আশাত বন্দী মন (মল্লিকা কলিতা)

 

 

নিবেদিতাৰ চৌখিন স্বভাৱটো বিয়াৰ পিছত এখোপ বাঢ়িলহে। গুৱাহাটীলৈ গ’লেই গিৰিয়েকক কুটুৰি কুটুৰি ফাঁচীবজাৰ, চোহাম, হিজ এণ্ড হাৰ্চৰ পৰা কি কি যে কিনি লৈ নাযাব তাই ! তাইৰ লেডিচ বেগত এখন লিষ্ট থাকিবই, প্ৰত্যেকবাৰ গুৱাহাটীলৈ যোৱাৰ সময়ত নতুন ফৰমাইচখিনিৰ সৈতে আগৰবাৰ কিবা কাৰণত ৰৈ যোৱাখিনিও সাৰি নাযায়। লিষ্টত ঠাইৰ অভাৱ হোৱাখিনি সোমাই পৰে অন্তৰৰ অন্তহীন কোঠালীত। তাইৰ মাক দেউতাকে প্ৰায়ে কৈ থাকে সিহঁতক মাটি-ঘৰ কৰাৰ কথা। দুয়ো দুখ কৰে জোৱায়েকৰ পইচাবোৰ সাচঁক চাৰি জীয়েকে পানী কৰা দেখি। পৃথিৱীৰ প্ৰত্যেক পিতৃ মাতৃয়ে চাগে এনেকুৱা, সন্তানৰ সুনিশ্চিত ভৱিষ্যতৰ আশাত বন্দী! তাই মাকক বুজায়, ‘মা, মোৰ জীয়ৰী কালৰ সপোনবোৰ এতিয়া বিয়া হৈয়ে পূৰাওঁচোন! তাত তোমালোকৰ আপত্তি কি?’ কিবা এটা বিচৰা ধৰণে নাপালে তাই ছোৱালীকালত প্ৰায়ে ভাত নাখাইছিল, ঘৰৰ দৰ্জাবোৰ ধম্ ধম্‌কৈ মাৰিছিল… ডাঙৰ ডাঙৰকৈ কান্দি চিঞৰি বাখৰি অশান্তি কৰা স্বভাৱতে পৰিণত হৈছিল। মাকে সেই দৃশ্য কাহানিও জানো পাহৰিব পাৰে! প্ৰায়ে উষ্মাৰে কয় তাইক, ‘ সীমান্ত ৰাজপত্ৰিত বিষয়া কাৰনেহে এনেদৰে পাৰিছ, নহ’লে যে তোৰ কি দশা হ’লহেঁতেন!’

MallikaKalita_AxhatBandiMonবায়েকক দেখি নিবি, মানে নিবেদিতাকো লাগে গুৱাহাটীত ফ্লেট এটা। আচলতে আৰু এটি কাৰণ আছিল–এগৰাকী অসমীয়া আগশাৰীৰ অভিনেত্ৰীৰ টিভিৰ অনুষ্ঠান এটিত ফ্লেটটো দেখি তাইৰ চৌখিন মনটো লকলকাই উঠে। তাইও আশা কৰে অভিনেত্ৰী গৰাকীৰ দৰেই তায়ো সপোনৰ ঘৰটিক ৰঙা আৰু হালধীয়া ৰঙেৰে বুলাব। তাই আৰু গিৰিয়েক সীমান্তই চিনেমাৰ প’জত ফটো উঠি ডাঙৰকৈ বন্ধাই ড্ৰয়িং ৰুমত সজাই থব। শ্ব’কেছত তাইৰ পচন্দৰ শ্ব’ পিচেৰে ভৰাই পেলাব। ভায়েকে মনত পেলায় দিয়ে অভিনেত্ৰী গৰাকীৰ ৱাৰ্ডৰ’ব’ত তিনিশ যোৰ চেন্দেল থকাৰ দৰে তাইকো নালাগে নেকি? তাই, ‘অসভ্য ৰ’ তোক’ বুলি চোঁচা লয়। তাইৰ মনৰ মাজত দৃঢ়তাৰে থিতাপি লয়হি সপোনৰ কাৰেংঘৰে। কিন্তু সীমান্তৰ আগত তাইৰ আশা প্ৰকাশ কৰোঁতে, তাইৰ কল্পনাই যেন বাট হেৰুৱায়। প্ৰথমবাৰৰ বাবে সীমান্তই তাইৰ আশাত একপ্ৰকাৰ চেঁচা পানী ঢালে। তাৰ স্পষ্ট মতামত, সি বৰ্তমান প্ৰপাৰ্টি এটা কিনাৰ বাবে আৰ্থিকভাৱে স্বাৱলম্বী নহয়।

সীমান্তৰ বৌদ্ধিক কেৰিয়াৰ খুবেই সন্তোষজনক আছিল, কিন্তু চৰকাৰী চাকৰিটো পাওঁতে ত্ৰিছৰ দেওনা পাৰ হৈ গৈছিল তাৰ। চাকৰি পোৱাৰ পিছত তিনিজনীকৈ ভনীয়েকক বিয়া দি উলিয়াই দিয়াৰ গধুৰ দায়িত্ব তাৰ ওপৰতে পৰিছিল। দুজনী ভনীয়েকক এটা বছৰতে বিয়া দিব লগাত তাৰ বহুখিনি ধাৰ হৈছিল, সি তেতিয়া নতুনকৈ চাকৰিত সোমাইছিল মাত্ৰ। তাৰ উপৰি তাৰ বিয়াৰ আগত দুই কোঠালিৰ পকাৰে ঘৰ এটি সাজি খেতিয়ক দেউতাকৰ বহুদিনীয়া সপোনটি পূৰাবলৈ যাওঁতে তাৰ চাকৰিৰ নামত বন্ধকীত যোৱা মাটিখিনি মোকোলোৱা আদিত ঘৰখনক উঠাই সি হৈ পৰিছিল শূন্যপ্ৰায়। পিছে দেউতাকে ঘৰটোত বৰ বেছিদিন থাকিবলৈ নাপালে।
বিয়াৰ পিছত শিশুসুলভ নিবিৰ চখ পূৰণ কৰাতো সি কাহানিও কৃপণালি কৰা নাছিল। সি নিবিৰ পৰা মাথোঁ অলপ সময় বিচাৰিছিল। তাইৰ এইবাৰৰ হাবিয়াসকণ এলাপেচাটো নহয় যে চোহামত সজাই থোৱা আছে ফ্লেটটো, উঠাই লৈ আহিলেই হ’ল!! সময়ে অসময়ে তাই তাৰ কাণত পেলাই থাকিল তাইৰ অসম্পূৰ্ণ স্বপ্ন, কেতিয়াবা খঙেৰে, কেতিয়াবা মানসিক হেঁচাৰে।
: এগৰাকী নাৰীয়ে নিজৰ জীৱনটোত বিচাৰে কি? এখন সুখৰ সংসাৰ, মৰমীয়াল পতি। নিজৰ এখন আটোলতোলকৈ গঢ়া ঘৰ—নিবিয়ে খুবেই আবেগিক হৈ ক’লে, সীমান্তক।
: কিন্তু ঘৰ এখন সাজিবলৈ গুৱাহাটীত মাটি কিমান? আছে যদিও আকাশলংঘী দাম, কিছুমানে পাৰে। সীমান্তই বুজিছে আজি তাই পুৰণা ৰেকৰ্ডখন আকৌ বজাইহে এৰিব!
: আৰু নোৱাৰাখিনিয়ে ‘ৰেডিমেইড ঘৰ’ অৰ্থাৎ ফ্লেটৰ আশ্ৰয় লয়। মাটিখিনি মহঙা দামত ক্ৰয় কৰাৰ পিছত ঘৰ সজাবলৈ মধ্যবিত্তীয় পৰিয়াল এটাৰ বাজেট কোনো পধ্যেই নিমিলা হয়— নিবিয়ে প্ৰয়োজনতকৈ বেছি জোৰ দি কৈ উঠে।
: সেয়ে মনৰ বিৰুদ্ধে গৈ ফ্লেট বুক কৰে। ফ্লেটৰ দামো সাধাৰণ ৰাইজৰ ঢুকি নপোৱা দূৰৈত। তুমি জানা নে নাই!- সীমান্তৰ লাহে লাহে খংটো উঠি আহিছে।
: কিছুমানে সেই দূৰত্বকো অতিক্ৰমৰ পথ বাচি উলিয়াই, বেংকত ল’ন লৈ—তাই চকু চলচলীয়া কৰি কৈ উঠে।
: আচলতে বাধ্য হয়, কাৰণ জীৱনস্ংগীক সুখী কৰিবই লাগিব, সন্তানক মূৰৰ ওপৰত সুৰক্ষিত আশ্ৰয় দান দিবই যে লাগিব—সীমান্তই যিমান পাৰি সিমান নৰম সুৰত ক’লে কথাখিনি।
: বিবেকৰ বিৰুদ্ধে গ’লেও, ভাড়াঘৰ বিচাৰি আৰ পদূলিয়ে তাৰ পদূলিয়ে ডলাৰ বগৰী আৰু কিমান হ’ব!
: যাওক মাহে বিছ বাইছ হাজাৰ দৰমহাৰ পৰা, কোনো কথা নাই—সীমান্তই নিজৰ ডিপাৰ্টমেণ্টৰ মনোজৰ অভিজ্ঞতাৰ পৰা ক’লে।
………………………………………………………………………….

সীমান্তই নিজৰ কেবিনত বহি আছে। এইখিনি সময়ত বৰ বিশেষ কাম নাই তাৰ। পিয়ন জনে দি যোৱা চাহত চুমুক দি নিজৰ মাজতে ডুব গ’ল। আজি বেছ কিছুদিন ধৰি তাৰ মন-মগজু ক্ষত-বিক্ষত।
‘গুৱাহাটীত যে স্থায়ী ঠিকনা মোৰ। ক’ম সৌভাগ্যবান নে মই! দুহেজাৰ দহ চনত কিনা ফ্লেট আজি দুহেজাৰ চৌধ্য যাওঁ যাওঁ তথাপিও চোন কপালত হৈ নুঠিল !! অহাবছৰ? উহু অহাদুই তিনিবছৰেও হোৱাৰ সম্ভাৱনা নাই। বিল্ডাৰেই আজি ভগৱান, মোৰ সৌভাগ্য –দুৰ্ভাগ্যৰ সহচৰ!’ সীমান্তই নিজকে নিজে ক’লে।
সীমান্তই নিবিৰ কথা ৰাখিছিল, আচলতে বাধ্য হৈছিল। কিন্তু ফ্লেটটোৱে যে এনেকৈ মূৰৰ কামোৰণি তুলিব সপোন কি দিঠকতো ভবা নাছিল সি।
কিমান বাৰ তাগিদা দিলে সি, মৃদুভাৱে গালিও দি চালে। কিন্তু কাম দিয়া নাইকিয়া। সি ভাবি নাই পোৱা ইমান নিলাজ প্ৰাণীও থাকেনে পৃথিৱীত! প্ৰত্যেকবাৰ গুৱাহাটীলৈ গ’লে তাৰ প্ৰথম কামটো হৈ পৰে বিল্ডাৰক লগ কৰা, ফ্লেটৰ কামৰ খতিয়ান লোৱা। আজি ডেৰবছৰ ধৰি নতুনকৈ ইটা এটুকুৰাও পৰা নাই ঘৰটোত। চিমেণ্টবোৰ ৰ’দে, বৰষুণে পৰি নষ্ট হ’বলৈ লাগিছে। কিন্তু সিটো এগ্ৰিমেণ্টৰ টকা অৰ্ধেকৰো বেছি অংশই ইতিমধ্যে আদায় দিছে। প্ৰায়ে বিল্ডাৰে গুৱাহাটীৰ বাহিৰত আছোঁ বুলি তাৰ পৰা ফালৰি কাটে, কাম আগনবঢ়াৰ কথা সুধিলেও চালে-বেৰে কোবোৱা উত্তৰ শুনি সি হতাশ হয়। প্ৰায়ে উত্তৰ আহে অহা মাহৰ পৰা পূৰ্ণোদ্যমে কাম চলিব। কিন্তু সেই মাহটো ডেৰবছৰৰ পিছতো আহি নাপালে। তাৰ ক্ষেত্ৰত হে কিয় এনে হয় বুলি সি হুমুনিয়াহ কাঢ়ে, আক্ষেপ কৰে। তাৰ আশাক ধূলিসাৎ কৰাৰ অধিকাৰ ক’ত পালে সেই বিল্ডাৰে! সৰুৰ পৰাই সি মোমায়েকৰ ঘৰত থাকিয়ে ডাঙৰ দীঘল হ’ল, মানুহ হ’ল। আজীৱন ঘৰৰ উমৰ পৰা সি বঞ্চিত কবলৈ গ’লে। আৰু আজি ঘৰ এখন নিজৰ কৰি পাবলৈ হাবাথুৰি খাবলৈ লাগিছে, কোনো কোনো মুহূৰ্তত তাৰ শোক দুগুণে উথলি উঠে।
জানুৱাৰীত ছোৱালীক প্লেস্কুলত ভৰ্তি কৰাবই লাগিব, প্ৰতিযোগিতাৰ যুগত তাইক কেনেকৈ পিছ পেলাই থয় বাৰু সি! জকাইচুকীয়া অঞ্চলত তাইক পঢ়ুৱাবলৈ তাৰ পত্নী সন্মত নহয়, নিজেই মহানগৰত ডাঙৰ দীঘল হোৱা! নিবিৰ স্পষ্ট মতামত।
অখিল গগৈ আৰু হিমন্ত বিশ্বৰ মিত্ৰতা সম্ভৱ, কাজিৰঙাত গঁড় হত্যা ৰোধ কৰা সম্ভৱ, সম্ভৱ কাশ্মীৰত শান্তি-সম্প্ৰীতি আনিবলৈ। অসম্ভৱ মাথো নিবিক বুজাবলৈ।
অৱশ্যে যোৱা পাঁচটা বছৰে সীমান্তৰ সৈতে নিবিয়ে কটালেও মফচলীয় ঠাই টুকুৰাত। কিন্তু আৰু বোলে কম্প্ৰমাইজ নকৰে, নোৱাৰেও কৰিবলৈ হেনো। অন্ততঃ ছোৱালীৰ ক্ষেত্ৰত নকৰে!
‘নিবিয়ে ঠিকেই কৈছে, কিন্তু গুৱাহাটী মহানগৰীত জীৱন কটোৱা ইমান সহজ হ’বনে! তাতে আকৌ মোৰ হ’ল ট্ৰেঞ্চফাৰেবল জব। মোৰ অবিহনে সিহঁত দুই মাক জীয়েকে কেনেকৈ চলিব’–ভাবি ভাবি একো এটা সুদুত্তৰ নাপালে সি। নে অনৰ্থক চিন্তা ভাৱনা মন মগজুত সোমোৱাই লৈছে সীমান্তই!
আৰু খৰছৰ কথাও নাই জানো! খুলশালী ল’ৰাটোৱে ফোন কৰি জনাইছে বোলে ভিনদেউ নহাজাৰ দহহাজাৰৰ তলত ঘৰ পোৱা নাযাব। লগত লাইটৰ বিল, পানীৰ বিল। দুই এক আলহীও আহি থাকিব খৰছৰ মাত্ৰা কমক চাৰি বাঢ়িবহে।
ছোৱালীক প্ৰাইভেট স্কুলত দিবলৈ যাওঁতেও মোতা অংকৰ ধন ওলাই যাব। স্কুল বাছত অনা নিয়া কৰাবই লাগিব, গাড়ী-ঘোৰা নাইকিয়া আমিবোৰে। লগত গোটেই বছৰ জুৰি কুকুৰৰ লগত থকা মাখিকেইটাৰ দৰে ফেন্সী ড্ৰেচ, পিংক ডে, ব্লু ডে, চিলড্ৰেন ডে, আৰু ক’ত কিমান ডে! শনিবাৰ, দেওবাৰত আৰ্ট স্কুল, ডেঞ্চ স্কুল নগ’লে তাল কেনেকৈ মিলাব কণমাণি ৰিয়াই!!
সীমান্তই আজি বেছ কিছুদিন ধৰি কেৱল হিচাপ মিলাইছে হে মিলাইছে, সমাধানৰ ঘৰত মাইনাছ। সি সকলোৰে সৈতে তাৰ সমস্যাবোৰ গাই নুফুৰে, তাৰ স্বভাৱ বিৰুদ্ধ ইয়াৰ। নিবিৰ বছৰেকত এবাৰ অসমলৈ অহা বায়েক ভিনদেউহঁতৰ আগত আগৰবাৰ উলিয়াইছিল ফ্লেটটোৰ কথা। তাৰ বেয়া লাগিছিল যেতিয়া নিবিৰ ভিনদেউকে তাক সৰু বিল্ডাৰৰ তাত ফ্লেট বুক কৰা বাবে কামবোৰ লেহেমীয়া হোৱা বুলি কথা প্ৰসংগত কৈছিল। তেখেতৰ কথাই বেলেগ, মধ্য প্ৰাচ্যত অইল কোম্পানীত কৰ্মৰত আজি আঠবছৰ ধৰি। যোৱাবাৰ নইডাৰ ফালেও ফ্লেট বুক কৰিছে। গুৱাহাটীৰ ফ্লেটটো ফাৰ্নিচ এপাৰ্টমেণ্টৰূপে ভাৰা দি থৈছে। মাটিও কৰিছে গুৱাহাটীত দুই ঠাইমানত। আচলতে নিবিয়ে বায়েকৰ লগত সমানে সমানে ফেৰ মাৰিব খোজে। শহুৰ শাহুৱেকেও তাৰ আগত সৰু জীয়েকৰ চৌখিন স্বভাৱৰ কথা বিয়াৰ পিছে পিছেই জনাইছিল। তাই ছোৱালী কালত কোনো লোকৰ ধনী-দুখীয়াৰ বুজ লৈছিল হেনো মানুহঘৰৰ ফ্ৰিজ, কালাৰ টিভি, ডানল’পৰ চোফা, কাৰ্পেট আদি থকা নথকাৰ পৰা। পূজা-বিহুত আটাইতকৈ দামী পোচাকযোৰ পাবলৈ ঘৰৰ সৈতে ওফোন্দ পাতিছিল, মাকৰ লগত কাজিয়া কৰি কান্দি কাটি প্ৰায়ে উভতি অহা দোকানখনৰ পৰাই পিছদিনা দেউতাকৰ সন্মতিত পচন্দৰ কাপোৰসাজ লৈহে শান্তি লভিছিল! নিবিৰ দেউতাকে ৰিটায়াৰমেণ্টৰ পাছত সজোৱা দুইমহলীয়া ঘৰটোৰ প্ৰত্যেকটো ৰুমৰ ৰং আৰু টাইলচ্ আছিল তাইৰ পচন্দৰ। সেই লৈ ঘৰৰ আটায়ে তাইৰ ৰুচিক প্ৰসংশাও কৰে। বায়েকেও নিজৰ আৰু জীয়েকহঁতৰ কাপোৰ কিনোতে ভনীয়েকক সুধি–পুচি লয়। ভায়েককো দেখিছে তাৰ প্ৰেয়সীক উপহাৰ দিয়াৰ সময় হ’লে সৰু বায়েকক ফোন লগাব, উপদেশ ল’ব, খাতিৰ কৰিব। সীমান্তৰ দেখি হাঁহি উঠিছিল যেতিয়া বিদেশৰ পৰা বায়েকে স্কাইপে’ত কথা হ’বলৈ বিচাৰিলে নিজে আৰু কণমাণিজনীকো সজাই পৰাইহে কথা পাতে নিবিয়ে! আগতে হেনো মূৰত তেল ঘঁহা দিনা কোনো দিনে নহা আলহীৰ সন্মুখতো দেখা নিদিছিল তাই। সীমান্তই হে জানে সি নিজে কিমান পানীৰ মাছ !
ফ্লেটটো দেখুৱাই দিয়া মূল ব্যক্তিজন কোন আছিল বাৰু?? সি কেতিয়াবা ভাবি ভাবি একো উৱাদিহ নাপালে এই প্ৰশ্নটোকে কৰে নিজকে নিজে। সেইজন আছিল নিবিৰ একমাত্ৰ মোমায়েক। প্ৰথম অৱস্থাত যিজন ব্যক্তিয়ে সময়-অসময় নহোৱাকৈ ফোন কৰি, তাইৰ একপ্ৰকাৰ ব্ৰেইন ৱাচ কৰি তেখেতৰ গুৱাহাটীৰ ঘৰৰ কাষৰ এপাৰ্টমেণ্টটোত ফ্লেট এটা বুক কৰিবলৈ তাগিদা তথা উৎসাহ দিছিল, সেই ব্যক্তিজনক ফ্লেটৰ কথা সুধিলে এতিয়া উত্তৰ দিয়ে- ‘মোক এই বিষয়ত নাটানিবি মাজলৈ!!’ নিবিয়েও মোমায়েকক দেৰিকৈ চিনি পালে। এতিয়া প্ৰায়ে মোমায়েকৰ প্ৰতি নিজৰ ক্ষোভ উজাৰে, পিছে সন্মুখত মৌনতাই শ্ৰেয় বুলি নকোৱাকৈ থাকে। জানে তাই, মোমায়েকৰ মুখখন মেল খালে সন্মান নাবাচিব। আগৰবাৰ যাওঁতে শাহুৱেকে আক্ষেপ কৰিছিল ভায়েক অৰ্থাৎ মামা শহুৰ আগৰদৰে সিহঁতৰ তালৈ নহা হ’ল, ফোন কৰিলেও খুৱেই প্ৰয়োজনতহে কৰে। শহুৰ দেউতাই সেয়ে কৈ পেলাইছিল, ‘ঘৰ মাটি পৰাপক্ষত মিটিৰ কুটুম্ব, অঙহী-বঙহীৰ ওচৰে-পাজৰে কিনিবই নালাগে, সম্বন্ধত ফাট মেলে। দূৰে দূৰেই থাকিব লাগে এইক্ষেত্ৰত’। তেখেতে নিজৰ অভিজ্ঞতাৰ পৰাই যে কৈছিল সেয়া ধুৰূপ।
সীমান্তই অফিচৰ পৰা ঘৰলৈ উভতি যাওঁতে প্ৰায়ে বজাৰ সমাৰ কৰিয়ে লৈ যায়। সেয়ে দুপৰীয়া সদায় ফোন কৰি নিবিক কি কি নিব লাগিব সুধি পুচি লয়। আজিও আনদিনাৰ দৰে নিবিলৈ ফোন কৰাত ফোনটো সি প্ৰথমে বিজি পালে। অলপ পিছত নিবিৰ ফোন আহিল তালৈ। তাইৰ মাতটোত সি যেন এটা অহৈতুক উৎসাহ অনুভৱ কৰিলে। তাই তাইৰ বৰদেউতাকৰ ল’ৰা অৰিন্দমদাৰ সৈতে ফোনত ব্যস্ত আছিল। হওঁতে এটা সময়ত নিবিৰ বৰদেউতাকৰ ল’ৰা অৰিন্দমৰ সহপাঠী আছিল সীমান্ত। শ্ৰেণীত সিহঁত দুয়ো প্ৰথম দ্বিতীয় হৈছিল। আজি অৰিন্দম নইডাৰ বহুজাতিক কোম্পানীত কৰ্মৰত, তাতেই ফ্লেট আদি লৈ পৰিয়ালসহ নিগাজী হৈ লৈছে। বছৰেকত বিদেশ ভ্ৰমণ থাকেই… আৰু সীমান্ত এখন মফচলীয় নগৰৰ বাসিন্দা হৈ ৰ’ল। তাৰ অজানিতেই তুলনা এটা আহিল মনলৈ, শহুৰৰ ঘৰখনেও কৰে নেকি দুয়োৰে তুলনা—তাৰ জানিবলৈ উচপিচাই উঠিল মনটো। নিবিৰ মাতত সি বাস্তৱলৈ ঘূৰি আহে। ‘হেৰা শুনিছা, আমাৰ অৰিন্দমদাৰ ফ্লেটটোও এগ্ৰিমেণ্টৰ সময়তকৈ দুইবছৰ দেৰিকৈ বিল্ডাৰে দিছিল। ফ্লেটটোৰ ক্ষেত্ৰত বিল্ডাৰে এগ্ৰিমেন্ট মতে সম্পূৰ্ণ কৰিব নোৱাৰাত সেই দুই বছৰৰ সূত দিছিল হেনো দাদাক! মোক নিজে কৈছে দাদাই। তুমিও আমাৰ বিল্ডাৰক কৈ চোৱাচোন… কিজানি সূতৰ টকা আমাকো দিয়েই !’ তাইৰ মাতটো উৎসাহত যেন ফাটি পৰিব এতিয়া।
সীমান্তই বুজি পালে সেইবোৰ কিমান ডাঙৰ বিল্ডাৰ হ’ব লাগিব। কিন্তু তাইক এইসময়ত নিৰাশ কৰিবলৈ সত নগ’ল তাৰ। সি মাথো শলাগি থলে কথাখিনি। তাৰ মাজে মাজে নিবিলৈ দুখো লাগে, বাওনা হৈ চন্দ্ৰলৈ হাত মেলে বুলি!
গধূলি ঘৰ পোৱাৰ পিছত আৰু এটি খবৰে তালৈ বাট চাই আছিল। শাহু শহুৰ খুলশালী সমন্বিতে গুজৰাট-মুম্বাই ভ্ৰমণ প্ৰায় দুইসপ্তাহৰ, পূজাৰ পাছত। সৰু জী-জোৱাঁয়ে ঘৰ ৰখিব লাগিব। নিবিৰ মতে এয়াই সোণালী সুযোগ, এইখিনি সময়ত গুৱাহাটীত ঘৰ বিচৰাৰ। তাই তাইৰ সিদ্ধান্ত শুনাই দিলে তাই এইবাৰ গ’লে আৰু উলটি নাহে। জানুৱাৰীলৈ কেইটা দিন থাকিব, স্কুলৰ এড্‌মিচন এইবাৰ গৈয়ে সমাধা কৰিব লাগিব। গতিকে সিয়ে বস্তু-বাহানি বোৰ পেকিং আদি কৰি ট্ৰাকত উঠাই মাকহঁত ঘূৰি অহাৰ পিছত লৈ যাব নতুন ঠিকনালৈ। ৰিয়াৰ লগত এইবোৰ সম্ভৱো নহ’ব—তাই যুক্তি দৰ্শালে। তাইৰ পেহীয়েকৰ ভতিজা ল’ৰাৰ ঘৰ লোৱা পৰ্ব, গুজৰাটৰ চুৰাট নগৰত। সীমান্তই অলপ বিৰক্তও হ’ল। সি কৈয়ে পেলালে, ‘ফুৰিবলৈ বাহানা আৰু নাপালে!’… নিবি গৰগৰাই উঠিল, ‘তোমাৰ নিচিনা পাইছা নেকি? বিয়াৰ পিছত কলকতা আৰু দীঘা ! তাৰ বাহিৰে কিবা দেখুৱাব পাৰিলা জানো… তোমাৰ লগত মোৰ জীৱনটো কম্প্ৰমাইজ কৰোটেই গ’ল। আজি পাঁচবছৰ ফ্লেটটোৰ বাহানা কৰি কৰি মোক এই জকাইচুকত ৰাখিলা’…
নিবিৰ যেন স্বভাৱতেই পৰিণত হৈছে, যি কোনো কথা প্ৰসংগতে ফ্লেটৰ নামটো উচ্চাৰিত কৰিলেহে তাই যেন শান্তি পায়! সি আৰু কথা নবঢ়ালে। এইসময়ত মৌনতাই শ্ৰেয় বুলি টিভিত মুখ গুজিলে।
এতিয়া যে সিহঁতৰ ফ্লেটটোৰ কথা অঙহী-বঙহী খিনিয়েও গ’ম পাইছে, তাৰ বাবে কৃতিত্বৰ ভাগ যাব নিবিৰ বৰদেউতাকলৈ। এসময়ত শিক্ষকতা কৰা মানুহজন খুবেই কথা চহকী, কথাৰ লাচতে অৰ’ কথা ত’ত গৈ পাওঁতে তেওঁৰ বেছি সময় নালাগে। ঘৰতো বেছি সময় নকটাই, কেৱল ঘূৰি ফুৰিবলৈ লাগে। এদিন এনেদৰে ওলাল গৈ সীমান্তৰ ভনীয়েকৰ শহুৰৰ ঘৰ। ভনীয়েকৰ শহুৰেকো আছিল বৃত্তিত শিক্ষক, তেনেদৰেও আছিল আগৰপৰাই অলপ চা-চিনাকি। কথাই কথাই তাতেই জানিবলৈ পাৰিছিল নিবিহঁতে ফ্লেট বুক কৰাৰ কথা। তাইৰ বৰদেউতাকৰ ঘৰ আকৌ তাহাঁতে ভাৰা কৰি থকাৰ পৰা বেছি দূৰৈত নহয়। প্ৰায়ে আহি ওলায় বৰদেউতাক সিহঁতৰ ভাড়াঘৰটোলৈ। এদিন আহিয়ে ক্ষোভ উজাৰিলে তাইক, বোলে ‘ইমানকৈ আহি থাকোঁ তহঁতৰ তালৈ আৰু মই গমেই নাপাওঁ ইমান এটা ডাঙৰ খবৰ! মোৰ পৰা লুকুৱালি তহঁতে’… তাই কিবাকৈ তেখেতৰ খং সম্বৰণ কৰোৱাইছিল সেইদিনালৈ। ফ্লেটৰ গৃহ প্ৰৱেশৰ দিনা আপুনি প্ৰথমেই আমন্ত্ৰিত হ’ব বুলি কোৱাত বৰদেউতাক কিছু নৰম হৈছিল। বংশ পৰিয়ালৰ যিখিনি লোকে ওজৰ আপত্তিৰে উপচাই পেলায় সময় অসময়ে, আপোনজনৰ বিপদ আপদত সদায় পিছে তাপ মাৰে আকৌ এইসকল লোকেই। নিবিয়ে মনে মনে চিন্তা কৰিছে বৰদেউতাকে বাৰু কেতিয়াবা সিহঁতক মাটি এডোখৰ নাইবা ঘৰ এটাৰ সম্ভেদ দিবলৈ আহিছিল নে, নাইবা এই মুহূৰ্তত এনেকৈ কবলৈ কিয় নোৱাৰিলে যে ‘টকা পইচাৰে কিবা সহায় সহযোগিতা আগবঢ়াব লাগিলে নিসংকোচে ক’বি আমাক’ বুলি!! …. সীমান্তৰ মাকো আছিল সেইসময়ত উপস্থিত। যাবৰ পৰত বৰদেউতাকে কৈ গৈছিল বিয়ৈনিয়েকক, ‘ইহঁত আৰু বেছি দিন ইয়াত নাথাকে নহয়! আপুনি গম পাইছেনে নাই?’ তাইৰ মুখৰ মাত হৰিছিল সেই সময়ত, কাৰণ তেতিয়ালৈ সীমান্তৰ ঘৰত ফ্লেটৰ বিষয়ে টু শব্দ এটা কৰা নাছিল তাহাঁতে। দেৱৰজন তেতিয়াও সংস্থাপিত হোৱা নাছিল বাবেই চাগে!
এইবাৰো নিবিৰ কথাই ৰ’ব। সীমান্তই ভাবিছে আৰু অলপ ভাড়াঘৰ বিচৰাৰ দায়িত্বও দিছে খুলশালী ল’ৰাটোৰ বন্ধুবৰ্গ আদিক। বায়েকে সপ্তাহত দুই তিনিবাৰকৈ ফোন কৰে, বেছ দীঘলীয়াকৈ কথা পাতে। নিবিৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ বায়েকজনী, সি প্ৰায়ে নিবি আৰু বায়েকৰ তুলনা কৰে মনে মনে, শহুৰ দেউতাৰ দুজনী জীয়েকৰ ইমান আকাশ পাতাল পাৰ্থক্য ! নিবিৰ বায়েকৰ জুখি মাখি কথা কোৱা স্বভাৱৰ বিপৰীতে নিবিৰ হোৱাই নহোৱাই মুখৰ দৌৰাত্ম্য। বায়েকে ফোন কৰি তাক ধৈৰ্য্য আৰু শান্ত মগজুৰে আগবাঢ়ি যাবলৈ উপদেশ দিয়ে প্ৰায়ে। নিবিৰ স্বভাৱৰ বাবে খং ৰাগ নকৰিবলৈও অনুৰোধ জনায়। তাৰ বেয়াও লাগে। সি লগে লগেই সময় ক্ষয় কৰিবলৈ দৰকাৰ নহয় যে নিবিয়ে সমষ্ট ভূ-ভাৰষ্ট বায়েকৰ আগত বলকিছে। আজি দুপৰীয়া অফিচত থাকোঁতে বায়েকৰ ফোন আহে। বায়েকৰ উপদেশ, ঠিক উপদেশ নহয় দুদিনমান আগত দূৰদৰ্শনৰ জনপ্ৰিয় অনুষ্ঠান এটিৰ বৰ্ণনা দাঙি ধৰে, যিটো অনুষ্ঠান সিয়ো উপভোগ কৰিছিল। নিৰ্মল ৰায় নামৰ সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ ল’ৰাটিৰ দৰে তাৰো প্ৰধানমন্ত্ৰীলৈ সকলো তিক্ততা বিবৰি এখন চিঠি লিখিবলৈ মন গ’ল। এজন সাধাৰণ ল’ৰাৰ চিঠি এখনে সকলো ওলট পালট কৰি দিলে। ব্যক্তিগত নিউজ চেনেলৰ মজিয়াত নিজ মুখেৰে ব্যক্ত কৰা উক্ত ল’ৰাটিৰ কাহিনী অলপদিন আগত সিও শুনিছিল। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত গুৱাহাটী পাছপোৰ্ট অফিচত চিবিআইৰ তালাচী চলিছিল আৰু হাৰাশাস্তি কৰা বিষয়া কৰ্মচাৰীৰ এগৰাকী মহিলা ঘোচ লৈ হাতে লোতে ধৰাও পৰিছিল। সি কলম এটা বিচাৰিবলৈ লাগিল, নিমিষতে যেন লিখি পেলাব তাৰ ইমান দিনৰ হতাশাগ্ৰস্ততা। কলম এটা নাপায় সি বাৰুকৈয়ে বিৰক্ত হ’ল সি ভোৰভোৰালে, ‘এই ৰিয়াজনীৰ পৰা আৰু উপায় নোহোৱা হৈছে!!… নিবি নিবি..’ কোনো প্ৰত্যুত্তৰ নাপাই সি পাকঘৰলৈ উঠি যাওঁতে সি শুনিবলৈ পাইছিল নিবিয়ে কৈ গৈছিল কিছু দুখী কন্ঠেৰে, ‘বা, মোৰ খুব দুখ লাগে কোনোৱে সীমান্তৰ সৰলতাৰ সুযোগ লোৱা দেখিলে। মোৰ অন্তৰখনে হাহাকাৰ কৰি উঠে। মোৰ সপোনৰ পিছত দৌৰোঁতে যেন মৰীচিকা হে হাতত লাগিছে তেওঁৰ। মোৰ কথা ৰাখিবলৈ গৈ বেয়া হৈছে ঘৰুৱা সম্বন্ধ পৰ্য্যন্ত। লো’ন আৰু সূতত সোমাই যায় দৰমহাৰ অৰ্ধেক অংশ… মই তেওঁক সকাহ দিবলৈ বেছ কিছুদিন ধৰি টকা অলপ সাঁচিছোঁ, নতুন ঘৰত প্ৰয়োজনীয় আচবাব, বৈদ্যুতিক সা-সৰঞ্জাম দুটামান লওঁ বুলি। মই দোষ কৰিছোঁ, মনে মনে তেওঁৰ পাৰ্চৰ পৰা উলিয়াই জমা কৰিছিলোঁ সেইখিনি টকা। মোৰ ভাগ্যত আৰু ঘৰ লিখা নাই। টকাখিনি তেওঁকে দি দিম, কাৰণ ফ্লেটৰ আশা দিনে দিনে নিৰ্বাপিতই হৈছে’…। নিবিৰ কথাখিনি শুনি বহুদিনৰ মূৰত এটি প্ৰাণৱন্ত হাঁহি বাগৰি পৰিল সীমান্তৰ গোটেই মুখমণ্ডলত। ফ্লেটটোৰ অসম্পূৰ্ণতাত উদ্বিগ্ন আছিল সি, হৃদয় বিদীৰ্ণ হৈছিল। কিন্তু ফ্লেটটোৰ বাবেই নিবিয়ে পইচা সাঁচিবলৈ শিকিলে, দেশলৈ ভাল দিন অহালৈ বাট চাব লাগিব, কিন্তু তাৰ সংসাৰলৈ ভাল দিন অন্ততঃ আহিছে সি ভাবিছে… আজি পূৰ্ণিমাৰ জোনটোৱে ধৰাৰ লগতে তাৰ ইমান দিনে অন্ধকাৰাচ্ছন্ন মনটোক ক্ষন্তেকতে পোহৰাই তুলিলে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক