আলফাৰ প্ৰতিবাদ দিৱস আৰু কিছু প্ৰাসংগিক চিন্তা (ৰক্তিম শৰ্মা)

অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰত নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী (অসম) অৰ্থাৎ আলফাই ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশক কেন্দ্ৰীভুত ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম ৰাজনৈতিক শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এচিয়াতে পৰিচিত হৈ আহিছে। বিগত কালত আলফাৰ সাংগঠনিকভাবে শক্তিশালী অৱস্থান পিছলৈ দুৰ্বল পৰা যেন হলেও আলফাৰ দ্বাৰা উত্থাপিত দাবী অসমৰ সামাজিক- ৰাজনৈতিৰ প্ৰেক্ষাপটত অপ্ৰাসংগিক হৈ যোৱা বুলি কলে সত্যৰ অপলাপ হব কাৰণ অসমৰ জনগনৰ জাতীয়তাবাদী চিন্তাই আবেগিতভাবে হলেও আলফাৰ দাবীৰ নাৰ্যতা জীয়াই ৰাখিছে। তাৰ উমান পোৱা যায় অৰবিন্দ ৰাজখোৱাকে ধৰি আলফাৰ এটা গোটে ৰাজনৈতিক আলোচনাৰ বাবে আগবাঢ়ি অহাৰ লগে লগে তেওঁলোকক আদৰিবলৈ হেজাৰ হেজাৰ জনতাৰ উল্লাস আৰু আশা–আকাংক্ষাৰ মাজত। আবেগিক যেন লাগিলেও এই ৰাজনৈতিক লাইন বা আশা আকাংক্ষা আজিৰ নহয়, এই লাইন স্বাধীনতাৰ পূৰ্বৰে পৰা জ্ঞাননাথ বৰা, মহেন্দ্ৰনাথ মাই হেংদাঙ ডেকাফুকন , অম্বিকাগিৰি ৰায়চৌধুৰী, সুৰেন্দ্ৰনাথ বুঢ়াগোহাই , পৰাগ কুমাৰ দাস আদিৰ পৰিক্ৰমাৰ অংশ।

আলফাৰ শেহতীয়া কৰ্ম কাণ্ডৰ প্ৰতি সাধাৰণ জনগন নিৰুৎসাহ বা হতাশ হোৱা দৃষ্টিগোচৰ হয় যদিও ভাৰত ৰাষ্ট্ৰৰ চৰিত্ৰই আলফাক পুনৰ আগৰ পৰ্যায়লৈ লৈ গলেও একো আচৰিত হব লগা নাই। তেনে এক পৰিস্থিতিৰ উদ্ভৱ হলে দায়ী হব কেৱল ৰাষ্ট্ৰ। ৰাষ্ট্ৰৰ চল চাতুৰীতে আলফাৰ এটা অংশক ৰাজনৈতিক আলোচনাৰ বাবে মূলসুঁতিলৈ অনাৰ নামত জাতীয় অভিৱৰ্তনৰ মাজেৰে দাবী চনদ প্ৰস্তুত কৰা হল যত স্বাধীন অসমৰ দাবীক কৌশলেৰে একাশৰীয়া কৰি আলফাৰ মাজত বিভাজন অনা দেখা গল। সেই একেই কাম ১৯৯২ চনত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কৰিছিল। একাংশক আলোচনাৰ নামত আত্মসমৰ্পণ কৰোৱাই সোণৰ কলম উপহাৰ দি মূলসুঁতিলৈ অনা হল ঠিকেই কিন্তু যি ঐতিহাসিক কাৰণবোৰৰ বাবে আলফাৰ নিচিনা সংগঠনৰ জন্ম হল সেইবোৰক সমাধান কৰা আগ্ৰহ চৰকাৰৰ কেতিয়াও নহ’ল। চৰকাৰে কেৱল সামৰিক হেঁচা, বিভাজনৰ চক্ৰান্ত আৰু মনস্তাত্বিক যুদ্ধৰ কৌশলেৰে আলফাক জনগণৰ পৰা বিচ্ছিন্ন কৰি সন্ত্ৰাসবাদীৰ শাৰীতহে উপনীত কৰোৱাৰ উদ্দেশ্যত ব্ৰতী হল। ইয়াৰ ফলশ্ৰুতিত আত্মসমৰ্পণকাৰী সৃষ্টি, আলোচনাপন্থী সৃষ্টি হল আৰু আলফাৰ দাবীৰ সমান্তৰালকৈ এক অহিংস গণতান্ত্ৰিক আন্দোলন গঢ়ি নুঠা বাবে মনস্তাত্বিক প্ৰচাৰত জনবিচ্ছিন্নহৈ চৰকাৰৰ আঙুলিৰ ঠাৰত উঠা বহা কৰিবলৈ বাধ্য হৈ পৰিল। এইদৰে আলোচনাৰ নামত বছৰৰ পিছত বছৰ নজৰবন্দী কৰি গণবিচ্ছিন্ন কৰি থৈ অপ্ৰাসংগিক কৰি তোলাৰ চক্ৰান্তহে দেখা গ’ল।

শেহতীয়াকৈ বিজেপি চৰকাৰখনেও একে ধৰণৰ কূটনীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আলোচনাৰ মানত এটা অংশক বছৰ বছৰ অপেক্ষা কৰোৱাই অপ্ৰাসংগিক কৰি তোলাৰ লগে লগে পৰেশ বৰুৱা নেতৃত্বাধীন গোটে নতুন নতুন যুৱকক সদস্য ভৰ্তি কৰি প্ৰশিক্ষণ প্ৰদান কৰাৰ খবৰ বাতৰি কাকতত প্ৰচাৰ হৈছে। ১৯৯২ চনত হিতেশ্বৰ শইকীয়াই যেতিয়া আলফাক দুভাগ কৰি আত্মসমৰ্পণৰ জোৱাৰ সৃষ্টি কৰিছিল তেতিয়া বহুতে ভাবিছিল যে আলফা ধ্বংস হৈ গ’ল, একেধৰণেই ২০০৩ চনৰ ডিচেম্বৰ মাহত ভূটান শিবিৰ আক্ৰমণ কৰি আলফা নেতা কৰ্মীক গ্ৰেপ্তাৰ আত্মসমৰ্পণ কৰোৱাই তেনে এটা ধাৰণাৰ সৃষ্টি কৰিব বিচৰা হৈছিল। একেধৰণেই আলফাৰ এটা গোটে আলোচনাত অহাৰ লগে লগে আলফা শক্তিহীন আৰু অপ্ৰাসংগিক কৰি তোলা বুলি এক ধাৰণা প্ৰচাৰ কৰা হৈছে। প্ৰচাৰ মাধ্যমৰ লগতে অসমৰ বুদ্ধিজীৱী সকলেও জাতীয় অভিৱৰ্তন পাতিয়েই দায়িত্ব সামৰা যেন অনুভৱ হয়। কিন্তু এনে ধৰণৰ কথাবোৰেৰে প্ৰকৃতাৰ্থত অসমৰ জনগনৰ আশা আকাংক্ষা পূৰণ হব জানো? ইতিহাসে কিন্তু অন্য কথাহে কয়। ৰাষ্ট্ৰ যিমানেই শক্তিশালী আৰু কেন্দ্ৰীভূত হব তাৰ বিপৰীতে সেই ৰাষ্ট্ৰৰ বিৰূদ্ধে ক্ষুদ্ৰ জাতি-জাতিসত্বাবোৰৰ শংকা সিমানেই বাঢ়িব আৰু সমান্তৰালভাৱে শক্তিশালী হব জাতীয় মুক্তি সংগ্ৰামৰ ধাৰা। কাৰণ আলফা কেৱল আইন-শৃংখলাজনিত সমস্যা নহয়।

বিজেপি চৰকাৰখনে সদ্যহতে এক আবেগিক ভাবধাৰা বা চমক সৃষ্টিৰে ৰাষ্ট্ৰবাদ শক্তিশালী কৰিবলৈ আগবাঢ়িছে। দেখাত এই ঢৌত আলফাসহ বাকী সকলো বিষয় তল পৰি যোৱা যেন লাগিলেও প্ৰকৃতাৰ্থত তেনে কেতিয়াও নহয়। চৰকাৰখনেও সেই কথা ঠিকেই অনুমান কৰিছে। সেয়ে শেহতীয়াকৈ মোডীৰ বাৰ্মা যাত্ৰাত বিদ্ৰোহীৰ বিৰূদ্ধে যৌথ অভিযান, লুক ইষ্ট পলিচীৰে বাৰ্মালৈকে বাট মুকলি কৰাৰ আচনি, কাচিন ইণ্ডিপেণ্ডেন্ট আৰ্মীক সহযোগিতা কৰি কুটনৈতিক বুজাপৰা, আলফাৰ ইষ্টাৰ্ণ নগালেণ্ডত শতাধিক নতুন কেডাৰৰ প্ৰশিক্ষণ, আলফাৰ দাবীক ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰিবলৈ তাহানিৰ পৰা লাগি থকা প্ৰবাসী ভাৰতীয় আলফাৰ সভাপতি নিযুক্ত হোৱা বুলি প্ৰচাৰ হোৱা, চীনৰ সৈতে ভাৰতৰ সংঘাতৰ বিপৰীতে পৰেশ বৰুৱা চীনত আশ্ৰয় লোৱাৰ খবৰবোৰে অন্য এখন ছবিহে প্ৰকাশ কৰে।

আলফাৰ আলোচনাপন্থী নেতা অৰবিন্দ ৰাজখোৱাই যুদ্ধ বিৰতিৰ পৰা আঁতৰি অহাৰ ভাবুকি এক উপৰুৱা কথা বুলি উৰাই হয়তো চৰকাৰে দিব পাৰে। আজিৰ তাৰিখত অৰবিন্দ ৰাজখোৱাসহ আলফাৰ নেতা সকল পুনৰ আত্মগোপন কৰাৰ সম্ভাৱনা হয়তো মুঠেই নাই, কিন্তু চৰকাৰৰ এনে কাম কাজে পৰেশ বৰুৱাৰ নেতৃত্বত থকা গোটটোৰ প্ৰাসংগিকতা বঢ়াই তোলাৰ সম্ভাৱনা প্ৰচুৰ। বিজেপি চৰকাৰখনে হয়তো তাকেই কামনা কৰিছে। কিয়নো আলফাক আলোচনাৰ মেজলৈ অনাৰ আৰু আলোচনাৰ মাজেৰে এখন চুক্তি কৰাৰ কনমাণো ক্ৰেডিট কংগ্ৰেছ দললৈ নাৰাখি দাবীচনদৰ কিছু দাবী বিজেপিয়ে নিজাববীয়াকৈ পূৰন কৰাৰ মাজেৰে আলোচনাপন্থী আলফাক অপ্ৰাসংগিক কৰি তুলিব খুজিব পাৰে। আলোচনা যিমানেই দীৰ্ঘম্যাদী হব সিমানেই আলফাৰ নিজৰ সাংগঠনিক ভেটি খহিব , কেডাৰ সকলৰ নেতৃত্বৰ প্ৰতি আনুগত্য যিমানেই কমিব সিমানেই প্ৰাসংগিকতা হেৰুৱাব আৰু সিমানেই প্ৰাসংগিক হব আনটো গোট।

সকলো পৰিষ্কাৰ হব ২০১৬ চনৰ নিৰ্বাচনৰ পিছত। কেনেবাকৈ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিলে বা ভাজপাই চৰকাৰ গঠন কৰিব নোৱাৰিলেও (একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰাৰ সাংগঠনিক ভিত্তি দেখা নাই!! ) জনবিৰোধী আঁচনিবোৰ সফল কৰিবলৈ এই সংঘ যিমানেই আগবাঢ়িব সিমানেই জনগনৰ সৈতে প্ৰত্যক্ষ সংঘাত নিশ্চিত। এই সংঘাতেই কেৱল আলফাকে পুনৰ সংগঠিত নকৰে, সকলো গণতান্ত্ৰিক আৰু জাতীয়তাবাদী শক্তিবোৰকো সংগঠিত কৰিব সেয়া নিশ্চিত। সেই কথা চৰকাৰেও ভালদৰেই জানে , যাৰ কাৰণে সকলো ধৰণৰ চৰকাৰ বিৰোধী সংগঠনকে ভাবুকিৰে স্তব্ধ কৰি দিবলৈ তৃণমূল পৰ্যায়ত সংঘ বাহিনীৰ পৰিকল্পিত সংগঠন আৰম্ভ হৈছে। ৰাষ্ট্ৰবাদী চৰকাৰখনে সকলো কৰিব পাৰে। জনগণৰ দ্বাৰা গঠিত অগপ চৰকাৰক ১৯৯০ চনৰ ২৮ নবেম্বৰত কেবল চাহ কোম্পানীৰ স্বাৰ্থতেই বৰ্খাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসনৰ মাজেৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। অপাৰেচন বজৰং, শ্বেৰ ই দিল অভিযানেৰে অসমৰ জনগনৰ ওপৰত যি অমানুষিক নিৰ্যাতন চলোৱা হৈছিল সেয়া এতিয়াও ইতিহাস হৈ যোৱা নাই। সেয়ে আলফা-চৰকাৰৰ আলোচনা কেবল চৰকাৰ বা আলফাৰ আলোচনাপন্থী নেতৃত্বৰ ওপৰতে আশা কৰি নাথাকি জনগনেও সচেতন হ’বৰ হ’ল। দল নিৰ্বিশেষে ভাৰতৰ সংবিধানৰ বেচিক ষ্ট্ৰাকচাৰ পৰিৱৰ্তন সাধন কৰি হ’লেও অসমৰ অধিকাৰ প্ৰতিষ্ঠাৰ দাবীত সোচ্চাৰ হোৱাৰ নিতান্তই প্ৰয়োজন। অন্যথা আমি নৱ-প্ৰজন্মক পুনৰ আন এক অগ্নিগৰ্ভা পৰিস্থিতিৰ সাক্ষী হবলৈ এৰি থৈ যাব লাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments