আলাপ (-চন্দ্রমা কলিতা)

সখী, ঘৰ এটা সাজিবানে?
দে’তাৰ ডাঙৰ ছাটিটোৰে চাল হ’ব
আইতাৰ আশী সূতাৰ দুখন চাদৰেৰে বেৰ
কল্পনাৰ দুৱাৰদলিৰে বগুৱাবাই আমি সোমাই যাম
কণমান পৃথিৱীখন পোহৰেৰে সজাম।

সখী, মাহঁতে ভূ নোপোৱা আবেলি এটাত
কলেজ ৰ’ডেৰে এপাক ফুৰাবলৈ নিবানে?
ষ্টেডিয়ামৰ কাষৰ ইউকেলিপ্টাছজোপাৰ তলত তুমি এখন্তেক ৰ’বা
আপোনভোলা হৈ নিজকে এবাৰ ক’বা
ইমান ধুনীয়া গোন্ধাইছে চা..
পৰশ খুৰাহঁতৰ বাৰীৰ ভগা অটোৰিক্সাখনতো উঠিমগৈ দিয়া
মোৰ বাওঁহাতত এটা ছাটি
সোঁহাতত এজাপ কিতাপ
তুমি ৰুমাল জোকাৰি দ্রাইভাৰ হৈ সুধিবা,
“দিদিজী কাহা হেই জানা? ”
মই পখিলা এটি হৈ ক’ম,
“ ছপ্ন’কী দেছ মেই
দুংগী দছ্ ৰুপইয়া…।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments