আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি (উপন্যাস) – পৰী পাৰবিন

ধাৰাষাৰ বৃষ্টিপাত আৰু ঘূৰ্ণীবতাহৰ উদ্দাম দ্বৈতনৃত্যৰ নীৰৱ দৰ্শক হৈ ওপৰমহলাৰ বাৰাণ্ডাৰ খুঁটা এটাত আঁউজি ৰৈ আছিলো মই। বতাহে মোৰ কমলাৰঙী বস্ত্ৰখনি উৰুৱাই নিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। চেষ্টাত বিফল হৈছে সি। বৰঞ্চ মোক জোৰেৰে সাৱটি বুকুৰ বস্ত্ৰখন মোৰ উঠন বুকুত লিপিত খাই পৰিছে। যেন কোনোবা ভাস্কৰ্য-শিল্পীৰ খোদিত মূৰ্তিৰ স্ফীত বুকুখনতহে খুন্দিয়াই আছে বতাহজাকে বাৰে বাৰে। হিমচেঁচা
বতাহজাকে আন্ধাৰ বাট এটাৰ দৰে মোৰ দীঘল চুলিটাৰিত মুহুৰ্মুহু চুম্বন যাঁচি পৰিবেশটো অস্থিৰ কৰি তুলিছে। নাভিসমুদ্ৰৰ গভীৰতাত ডুব গৈ বাৰে বাৰে জলকেলি কৰিছে বৰষুণৰ টোপালবোৰে। ইমান আধিক্যৰ মাজতো নিঃসংগতাই মোক ক্ৰমশ গ্ৰাস কৰি আনিছে। অতীতৰ সেই অনাকাংক্ষিত ঘটনাবোৰে বৰ্তমানৰ এই একাকীত্ব আৰু ভৱিষ্যতশূন্য পৃথিৱীখনৰ প্ৰতি মোক মোহভংগ কৰি পেলাইছে ক্ৰমশঃ…

“ইমান অশুদ্ধতাৰ মাজতো মনৰ শুদ্ধতা কিদৰে সম্ভৱ”, এই প্ৰশ্নৰ উত্তৰ বিচাৰি হৃদয়ৰ অলিন্দত নতুনকৈ বাহৰ পাতিছে এজাক ধুমুহাই। বৈ থকা গংগাখনৰ দৰেই সোঁতৰ গতিত উটি ভাঁহি গৈ আছিলোঁ মই। কঠিন বাস্তৱক স্বীকাৰ কৰি লৈও শীৰ্ষত অৱস্থান কৰিছিলোঁ মই। আজিৰ তাৰিখত কি নাছিল মোৰ? শতাধিক দাস-দাসীৰ লগতে নিজাকৈ মোৰ এই নিৰাপত্তাবাহিনী, চৌপাশে ফুলৰ উপত্যকাৰ মাজত এই প্ৰাসাদোপম বাসভৱন, নাতিদূৰৰ পুষ্কৰিণীত চৰি থকা ৰাজহাঁহ, শৰালিৰ জাকবোৰ- এই সকলোবোৰতো মোৰেই। মোৰেই এই বতাহ, এই আকাশ, এই মাটি, এই পানী- এই সকলোবোৰে মোৰ ভৰি চুইহে বৈশালীৰাজৰ ওচৰ পায়গৈ। ৰজাই নাজানে নে সেই কথা? নাজানে নে বৈশালীৰ ৰজাই এই কথা? বৈশালীৰাজক কৈ আহিবলৈ মন যায়, সময়ৰ তুলাচনীত তুমি মোক জুখি চোৱা। দেখিবা, মোৰ ভৰিৰ ধূলিৰ তুল্যও নোহোৱা তুমি। তোমাৰ ক্ষমতা-অহংকাৰ-এই সকলোবোৰ উত্তৰাধিকাৰীসূত্ৰে পোৱা। আৰু মোৰ বাবে এই সকলোবোৰ মোৰ কৰ্মসৃষ্ট। খেতিয়কৰ ছোৱালী আছিলো মই। বৈশালীগণে মোক দেৱীৰ শাৰীত তুলিছে। সেয়াও তোমাৰ সহ্য নহয় হে বৈশালীনৃপতি। বাৰে বাৰে তুমি মোক কাঠগৰালৈ আহবান জনোৱা?

এটা কথা জানানে বৈশালীনৃপতি? তোমাৰ এই আসনখনলৈ আনিবলৈ কোনে কূটনীতি ৰচিছিল? মনত আছেনে তোমাৰ, তোমাক ৰজা পতাৰ স্বাৰ্থত মোৰ প্ৰিয় বান্ধৱীয়ে তোমাৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছিল। মনত আছেইতো! সৌ সিদিনাৰহে কথা এয়া।

তীব্ৰ বিষোদগাৰেৰে চাই পঠিয়ালো তললৈ। তলৰ পৰা গম্ভীৰ কণ্ঠ এটা ভাঁহি আহিল,

“বুদ্ধং শৰণং গচ্চামি”
“বুদ্ধং শৰণং গচ্চামি”

এই বৰষুণত কোন ভিক্ষু্ৱে ভিক্ষাৰ জোলোঙা কঢ়িয়ায়। ডিঙি মেলি চাই পঠিয়ালোঁ তললৈ। হয়, সৌৱা মোৰ নিৰাপত্তাৰক্ষীৰ ওচৰত থিয় হৈ সৌ শুকুলা বৰণৰ যুৱকজনে ভিক্ষাৰ পাত্ৰ আগবঢ়াই দিছে। ইচ ইচ, তেনেই ভিজি গৈছে তেওঁ। গেৰুৱা উত্তৰীয়খনে তেওঁৰ শুভ্ৰ শৰীৰটো আৰু শুভ্ৰ কৰি তুলিছে। তৎক্ষণাত তললৈ নামি আহিলো মই,

“প্ৰজ্ঞা, বাহিৰত থকা শ্ৰমণজনক ভিতৰত বহিবলৈ কোৱা। তেনেই ভিজি গৈছে তেওঁ, জুই একুৰা জ্বলাই দিয়া”।

প্ৰজ্ঞা মোৰ প্ৰধান দাসী। তাই মোৰ ছাঁৰ দৰে লগে লগে থাকে। কিন্তু এই বতাহ বৰষুণ নেওচি দীঘল বাটচৰাৰে গৈ শ্ৰমণক আদৰিবলৈ যেন কিছু ইতস্ততঃ কৰিছে। আৰু দাৰোৱানেও সামান্য এজন শ্ৰমণৰ বাবে প্ৰৱেশপথ খুলি দিয়া নাই। ঈষৎ খং উঠিল মোৰ। অগত্যা আগবাঢ়ি গ’লো ময়েই। শ্ৰমণৰ হাতত সেই ভিক্ষাৰ পাত্ৰ।

“দেৱী, ভিক্ষম দেহি।”

চকুলৈ চালো তেওঁৰ । মোৰ একাকীত্বক সেই চকুৰ ৰশ্মিয়ে একেগৰাহতে গিলি পেলালে। প্ৰাণ চঞ্চল হ’ল মোৰ। শ্ৰমণৰ হাতত ধৰি ভিতৰলৈ লৈ আনিলো,

“উস! ইমানকৈ ভিজি গ’লা তুমি। কি প্ৰয়োজন এইদৰে বতাহ-বৰষুণে ঘূৰি ঘূৰি ভিক্ষা খোজাৰ?”

বুকুৰ বস্ত্ৰ খহাই কেতিয়াকৈ তেওঁৰ ভিজি যোৱা চুলিখিনি টুকি আছিলো মই নাজানো, কিমান দেৰি হ’ল তাকো নাজানো, খিৰিকীমুখৰ কেবাযোৰো প্ৰশ্নমিহলি চকুতহে মই সম্বিত ঘূৰাই পালোঁ।

“দেৱীয়ে এজন ভিক্ষুকক স্পৰ্শ কৰিছে! আশ্চৰ্য! আশ্চৰ্য!”

স্নানাগাৰৰ বন্ধ জলে মোৰ দেহৰ শীতলতা আনিব পাৰিলেও মনটো শাঁত পেলাব পৰা নাই। বাহিৰৰ আন্ধাৰ ফালি মই স্নান-সৰোবৰৰ ফালে খোজ ল’লোঁ। দুহাতত দুগচি বন্তি লৈ প্ৰজ্ঞা আহিল মোৰ
পিছে পিছে। সৰোবৰৰ শীতল পানীত দেহাটো এৰি দিলোঁ। চিলনীসাঁতোৰ দি ওপৰমুৱাকৈ ওপঙি থাকিলোঁ অনেকক্ষণ। ভিক্ষুকৰ কোমল মুখখনি বাৰে বাৰে মনলৈ আহি আছে। মোতকৈ ভালে কেইবছৰ সৰু যুৱকজনৰ প্ৰতি মোৰ এই আকৰ্ষণ কি ধৰণৰ সেয়া মই বুজি উঠা নাই। এনে লাগিছে যেন মোৰ দেহা ঢাকি থকা পংকিল আবুৰ খহাই মোক শুদ্ধ কৰি তুলিব এই ভিক্ষুকৰ এটি মাত্ৰ চাৱনিয়ে। ইমান কম বয়সত এই তৰুণ ইমান স্থিত, ইমান গম্ভীৰ। দেশ-বিদেশৰ ৰাজ-অধিৰাজে মোৰ এটা সাক্ষাৎ পাবলৈ বাসভৱনৰ বাহিৰত বাহৰ পতাৰ খবৰ আহে। এনেস্থলত এজন সাধাৰণ ভিক্ষুকৰ দুহাত ধৰি নিমন্ত্ৰণ জনোৱাৰ পিছতো তেওঁ সন্মতি প্ৰকাশ নকৰিলে, বৰঞ্চ শাক্যমুনিৰ অনুমতি লৈ অহাৰ কথাহে জনালে।

কি আছে এই শাক্যমুনিৰ মাজত, যি মোৰ দৰে প্ৰভাৱশালী নাৰীৰো আমন্ত্ৰণ উপেক্ষা কৰাব পাৰে। কিছু ঈৰ্ষা জন্মিল শাক্যমুনিলৈ।

শাক্যমুনিক লগ পোৱা মনত আছে মোৰ। সেয়া বহুত বছৰৰ আগৰ কথা। সদ্যপ্ৰষ্ফুটিত
ফুলপাহিটিৰ দৰে পাহি মেলি ফুলিছিলোঁ মাত্ৰ। মোৰ শৈশৱৰ সংগী পুষ্পকৰ স’তে শাক্যমুনিৰ ধৰ্মসভা এখনত আসন লৈছিলোঁ আৰু মোৰ জীৱনৰ বিপৰীত মেৰুত ভৰি দিয়াৰ প্ৰথমটো খোজ যেন সেইটোৱেই আছিল।

পুষ্পকৰ কথা মনত পৰি মনটো ভাৰাক্ৰান্ত হৈ পৰিল মোৰ। সৰোবৰৰ শীতল পানীত জুবুৰা মাৰি মনটো জোকাৰি দিবলৈ চেষ্টা কৰিলোঁ।

পুষ্পক!

মোৰ পৰাণৰ পুষ্পককুমাৰে সৌ আকাশৰ তৰাটো হৈ মোকেই চাই আছেনে? পুষ্পকে জানেনে অতবোৰ প্ৰাপ্তিৰ পাছতো যে কমবয়সীয়া যুৱ ভিক্ষুক এজনৰ বাবে মোৰ চিত চঞ্চল হৈ পৰিছে। কিন্তু ই কি? তৰাটোৱে দেখোন মিচিকিয়াইছে। তাৰমানে, পুষ্পকে সন্মতি দিছে।

মনৰ গধুৰ ভাবটো নোহোৱা হৈ গ’ল। ইমান গোমা বতৰৰ আকাশখনতো পুষ্পকে তৰাৰ ৰূপ ধাৰণ কৰি মোৰ বাবেই জিলিকি থাকে। মোকেই দিশ দেখুৱাবলৈ একে স্থানত ৰৈ থাকে পুষ্পক। চঞ্চল চিত চম্ভালি সাঁতুৰি সাঁতুৰি সৰোবৰৰ ইটো পাৰ পালোগৈ। এইখিনি সময় মোৰ একান্ত নিজা সময়। এই ঠাইত আনৰ প্ৰৱেশ নিষিদ্ধ।

ভোজন কক্ষৰ পৰা পায়সৰ গোন্ধ এটা আহি পেটটো পকাই ধৰিলে। পানীৰ পৰা চিৰিৰে
উঠি আহি স্নান-সৰোবৰৰ ঘাটত থিয় হ’লোঁ। লগে লগে প্ৰজ্ঞাই কাপোৰ এখনেৰে চুলিখিনি মেৰিয়াই ধৰিলে। আন এখনেৰে মেৰিয়াই ধৰিলে ভিজা শৰীৰ। তেনেকৈয়ে খোজ ল’লোঁ ওপৰৰ প্ৰসাধন কক্ষলৈ।

সুখ-আসন্দীত আউজি চকু মুদি দিলোঁ অলসভাৱে। কেশবিন্যাসত প্ৰজ্ঞাৰ তুলনা নাই। ওখকৈ বান্ধি লোৱা কবৰীত সুগন্ধি ফুল গুজি দিছে তাই। ভৰিত আলতা লগাই মণিমঞ্জৰী পিন্ধাই দিছে সুহাগীয়ে। কান্ধলৈকে ওলমাই দিছে মুক্তাখচিত স্বৰ্ণকুন্তল। প্ৰজ্ঞাই এইবাৰ নৃত্যৰ বস্ত্ৰ সাজু কৰিছে। আজি পূৰ্ণিমাৰ ৰাতি। ৰাজহুৱা প্ৰমোদকক্ষত মোৰ নৃত্য চাবলৈ অগণন লোকৰ সমাবেশ ঘটে এই ৰাতি। নৃত্য আৰু সোমৰসৰ গোন্ধই মাতাল কৰা ৰাতিবোৰলৈ মোৰ আজিকালি বৰ অনীহা। কিন্তু উপায় নাই। এয়াই মোৰ ভাগ্যক্ৰমণিকা, এয়াই মোৰ জীৱিকা।

প্ৰমোদকক্ষৰ পৰা অধীৰ জনতাৰ গুণগুণনি এটা বতাহত ভাঁহি আহিছে। আৰু তেনেতেই ভোজন কক্ষৰ পৰা উত্তেজিত পুৰুষকণ্ঠ এটা ভাঁহি আহিছে,

“এই স্বাদহীন ভোজনৰ বাবে মই ৰাতি কটাবলৈ ইয়ালৈ অহা নাই। তোমালোকৰ দেৱী ক’ত? ইমানপৰে দেখা দিয়াহি নাই কিয়? ঘোৰ অপমান হৈছে মোৰ”।

“কি হৈছে?” প্ৰজ্ঞাৰ চকুলৈ চালো। মোৰ ইংগিতত প্ৰজ্ঞা প্ৰসাধন কক্ষৰ পৰা তলৰ মহলাৰ ভোজন কক্ষৰ ফালে খোজ দিলে। হুলস্থুল শুনি চাৰিবছৰীয়া বিমল ফেঁকুৰি উঠিছে। কি হৈছে? কিয় হঠাতে বিশৃংখল হৈ পৰিছে সকলোবোৰ?

অৱশেষত প্ৰজ্ঞাই খবৰ আনিলে, অত্যধিক সোমৰস পান কৰি আজিৰ নৃত্যানুষ্ঠানৰ
বিশেষ অতিথিজন মাতাল হৈ পৰিছে। দাসীয়ে যোগান ধৰা খাদ্যবস্তু গ্ৰহণ কৰিবলৈ তেওঁ মান্তি হোৱা নাই। আম্ৰপালি ক’ত বুলি ৰঙা চকুৰে ভোজনৰ পাত্ৰ মজিয়ালৈ দলিয়াই দিছে।

অসহায় হৈ প্ৰজ্ঞাই মোৰ চকুলৈ চাই ৰৈছে। মূৰ দুপিয়াই আশ্বাস দিলোঁ তাইক, মই চম্ভালি ল’ম সকলোবোৰ। ফেঁকুৰি উঠা বিমলক কোলাত লৈ প্ৰজ্ঞা শয়নকক্ষৰ ফালে গুচি গ’ল। ভোজনকক্ষলৈ গৈ অতিথিসকলক সাক্ষাৎ কৰিলোঁ। স্মিত হাঁহিৰে নৃত্যানুষ্ঠানলৈ নিমন্ত্ৰণ জনাই মই আগবাঢ়িলোঁ। খং উঠিলেও নিজকে প্ৰশমিত কৰি ৰাখিবলৈ বাধ্য মই। মোৰ পৰা কিঞ্চিত আনন্দ কিনে ধনিক মহলে। এই সেইখিনি
দিবলৈ বাধ্য। এওঁসকলেই মোৰ মালিক, মোৰ ভগৱান, এওঁলোকেই মোক ক্ষমতাৰ উচ্চ
শিখৰত উপনীত কৰাইছে। তেওঁক প্ৰেক্ষাগৃহলৈ লৈ আনিবলৈ নিৰ্দেশ দি মই আগবাঢ়িলোঁ। প্ৰমোদকক্ষলৈকে মোক সংগ দিলে মোৰ দুই নিৰাপত্তাৰক্ষীয়ে । ‘দেৱী’ ‘দেৱী’ বুলি আৰাও আৰম্ভ হ’ল জনগণৰ মাজত। মঞ্চত উঠি আকাশলৈ চাই পঠিয়ালো। মোক পথ দেখুওৱা তৰাটো লুকাই পৰিছে ক’লা ডাৱৰৰ মাজত। ওন্দলা আকাশৰ পৰা এইবাৰ নিগৰিছে ক্ৰন্দনৰ নীৰ। প্ৰথমে লাহে লাহে, তাৰ পিছত
জোৰেৰে…

বৰষুণৰ মাত্ৰা যিমানেই বাঢ়িছে, সিমানেই পাগত উঠিছে মোৰ নৃত্যকলা। মাতাল হৈ পৰিছে মোৰ দৰ্শকমণ্ডলী। ঢলং পলংকৈ মঞ্চত উঠিব খুজিছে সেই মাতাল অতিথিজন। নিৰাপত্তাৰক্ষীয়ে বাধা দিয়াত তেওঁ আকৌ উত্তেজিত হৈ পৰিছে। এক বুজন পৰিমাণৰ ধনৰ বিনিময়ত তেওঁ এৰাতিৰ বাবে আম্ৰকুঞ্জৰ ‘স্বপ্নকক্ষিকা’ আৰক্ষণ কৰি থৈছে। মোৰ এই ৰাজহুৱা নৃত্য তেওঁৰ কাম্য নহয়। তেওঁক আম্ৰপালীক লাগে, তেওঁক মোক লাগে, হয়, মোক তেওঁ অকলে বিচাৰিছে।

বিশাল জনগণৰ মাজত আকৌ এবাৰ অপ্ৰস্তুত হ’লোঁ। নিগৰিব খোজা হুমুনিয়াহটো হাঁহিৰ আঁৰত লুকুৱাই থ’লোঁ। মঞ্চত উঠি মোৰ কঁকালত হাত থৈ নৃত্য কৰিবলৈ আৰম্ভ কৰিছে তেওঁ। নিজহাতে সোমৰস ঢালি দিলোঁ তেওঁৰ পাত্ৰত। মোৰ স্পৰ্শ পাই আত্মহাৰা হৈ পৰিছে তেওঁ। নিচাসক্ত চকুৰে মোক ওপৰৰ পৰা তললৈ লেলিহাই গৈছে তেওঁ। বক্ৰহাঁহি এটাৰে আহবান জনাইছে স্বপ্নকক্ষিকাৰ বন্ধ কক্ষলৈ। হাতৰ মুঠি টান হৈ আহিছে মোৰ। কিন্তু সন্ধিৰ বাঁহ বুদ্ধিৰে কটাই মোৰ ধৰ্ম।


তেওঁৰ মদিৰাৰ পাত্ৰ খালি হ’বলৈ নিদিলোঁ। আকৌ সোমৰস ঢালিলোঁ, তেওঁক সন্তুষ্ট কৰাৰ বাবে পাৰেমানে অভিনয় কৰিলোঁ। সোমৰ নিচা আৰু মোৰ সান্নিধ্যৰ নিচাত তেওঁ নিজকে চম্ভালিব নোৱাৰিলে। মোৰ কান্ধত ঢলি পৰিল তেওঁ। মোৰ চকুৰ ইংগিতত নিৰাপত্তাৰক্ষীয়ে তেওঁক দাঙি মোৰ ওচৰৰ পৰা আঁতৰাই লৈ গ’ল। সাৰ পাই তেওঁ নিজকে ‘স্বপ্নকক্ষিকা’ত উদ্ধাৰ কৰি সন্তোষ লভিব।

নৃত্যপৰ্ব সামৰি মই শয়নকক্ষ পালোহি। গোলাপৰ পাহি মিহলি পানীৰে মোৰ নিৰাভৰণ দেহাত পৰশ দিলে হৈমন্তীয়ে। চকু দুটা মুদি দিলো। অৱসাদে ভিৰ কৰিলে চকুত। বিমলৰ অকণমানি দেহাটো সাৱটি ল’বলৈ মন গৈছিল, কিন্তু উঠি যোৱা নহ’ল, একে ভাজতে পৰি থাকিলো। সেই সৌম্য চেহেৰাৰ ভিক্ষুকজনলৈ মনত পৰিল, ক’ত সেই ধীৰ স্থিৰ খোজ আৰু ক’ত এই মদপী বণিকৰ উদ্দাম নাচ। দাসীসকলে মোৰ শয়নকক্ষ ত্যাগ কৰিছে। বন্তিৰ ঢিমিকঢামাক পোহৰে আম্ৰকুঞ্জখনি মায়াময় কৰি ৰাখিছে। সুহুৰিয়াই সুহুৰিয়াই চতুষ্পথৰ একোণত বহি পৰিছে কোনোবা মাতাল প্ৰেমিক। লাহে লাহে বৈশালী নগৰখনি নীৰৱতাত জীণ গৈছে।

মধ্য-ৰজনীৰ প্ৰহৰ। নিদ্ৰাদেৱীয়ে মোৰ দুনয়ন ত্যাগ কৰিছে ইতিমধ্যে। পালংকত আঁঠু কাঢ়ি বহি আছোঁ মই। জলভৰ্তি পুস্কৰিণীত মণ্ডুকৰ টোৰটোৰণি। লুম্বিনীৰ পাহাৰত ঠেকা খাই অহা বৰষুণে ধুৱাই নিছে বৈশালী। গংগা উথলি আহি বছৰৰ হিচাপ কৰিছে। কৃষকগণৰ ভঁৰালত চকু দিছে গংগাদেৱীয়ে। বান অহাৰ খবৰ আনিছে এই নেৰা-নেপেৰা বৰষুণে।

যোৱা বহুকেইবছৰ বৰষুণ হ’লেও ইয়াত বানপানী হোৱা নাছিল। কিন্তু মগধৰ সৈতে হোৱা যুদ্ধখনত বৈশালীৰ বিস্তৰ ক্ষতি হ’ল। উন্নয়নৰ কামত আৱন্টিত পূঁজিসমূহ যুদ্ধৰ নামত খৰচ হ’ল। ন’লা নৰ্দমাবোৰ ওফন্দি কৃত্ৰিম বানৰ সৃষ্টি হ’ল। এনেকি নালাগে ৰাজপথৰ ওপৰত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হ’ল। এইহেন পৰিবেশত পৰিব্ৰজন কৰিবলৈ আহি শাক্যমুনি একপ্ৰকাৰ বন্দী হৈ পৰিল। শাক্যমুনিৰেই শিষ্য আছিল সেই গৌৰবৰ্ণৰ ভিক্ষুজন, ৰক্তবৰ্ণী সাজেৰে তিতিবুৰি যি ভিক্ষাৰ পাত্ৰ আগবঢ়াই দিছিল মোলৈ। কিনো কৈছিলো মই, বাৰিষাৰ দিনকেইটা ইয়াতে কটাই যাবলৈহে কৈছিলোঁ, ইমান স্পৰ্ধা সেই ভিক্ষুকৰ, শাক্যমুনিৰ অনুমতি বিনে মোৰ এই আকুল প্ৰস্তাৱ হেলাৰঙে ত্যাগ কৰে। নাজানে তেওঁ, আম্ৰপালীৰ সাক্ষাৎ ইমান সহজ নহয়। আম্ৰকুঞ্জৰ প্ৰৱেশপথত মোৰ প্ৰেমপ্ৰয়াসীসকলে দীঘলীয়া শাৰী পাতে। ধনবল তথা শাৰিৰীক শক্তি একোৱেই মোক টলাব নোৱাৰে। অথচ প্ৰৱেশপথৰ পৰা আদৰি আনিছিলোঁ শ্ৰমণ তোমাক, দুহাত স্পৰ্শ কৰি আহবান জনাইছিলোঁ তোমাক। নাই, নাই, এই ভিক্ষুকক খং কৰা নাযায়। চকু মুদি তেওঁৰ মুখখন চকুৰ আগলৈ আনিলোঁ। কি এক শিশুসুলভ সৰলতা বিৰাজ কৰিছিল তেওঁৰ মুখত! সমাজত দপদপাই থকাজনো লেওসেও হৈ যায় মোৰ ওচৰত, আৰু এই ভিক্ষুজনৰ হাতত নাই হাতত একুৰি অৰ্থ, নাই ক্ষমতা, অথচ ত্যাগৰ মহিমাৰে কি মহিমামণ্ডিত তেওঁ! ভিক্ষুকৰ হাতত ধৰি মই যেন আবেগিক হৈ পৰিছিলোঁ,

“হে শ্ৰমণ, বাৰিষাৰ দিনকেইটা অন্ততঃ মোৰ ইয়াতে কটাই যোৱা। চাৰিওফালে বাট-পথ আবদ্ধ হৈ পৰিছে, তুমি ভিক্ষা খুজিবলৈ বহুত দূৰ যাবও নোৱাৰিবা। মোৰ ইয়াত তোমাক অতিথি কৰিবলৈ পালে বৰ পূণ্য হ’লহেঁতেন মোৰ।”

এক সুন্দৰ উত্তৰেৰে মোৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিলে তেওঁ,

“নাই নাই দেৱী, মই এজন ভিক্ষুক আৰু প্ৰকৃতিৰ এই বিচিত্ৰতা আমাৰ বাবে নতুন কথা নহয়। প্ৰকৃতিয়ে প্ৰকৃতিৰ কাম কৰিছে, আমিও আমাৰ কাম কৰা উচিত।“

তৰুণ ভিক্ষুকৰ ভাৱনাতে ৰাতিটো কাটিল মোৰ । পুৱতি পখীবোৰে বাহ এৰা বহুবেলি হ’ল। শেতেলী এৰিবলৈ মন যোৱা নাই মোৰ। গৰজি উঠা মেঘৰ তালে তালে ওচৰৰ বৌদ্ধবিহাৰৰ পৰা ভাঁহি আহিছে শাক্যমুনিৰ শিষ্যগণৰ কণ্ঠ, “বুদ্ধং শৰণং
গচ্ছামি।”

মোৰ এই ঐশ্বৰ্য-বিভূতি, এই আৰামদায়ক শৰ্য্যা এৰি খেৰৰ জুপুৰিত পৰি থকা ভিক্ষুকজনক বুদ্ধই কি শিক্ষা দিছে, জানিবলৈ মন যায় মোৰ। মই কিয় পৰা নাই এই মোহ ত্যাগ কৰিবলৈ? পৰা হ’লে মাতাল পুৰুষৰ কান্ধত নিজকে এৰিবলগা
নহ’লহেঁতেন। ধিক্কাৰ আহিল নিজলৈ। এই ত্যাগ সকলোৰে বাবে সম্ভৱ নহয়, যিসকলে পাৰিছে তেওঁলোক সঁচাই অসাধাৰণ।

“হে বুদ্ধ, মোকো সেই শিক্ষা দিবানে? এই বিলাস জীৱন ত্যাগ কৰি তোমাতেই মজ্জিত হোৱাৰ পথ দেখুৱাবানে মোক?”, মনতে বিৰবিৰালোঁ মই।

“নাই, নাই, কিদৰে সম্ভৱ! এজন ভিক্ষুকে সেই কলংকিনী নাৰীৰ আতিথ্য গ্ৰহণ কৰিব, এয়াতো বুদ্ধৰ বাবে বৰ সন্মানৰ প্ৰশ্ন”, একেসময়তে কিছু দূৰত অৱস্থিত বৌদ্ধবিহাৰৰ তত্বাবধায়ক তথা বুদ্ধৰ প্ৰধান ভিক্ষু শুভ্ৰজিতে চিৎকাৰ কৰি
উঠিছিল।

সুন্দৰ, উজ্জ্বল বদন আৰু কেশবিহীন মুণ্ডৰ অধিকাৰী শাক্যমুনি তেতিয়া তপস্যাৰ ভংগীমাত। গৌৰবৰণৰ শৰীৰত পলাশৰঙী বস্ত্ৰ । শিষ্যগণৰ মনত অলেখ জিজ্ঞাসা।

“মনৰ শুদ্ধতা কিদৰে সম্ভৱ তথাগত?”

শান্ত কণ্ঠেৰে তথাগতে উত্তৰ দিছিল,

“সকলো মানৱৰ মাজত মনক পৰিচালনা কৰাৰ অযুত সম্ভাৱনা থাকে। মনক শুদ্ধ কৰিবলৈ হ’লে চাৰিটা গুণৰ আৱশ্যক। জীৱনৰ প্ৰতি প্ৰেম, জগতৰ প্ৰতি প্ৰেম, সকলো জীৱৰ প্ৰতি সহানুভূতি আৰু অস্থিৰ অৱস্থাতো নিজকে সুস্থিৰ আৰু অবিচল কৰি ৰখাৰ গুণৰাজিয়ে মনক শুদ্ধ কৰি ৰাখিব পাৰে।“

শাক্যমুনিৰ গুৰু-গম্ভীৰ স্বৰে মোহাবিষ্ট কৰি ৰাখিছিল শিষ্যগণক। তেওঁলোকে ভাবি আছিল, তথাগতৰ মুখৰ বাণী শুনি সময়ো যেন স্তব্ধ হৈ যায়। তেওঁৰ মুখেৰে নিৰ্গত প্ৰতিটো শব্দ আৰু বাক্যত গভীৰ অৰ্থ লুকাই থাকে। জটিল দৰ্শনসমূহো ইমান সহজে বিশ্লেষণ কৰি দিয়ে তেওঁ।

কিছুপৰ ৰৈ তথাগতে পুনৰ কৈ যায়, “এই মহাজগতৰ প্ৰতিটো কথাই কিছুমান নিয়মত
চলে। পৃথিৱীৰ সকলো কথাই প্ৰকৃতিৰ অধীন। মানুহৰ দুখ-দুদৰ্শা, পীড়া, হতাশা এই সকলোবোৰেই প্ৰাকৃতিক বিষয় আৰু এই সকলোবোৰৰ বাবে মূল দায়ী হৈছে আমাৰ
চৰিত্ৰ। আমাৰ চৰিত্ৰই আমাক আশা কৰিবলৈ শিকায়। আশা অপূৰ্ণ হ’লেই দুখৰ জন্ম। দুখৰ সময়বোৰত যিদৰে মানুহে যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰে, সুখৰ সময়বোৰত সেইদৰে বিচাৰে যে, এই সুখ চিৰস্থায়ী হওক। এইদৰেই দুখতেই হওক বা সুখতেই হওক, মানুহৰ মন স্থিৰ কেতিয়াও নহয়। মন স্থিৰ কৰিবলৈ দুখ আৰু সুখৰ এই
বৃত্তটোৰ পৰা মানুহ আঁতৰি আহিব লাগিব”।

“দুখৰ পৰা কিদৰে আঁতৰিব পাৰি তথাগত”?

“মায়া-মোহৰ পৰাই দুখৰ সৃষ্টি। দুখ নিবাৰণৰ একমাত্ৰ উপায় হ’ল মায়া-মোহৰ পৰা মুক্ত হোৱা। মোহৰ পৰা মুক্ত হ’বলৈ বাস্তৱক সহজে গ্ৰহণ কৰিব লাগিব”।

বৈশালীৰ প্ৰভাৱশালী দল লিচ্ছবিৰ অনুদানত নিৰ্মিত এই বৌদ্ধবিহাৰটি শতাধিক ভিক্ষুৰ আশ্ৰয়ৰ বাবে সাজি উলিওৱা হৈছে। বুদ্ধদেৱৰ বাবে অৱশ্যে
ৰাজপ্ৰাসাদত আছুটিয়া ব্যৱস্থা আছে। কিন্তু বুদ্ধদেৱে ৰাজআতিথ্য প্ৰায়েই গ্ৰহণ নকৰে, বৰঞ্চ শিষ্যগণৰ মাজত সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰাতহে পোষকতা কৰে। বৌদ্ধবিহাৰটোৰ মাজভাগতে আছে এটা উপাসনাগৃহ। উপাসনাগৃহটোৰ দেৱালসমূহ কেঁচা মাটিৰে লেপা। তাৰ চাৰিওফালে অসংখ্য সৰু সৰু খেৰৰ জুপুৰি। ইয়াতেই ৰাত্ৰিযাপন কৰে বৌদ্ধু ভিক্ষুসকলে।

উপাসনা গৃহৰ দেৱালত লিখা আছে নানানধৰণৰ উপদেশমূলক আধ্যাত্মিক বাণী। মাটিত পাৰি থোৱা আছে কাপোৰৰ আসন। তাতেই মধ্যস্থানত বহি আছে তথাগত বুদ্ধ। বুদ্ধই বিভিন্নজনৰ মনৰ খোকোজা দূৰ কৰাত ন্যস্ত হৈ আছে। এনে সময়তেই উচপিচ লগাই উঠে সেই তৰুণ ভিক্ষুকে, আম্ৰপালীৰ সামান্য সংস্পৰ্শই যাক দোমোজাত
পেলাইছে। কি শুদ্ধ, কি ভুল, বিচাৰ কৰাৰ ক্ষমতা যাৰ সংস্পৰ্শই কিছু ম্লান কৰিছে, সেই তৰুণ ভিক্ষুকে বুদ্ধদেৱৰ ওচৰত কিদৰে এই দ্বিধা প্ৰকাশ কৰে সেই ভাবি উচপিচ লগাইছে। বুদ্ধই চকু মুদি থাকিয়েই গম পাইছে তেওঁৰ প্ৰিয় শিষ্যৰ
এই অস্থিৰতাৰ কথা। সেয়ে সুধি পেলাইছে,

“শ্ৰমণ তুমি কি কাৰণত অস্থিৰ হৈ আছা? এনে লাগিছে, তুমি মোক কিবা সুধিব খুজিছা, কিন্তু ইতস্তত কৰিছা। কোৱা শ্ৰমণ, নিসংকোচে কোৱা তোমাৰ অস্থিৰতাৰ কাৰণ।“

সাহ পাই তৰুণ ভিক্ষুকে মুখ খুলিছে,

“তথাগত, মই আজি ভিক্ষা কৰিবলৈ যাওঁতে নগৰৰ উপকণ্ঠৰ দেৱী আম্ৰপালীৰ বাসভৱন পালোগৈ।“

দেৱী আম্ৰপালীৰ নাম শুনি বাকীসকল উচপ খাই উঠিল, ট’ ট’কৈ শ্ৰমণৰ পিনে চাই ৰ’ল। তথাগতে অচঞ্চল, ধীৰ কণ্ঠেৰে সুধিলে,

“ঠিকেইতো আছে। তোমাৰ অস্থিৰতাৰ কাৰণ কোৱা।”

“দেৱী আম্ৰপালীয়ে মোক তেওঁৰ ঘৰলৈ কিছুদিনৰ বাবে নিমন্ত্ৰণ দিছে।“

তৰুণ ভিক্ষুকৰ মুখত আম্ৰপালীৰ প্ৰস্তাৱ শুনি জাঙুৰ খাই উঠিছে বাকী শিষ্যগণ। বৌদ্ধ ভিক্ষুৰ অনাড়ম্বৰ জীৱন এৰি আম্ৰপালীৰ বিলাস জীৱনৰ অংশ লবলৈ যোৱা কথাটোত বাকীসকলে কোনোপধ্যেই সহমত পোষণ কৰা নাই। ভুনভুননি এটা আৰম্ভ হ’ল চৌপাশে।

তথাগত তেতিয়াও শান্ত।

“ঠিকেইতো আছে, ইয়াত সংকোচবোধ কৰাৰ কোনো কথা নাথাকে। তুমি আম্ৰপালীৰ আতিথ্য গ্ৰহণ কৰা উচিত। বাৰিষাৰ সময়খিনি অন্ততঃ তুমি তাতেই কটাই অহা উচিত।“

তথাগতৰ কথা শুনি বৌদ্ধবিহাৰখনৰ তদাৰক তথা বুদ্ধৰ প্ৰধান শিষ্য শুভ্ৰজিতে চিৎকাৰ কৰি উঠিছে,

“নাই, নাই তথাগত, এয়া কিদৰে সম্ভৱ! এজন বৌদ্ধ ভিক্ষুকে সেই কলংকিনী নাৰীৰ আতিথ্য গ্ৰহণ কৰিব, এয়াতো বৌদ্ধধৰ্মৰ বাবে বৰ সন্মানৰ প্ৰশ্ন”।

“ভুল বুজিছা শুভ্ৰজিত, বৌদ্ধধৰ্ম ইমান অপক্ক নহয় যে সাধাৰণ নাৰীৰ বাবে এই ধৰ্মৰ সন্মান হানি হ’ব”।

“তথাগত, এই শ্ৰমণ তেনেই কমবয়সীয়া, তাতে সন্ন্যাসী। এনে বয়সত এগৰাকী নাৰীৰ সান্নিধ্যই তেওঁক পথভ্ৰষ্ট নকৰিবনে?”

“শুভ্ৰজিত, নাৰী অপবিত্ৰ বুলি মই কোনদিনা প্ৰকাশ কৰিছিলোঁ? মই মাথোঁ আমাৰ শিষ্যসকলক সংসাৰৰ মোহৰ পৰা আঁতৰিবলৈ পৰামৰ্শ দিছিলোঁ। কাৰণ, সংসাৰৰ মোহে সন্ন্যাসজীৱনত বাধাৰ সৃষ্টি কৰে।“

“কিন্তু তথাগত, সেয়া কোনো সাধাৰণ নাৰী নহয়, সেই নগৰগণিকা হৈছে বৈশালীৰ আটাইতকৈ কলংকিনী নাৰী। তেওঁ মায়াবিনী নাৰী, ছলনাময়ী নাৰী , সমাজৰ অভিজাত পুৰুষগণ যাৰ হাতৰ মুঠিত। সেই নাৰীৰ মায়াপাশৰ পৰা দেশ-বিদেশৰ প্ৰভাৱশালী পুৰুষো বাদ পৰি নাযায়, এই শ্ৰমণ কোন কূটা?”- উত্তেজিত হৈ পৰিছিল শিষ্যগণ।

শিষ্যগণৰ বাকবিতণ্ডাত তথাগত মৌন হৈ পৰিল । ঈষৎ হতাশ হ’ল তেওঁ। মানুহৰ মাজত ভেদভাবৰ শিক্ষা তেওঁ কেতিয়া দিছিল? ইফালে তৰুণ শ্ৰমণো মৌন হৈ ভাবি আছে, “কি প্ৰয়োজন আছিল আম্ৰপালীৰ ওচৰলৈ যোৱাৰ, কি প্ৰয়োজন আছিল আম্ৰপালীৰ নিমন্ত্ৰণৰ কথা বুদ্ধক জনোৱাৰ। বুদ্ধই হয়তো তাক আম্ৰপালীৰ বাবে লালায়িত বুলি ভাবিছে।”

বৌদ্ধবিহাৰত কিছু পৰৰ নিস্তব্ধতা।

বৰষুণজাকো স্থবিৰ হৈ গৈছে এই নিস্তব্ধতাৰ গৰাহত পৰি। মলয়াই বিচনীৰে বা’ দিয়া নাই। মেঘৰ ওন্দোলা আকাশখনেও বুদ্ধৰ সিদ্ধান্ত জানিবলৈ কাণ ঊণাই লৈছে। আৰু গম্ভীৰ স্বৰেৰে মুখ খুলিছে বুদ্ধই,

“মই বৰ আহত হৈছোঁ যে তোমালোকে এগৰাকী মানৱী নাৰীৰ প্ৰতি ইমান বিদ্বেষভাৱ পোষণ কৰিছা। আম্ৰপালী এগৰাকী ৰাজনৰ্তকী। বৈশালীৰ লিচ্ছবি দলে তেওঁক এই অধিকাৰ প্ৰদান কৰিছে। অৱশ্যেই ঠিক যে, তেওঁ সমাজৰ সম্ভ্ৰান্ত শ্ৰেণীৰ জৈৱিক প্ৰয়োজন পূৰণ কৰে। কিন্তু যি কৰ্মই নকৰক কিয়, তেওঁ প্ৰথমতেই এই
জীৱজগতৰ সদস্য আৰু জীৱজগতৰ প্ৰতি প্ৰেমভাৱ পোষণ কৰাটোৱেই বৌদ্ধ ধৰ্মৰ
প্ৰধান বৈশিষ্ট্য।“

কাঁহ পৰি জীণ গৈছিল বৌদ্ধবিহাৰৰ উপাসনা গৃহ। তাৰ মাজতো শুভ্ৰজিতে নিজৰ মত ত্যাগ কৰিবলৈ সাজু হোৱা নাছিল,
“তথাগত ক্ষমা কৰিব, কিন্তু আন নাৰীৰ স’তে আম্ৰপালীৰ তুলনা নকৰিব। তেওঁ নাৰীৰ নামত কলংক।“

শাক্যমুনিয়ে শেষ সিদ্ধান্ত জনাই দিলে,

“তৰ্ক কৰি বিষয়টো আৰু দীঘলীয়া নকৰোঁ। মনত ৰাখিবা, যাৰ চিত্ত ইমান চঞ্চল, এগৰাকী নাৰীৰ সান্নিধ্যই যাক পথভ্ৰষ্ট কৰিব পাৰে, তেনেজনৰ বাবে সন্ন্যাসজীৱন অসম্ভৱ।“

তাৰ পিছত তৰুণ ভিক্ষুকলৈ চাই ক’লে তেওঁ, “শ্ৰমণ তুমি যোৱা। বাৰিষাৰ সময়খিনি তাত কটাই আহাগৈ। আমি এই বৌদ্ধবিহাৰ এৰি আন ঠাইলৈ গমন কৰাৰ সময়ত তুমি আমাক সংগ দিবাহি।“

এইবাৰ চকু মুদি নিজেই নিজক কৈ উঠিল তেওঁ, “ধৰ্মতকৈ ওপৰত মন। মনেই শ্ৰেষ্ঠ। মন পবিত্ৰ থাকিলে হাজাৰ প্ৰলোভনেও কলুষিত কৰিব নোৱাৰে।“

আৰু শিষ্যগণে সমস্বৰে বুদ্ধৰ মন্ত্ৰ আওৰালে,

“বুদ্ধং শৰণং গচ্ছামি”
“বুদ্ধং শৰণং গচ্ছামি”।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক