসা।

“কি বিচাৰে আপোনালোকে?” , মই মুকলিকৈ সুধিলোঁ।
হয়, তেওঁলোকে এই দুৰৱস্থাৰ পৰা মুক্তি বিচাৰে।
“মোক আজি ৰাতিটোৰ বাবে চিন্তা কৰিবলৈ দিয়ক, মই নিশ্চয় কোনো পথ উলিয়াম”, তেওঁলোকক জনালোঁ মই।

তেওঁলোক গ’লগৈ। ওৰেটো ৰাতি মই উদ্যানৰ কাষ্ঠবেদীত বহি থাকিলোঁ। দেহাত ঊণৰ বস্ত্ৰ। তামসিক আচ্ছাদন মেৰিয়াই উদ্যানখনে ঝিঁ ঝিঁ শব্দৰ ঝংকাৰ তুলিছে। সেই ঝংকাৰত সংগ দিছে ৰাজপথত মৈথুনৰত মেকুৰীৰ বিলাপে। নিশাটি বেছ ৰহস্যঘন। সমগ্ৰ বৈশালী এতিয়া নিদ্ৰাত অচেতন। সাৰে আছোঁ মই। নাৰীজীৱনৰ অসহায় উপলদ্ধিয়ে মোক বিভ্ৰান্ত কৰিছে। পুৰুষৰ শৌৰ্য-বীৰ্যৰ অহংকাৰে অসহায় কৰা নাৰীসকলৰ দুখ-দুৰ্দশাই মোক শান্তিৰে থাকিবলৈ দিয়া নাই।

উশাহৰ পিছত উশাহ সলাইছোঁ, দূৰলৈ দৃষ্টি নিক্ষেপ কৰিছোঁ, প্ৰকৃতিৰ সান্নিধ্যত নিৰ্জন আলাপেৰে নিজক প্ৰশ্ন কৰিছোঁ মই, “লক্ষ্য কি মোৰ? এই নীৰস বস্তুবাদী জীৱনেই মোৰ কাম্য আছিল নে?”

কাষ্ঠবেদীৰ পৰা উঠি মই দোলযানত বহি পৰিছোঁ। ভৰিৰ নেপূৰে জুনুককৈ লহৰ তুলিছে। বৰ সতৰ্কতাৰে খোজ থৈছোঁ মই। পালংকৰ পৰা উঠি আহি উদ্যানত কটাই দিয়া এই নিশাবোৰ মোৰ বাদে আন কাৰো জ্ঞাত নহয়। জ্ঞাত হ’লেই যে ব্যস্ত হৈ পৰিব মোৰ দায়িত্বত নিয়োজিত নিৰাপত্তাৰক্ষীদ্বয়, অহেতুক ব্যস্ত হৈ পৰিব দাস-দাসীসকল, কোৰ্হাল ৰচিব সখী প্ৰভাই।

তুষাৰকণাৰ পৰশে মোৰ শৰীৰটো শীতল কৰি পেলাইছে। কিন্তু মনৰ জুই শাঁত পেলাবলৈ সক্ষম নহয় কেও। ইমান নিসংগ এই ধৰা! কৌটি কৌটি জীৱৰ লগত মনৰ মিল নাথাকে। পৰম বিস্ময়ত থৰ হৈ ৰওঁ মই। সেই পুৰুষসংগীসকল, যি ধনৰ জনজননিত পৃথিৱী ক্ৰয় কৰিবলৈ সক্ষম, তেনে পুৰুষৰো মনৰ মাজত ইমান দৰিদ্ৰতা। সুগোল বক্ষ আৰু উঠন নিতম্বৰ বাহিৰে নাৰীৰ মাজত বেলেগ এখন জগত আছে বুলি ভাবিব নোৱাৰে তেওঁলোকে।

স্তনযুগল মোহাৰি দিলোঁ লাহেকৈ। কত পুৰুষৰ আচোঁৰ সামৰি এই স্তনযুগলে প্ৰেমৰ অভিনয় কৰিছে সেয়া মোৰ বাদে কোনে জানে? মোৰ প্ৰেমৰ অভিনয়ত সন্মোহিত হৈ প্ৰেমিকসকলে বাৰে বাৰে মোৰ নিশাবোৰ ক্ৰয় কৰে। অধিকতকৈও অধিক দামত বিক্ৰী হৈ যায় মোৰ এটি এটি নিশা। এই নিশাবোৰে মোক ৰাক্ষসৰ দৰে গিলি থয়। সুযোগ পালেই এই ৰাক্ষসটোৰ গৰ্ভৰ পৰা ওলাই মই নিজানত আশ্ৰয় লওঁ। এই নিৰ্জনতাই মোৰ বহু প্ৰশ্নৰ উত্তৰ দিয়ে। এই নিৰ্জনতাই মোৰ কোমল বক্ষৰ আঁৰৰ মানুহজনীৰ খবৰ লৈ প্ৰেমিক হৈ পৰে। মনটো জুৰ পৰে লাহে লাহে। ৰাতিবোৰৰ স’তে অভিসাৰ সামৰি পুৱতি নিশাহে মই শয়নপাটীত দেহা এৰি দিওঁ।

“প্ৰভা, মই এটা কথা ভাবিছোঁ।” , বেলি দুপৰত চকু মেলি পথানত বহি থকা প্ৰভালৈ চাই কৈ উঠোঁ মই।
“কি ভাবিছ?” , প্ৰভাই মোৰ নৃত্যৰ সাজযোৰ তৈয়াৰ কৰি আছিল।
“মই নাৰীশিক্ষাৰ বাবে এখন পাঠশালা আৰম্ভ কৰিম। তইতো জানই বৈশালীত নাৰীশিক্ষাৰ কোনো ব্যৱস্থাই নাই। “

প্ৰভাই থৰ লাগি চাই থাকিল মোলৈ।
“আৰু ভাবিছোঁ, বৈশালীৰ নাৰীসকলৰ উপযোগী হোৱাকৈ কিছু বেহা-বণিজৰ ব্যৱস্থা কৰিম। ক্ষুদ্ৰ ব্যৱসায় একোটা আৰম্ভ কৰিলেও তেওঁলোক আত্মনিৰ্ভৰশীল হ’ব পাৰিব। ’’
প্ৰভাই এইবাৰ মাত মাতিলে,
“পালী তই যি চিন্তা কৰিছ, সেয়াতো ৰাজপ্ৰধানেও কৰা নাই। এয়া সম্ভৱনে? ’’
“সম্ভৱ প্ৰভা। ধনৰ চিন্তা কৰিব নালাগে, বাকী আঁচনি যুগুত কৰাটোহে মূল কথা। মোক শিক্ষাদান কৰা আচাৰ্যৰ সহায় আৰু পৰামৰ্শ ল’ব পাৰি। ’’

শৰীৰত তৈলমৰ্দনৰ বাবে পৰিচাৰিকা আহি ৰৈ আছে, দাসী আহি মোক খবৰ দিলে। শৰীৰটো পাটিৰ ওপৰত অলসভাৱে এৰি দিলো। এপদ এপদকৈ বস্ত্ৰ সোলোকাই ছালকুঁৱৰীযুক্ত ঔষধি তেলেৰে মোৰ দেহটোৰ অৱসাদ দূৰ কৰি দিলে। পৰম সুখত মই চকু মুদি ৰ’লোঁ। স্নানকাৰ্য সমাপ্ত কৰি অলপ আহাৰেৰে উদৰ পূৰাই আমি দুয়ো সোণালী ঘোঁৰাত বহি ল’লোঁ। পিছে পিছে মোৰ নিৰাপত্তাৰক্ষীদ্বয়। আমাৰ লক্ষ্য আচাৰ্যৰ গুৰুকুল টোল।

“আজিহে মই উচিত গুৰুদক্ষিণা পাইছোঁ আই। তোৰ জীৱনৰ দুৰ্দশাখিনিয়ে মোক বৰ কষ্ট দি আছিল। আজি সেই কষ্টৰ ভাৰ সম্পূৰ্ণ আঁতৰি গৈছে। ’’ আচাৰ্যই মোৰ শিৰত হাত থৈ আশীৰ্বাদ দিলে। যথাসময়ত কাম আৰম্ভ হ’ল। এফালে নাবালিকাসকলৰ বাবে শিক্ষাদান আৰু সাবালিকাসকলৰ বাবে বৃত্তিগত প্ৰশিক্ষণ দিয়া আচাৰ্যই উপযুক্ত মানৱ সমলেৰে আমাক সহায় কৰিলে। অৰ্থদান কৰিবলৈ আগবাঢ়ি আহিল দেশ-বিদেশৰ বহুতো সম্ভ্ৰান্ত ব্যৱসায়ী।

অগ্ৰগামিনীৰ দেৱীৰ সহৃদয়তা আৰু স্বনিৰ্ভৰশীলতাৰ নিদৰ্শনে বৈশালীত নতুনত্বৰ লহৰ আনিলে। “ বৈশালীৰ আকাশে-বতাহে নিনাদিত হ’ল, “দেৱী আম্ৰপালীৰ জয় হওক” ধ্বনি। চূড়ান্ত অসহায় ৰজা মনুদেৱ গৰজি উঠিছে,

“ইমান স্পৰ্ধা! বৈশালীৰাজক চেৰাই যায়।”

মহামাত্যক মাতি পঠিয়ায় তেওঁ, “মহামাত্য, এজনী ৰাজগণিকাৰ এই অধিকাৰ আছেনে?”

মহামাত্যই কয়, “গণতন্ত্ৰত সকলো সমান আৰু তেওঁ ৰাষ্ট্ৰবিৰোধী কাম কৰা নাই। ’’

ৰজাই এইবাৰ সেনাপতি চিহনাদৰ পৰামৰ্শ বিচাৰে, “দিনে দিনে আম্ৰপালীৰ স্পৰ্ধা বাঢ়ি গৈছে। ’’

চিহনাদে অভয়দান কৰে, “সুযোগৰ অপেক্ষাত থাকিম মহাৰাজ। সুযোগ পালেই তেওঁক পোতাশাললৈ নিক্ষেপ কৰিম। ’’

“নাই, নাই, মই সেয়া বিচৰা নাই। আম্ৰপালীয়ে মোৰ প্ৰেম স্বীকাৰ কৰক, মই কেৱল সিমানেই বিচাৰিছোঁ। ’’ অস্ফুট স্বৰত নিজেই নিজক কৈ উঠে তেওঁ। চিহনাদৰ প্ৰস্থানৰ পিছত তেওঁ ৰুদ্ধকক্ষত সোমাই ক্ৰন্দনত ভাগি পৰে। তেওঁৰ এই সমস্ত খং আৰু ঔদ্ধতালিৰ আঁৰত কেৱল আছে এগৰাকী নাৰীৰ প্ৰতি থকা প্ৰেম। সেই নাৰীয়ে কিয় উপলদ্ধি নকৰে, কিয় নপুংসকৰ দৰে আচৰণ কৰে তেওঁক। উপহাৰৰ পিছত উপহাৰ, আকুলতাৰে ভৰা চিঠি, একোৰেই উত্তৰ ঘূৰি নাহে তেওঁলৈ। ধৈৰ্যৰ বান্ধ খুলি যায় তেওঁৰ। ঘোঁৰাশালৰ পৰা ঘোঁৰা উলিয়াই ৰাজপথত খটখট শব্দ তুলি তেওঁ আম্ৰকুঞ্জৰ প্ৰৱেশদ্বাৰ পায়গৈ। দ্বাৰৰক্ষীয়ে বাৰণ কৰে তেওঁক। তেওঁ উভতি ধৰে,

“মই এই ৰাজ্যৰ নৃপতি হয়। তহঁতৰ ইমান সাহস যে মোক বাৰণ কৰিবলৈ আহিছ।”
“ক্ষমা কৰিব মহাৰাজ, দেৱীৰ অনুমতি অবিহনে প্ৰৱেশ সম্ভৱ নহয়। ’’

গৰজি উঠে ৰজা মনুদেৱ। প্ৰৱেশপথত হুলস্থূল শুনি সৈন্যবাহিনী সস্তম হৈ পৰে। সস্তম হৈ পৰে মোৰ বাবে নিয়োজিত বিশেষ নিৰাপত্তাৰক্ষীদ্বয়।
প্ৰভাই ভয়াৰ্ত চাৱনিৰে মোলৈ চায়, “কি হ’ব এতিয়া?”
“একো নহয়, ৰজাক ভিতৰলৈ আহিবলৈ অনুমতি দিয়া হওক। ’’
প্ৰভাই আশ্চৰ্যচকিত দৃষ্টিৰে মোলৈ চাই চাই বাহিৰলৈ প্ৰস্থান কৰিলে। মই দৰ্পণৰ আগত থিয় হ’লোঁ, “বৈশালীনৃপতি পদেৰে অহংকাৰত মত্ত এই সামান্য জীৱবিধৰ ওচৰত ধৰ্ষিতা হ’বলৈ মই ইমান শক্তিহীনা নে?”

স্বপ্নকক্ষিকাৰ দৰে গোপন, বিলাসী কক্ষত তেওঁৰ আসন ঠিক কৰি দিয়া হ’ল। মুখামুখিকৈ আসন ল’লে তেওঁ। মোৰ চকুৰ তীক্ষ্ণতাত তেওঁ ধৰাশায়ী হ’ল। দাসীয়ে অনা শীতল জলেৰে ডিঙি তিয়াই ল’লে।

“দেৱী।” বিগলিত কণ্ঠেৰে মাত দিলে তেওঁ। তাৰ পাছত তেওঁ মোৰ পিছফালে ঠিয় হৈ থকা নিৰাপত্তাৰক্ষীৰ ফালে চকু দিলে। তেওঁৰ ইংগিত বুজি মই উত্তৰ দিলোঁ,
“আপুনি যি ক’ব খুজিছে নিসংকোচে ক’ব পাৰে। এওঁলোকে আপোনাৰ ভাষা বুজি নাপায়। ’’
“মই তোমাক বহুতবাৰ লগ পাব খুজিছিলোঁ, বহুতকেইখন পত্ৰ লিখিছিলোঁ, বহুত উপহাৰ পঠিয়াইছিলোঁ। তুমি একো উত্তৰ নিদিলা। ’’
“হয় নেকি? আপুনি পঠিয়াইছিল নেকি? মোৰ জ্ঞাত নহয়। ’’, মই কিছু অমনোযোগী স্বৰত কৈ উঠিলোঁ।
“দেৱী তুমি সকলো জানা, সকলো জানা। কিন্তু বাৰে বাৰে মোক তুমি উপেক্ষা কৰিছা। ’’, ৰজা বিহ্বল হৈ পৰিছে।
“নাই মহাৰাজ আপুনি ভুল বুজিছে। আপুনি কি কি উপহাৰ পঠিয়াইছিল মোক জনাওক, যদি মোৰ ওচৰত আছে, সেইবোৰ এতিয়াই আপোনাৰ হাতত তুলি দিম।”
মোৰ উত্তৰ শুনি ৰজা এইবাৰ অগ্নিশৰ্মা হৈ উঠিল, “মই উপহাৰবোৰ ঘূৰাই নিবলৈ অহা নাই দেৱী আম্ৰপালী। তুমি ভালদৰেই জানা মই কি বিচাৰি ইয়ালৈ আহিছোঁ। তুমি জানা, বৈশালীবাসীয়ে তোমাক যি সন্মান দিছে, সেয়া মই তোমাক প্ৰদান কৰা। তুমি যি ক্ষমতাত অধিষ্ঠিত হৈছা, সেয়া কেৱল মই দিয়াৰ বাবেহে সম্ভৱ হৈছে। এই সোণখটোৱা অট্টালিকা, এই চিকমিকোৱা অলংকাৰ-এইবোৰ কাৰ দান, দেৱী আম্ৰপালী? তোমাৰ কৃষক পিতৃৰ ঘৰত এই জীৱনশৈলী সম্ভৱ আছিল নে?”

কি কৈছে ৰজাই? মই ঠিকেই শুনিছোঁনে? চিকুটি চাইছোঁ, এয়া কি দুঃস্বপ্ন! নাই নহয়, এয়া মোৰ সন্মুখত স্বয়ং ৰজাই কৈ আছে, মোৰ জীৱনত তেওঁ কৰা মহান কৰ্মবোৰৰ কথা।

বাঃ!

তেজ উতলি উঠিল মোৰ, “আপুনি কি কি দিলে, সেয়া হিচাপ ঠিকেই ৰাখিছে বৈশালীনৃপতি মনুদেৱ। কি কি নিলে সেই হিচাপ আছেনে আপোনাৰ? এই ৰাজহাউলি, এই স্বৰ্ণখচিত কক্ষ, এই যশ-সন্মান সকলো কাঢ়ি লওক, মাথোঁ মোৰ জীৱন, মোৰ যৌৱন, মোৰ প্ৰেমিক প্ৰয়াত পুষ্পক, মোৰ পিতা এইসকলক ঘূৰাই দিয়ক। পাৰিব আপুনি?”

“পুষ্পক! সেই দৰিদ্ৰ মালীৰ পুতেকক তুমি এতিয়াও মনত ৰাখিছা! তুমি জানানে পুষ্পকৰ মৃত্যু কিদৰে হ’ল? তাক দেশদ্ৰোহী সজাবলৈ কি কি পৰিকল্পনা কৰা নাছিলোঁ আমি। আৰু সি কাৰাগাৰৰ পৰা পলাই অহা নাছিল। তাক মুকলি কৰি দিয়াৰ পাছত আমাৰ নিৰ্দেশত হত্যা কৰা হৈছিল। বেচেৰা পুষ্পক!” , বক্ৰ হাঁহিৰে ৰজাই ভ্ৰূকুটি কৰিলে যেন।

বিস্ফাৰিত নয়নেৰে চাই থাকিলোঁ ৰজা মনুদেৱলৈ। ইমান নিকৃষ্ট ৰাজনীতি চলিল নে সামান্য মালীৰ পুতেক এজনক হত্যা কৰিবলৈ?

“তাৰ এটাই দোষ আছিল, সি মোৰ আৰু দেৱী আম্ৰপালীৰ মিলনত বাধা হৈ থিয় দিছিল। আমাৰ মিলনত বাধা হ’লে মই আনকি দেৱী আম্ৰপালীকো নিঃশেষ কৰিবলৈ কুণ্ঠাবোধ নকৰিম। “

মগজুৰ ৰক্ত পৰিবাহী নলীবোৰ হঠাতে বৰ উত্তপ্ত হৈ পৰিছে। হাত, ভৰি, স্নায়ু কোনোটোৱেই নিজকে চম্ভালিব পৰা অৱস্থাত নাই এতিয়া। এই সত্যবোৰ বৰ বেয়া সময়ত মোৰ চকুৰ আগত ধৰা দিলে। এতিয়া কোনো কথাই যে সহজ হৈ নাথাকিব। তীক্ষ্ণ দৃষ্টিৰে চাই ৰ’লোঁ তেওঁলৈ। খং উঠিলে উষ্মা প্ৰদৰ্শন নকৰাটো মোৰ সহজাত স্বভাৱ।

“খং উঠিলে মুখ খুলিবলৈ চৌবিশঘণ্টা ল’বা, খঙত প্ৰকাশ কৰা কোনোটো সিদ্ধান্তৰেই শুদ্ধতা নাথাকে।” , আচাৰ্যই শিকাইছিল মোক।

এৰা। ক্ৰোধত যদি ৰজা মনুদেৱৰ দৰে আস্ফালন কৰিবলৈ হয়, তেতিয়াহ’লে তেওঁ আৰু মোৰ মাজত কি চৰিত্ৰগত পাৰ্থক্য কি থাকিল? কথা সলালোঁ মই,

“বৈশালীনৃপতি মনুদেৱ, আপুনি আজি মোৰ পদূলিত ভৰি দিলে, আপোনাৰ দৰে বিশাল ক্ষমতাৰ মানুহে আহি সামান্য কৃষকৰ কন্যাক দুদণ্ড সময় দিছে, মোৰ বাবে ইয়াতকৈ সৌভাগ্যৰ কথা কি হ’ব পাৰে?”

তাৰপিছত দাসী সুহাগীৰ ফালে চাই ক’লোঁ, “বৈশালীনৃপতিৰ ভোজনৰ ব্যৱস্থা কৰা হওক।”

থিয় হ’লোঁ মই, বিদায় ল’লোঁ শান্ত কণ্ঠেৰে, “মোৰ বিশ্ৰামৰ সময় হৈছে।’’

মোৰ আচম্বিত বিদায়ত ৰজাই কি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে, সেয়া জানিবলৈ মোৰ মন আৰু শৰীৰ অনুকূল হৈ থকা নাছিল। শয়নকক্ষত প্ৰৱেশ কৰি মই দুৱাৰৰ অৰ্গল বন্ধ কৰি দিলোঁ। নিৰাপত্তাৰক্ষীদ্বয় মোৰ পিছে পিছে আহিছিল। মোৰ ইংগিতত তেওঁলোক বাহিৰতে থিয় দি ৰ’ল।

কি কৰোঁ এতিয়া মই? পুষ্পকৰ মৃত্যুৰ ৰহস্য জ্ঞাত হোৱাৰ পিছত মই কিদৰে থিৰেৰে থাকিব পাৰোঁ? অন্তৰৰ উত্তাল ঢৌৱে বক্ষ ফালি ক্ৰন্দনৰ ৰূপত ওলাই আহিছে। পুৰণি ঘাঁটুকুৰা খুঁচৰি গৈছে এই দম্ভ ৰজাই। মই একো কৰিব নোৱাৰি চাই থাকিলোঁ। মই খং সম্বৰণ কৰিবলৈ তেওঁৰ কাষৰ পৰা পলায়ন কৰিলোঁ, মই দুখ হজম কৰিবলৈ এই বন্ধ কক্ষ বাচি ল’লোঁ।

মূৰটো হেঁচি মই মজিয়াত বহি পৰিলোঁ। পালংকত মূৰ থৈ শপত খালোঁ, নিজেই নিজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ’লোঁ, “কথাবোৰ এতিয়া ইমান সহজ হৈ থকা নাই ৰজা মনুদেৱ। যি ক্ষমতাৰ ৰাগীত তই নিৰীহ পুষ্পকক দোষী সজাই হত্যা কৰিলি, সেই পুষ্পকৰ নামত প্ৰতিজ্ঞা খাইছোঁ, এই ক্ষমতা মই আজুৰি আনিম।”

দাপোণৰ ওচৰত থিয় হ’লোঁ পুনৰবাৰ, চকুৰ জুইকুৰালৈ চাই প্ৰশ্ন কৰিলোঁ, “মোক ইমান শক্তিহীনা যেন লাগে নেকি, যিমানৰ বুলি ৰজা মনুদেৱে ভাবে?”

দুৱাৰ খুলি প্ৰভাক মাতি পঠিয়ালোঁ। তাই পাকশালত ভোজনৰ নৈমিত্তিক নিৰ্দেশনা দি আছিল। ঘৃত আৰু শুষ্ক ফলৰ উপকৰণেৰে তৈয়াৰী পৰমান্ন এবাতি লৈ তাই ততাতৈয়াকৈ মোৰ ওচৰ পালেহি।

“কি হৈছে পালী? তোক ইমান উদভ্ৰান্ত-অস্থিৰ দেখিছোঁ।”
“আচাৰ্যৰ ওচৰলৈ যাব লাগে প্ৰভা। আন কাকো জনাব নালাগে। কেৱল তই আৰু মই যাম। ’’
“হঠাৎ আচাৰ্য! কি নিমিত্তে পালী?”
মই সবিশেষ নক’লোঁ, সময় নাই এতিয়া।

অশ্বচালনাত প্ৰভা মোৰ দৰেই পাকৈত হৈ উঠিছে। বাবা যশপালে উপহাৰ দিয়া স্বৰ্ণঘোঁৰাত উঠি আমি ৰাজপেথেৰে আচাৰ্যৰ ঘৰৰ ফালে বাট ল’লোঁ। দ্ৰুতবেগী ঘোঁৰাতকৈও তেজৰ গতি বেছি দ্ৰুত হৈ পৰিছে। ৰাজপথৰ মানুহে ঘূৰি ঘূৰি চাইছে, ‘দেৱী আম্ৰপালীৰ জয় হওক’ বুলি সসন্মানেৰে বাট এৰি দিছে। অচিন বণিকে আচৰিত হৈ চাই পঠিয়াইছে আমালৈ, স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি অহা কোনো ৰূপকুমাৰীহে যেন দেখিছে, তেনে ভাবত ডিঙি মেলি চাইছে।

“কোন হয় সেই সুন্দৰী নাৰীদ্বয়?”, অচিন বণিকে কাষৰ বাটৰুৱাক সুধি পেলাইছে।
বাটৰুৱাই আচৰিত হৈ চাইছে অচিন বণিকলৈ, “আপুনি ক’ৰ পৰা আহিছে? দেৱী আম্ৰপালীক নাজানে আপুনি?”
“ক্ষমা কৰিব। মই বৈশালীৰ নাগৰিক নহয়, বণিজৰ হেতু ইয়াত বাহৰ পাতিছোঁ। দেৱী আম্ৰপালী মানে সেই ৰাজগণিকাৰ কথা কৈছে নেকি?”
“ৰাজগণিকাৰ পৰিচয়টো আমি মনত নাৰাখোঁ। আম্ৰপালী আমাৰ বাবে দেৱী। ৰজাই যি কাম আমাৰ বাবে কৰা নাই, দেৱীয়ে সিমানখিনি কৰিছে আমাৰ বাবে। তেওঁ আমাৰ প্ৰাণৰো প্ৰাণৰ।’’

অচিন বণিকৰ ভেশ ধৰি বৈশালীত প্ৰৱেশ কৰা মগধ ৰাজ্যৰ ৰজা বিম্বিসাৰৰ দৰক লাগিল, “তেন্তে এয়াই বৈশালীৰ সম্পদ আম্ৰপালী, যি সম্পদৰ কথা তেওঁ বিম্বিসাৰপুৰীত ইমানদিন শুনি আহিছিল, সেই সম্পদক তেওঁ আজি বৈশালীৰ ৰাজপথত নিজ চকুৰে দেখিলে। নিজ চকুৰে দেখি ভাবিলে, যিমানখিনি শুনিছিল, তাতোকৈ বহু বেছি ৰূপৰ অধিকাৰী এই সুন্দৰী নাৰী। এক লহমাতে তেওঁ অভিজ্ঞ দৃষ্টিৰে দেখা পাইছিল, আম্ৰপালী কেৱল ৰূপৰ স্ফূলিংগই নহয়, প্ৰজ্ঞা আৰু সৰলতাই মহীয়ান কৰি তোলা এক বিদূষী নাৰী।”

নিদ্ৰা হৰণ হ’ল তেওঁৰ। ৰাতিৰ ৰাতিটো তেওঁ ছটফটাই কটালে। হৃদয়-সৰোবৰত উজান উঠা এজাক মৎসৰ খলকনিয়ে সেই অচিন বণিকক দিকভ্ৰান্ত কৰি পেলালে। অশ্বাৰোহী সুন্দৰী নাৰীৰ কঁকালত গুজি লোৱা তৰোৱালখনে যেন তেওঁৰ বক্ষ তেনেই বিদীৰ্ণ কৰি পেলালে, হানি-খুঁচি বাৰে বাৰে প্ৰশ্ন কৰিলে তেওঁক,
“ক’ৰ পৰা আহিছিল তেওঁ, কি তেওঁৰ লক্ষ্য।”

অৰ্ধচেতন অৱস্থাত তেওঁ প্ৰশ্নকেইটা বহুবাৰ বিৰবিৰাই আওৰালে। চকু মোহাৰি সেই উত্তৰ নিজেই দিলে নিজকে, বৈশালী ৰাজ্যজয়ৰ লক্ষ্যৰে মগধৰ পৰা আহি গোপন বেশত প্ৰৱেশ কৰিছিল তেওঁ। কিন্তু এতিয়া যি নাৰীৰ অস্তিত্বই তেওঁৰ দুৰ্দমনীয় ৰাজ্যজয়ৰ আকাংক্ষাক মোহাৰি প্ৰেমৰ ফল্গুধাৰা নমাই আনিলে, সেই নাৰী আম্ৰপালীৰ বাদে একোৱেই যে নাই লক্ষ্যত।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক