আলু: অলপ বেবেৰিবাং (দেবব্ৰত বৰা)

কবিৰ ভাজি খাই ভাল লাগে। কবিৰ সৈতে দুই এটা আলুও লাগে।

কবিতাৰ দৰে লিখিলেই কবিতা নহয়। দুই-এটা কবিতা লিখিলেই কবিও নহয়। নেৰুদাৰ অনুকৰণত লিখি কোনো হীৰুদা নহয়। কবিৰ তৰকাৰীত থকা আলুবোৰ কেতিয়াও কবি নহয়!

সৰুৰে পৰা মোৰ পেটটো কিছু ডাঙৰ আছিল। সেয়ে লগৰবোৰে মোক আলু বুলি মাতিছিল। সেয়ে চাগে’ গানৰ মজলিছ, কবিতাৰ আখৰা, নাটকৰ আড্ডা আৰু জ্ঞান বিজ্ঞানৰ কৰ্মশালাতো আলুৰ সঘন আহ-যাহ চলিছিল। তথাপিও আলু কিন্তু আলু‌ৱেই। আলু কেতিয়াও কবি নাছিল!

আলুৰ এক সুকীয়া সো‌ৱাদ আছে। আলু খাই ভাল নোপো‌ৱা কেইজন আছে? আলুৰ তৰকাৰী ৰান্ধিবলৈ ভাল। আলু আঁকিবলৈও ভাল!

আলু ভাৰতৰ ভূমিপুত্ৰ নহয়। বগা বঙালৰ হাতত ধৰি ভাৰত-ভূমিত পদাৰ্পণ কৰি আলু ধন্য হ’ল। ন‌বকান্তৰ ককা দেউতাৰ হাড়ৰ হৰিণাৰ ব্যঞ্জনত সেয়ে আলুৰ স্থান নাছিল। খাৰখো‌ৱা অসমীয়াই আলু সৌ সিদিনাহে চিনিছিল!

আলুৰ বেপাৰীৰো ভাও লৈছিলোঁ। আগষ্ট মাহৰ গৰমত বংগৰ হিমঘৰৰ পৰা সেমেকা আলুবোৰ ওলাই আহে। শুষ্ক থলীত বিজুলী পাংখাৰে শুকু‌ৱাৰ পাছত সিহঁতৰ গাত ৰঙামাটিৰ প্ৰলেপ পৰে। তাৰ পাছত লৰীত উঠি শ্ৰীৰামপুৰ অথবা বক্সীৰহাতেদি সিহঁত অসমীয়া হয়। বংগত আলুৰ খুচুৰা দাম যেতিয়া সাত টকা সেৰ, অসমলৈ আহোঁতে থলীতে দিব লাগে ন টকা সেৰ। অসমলৈ আহি দাম হয় প্ৰতি সেৰে এঘাৰ টকা। মমতা দিদিয়ে চিঞৰি গো‌ৱা গানটোত বামপন্থী চৰকাৰৰ বুৰঞ্জী লুকাই আছে।

পঁইতা ভাতৰ লগত আলু পোৰা খাবলৈ ভাল। মাক আৰু দুজনী জীয়েকৰ তাকে খাবলৈ হুতাহ লাগিল। ৰঙামাটিৰ প্ৰলেপ সনা পোৰা আলু খাই সিহঁতৰ বিষক্ৰিয়া হ’ল। মাক আৰু সৰুজনীৰ আবেলিলৈ আৰোগ্য হো‌ৱাৰ পিছত ডাঙৰজনীৰ বেমাৰ কমক চাৰি বঢ়িলহে। আলুৰ বিতাৰকৰ দায়িত্ব বাঢ়িল। চিকিৎসক-হাস্পতাললৈ দৌৰিব লগা হ’ল। দায়িত্বৰ লগতে একধৰণৰ মমতাৰো জন্ম হ’ল। সেই ৰাতি আলুৰ হিচাপৰ বহীত এটা প্ৰেমৰ কবিতাৰ জন্ম হ’ল। কবিতাটো এতিয়া এখন আকাশ হ’ল। তাত এপাহ তৰাফুলো ফুলিছে।

সেয়ে আলুৰ প্ৰয়োজন আছে। কবিৰ তৰকাৰীত আলুৰো দৰকাৰ আছে। আলুক ধন্যবাদ। আলু জিন্দাবাদ!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments