আয়ে এদিন জানিছিল (মানসী গোস্বামী)

আয়ে এদিন জানিছিল আজিৰ কথা;
আইৰ বাবে তেতিয়াও
গছবোৰ আছিল মাটিৰ কেঁচুৱা
নদীবোৰ প্ৰাৰ্থনা,
সেয়ে তেওঁ পিতাইক সকীয়াইছিল-“গছবোৰ নাকাটিব”
পিতাইৰ বাবে প্ৰতিজোপা গছ মানে
সপোনে ঢুকি পোৱা জোখৰ কিছুমান ছপা কাগজ,
যাৰ নাম তেওঁলোকে থৈছিল “টকা”;
(পিতাইৰ আকাংক্ষা আছিল আমালৈ ভৱিষ্যত গঢ়াৰ
টকা, টকা আৰু কেৱল টকাৰে………..)
সেয়ে তেওঁ বিক্ৰী কৰি দিছিল
প্ৰতিজোপা গছ, প্ৰতিখন অৰণ্য
অথবা প্ৰতিখন বাংময় নদী,
একোখন কুঠাৰৰ ঘাপত বাগৰি পৰা গছবোৰত আছিল- “আমাৰ ভৱিষ্যত”!
অথচ আয়ে বৰ সহজে অনুভৱ কৰিছিল
বাগৰি পৰা গছৰ শিপাত
পোখা মেলি সেয়া আমাৰ যন্ত্ৰণা!!
আয়ে ভাল পাইছিল-প্ৰতিজোপা গছ,
গছত থকা প্ৰতিটো চৰাইৰ বাঁহ,
আয়ে আদৰি লৈছিল-প্ৰতিপাহ কপৌ,
প্ৰতিখন নদীৰ প্ৰতিটো জীৱ
আয়ে সকলোকে গৰ্ভত ধাৰণ কৰিছিল;
সেয়ে-
পিতাইৰ প্ৰতিটো হিচাপ-নিকাচত
আয়ে বাৰে বাৰে বুলিছিল মৃত্যুৰ বাট,
প্ৰতিবাৰ পিতায়ে আকাশ-বতাহক
বিষাক্ত কৰাৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰোঁতে
আইৰ শৰীৰ হৈ উঠিছিল বিষৰ দৰে নীলা !!
অথচ আয়ে একো কৰিব পৰা নাছিল-
কাৰণ আয়ে দেখিছিল চৌপাশে আৰু অনেক চকুৰ লালসা
হাঁতোৰাত যাৰ সমস্ত পৃথিৱীৰ বিশুদ্ধতা!!
———-
আই এদিন হেৰাই গৈছিল আমাক এৰি থৈ,
এদিন পিতায়ো,
আৰু আমাৰ বাবে এৰি থৈ গৈছিল
এখন মৰুভূমি, অনেক উষৰতা,
য’ত আমাৰ বাবে নাথাকিল
ভৱিষ্যতৰ অলপো সেউজীয়া!!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক