আলেকজেণ্ডাৰ চেলকাৰ্কৰ নিঃসঙ্গতা: উইলিয়াম কুপাৰ (অনুবাদ : জল্টি ৰাম নাথ)

চকুৰে দেখিছোঁ মানে পশু-পক্ষী যথাস্থানে
একমাত্র অধীশ্বৰ সকলোৰে ময়ে,
নোলাব কোনো আৰু উপযুক্ত প্ৰতিদ্বন্দী 
কৰিবলে’ প্ৰতিবাদ ন্যায়ে বা অন্যায়ে ।
নিৰ্জনতা ! ক’ত সেই ঋষি-মুনি সবে দেখা
সৌন্দৰ্য্যৰ মাধুৰীমা তোমাৰ মুখত ?
কোলাহলৰ মাজতেই বাস কৰি থকা ভাল
নহওঁ সম্ৰাট এই গহন বনত ।
মানৱসঙ্গীবিহীন অকলশৰীয়াভাৱে
কৰিব লাগিব মোৰ ভ্ৰমণৰ ওৰ,
শুনিম নে কেতিয়াবা সুৱদী সুৰীয়া ভাষা
সচকিত হওঁ শুনি মাতকে নিজৰ ।
বনৰীয়া জন্তুবোৰ আপোনৰ দৰে মোৰ
উদাসীনতাৰে ফুৰে সমীপত,
মানুহৰ স’তে দেখি সিহঁতৰ পৰিচিতি
আচৰিত হওঁ ভাবি নিজৰে মনত ।
সমাজ , বন্ধুত্ব আৰু ভালপোৱা ভাৱবোৰ
ভগৱান অভিপ্ৰেত মানবৰ গাত,
নাথাকিল কিয় মোৰ এজুৰি কপৌ পাখি
উৰি গৈ হিয়া পুনু কৰিবলে’ শাঁত ।
ধৰ্ম চিন্তা কৰি সত্যক সাৰথি কৰি
লাঘৱ কৰিম মোৰ মনৰ যাতনা,
বয়সৰ বাসনাই যৌৱনৰ সদিচ্ছাই
ৰং মনে থাকিবলে’ যোগাব প্ৰেৰণা ।
মুকলি বতাহ তুমি খেলাৰ পুতলা সাজি
কঢ়িয়াই নিয়া মোক সেই দেশলৈ,
হিয়াৰ বতৰাবোৰ আনি দিয়া তাৰে পৰা
নেদেখিম যি দেশক চিৰদিনলৈ ।
লগৰীয়া সবে যেন পঠিয়াই কেতিয়াবা
এশাৰী আশীষ মোৰ অবৰ্ত্তমানত,
কোৱা বন্ধু খাটোঁ তোক সিহঁতৰ বতৰা মোক
যদিওবা আছে মোৰ চকুৰ আৰঁত ।
মনৰ গতিটি মোৰ অতিশয় বেগৱন্ত
মূহুৰ্তৰ ভিতৰতে নানা ঠাই ঘুৰে,
নিজৰ দেশলৈ সেয়ে ঢাপলি মেলিব খোজে
পোহৰৰ পাখি লগা কাড়ো পিছ পৰে ।
যেতিয়াই মনে মোৰ নিজৰ দেশক ভাবে
তেতিয়াই দেখোঁ মই নিজকেই তাতে ,
সোঁৱৰণী আছে হায় হাততে ভূমুকিয়াই
সেয়েহে নিৰাশ মনে উভতো সততে ।
সাগৰীয় পক্ষীদল আপোন বাহলে’ গ’ল
বনৰীয়া জন্তুবোৰো সোমাল গুহাত,
ইয়াতো যে আছে বৰ্তি জিৰণিৰ কাল এটি
লভিম আশ্ৰয় ময়ো পৰ্ণ কুটিৰত ।
প্ৰভূৰ কৰুণাৰাজি সকলোতে আছে ব্যাপি
যোগাবলে’ মানৱক সাহসৰ বাণী ,
তাকেই সাৰথি কৰি দুখ-কষ্ট পৰিহৰি
ল’ম মই আপোন ভাগ্যকেই মানি ।
——————————–
( William Cowper ৰ ‘ The solitude of Alexander Selkirk’ নামৰ ইংৰাজী কবিতাটোৰ ভাঙনিটো মোৰ দেউতাই পঞ্চাশৰ দশকতেই পঢ়ি থকা অৱস্থাত লিখিছিল । কবিতাটি দেউতাই দিয়া শ্ৰুতলিপিৰ আধাৰত পাঠোদ্ধাৰ কৰি পোষ্ট কৰা হ’ল । #কন্দৰ্প_কুমাৰ_নাথ_। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক