“আলাপ”: ৰক্তিম গোস্বামী

পুৰুষ: ‘ধুনীয়া, তুমি ধুনীয়া’। সেই এষাৰ কথাই তুমি
শুনিব বিচাৰিছা মোৰ পৰা। হয়নে নহয়? কিন্ত
‘ধুনীয়া’ মানে নো কি? মুখৰ অৱয়ব? শৰীৰৰ
গঠন? দামী কাপোৰ, পাৰফিউমেৰে চানি ৰখা
কোনো পুৰুষ বা মহিলাৰ শৰীৰ। ওহো। মোক
এইবোৰে আকৃষ্ট নকৰে।
নাৰী: আহাঃ। তাৰ মানে মোক দেখি তুমি আকৃষ্ট কেৱল
নোহোৱা? মই এইযে তোমাৰ গাত গা লগাই বহি
আছো ই তোমাক অলপো আনন্দ দিয়া নাই? তোমাক
অলপো উত্তেজিত কৰা নাই?
পুৰুষ: তুমি ভুল বুজিছা।মই পুৰুষ আৰু তুমি নাৰী।পুৰুষৰ
নাৰীৰ প্রতি বা নাৰীৰ পুৰুষৰ প্রতি দুৰ্বলতা
আদিম, সহজাত।এই চৰ্ততে বৰ্তি আছে পৃথিৱী,জীৱকুল। কিন্তু কিবা এটা বস্তুৰ সৌন্দৰ্য অথবা তাৰ
ধুনীয়াখিনি সদায় আপেক্ষিক। সেয়েহে বোধহয়
একে গৰাকী নাৰী সকলো পুৰুষৰে পচন্দ নহয় বা
তাৰ ঠিক ওলোটা। মই ক’ব খুজিছো সৌন্দৰ্য
আচলতে এক দৃষ্টিভংগী।
নাৰীঃ আচ্ছা, তোমাৰ মোৰ প্রতি প্রেম মাথো এক
দৃষ্টিভংগীহে?
পুৰুষ: তুমি আকৌ ভুল কৰিছা।সৌন্দৰ্য প্রেমৰ এক
উপাদানহে। সৌন্দৰ্য প্রেম নহয়।প্রেমৰ এক নিজা
সৌন্দৰ্য আছে। তোমাৰ প্রতি মোৰ ভালপোৱা আন
একো নহয় বৰং মই মোৰ দৃষ্টিভংগীৰে তোমাৰ
মাজত বিচাৰি পোৱা কিছু নিৰ্দিষ্ট সৌন্দৰ্যৰ
সমষ্টিহে। হয়তো ইয়াৰ পৰা জমা হোৱা এক সামগ্রীক
সৌন্দৰ্য।
নাৰীঃ কিন্তু তুমি কোৱাৰ দৰে নাৰীৰ মনক যে
কোনেওঁ বুজিব চেষ্টা নকৰে? কেৱল মাথো এটা
শৰীৰ মানেই যেন নাৰী? পুৰুষৰ শাৰীৰিক ক্ষুধা
পুৰণ কৰাই যেন নাৰীৰ জীৱনৰ উদ্দেশ্য।
পুৰুষ: মই বুজো। শাৰীৰিক ক্ষুধাৰ আবেশ ফালি
নাৰীৰ সৌন্দৰ্য বুজা পুৰুষ তেনেই কম। কিন্তু এইটো
মনত ৰাখিবা যে সঁচা প্রেম আছে বাবেহে পৃথিৱী
আজিও ধুনীয়া। সঁচা প্রেম আছে বাবেহে আজিও
পুৰুষে নাৰীক আৰু নাৰীয়ে পুৰুষক বিশ্বাস কৰে।
নাৰীঃ: বুজিলো। তুমি ক’ব বিচাৰিছা হাজাৰ
বেয়া থাকিলেও আজিও প্রেম-ভালপোৱাইহে জগতখন ধৰি ৰাখিছে আৰু ইয়েই প্রেমৰ সৌন্দৰ্য?
পুৰুষ: চোৱা, কিমান অনায়াসে তুমি বুজিলা
কথাবোৰ। সেয়াই তোমাৰ মনৰ সৌন্দৰ্য যাৰ মই
পগলা প্রেমিক।
নাৰী- উফ্ !
“ইউ মেন ৰ বৰ্ণ লাভাৰচ”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments