আলহীৰ আহাৰ (ৰক্তিম শৰ্মা)

অতিথি দেৱো ভ‌ৱ..!!! অতিথি দেৱতুল্য । তাতে আকৌ দুপৰীয়াৰ অতিথি সাক্ষাৎ দামোদৰ । গতিকে ভাত নুখুৱাকৈ বিদায় দিয়া মানে লক্ষ্মীদেৱীক বিদায় দিয়াৰ লেখিয়া কথা । সৰুতে ঘৰত আলহী আহিলে যাব দিয়া নাছিলো । টাৰ্গেট আছিল আলহীৰ জোতাযোৰ বা বেগটো ।সেইবিধ লুকাই থ’লে যাব নোৱাৰে । সকলো সৰু লৰা-ছোৱালীৰ এনে এটা সৰল মন থাকেই, আজিকালি নাজানো । মোৰ ল’ৰাটোও মোৰ লেখিয়াই হ’লগৈ । লাগিলে বাপেকৰ ফাটি যাওক কথা নাই । আমাৰ আইতা আৰু এখোপ চৰা আছিল । ঘৰত আলহী নহ’লে কোনোপধ্যেই ভাতৰ পাতত নবহে । লাগিলে বাটৰ পৰা ধৰি আনিয়েই খুৱাব । এয়া আলহী বিষয়ত আমাৰ পৰিয়ালৰ কৰ্ম বা সেৱা পদ্ধতি । অসমৰ বেছিভাগ পৰিয়ালতে এই পৰম্পৰা বিদ্যমান ।
এতিয়া আহো এই সেৱাৰ সুযোগ লোৱা এচাম আলহীৰ কথা । তেতিয়া মই স্কুলত পঢ়োঁ । ঘৰত আলহী আহিল । মোৰ ভীষণ ফুৰ্তি । দেউতাই নতুন কেৰম এখন আনি দিছিল । স্কুলৰ পৰা আহিয়েই আলহী খুৰাৰ সৈতে কেৰম । আলহী আহিছিল দেউতাৰ বন্ধু এজনৰ ৰেফাৰেঞ্চ লৈ ।মেডিকেল ৰিপ্ৰেজেনটেটিভ বুলি আহিছিল । তেতিয়া ফোন নাছিল । তিনিদিনমান থকাৰ পিছত দেউতাৰ কিবা সন্দেহ হল । স্কুলৰ পৰা আহি আলহীক ভালদৰে জেৰা কৰিব বুলি মাক কোৱা শুনিলো । মই ভা‌ৱিলো আলহী খং কৰি যাবগৈ ।সেই ভয়তে বেগটো লুকুৱাই থ’লো । পিছে চালাক আলহীয়ে কিবা সন্দেহ কৰিছিলেই নেকি ৰাতিপুৱা বজাৰলৈ যাওঁ বুলি ঘুৰি নাহিল । পিছত বেগটো খুলি চাই দেউতাই দেখে বিভিন্ন মানুহৰ নাম ঠিকনা আৰু পাৰিবাৰিক বিৱৰণ থকা এখন ডায়েৰি , টুথ ব্ৰাছ-পেষ্ট আৰু ফটা পায়জামা এটা । পিছত গম পোৱা গ’ল তেনে মানুহ এজন দেউতাৰ ভালে কেইজন বন্ধুৰ ঘৰত তিনি চাৰিদিনৰ আলহী হৈছিল ।
এনেকৈ আলহী খাই ফুৰা এজাত লোক থাকে । দক্ষিণ কামৰূপত ভাস্কৰ জ্যোতি লাহন নামৰ এগৰাকী মুক্তি বাহিনীৰ সদস্য আছিল । দক্ষিন কামৰূপত তেঁওক ভাল পোৱা মানুহৰ সংখ্যা কম নাছিল । লাহনদাৰ আৰ্মী এনকাউন্টাৰত মৃত্যু হ’ল । তেওঁৰ মৃত্যুৰ পিছত লাহনদাৰ লগৰীয়া বুলি পৰিচয় দি পাচ-ছয়জন ডেকা লৰা কেবাবছৰলৈ মানুহৰ ঘৰে ঘৰে খাই ফুৰিছিল ।
তাৰ পিছত আন এক আলহী বিষয়ক ঘটনা কওঁ । অসম-ভূটান সীমান্তত ভাৰতীয় সৈন্যৰ চোৰাংচোৱা বুলি সন্দেহ কৰা গোট এটাই দীৰ্ঘদিন ,সীমান্ত অঞ্চলৰ ঘৰবোৰত সংগঠনৰ ল’ৰা বুলি পৰিচয় দি খাই ফুৰিছিল । নাৰী নিৰ্যাতনৰ ওপৰিও নানা অকাণ্ড কৰি ঘুৰি ফুৰা গোটটোৱে এদিন সংগঠনক সহায় কৰা বুলি সন্দেহ কৰি দৰঙৰ অৱসৰপ্ৰাপ্ত সেনাৰ হাবালদাৰ এজনক গুলীয়াই মাৰে । সংগঠনৰ ল’ৰাই মাজে সময়ে ছাগলী কিনিছিল তেওঁৰ পৰা ।পিছত মানুহে গম পোৱা হ’ল । তেতিয়া সেই গোটটোও অন্তৰ্ধ্যান হল কিন্তু সাংঘাতিক কিবা এটা কৰি । সেইটো ইয়াত নকওঁ ।
মুঠতে ৰাইজ আলহীৰ পৰা সা‌ৱধান । এতিয়া মোডীজীৰ দিনতো চাউল-ডাইল কিনি খোৱা টান হল । ৰন্ধন গেছৰ যিহে দাম । ছাগলী মাংস ৩৮০ টকা কেজি , কুকুৰা ২৮০ টকা ।এই আকালৰ দিনত আকৌ আলহী আহিব পাৰে । তাতে আকৌ মানুহৰ ঢং চং সলনি হল । আগতে আলহী আহিলে খুব বেছি মালপোৱা -পাপৰ আৰু মিঠা বিস্কুট , আজিকালি পিছে লুচি ভাজি , মিঠাই . লগতে নিমখীয়া কিবা স্পেচিয়েল এটা নিদিলে ভাল নালাগে । সেয়ে পাৰিলে অতিথি সেৱাত চেঞ্চৰ লগোৱা ভাল। এদিনতে অসম্ভৱ , কিন্তু পৰম্পৰা এটা গঢ়ি উঠিলে কেনে হয় , নিৰামিষ ভাতেৰে , সৰু মাছেৰে , মালপোৱাৰে ,মিঠা বিস্কুটেৰে আলহী সেৱা কৰাৰ কিটিপৰ পৰম্পৰা ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক