আলহী -অশোক কুমাৰ নাথ

 
‘মই এখন আত্মজীৱনী লিখিবলৈ ওলাইছোঁ।’– এই খবৰটো কেনেবাকৈ বাহিৰত প্ৰচাৰ হৈ যোৱাৰ পিছৰে পৰা মোৰ ঘৰলৈ আলহীৰ সোঁত ববলৈ ধৰিছে। মোৰ দৰে অকলে থাকি ভাল পোৱা এজন মানুহৰ বাবে এই আলহী হ’ল এক বিৰক্তি।
মই এজন সাংবাদিক আৰু সাহিত্যিক। মোৰ তীক্ষ্ণ কলমত কম্পমান সময়। মোৰ চিন্তাত প্ৰাণ পাই উঠে বহু জীৱন। আঃ! চৰকাৰী চাকৰি এৰি কিয় মই সাংবাদিকতাৰ দৰে এক দুৰ্গম পথ বাছি লৈছিলোঁ ? কাৰণ সেয়াই আছিল সময়ৰ দাবী। স্বাভিমান! নিজৰ মেৰুদণ্ড পোন কৰি ৰখাৰ অহংকাৰ! স্বাধীন দেশত মই পৰাধীন হ’ব খোজা নাছিলোঁ। মই মোৰ চিন্তাৰে জীয়াই থাকিব খুজিছিলোঁ।
 
কেৱল অসমেই কিয়, সমগ্র উত্তৰ-পূৰ্বাঞ্চল মোক লৈ গৰ্বিত। সমগ্র উত্তৰ-পূৰ্বাঞ্চলক ম‌ই প্ৰতিনিধিত্ব কৰিছোঁ। তেওঁলোকৰ সুখ-দুখ, মৰ্মবেদনা, আশা-আকাংক্ষাক ম‌ই মোৰ কলমেৰে আঁকিছো। মোৰ কলমৰ খোঁচত থকা-সৰকা হৈছে বহু অমানুহ, বহু অযোগ্য ৰাজনীতিবিদ। মোৰ সাক্ষাৎ আৰু সান্নিধ্য পাবলৈ হেতা-ওপৰা বহু নামী-দামী সাহিত্যিক-বুদ্ধিজীৱী, অভিনেতা-অভিনেত্ৰী, চৰকাৰী প্ৰতিনিধি তথা মন্ত্ৰী-বিধায়কৰ। আঃ! কি যে ঈৰ্ষণীয় সাফল্য! কি যে বিৰক্তি!
 
বয়সৰ ফালৰ পৰা মই নব্বৈ পাৰ কৰিলোঁ। সেয়েহে এয়াই আছিল মোৰ বাবে উপযুক্ত সময়– মোৰ বৰ্ণিল জীৱনটোৰ বৰ্ণিল অভিজ্ঞতা, স্বপ্ন-দুঃস্বপ্ন, জয়-পৰাজয়, হাঁহি-কান্দোনবোৰক শব্দৰে গঁথাৰ। আত্মজীৱনীখনৰ ১০০ ভাগৰ ৯৯ ভাগেই লিখি শেষ কৰিলোঁ। আৰু মাত্ৰ এভাগ লিখিলেই সামৰিব পাৰিম বুলি ভবাৰ সময়তেই আকৌ ভাবিছোঁ– এনেকুৱা দহখন আত্মজীৱনী লিখিলেও হয়তো মই মোৰ বিচিত্ৰ জীৱনৰ বিচিত্ৰ কথাবোৰ লিখি শেষ কৰিব নোৱাৰিম!
কৈছোঁৱেই– সুবিধা আৰু ছেগ বুজি মোৰ ঘৰলৈ আলহী হৈ আহিছে বহু নামী-দামী ডাক্তৰ-ইঞ্জিনীয়াৰ, মন্ত্ৰী-বিধায়ক, শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱী। সকলোৰে এটাই ইচ্ছা– মোৰ আত্মজীৱনীখনত পাৰিলে তেওঁলোকৰ নামটো থকাৰ। মোৰ লেখাত তে‌ওঁলোকৰ নামটো থাকিলেই যেন তেওঁলোক হ’ব ধন্য! কি যে বিচিত্ৰ এই মানুহ !
 
চৰকাৰী চাকৰি এৰি পত্নী আৰু সৰু সৰু সন্তান দুটাক বুকুৰ মাজত সাবটি আৰম্ভ কৰা সেই দুৰ্গম পথৰ যাত্ৰা– মোৰ পত্নীৰ বাহিৰে কোনে বুজিব সেই সময় কিমান কৰুণ আছিল, কিমান ভয়াবহ আছিল! কিন্তু সৰুৰে পৰা জীৱন মোৰ বাবে আছিল এক প্ৰত্যাহ্বান, এক পৰীক্ষাগাৰ, চেলেঞ্জ! মই সিহঁতৰ আগত ( যাৰ বাবে মই চৰকাৰী চাকৰি এৰিবলৈ বাধ্য হৈছিলোঁ ) প্ৰমাণ কৰি দেখুৱালোঁ যে– চোৱা হে অমানুহবোৰ, মানুহ হোৱাৰ কিমান যে অভিলাষ আছিল মোৰ!
এটা বিৰাট বৃত্তৰ মই যেন এটা কেন্দ্ৰ আৰু মোৰ চৌদিশে বৃত্তৰ বিন্দুবোৰ হৈ যেন ঘূৰিব লাগিছে মোৰ শত্ৰু-মিত্ৰ-শুভাকাংক্ষী আৰু আপোন মানুহবোৰ। আপোন ! বৰ যন্ত্ৰণাদায়ক এই ‘আপোন’ শব্দটো! মোৰ পত্নী ৰূপমা– মোৰ আত্মাৰ আপোন মানুহজনী! আৰু হিয়াৰ আমঠু মোৰ ল’ৰা দুটা– অশেষ ত্যাগ আৰু সত্যৰ প্ৰতিদানত যেন ঈশ্বৰে মোক প্ৰদান কৰিছিল– সিহঁত আটায়ে আজি বৃত্তৰ বিন্দু হ’ল। কিবা এক আদিম অহংকাৰত ম‌ই হৈ ৰ’লোঁ বৃত্তৰ কেন্দ্ৰ– কিমান যে অকলশৰীয়া মই! কেন্দ্ৰৰ পৰাই মই জুমি জুমি চাওঁ সিহঁতক, কিন্তু মনিব নোৱাৰোঁ। ৰূপমা! সুদীৰ্ঘ ৩০ বছৰৰ এই বিচ্ছেদিত জীৱনত মুহূৰ্তে মুহূৰ্তে মই তোমাকেই কঢ়িয়াই লৈ ফুৰিছোঁ মোৰ বুকুৰ মাজত। মোৰ নব্বৈ বছৰীয়া কলিজাটো আজি বৰ ভাগৰুৱা ৰূপমা…
 
গধূলি। কাৰেণ্ট নাই। দুৱাৰত কোনোবাই টুকুৰিয়ালে। টোক্ টোক্ টোক্, টোক্ টোক্ টোক্,…
 
এই অসময়ত আকৌ কোনবা আহিল ? বিৰক্তিত মোৰ মুখখন কোঁচ খাই গ’ল। ই তিলক ক’লৈ গ’ল, তিলক ?
আকৌ দুৱাৰত টোকৰ পৰিল।
লাখুটিডালৰ স’তে থৰক-বৰককৈ উঠি গৈ জপাই থোৱা দুৱাৰখন নেমেলাকৈ ভিতৰৰ পৰাই সুধিলোঁ– “কোন ?”
“আলহী।”
“আলহী ?”
“হয়, ধৰিব পাৰিছেনে ?”
এৰা, মাতটো অচিনাকি যদিও বেছ আপোন যেন লাগিল। দুৱাৰখন মেলি দিলোঁ। আন্ধাৰত একো দেখা নাপালোঁ। মোৰ মুখৰ পৰা আকৌ ওলাই আহিল–
“কোননো ?”
“মই!”
এইবাৰ ‘মই’ শব্দটো ভিতৰৰ পৰা অহা যেন লাগিল।
“আপুনি মোৰ অনুমতি নোলোৱাকৈ ভিতৰলৈ সোমাই আহিল যে ? আচলতে আপুনি মোকেই বিচাৰি আহিছেনে ? নে আপোনাৰ ভুল হৈছে ?”
“আপোনাকেই বিচাৰি আহিছোঁ। আপোনাৰ আত্মজীৱনীখন লিখা শেষ হৈছেগৈনে ?”
“কিয় লাগে আপোনাক ? আৰু আপোনাক মই দেখা পোৱা নাই যে ? কোনখিনিত আছে আপুনি ?”
“লেমৰ ঢিমিক্-ঢামাক্ পোহৰত আপোনাৰ নব্বৈ বছৰীয়া ভাগৰুৱা চকুহালে মোক মনিব পৰা নাই– সেইটো স্বাভাৱিক কথা!”– এইবাৰ যেন আগন্তুকে মোক কিছু পেংলাই কৰিলে।
“চাওক, মোৰ হাতত একেবাৰে সময়ৰ অভাৱ। কি সুধিব লগা আছে সোধক আৰু যাওক।”– এইবাৰ ময়ো অকণমান টানকৈয়ে কথাখিনি কৈ পেলালোঁ।
“মই আপোনাক নিবলৈ আহিছোঁ। মই মৃত্যু। আহক আপোনাৰ কোঠালৈ যাওঁ। তাতেই বহি কথাখিনি পাতিম।”
নিৰ্বাক-নিস্তব্ধ হৈ মই থৰ লাগি ৰৈ গ’লোঁ। শৰীৰৰ মাজেৰে কিবা এক অদ্ভুত কম্পন পাৰ হৈ গ’ল। এছাটি অচিনাকি বতাহ যেন মোৰ গাৰ কাষেৰে পাৰ হৈ মোৰ কোঠাৰফালে আগবাঢ়িল।
থৰক্-বৰককৈ ম‌ই মোৰ কোঠাৰফালে আগবাঢ়িলোঁ। কৰুণতাৰে ভৰি পৰিল মোৰ হৃদয়খন।
“আপোনাৰ বিছনাৰ কাষৰ এই চকীখনতে মই বহিব পাৰোঁনে ? –মৃত্যুৱে মোক প্ৰশ্ন কৰিলে।
মই ভয়াৰ্ত আৰু বিমৰ্ষ মনেৰে মূৰটো দুপিয়াই দিলোঁ।
“ভয় নকৰিব। কি কৰিব, উপায় নাই। পৃথিৱীৰ পৰা যেতিয়া বিদায়ৰ সময় আহি পৰিব, মই দুৱাৰত টোকৰ দিমেই। এয়া যে মোৰ দায়িত্ব; আৰু মই মোৰ দায়িত্ব পালন কৰিব‌ই লাগিব। জীৱনটো ক্ষণস্থায়ী বুলি জানিও আপোনালোক মানুহবোৰে অহংকাৰ কৰিবলৈ নাপাহৰে। নিজকে অমৰ বুলি ভাবিবলৈ আৰম্ভ কৰে। ধন-টকা-প‌ইচাই আপোনালোকক অন্ধ কৰি পেলায়– অমানুহ কৰি পেলায়। অৱশ্যে এইক্ষেত্ৰত আপুনি ব্যতিক্ৰম। কিন্তু আপুনিওতো কম নহয়! জীৱনটোৰ স’তে জুৱা খেলাটোৱেই যেন আপোনাৰ নিচা। সিওতো একপ্ৰকাৰৰ পাপ। বাৰু, যি কি নহ‌ওক– আপুনি এতিয়া আকৌ আত্মজীৱনী লিখাৰ কামত লাগি যাওক। আজি হ’বনে লিখি ?”
“নাই, নহ’ব।”– মই অনুনয়ৰ সুৰত ক’লোঁ।
“ঠিক আছে। মই তেন্তে আপোনাক এদিনৰ সময় দিলোঁ– মানে ২৪ ঘণ্টা। অহা ২৪ ঘণ্টাত আপুনি লিখি শেষ কৰিব লাগিব।”
বাহিৰত গলহেঁকাৰি মাৰি সেইটো তিলক। দুৱাৰ খুলিয়েই সি পোনে পোনে মোৰ কোঠাৰফালে আহিল। মৃত্যুৱে আকৌ কৈ উঠিল– “এইবোৰ কথা আপুনি কাকো নোকোৱাই ভাল। অৱশ্যে ক’লেও আপোনাৰ একো লাভ নহ’ব। আৰু এটা কথা– মোক আপুনিহে দেখা পাব, আনে নাপায়।”!
তিলক আহি মোৰ কোঠা পালেহি।
“দেউতা, মই দোকান পালোঁগৈ। দিয়াচলাই কাঠী নাছিল যে, আনিবলৈ গ’লোঁ। ছেঃ, কাৰেণ্টটো নাহিল যে এতিয়ালৈকে! মই চাহ অকণ কৰি আনো ৰ’ব।”
মই মুখেৰে একো নামাতিলোঁ। মোৰ বিছনাৰ কাষতে বহি মৃত্যুৱে আমালৈ চাই আছিল। হয়তো ! মৃত্যুৱে কোৱাৰ দৰে তিলকে মৃত্যুক দেখা নাপালে। সৰ-সৰকৈ কেইটোপালমান চকুপানী মোৰ দুগালেৰে বাগৰি গ’ল। মোৰ কলিজাটোৱে যেন হঠাৎ চিঞৰি দিলে– ‘ৰূপমা!’
“আপুনি তেন্তে ২৩ ঘণ্টামানৰ পাছতেই আহিব নেকি ?” –মই মৃত্যুক উদ্দেশ্যি অনুনয়ৰ সুৰত কৈ উঠিলোঁ।
“মই দুঃখিত! আচলতে এতিয়াই আপোনাক নিব লাগিছিল। কিন্তু কেৱল আপোনাৰ আত্মজীৱনীখনৰ খাতিৰতহে উক্ত সময়খিনি দিলোঁ। মই থাকিলেও আপোনাৰ একো অসুবিধা নহয়। আপুনি এতিয়া পলম নকৰাই ভাল হ’ব নেকি ?”
মই হাতত কলম তুলি ল’লোঁ। মোৰ মনৰ শেষ কথাখিনি ( যিখিনি কথা সাত দিনমান লিখা হ’লেহে কিজানি শেষ হ’লহেঁতেন ) মাত্ৰ ২৪ ঘণ্টাতে লিখি শেষ কৰিব লাগিব। শ্ৰান্ত কলম, ক্লান্ত হৃদয়! তথাপিও যেন ৰৈ যাবৰ সময় নাই।
এবাৰ তিলকে আহি মোক ফিকা চাহ এপিয়লা আৰু বিস্কুট দুখন দি গ’লহি। এক নিৰ্দিষ্ট বিৰতিত সি আহি দেখে মই চাহ খোৱা নাই। সি বাৰে বাৰে মাতিও মোৰ মাত পোৱা নাই। এক ছেকেণ্ড সময়ো যে মোৰ কাৰণে কিমান মূল্যবান সেই কথা এই সময়ত মোৰ বাহিৰে আৰু আন কোনে ভালকৈ বুজিব পাৰিব! ৰাতিও তিলকে মোক ভাত খুৱাব নোৱাৰিলে। হঠাৎ মোৰ এই অস্বাভাৱিকতাত সি আচৰিত হ’ল। একপ্ৰকাৰ ভয়ো খালে সি।
আৰু মৃত্যুৰ চকুৱে-মুখে সেই একেই ব্যৱহাৰ– ‘আপোনাৰ হাতত সময় একেবাৰে কম!’
মই মৃত্যুৰ স’তে কথা পাতিছোঁ। তিলকে ভাবিছে– মই কিবা ভুল বকিবলৈ আৰম্ভ কৰিছোঁ।
বাঃ! কি যে নান্দনিক এই মুহূৰ্ত! কি যে কৰুণ, কিমান যে ভয়ানক! –মই আৰু মৃত্যু একেটা কোঠাত। মৃত্যুৱে মোক গৃহবন্দী কৰি ৰাখিছে আৰু এক কথাত মৃত্যুও মোৰ বাবে গৃহবন্দী হৈ আছে। গোটেই জীৱন মৃত্যুভয় জয় কৰাৰ পণ কৰি আহিছোঁ। গতিকে এতিয়া মই মৃত্যুলৈ ভয় কৰিম কিয় ? হাঃহাঃহাঃ! হাঃহাঃহাঃ!! মোৰ বিছনাৰ কাষত বহি মৃত্যুৱে মোৰ বাবে অপেক্ষা কৰি আছে। মোৰ জোৰে জোৰে হাঁহিবৰ মন গ’ল। হাঃহাঃহাঃহাঃহাঃ! অৰ্থাৎ মৃত্যুও মোৰ ওচৰত হাৰি গ’ল!
এইবাৰ মৃত্যুৱে মোলৈ টেলেকাকৈ চালে।
দুৱাৰত তিলকে ঢকিয়ালে– “দেউতা, কি হ’ল ? হাঁহিছে কিয় এই ৰাতিখন ? দুৱাৰখন খোলকচোন।”
মই চিঞৰি ক’লোঁ– “একো হোৱা নাই, শুই থাক। বাক্য এটা পঢ়ি হাঁহি উঠি গ’ল। একো হোৱা নাই। ত‌ই শুই থাক।”
কিছু সময়ৰ পাছত তিলকে টলকা মাৰিলে।
মৃত্যুৱে নিৰ্বিকাৰ হৈ টেল্ টেলকৈ মোৰফালেই চাই থাকিল।
মই আত্মজীৱনীখনত আকৌ কলম থলো। সময় তেনেই কম। এই শেষ সময়ত কেৱল ম‌ই লিখিলোঁ ৰূপমাৰ কথা– কেৱল ৰূপমাৰ কথা। তেওঁৰ সেই ভূৱন-ভুলোঁৱা হাঁহিটোৰ কথা। দিগন্ত ভেদি পাৰ হৈ যোৱা তেওঁৰ সেই মিঠা মিঠা কথাবোৰ। সত্য আৰু বিশ্বাসেৰে পৰিপূৰ্ণ তেওঁৰ হৃদয়ৰ ধ্বনি-প্ৰতিধ্বনিবোৰ মোৰ যেন কাণত ঘনে ঘনে বাজিবলৈ ধৰিলে।
এবাৰ– এবাৰ যে এখন সাহিত্যৰ আলোচনাচক্ৰত হঠাতে আমি দুয়ো মুখামুখি হৈছিলোঁ, হঠাৎ আমাৰ–ইজনে সিজনৰ– চকুৱে চকুৱে পৰিছিল। সেই মুহূৰ্তত ৰূপমাৰ মুখত মই যি লক্ষ্য কৰিছিলোঁ– সেয়া তেওঁ হাঁহিব খুজিছিল নে কান্দিব খুজিছিল ? নে তেওঁ মোক মাতিছিল ওচৰলৈ– কাষলৈ ?
“ৰূপমা, ৰূপমা, ৰূপমা…” –মই ফেকুঁৰিবলৈ ধৰিলোঁ। ফেকুঁৰি ফেকুঁৰি এটা সময়ত টেবুলতে মূৰটো পেলাই দিলোঁ। চিলমিলকৈ মোৰ টোপনি আহিল। সপোনতে দেখিলোঁ– ৰূপমাই লাখুঁটি এডাল লৈ থৰক্-বৰককৈ মোৰ কোঠালৈ সোমাই আহিছে। মোৰ কাষতে বহি মোৰ কপাল আৰু চুলিখিনিত হাত বুলাই দিছে। আৰু তাৰ পাছত মোৰ ফালে মুখ কৰি মাটিত আঁঠু লৈ ঘোষা গাইছে–
 
“ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই।
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই।।”
হঠাৎ মই সাৰ পাই গ’লোঁ। স্বতঃস্ফূৰ্তভাৱে মোৰ মুখৰ পৰা উচ্চস্বৰে ওলাই আহিল– “ৰূপমাই মোৰ বাবে ঘোষা গাইছে!”
মৃত্যুৱে মোক ধমক দিয়াৰ সুৰত ক’লে–
“চিঞৰিছে কিয় ? সেইটোনো কি নতুন কথা! আপোনাৰ পত্নী ৰূপমাই আপোনাৰ মংগলৰ বাবে সদায় ঈশ্বৰৰ ওচৰত আঁঠু লৈ ঘোষা গায়।”
মই দৌৰ মৰাৰ নিচিনাকৈ গৈ মৃত্যুৰ ভৰি দুখনতে পৰি হুক্ হুককৈ কান্দিবলৈ ধৰিলোঁ– “মই ৰূপমাক এবাৰ লগ পাব বিচাৰোঁ। এই শেষ সুযোগকণ মোক দিয়ক। মই আপোনাক মিনতি কৰিছোঁ।”
মৃত্যুৱে তৎক্ষণাৎ মোৰ বাহু দুটাত ধৰি মোক উঠাই দিলে। অপলক দৃষ্টিৰে তেওঁ মোৰ চকুলৈ চাই ৰ’ল। খন্তেক সময়ৰ বাবে তেওঁ যেন মোক কিবা পৰীক্ষা কৰিলে আৰু তাৰ পাছত ক’লে– “কাইলৈ দিনটোৱেই আপোনাৰ জীৱনৰ শেষ দিন। কাইলৈ সূৰ্যৰ কিৰণ শেষ হোৱাৰ লগে লগে আপোনাৰ জীৱনৰো অন্ত পৰিব। গতিকে কাইলৈ পুৱাৰ ভাগতে গৈ আপুনি ৰূপমাৰ দুৱাৰত টোকৰ দিব পাৰে। এই শেষ সুযোগটো মই আপোনাক দিব পাৰোঁ।”
মৃত্যুৰ ভৰিত পৰি আনন্দতে মই পুনৰ হুকহুকাই কান্দি উঠিলোঁ। তেওঁ মোক উঠাই দিলে আৰু ক’লে– “এতিয়া কন্দা-কটাখন কৰি নাথাকিব। তেনেই কম সময়হে আপোনাৰ হাতত আছে। কি লিখিব লগা আছে, লিখি শেষ কৰক।”
মৃত্যুৱে মোক মোৰ টেবুলৰফালে আগবঢ়াই দিলে। তেওঁ পুনৰ মোৰ বিছনাৰ কাষৰ চকীখনতে বহি পৰিল।
কিবা এক অনাবিল প্ৰশান্তিত তীব্ৰ বেগেৰে মোৰ কলম চলিল। বুঢ়া বয়সত মৃত্যু-সম্ভাৱ্য লোকৰ মানসিক অৱস্থা কেনে হয় মই নাজানো। কিন্তু মৃত্যুৰ স’তে মুখামুখি হৈ মোৰ এনে লাগিছে যেন মই এতিয়া আৰু আগৰ ‘ম‌ই’টো হৈ থকা নাই; বিন্দুমাত্ৰও লোভ-মোহ-অহংকাৰ নথকা, মানুহতকৈ ঊৰ্ধ্বত মই আন কিবা। পাতল নীলবৰণীয়া পৰিষ্কাৰ আকাশখনৰ দৰেই পৰিষ্কাৰ মোৰ মনত কিবা এক আনন্দৰ হেন্দোলনি উঠিল!
মৃত্যু অৰ্থাৎ মোৰ সমগ্র জীৱনৰ শ্ৰেষ্ঠ আলহীগৰাকীক মোৰ ঘৰত থৈ মই কাইলৈ পুৱাই আলহী হৈ যাম ৰূপমাৰ ঘৰলৈ। মইতো অকলে যাব নোৱাৰিম, তিলককো নিম লগত। ৰূপমাই দুৱাৰ খুলি দিব চাগে’; নিদিলে বাহিৰৰ পৰাই চিঞৰি ক’ম– আজিয়েই মোৰ শেষ দিন ৰূপমা, দুৱাৰ খোলা আৰু হেঁপাহ পলুৱাই চাই লোৱা মোক। ময়ো হেঁপাহ পলুৱাই চাই ল’বলৈ আহিছোঁ তোমাক।
ৰূপমাৰ স’তে হিয়া উজাৰি কথা পাতিম। সুধিম– তোমাৰ, তোমাৰ মনত পৰেনে ৰূপমা ? ডাঙৰ পোনা তোমাৰ গৰ্ভত থাকোঁতে তুমি যে কি অঁকৰামিখন কৰিছিলা– ‘ইটো নাখাওঁ, সিটো নাখাওঁ, ইটো নকৰোঁ‌, সিটো নকৰোঁ ! কেৱল ভয়, ভয়, ভয় আৰু ভয়! কম হাৰাশাস্তিখন কৰিছিলা মোক ! আৰু সৰু পোনা গৰ্ভত থাকোঁ‌তে তুমি যে ‘এবাৰ এক্সপেৰিয়েঞ্চ্ হৈ আছে বুলি একো পৰোৱাই কৰা নাছিলা! জন্মৰ আগদিনালৈকে যে দপদপাই ফুৰিছিলা! মই যে তোমাৰ কৰ্ম-কাণ্ডত ভয়তে পেপুৱা লাগিছিলোঁ! আৰু তেতিয়া তুমি যে মোক ভেঙুচালি কৰিছিলা– “পোৱালি তোমাৰ পেটত আছে নে মোৰ পেটত আছে ? প্ৰসৱ তুমি কৰিবা নে মই কৰিম? উস্! আৰু যে কিমান কথা মনত পেলাই দিম ৰূপমাক!
তেতিয়া নিশা ডেৰ বাজিছিল। তীব্ৰ বেগেৰে মোৰ কলম চলি আছিল। সুদীৰ্ঘ ৩০ বছৰৰ মূৰত ৰূপমাক– মোৰ আত্মাৰ আপোন মানুহজনীক কাষত পোৱাৰ আনন্দত, তেওঁৰ স’তে হেঁপাহ পলুৱাই কথা পতাৰ তীব্ৰ বাসনাত থৌকি-বাথৌ মোৰ মন। অতি বিনয় ভাবেৰে এবাৰ মৃত্যুলৈ চালোঁ। তেওঁ মোৰ ফালেই চাই আছিল। আনন্দৰ আতিশয্যত মোৰ মুখৰ পৰা হঠাৎ ওলাই গ’ল– “আপোনাৰ টোপনি আহিছে যদি মোৰ বিছনাখনতে শুই ল’ব পাৰিব।”■■
 
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক