আলহীয়ে এৰা পিঠা (জিন্না বৰদলৈ)

ধনঞ্জয়, কুলদীপ আৰু ৰূপক নলে গলে লগা বন্ধু। য’লৈকে যায় একেলগে যায়, একেলগে খায়। পাঁচ বছৰমানৰ আগৰ কথা। গাত কথা নলগা বয়স। ৰূপকৰ বায়েক মানে বৰদেউতাকৰ জীয়েকৰ বিয়া থিক হ’ল। বৰদেউতাকৰ আকৌ ল’ৰা সন্তান নাই। সেয়ে ঘৰৰ সকলোয়ে ৰূপকক এবাৰ বায়েকৰ হ’বলগীয়া ঘৰখন চাই আহিবলৈ ক’লে। এসপ্তাহ পাৰ হ’ল, দুসপ্তাহত ভৰি দিলে। ৰূপকে সময় উলিয়াব পৰা নাই।

 

এদিন মুকুট শৰ্মা চাৰিআলিত বহি তিনিও বন্ধুয়ে কিবা কিবি গম্ভীৰ আলোচনা কৰি আছিল। তেতিয়া গাৰ্লছ কলেজৰ ছোৱালীয়ে আগবেলা পৰীক্ষা দি আহি মুকুট শৰ্মা চাৰিআালিত ৰৈ ‘ৰিক্সা অমুকলৈ যাবা নে’ সোধাৰ সময়। আলোচনাৰ বিষয় বেছি গম্ভীৰ হৈ যোৱাত এজনে ওচৰৰে দোকানৰ পৰা চিগাৰেট এটা কিনি আনিলেগৈ। তেনেতে ৰূপকৰ বৰদেউতাকৰ ক’ৰপৰানো উদ্ভৱ হ’ল এটায়ো তত ধৰিবকে নোৱাৰিলে। ৰূপকৰ হাতৰ জ্বলা চিগাৰেট হাততে থাকিল। বৰদেউতাকে ৰূপকৰ হাতত জ্বলা চিগাৰেট দেখি খঙত একো নাইকিয়া হৈ চাইকেলখন ওচৰৰে লাইট প’ষ্টটোতে আঁউজাই মোনাত থকা চজিনাৰ মুঠিটো হাতত লৈ খেদি গ’ল। সমস্ত সুন্দৰীগণৰ সম্মুখত বৰদেউতাকৰ মুখৰ সন্মান নাশজনক গালি আৰু চজিনাৰ মুঠিসহ চোঁচা দেখি তিনিও একেজাঁপে নিজৰ নিজৰ চাইকেলৰ ওচৰ পালেগৈ। তাৰপৰা পোনেই লাভাৰ ব্ৰীজৰ তল পালেগৈ। সুৰক্ষিত স্থান।
অলপপৰ তাতে থকাৰ পাছত তেওঁলোকে অনুভৱ কৰিলে যে ৰাতিপুৱা ভাত খোৱাৰ পাছত অনেক সময় পাৰ হৈ গ’ল। ভোক লাগিছে। কিন্তু দুপৰীয়া ভাত খাবলৈ যোৱাৰ দুঃসাহস কৰিব এটায়ো নোৱাৰে। তিনিওখন ঘৰতে যিকোনো কথা জনাজনি হ’বলৈ বেছি সময় নালাগে। বাহিৰত খাবলৈয়ো তিনিজনে খাবৰ জোখাৰে হাতত ধন নাই।অলপ আলোচনা-বিলোচনা কৰি তিনিও সিদ্ধান্ত ললে যে সিহঁত ৰূপকৰ বায়েকৰ হ’বলগীয়া ঘৰলৈ যাব। ভৰ দুপৰীয়া খবৰ নিদিয়াকৈ গ’লেও ভাত খাবলৈ জোৰ কৰিব ই। দাইল-ভাত হ’লেও ছোৱালীৰ ভায়েক আহিছে বুলি কণী অমলেট বনাই দিয়াৰ আশা অকণো আছে। ভবা মতেই কাম। তিনিও চাইকেল পোনালে মাজপথৰিলৈ। পঞ্চল্লিশ মিনিটমানৰ পাছত পালেগৈ ভাবী ভিনিয়েকৰ ঘৰ।
তিনিওটাকে সেইসময়ত দেখি ৰূপকৰ ভাবী ভিনিয়েকৰ বৌয়েকৰ মুখখন কেহেৰাজ বৰণৰ হ’ল। বৌয়েকে এইবাৰ চিঞৰি মাতিলে নিজৰ জীয়েকক। জীয়েক আহিলত বহা কোঠাৰ পৰ্দাখন দাঙি দিবলৈ ক’লে। জীয়েকে দাঙি ধৰা পৰ্দা তলেদি বহা কোঠাত সোমাই তেখেতে ক’লে, “আহা, বহাহি। মই বাহী। আজি দুদিন। ঘৰৰ সকলো বৰদোৱালৈ গ’ল। মোৰ লগত ছোৱালীজনী আৰু ল’ৰাটোক থৈ গৈছে। ল’ৰাটোক আকৌ চম্ভালিবলৈ বৰ টান।“
বৌয়েকৰ কথা শুনি ইটোয়ে সিটোৰ মুখলৈ চালে। ধনঞ্জয়ে মূৰ দুপিয়াই দিলে, মানে সিহঁতে ঠিকেই শুনিছে। সেমেনা সেমেনিকৈ ৰূপকে ফিফ্‌টি ফিফ্‌টি বিস্কুটৰ পেকেটটো ছোৱালীজনীলৈ আগুৱাই দিলে। তাৰপাছত সি চাকৰিৰ ইণ্টাৰভিউৰ সময়ত প্ৰশ্নৰ উত্তৰ দিয়াৰ নিচিনাকৈ বৌয়েকক ঘৰৰ খবৰ-বাতৰি দিলে। তেনেতে বহা কোঠাত সোমালহি ‘চম্ভালিবলৈ বৰ টান’ ল’ৰাটো। কোঠাত সোমায়েই সি মোমায়েকহঁতক জনালে যে সি কেইবাটাও কবিতা আবৃত্তি কৰিব জানে। তাৰ পাছত নমস্কাৰ বুলি কৈ অলপো বিৰতি নিদিয়াকৈ এটাৰ পাছত এটাকৈ সি কবিতা মাতিবলৈ ধৰিলে। ‘ভূত পোৱালি’ কবিতা শুনি সিহঁতৰ পেটত ভূত পোৱালিৰ নাচোন আৰম্ভ হ’ল। খোৱা বোৱাৰ কথা নোসোধেই দেখোন!
উপায়ন্তৰ হৈ কুলদীপে তাক সুধিলে, “বাবা ভাত খালা?’’

সি খাই উঠিলোঁ বুলি কোৱাত তিনিওটাৰে মনটো দমি গ’ল। তথাপিও আশা এৰি নিদি ধনঞ্জয়ে সুধিলে, “তুমি আটাইতকৈ কি খাই ভালপোৱা?”
কথাৰ মাজত খোৱা বোৱাই প্ৰাধান্য পোৱাত বৌয়েকে এইবাৰ জীয়েকক মাতিলে, “অ’ই মাজনী, আলহীক চাহ পানী এটোপা নিদিয় জানো। মই দেখুৱাই দিম আহ।“
বৌয়েক জীয়েকৰ লগত ভিতৰলৈ যোৱাৰ লগে লগে পুতেকেও পাকঘৰলৈ দৌৰ মাৰিলে। প্ৰথমবাৰৰ বাবে সিহঁতে নিজাকৈ অলপ সময় পালে। তিনিওটাই আলোচনা কৰিলে, দং দঙকৈ গাভৰু ছোৱালীজনী আছে যেতিয়া ভাত নহ’লেও লুচি-অমলেটৰে সম্ভাৱনা বেছি।
পোন্ধৰ মিনিটমানৰ পাছত ল’ৰাটোৱে আহি তিনিওকে ভিতৰলৈ খাবলৈ মাতিলে। ল’ৰাটোক অনুসৰণ কৰি তিনিও ডাইনিং টেবুল পালেগৈ। তিনিখন পিৰিচত চাৰিটাকৈ ঘিলা পিঠা, দুখনকৈ সিহঁতেই অনা ফিফ্‌টি ফিফ্‌টি বিস্কুট আৰু ৰঙা চাহ সজাই দিছে। ওচৰতে থিয় হৈ থকা ডাইনিং টেবুলখনতকৈ চাপৰ ন দহ বছৰীয়া, কিন্তু সিহঁতে ভবা গাভৰু ছোৱালীজনী ক’লে, “মামা মই ভালকৈ চাহ কৰিব নাজনো যে সেয়ে খালী চাহ দিলোঁ। বেয়া নাপাব”।
নাই মোমাইতকৈ কণা মোমাই ভাল বুলি ভাবি তিনিওটা চকীত বহি খাবলৈ ল’লে।
ৰূপকৰ খাই শেষ হ’ল। ধনঞ্জয় আৰু কুলদীপৰ পিৰিচত এটা এটা ঘিলা পিঠা বাকী। শেষ কৰোঁ বুলি দুয়োটাই মুখত ভৰাবলৈ মুখ মেলিছেহে। হঠাৎ ‘চম্ভালিবলৈ বৰ টান’ ল’ৰাটোয়ে কান্দোনমুৱা হৈ ক’লে, “অ’ মামা, সেইখন পিঠা নাখাব। আপোনালোকে এৰিলে মায়ে মোক খাব দিব বুলি কৈছে”।
ধনঞ্জয় আৰু কুলদীপৰ ওঁঠৰ ওচৰ পোৱা হাত দুখন নিজে পিৰিচৰ ওচৰলৈ নামি গ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments