আলাপ- ঈশ্বৰ প্ৰসন্ন বৰা

 

অফিচ ছুটি হোৱাৰ পাছত ঈশান পোনেই টাউনৰ ফালে খোজ ললে, কিয় জানো আজি তাৰ ৰূমলে সোমাবলে মন নগল৷ আজি বুলিয়েই নহয়, আজি কিছুদিনৰ পৰা অকলে অকলে খোজ কাঢ়ি ফুৰিবলৈ তাৰ যেন কিবা ভাল লগা হৈ আহিছে৷ ৰাতিপুৱা উঠিয়েই পোনে পোনে অফিচ যোৱা আৰু অফিচ ছুটিৰ পাছত লক্ষবিহীন ভাবে টাউনৰ অচিন পথচাৰীৰ মাজত খোজকাঢ়ি ফুৰি নিজকে হেৰুৱাই পেলোৱাটো তাৰ যেন অভ্যাসত পৰিণত হৈছে৷

টাউনত মানুহৰ ভিৰ, সকলোৰে বিৰাট ব্যস্ততা, কেৱল যেন সিহে ব্যস্ত নহয়৷ সকলো ঘৰমূৱা পখী, ঘৰত আপোন মানুহে বৰ ব্যগ্ৰতাৰে অপেক্ষা কৰিছে। সেয়ে সকলোৰে লৰালৰি, সোনকালে ঘৰ পাবগৈ লাগে৷ কিন্তু তাৰ বাবে ৰুমত নিঃসংগতাখিনিৰ বাবে অপেক্ষা কৰিবলৈ আছেই বা কোন? গতিকে মিছাই ব্যস্ত হৈ কি লাভ -ঈশানে নিজকে কলে৷
এনেদৰে নিজকে কৰবাত হেৰুৱাই দি খোজকাঢ়ি ফুৰোতে ঈশানে কোনো চিনাকি মানুহক লগ নেপালেই ভাল পায়৷ একে ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ দি দি তাৰ আমনি লগা হৈছে৷ থানা চাৰিআলি পাৰহৈ গড় আলি পাওঁতেই সি অনুভৱ কৰিলে, তাৰ কান্ধত আঙুলিৰে হেঁচুকি দিছে কোনোবাই৷ যিটো বেয়া পায় সেইটোৱেই হল বুলি সি ঘূৰি চাই দেখিলে হাঁহিত পৰম বিস্ময় সানি থিয় হৈ আছে তাৰ এসময়ৰ অন্তৰংগ বন্ধু আমজাদ৷
“চিনি পোৱা নাই নেকি ঐ, আমজাদ! আমজাদ, ইমান চিঞৰিলোঁ তোক, শুনা নাই নেকি? দাৰ্শনিকৰ দৰে কি ভাৱ দি ৰাস্তাত ঘূৰি ফুৰ? চিনি পাইছ নাই এতিয়া?”
“একদম নুশুনিলো বে…কেনেকৈনো মনলে আহিব? এই ঠাইত তই যে মোক চিঞৰি থাকিবি? চ’ৰি দোষ্ট!” ঈশানে লাজুক হাঁহি এটা মাৰি অপৰাধীৰ দৰে ক’লে৷ তোৰ কথা কচোন৷
“আজিকালি উজনিত৷ কি যে এটা চাকৰি এটা পালো নহয়! উপায় নাই কৰিবই লাগিব বাবে কৰি আছোঁ। তোৰ কচোন৷ কাম কেনে চলিছে?গান কি হ’ল? লাগি আছনে? কেছেট উলিয়াইছিলি যে!তামাম হিট হৈছিল দেই তেতিয়া৷ তই এইবোৰতে থাকিব লাগিছিল, তোৰ নাম হল হয়৷ আমজাদে একে উশাহতে ক’লে৷
ঈশানৰ এটা হুমুনিয়াহ ওলাই আহিল, আমজাদে তাৰ প্ৰতিটো কথাই মনত ৰাখিছে৷ সংগীতক সি যে বিচৰা ধৰণে সময় দিব নোৱাৰিলে, অথচ মানুহে তাৰ পৰা কিছু আশা কৰিছিল৷
“তই গুৱাহাটী গুচি যাব লাগিছিল বুজিছ৷”
“কি হলহেঁতেন?”
“কি আৰু, গান লিখিব পাৰিলিহয়, সুৰ সংগীত দিব পাৰিলিহয়, তই নিজে বিচৰা ধৰণে জীয়াব পাৰিলিহয়৷ আৰে আজিকালি গানৰ কোৱালিটি চাইছনে নাই, যি মন যায় তাকেই লিখিছে৷ ঐ, এনেকৈয়ে থিয়ৈ থিয়ৈ কথা পাতি থাকিবি নেকি? বল, এনজয় কৰোঁগৈ৷
“মানে?” ঈশানে সুধিলে
” মানে আৰু কি, কোনোবা বাৰত বহি মাল টানোগৈ” আমজাদে কলে৷
“নাই অ, কফিকে খাওগৈ বল৷ মোৰ ফেটি লিভাৰ, ডাক্তৰে মানা কৰিছে৷”
“ধূৰৰৰ!! ডাক্তৰে কি জানে মালৰ কথা” লিভাৰ এক্টিভ হৈ যাব ব’ল৷ কিমান দিনৰ মূৰত লগ পাইছো৷ মই য’ত থাকোঁ, এনজয় কৰা পাৰ্টনাৰেই নাই৷ ব’ল ব’ল.. ব্ৰ’ডৱেটে বহোঁগৈ৷
ঈশানে এইবাৰ মানা নকৰিলে৷ কিমান দিনৰ মূৰত দেখাদেখি! এই যে আমজাদটো, সি যে তাক কিমান উৎসাহ দিছিল প্ৰতিটো কথাতে৷
” কি ল’বি ক, আজি পুৰা গিলিম৷ বহুদিনৰ মূৰত লগ হোৱাৰ ফূৰ্ত্তি মনত থকা হ’ব লাগিব বুজিছ?”আমজাদে কলে৷
” এ, ল ল, তোৰ চইছত ল কিবা এটা৷ মইটো বহুদিন লোৱাই নাই৷”
“আৰ চি চলিব?”
“এ হলেই হ’ল” ঈশানে কলে৷
“দুটা আৰচি লাৰ্জ, চিকেন ড্ৰাই ফ্ৰাই এক প্লেট” আমজাদৰ অৰ্ডাৰ মতে স্মাৰ্ট ৱেইটাৰজনে এবটল পানীৰে সৈতে দি গ’ল৷
আমজাদে পানী ঢালি ঢালি ঈশানলে চাই ক’লে, “পানী চাই লবি৷ মই পানী বেছি নলওঁ৷ কিবা মাল টানি থকা যেনেই নেলাগে৷ একেবাৰে চোকেই নাই যেন৷ চব ডুপ্লিকেট হৈ গল চাল্লা৷ আমজাদে লক্ষ্য কৰিলে এসময়ৰ ৰঙীয়াল ঈশান যেন সলনি হৈ গল৷ বন্ধুৰ মাজত সকলো সময়তে জমাই থকা ঈশানে ইমান সময় বিশেষ কথা কোৱাই নাই৷ কেৱল সি হে ফটফটাই আছে৷ গান বুলিলে পাগল ঈশানে আগতে পিকনিক বিয়া আদিলৈ গ’লে পৰিবেশেই সলনি কৰি দিয়ে৷ অথচ আজিচোন সি নিমাত৷ কিবা যেন সেই আগৰ ঈশান যেন লগা নাই৷ সি ঈশানক কেতিয়াও এনে দাৰ্শনিক, ভাবুক ৰূপত লগ পাব বুলি ভবা নাছিল৷ অবশ্যে দুটামান পেগ পৰিলে হয়তো স্মাৰ্ট হৈ যাব৷
পিছে তিনিটাকৈ লাৰ্জ পেগ পৰাৰ পাছতো আমজাদৰ হে কথা বাঢ়ি আহিল৷ তাৰ নিচা ধৰাৰ ষ্টাইল সেই আগৰ দৰেই আছে৷ সি কয় যিমান, তাৰ সিমান ‘ষ্ট্ৰেঙ্থ’ নাই৷ আমজাদৰ জিভা পাক খালেই৷ ঈশানলে চাই সি সুধিলে
“তোৰ কি হল বে, মাতবোল নাই যে ভূতটোৰ দৰে কিয় বহি আছ? আবে অলপটো ফূৰ্ত্তি কৰ ভাই৷”
“হ’ব কৰিম ৰ ফূৰ্ত্তি, তোৰ ফূৰ্ত্তিয়েই মোৰ বুলি নধৰ কিয়? তোৰ কথা ক’—কেনে লাগিছে চাকৰি?
“চাকৰি আৰু কি, কৰিবই লাগিব, নহলে বাচিবি কেনেকৈ? কিন্তু তাত একদম ফূৰ্ত্তি নাই বে! চাল্লা নিজৰ দেশতেই অচিন লাগে, বিহাৰ নে বেংগল ঠিকেই নাই৷ চহৰতটো অসমীয়া নুশুনিয়েই৷ মাঠা বেয়া হৈ যায়৷ তাতে আকৌ আমাৰ অসমীয়াবোৰৰহে হিন্দী কোৱাৰ কোবটো বেছি৷ ভাল নলগা হল একদম৷ মানুহবোৰ চব যন্ত্ৰ হৈ গল৷ চিনাকি মানুহেও বোকা মাৰি থৈ যায়, লেভেল একে নহলে গাড়ীতেই নুঠায় বে.. কিমান দিন যে মোৰ লগত এনে হৈছে৷… আৰে বাদদে সেই চব৷ মানি আৰূ মাইকীৰ ধাণ্ডা, দুনিয়া পাগল হৈ গৈছে বে৷ অহ, তোৰ ডাৰ্লিঙৰ খবৰ কি? ৰাখিছনে খবৰ? কি নাম আছিল? আমজাদে দোৰোল খোৱা জিভাৰে আগৰ দিনৰ টেইপ ৰেকৰ্ডাৰত গান বাজি থাকোতে ৰিল ফচি গ’লে ওলোৱাৰ দৰে হোৱা মাতেৰে চকুকেইটা বৰ ডাঙৰ কৰি তাক সুধিলে৷
“কাৰ কথা কৈছ?”
“ইঃ, এতিয়া পাহৰি গলি? তোৰ চুইট হাৰ্ট বে!কি আছিল নামটো?”
ঈশানৰ বুকুখন মোচৰ খাই গল৷ সি গম পাইছে আমজাদে কাৰ কথা সুধিছে৷
“আবে! নামটো নোলায় যে.. দেখিলো নহয় বে গুৱাহাটীত৷ তোক তাই কিয় লাঠ মাৰিলে? তোৰ পইচা নাই..অহ! তাই ভাল পটালে কিন্তু..ফৰচূনাৰত উঠি কি খিকিণ্ডালি তাইৰ৷ একদম নিজ চকুৰে দেখিছোঁ৷ পিছে তাই তোৰ বিষয়ে জানেনে নাই? এতিয়া যে পইচা- ষ্টেটাচ দুইটাই তোৰ আছে?”
“মই বুজা নাই৷” ঈশানে কথা সলাব খুজিলে৷ তাৰ অবিহনে এসময়ত মৰিব পৰা ইপ্সিতাৰ কথা সি এই মুহূৰ্তত একেবাৰে মনত পেলাব বিছৰা নাই৷
“যাওঁ বল, বহুত খালো, তোৰ কথাই নুঘূৰা হল৷” ঈশানে আমজাদলৈ চাই কলে৷
“অহ, বেয়া পালি? ডাৰ্লিঙৰ কথা কোৱা বাবে… আব্বে তোক এৰি তাই বৰ্বাদ হৈ গল৷ তোৰ নিচিনা ভাল ল’ৰা এটাৰ ‘দিলত ঢোখা’ দি তাই ডাঙৰ ভুল কৰিলে আৰু ৰিজাল্ট পাই গল৷”

“কিয় কি হল তাইৰ? ঈশানৰ মাতটো প্ৰয়োজনতকৈ বেছি ডাঙৰকৈ ওলাল৷ সি উৎকৰ্ণ হৈ আমজাদলৈ চাই ৰ’ল৷
“ইঃ, তাৰ প্ৰেম চা৷ একো হোৱা নাই বে!..এনেই তোক চালোঁ৷” আমজাদে বৰ ৰহস্য ময় হাঁহি এটা মাৰি ক’লে৷ দুইটা হোটেলৰ পৰা ওলাই আহিল৷ বহুদিনৰ মূৰত লগ পাই ফূৰ্ত্তি কৰি ভাৰসাম্যহীন হৈ পৰা দুটা নিভাঁজ বন্ধুৰ শৰীৰে ৰাস্তাত বহুতো ভাঁজ লগাই আগবাঢ়িল৷ অলপ দূৰ আহি দুইটা থানা চাৰিআলি পালে৷ তাৰ পৰা কিছু আগত আমজাদৰ ঘৰ। সি এনেই খোজকঢ়াৰ চলেৰে ওলাই আহিছিল৷ অফিচৰ কামত দুদিনৰ বাবে ঘৰলৈ আহিছে৷
“আব্বে! লগ কৰিবি ভাই৷ কণ্টেক্টত থাকিবি৷ হোৱাট্টচআপ কৰিবি৷ গুডনাইট” ঢলংপলংকৈ দীঘল খোজেৰে আমজাদ আগবাঢ়িল৷ তাৰ নিচা লাগিছে৷ একেই আছে সি৷
ঈশান তাৰ ৰূমলৈ বুলি আগবাঢ়িল৷ সি অনুভৱ কৰিলে, নিস্তদ্ধতাই যেন পথটো এফালৰ পৰা গিলি আনিব ধৰিছে৷ সময় অলপ হল৷ ঘড়ীৰ কাটাই দহ বাজি বিশ মিনিট স্পৰ্শ কৰিছে৷ এখন, দুখন গাড়ী—এজন দুজন পথচাৰী৷ কি কব খুজিছিল বাৰু আমজাদে, ইপ্সিতাৰ কথাই নেকি বাৰু? কিবা গধুৰ বস্তু এটাই যেন ঈশানৰ বুকুত স্পৰ্শ কৰিলে- তাৰ তেনে লাগিল৷ কেতিয়াও পাহৰিব নোৱাৰাৰ বাবেই মনত পেলাব নিবিচৰা ইপ্সিতাক আমজাদে আজি পুনৰ মনত পেলাই দিলে, উমি উমি জ্বলি থকা বিৰহৰ জুইকুৰা সি যেন ফু মাৰি দপ দপকৈ জ্বলাই দিলে৷ সি যে কেতিয়াও ভবা নাছিল, তাৰ একমাত্ৰ প্ৰিয় নাৰীৰ হাতত গভীৰ বিশ্বাস আৰু প্ৰত্যশাৰে তুলি দিয়া তাৰ কোমল কলিজাখন থানবান কৰি কেৱল মাত্ৰ টকাৰ বাবেই ইপ্সিতাই তাক এনেদৰে এৰি আনৰ হৈ যাব পাৰিব!
-কিন্তু আমজাদে কি কলে? তাই বাৰু দুখত পৰিছে নেকি?
– ঈশানে গধুৰ যেন লগা তাৰ বুকুৰ বাওঁফালে হাত দি চালে৷

নিশা এঘাৰ বাজিল৷ মাকৰ মিচকল। অহ! আজি মাকলৈ ফোন কৰাই নহ’ল৷ সি মাকলৈ ফোন লগালে–

“ভাত খালিনে মা? ঠিকে আছ? শুব হোৱাই নাই নেকি তোৰ?”
“মই ঠিকেই আছো, তই ভাত খালিনে?”

“খালো মা খালোঁ, এই শুমেই আৰু৷ তই শুই থাক দেই!”
মাকক সি ফাঁকি দিলে৷ কিছুমান কথা মাককো ক’ব নোৱাৰি৷ কেতিয়াবা কিবা ভালৰ বাবে মিছা কোৱাই ভাল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments