আশাবোৰ যেতিয়া অশ্ৰু হৈ নামে (কনচেং বৰগোঁহাই)

(১)

অবিনাশ কামলৈ যোৱা ১৪টা দিন মালবিকাৰ কেনেকৈ যে পাৰ হয় বুজাব নোৱাৰি – পৃথিবীখনৰ আৱৰ্তনো যেন অবিনাশ কামলৈ যোৱা আৰু ঘৰলৈ অহাৰ দৰে ১৪ দিনৰ মূৰে মূৰে সলনি হয়!! সি ঘৰলৈ অহাৰ প্রথম সপ্তাহ নিয়মীয়া গতিৰেই সময় ঘূৰে, কিন্তু পিছৰ সপ্তাহত সময়খিনি যেন ধুমুহাৰ দৰে দুৰন্ত গতিত উৰি যায়…। আৰু কামলৈ যোৱাৰ দিনটোৰ পৰা সি ঘূৰি আহিব লগা দিনটোলৈ সময়ৰ যি লেহেমীয়া গতি!! উস্ অসহ্য লাগে কেতিয়াবা তাইৰ.. প্রতীক্ষাৰ এই যন্ত্রণা আৰু মিলনৰ এই বাসনা কিমান যে কষ্টকৰ বা মধুৰ এয়া ভুক্তভোগীয়েহে জানে।
‘মা কোৱানা দেতা কেতিয়া পাবহি’-বাব্‌লুৰ মাতত তাই সচকিত হৈ উঠিল। আজিকালি কণমানি বাব্‌লুৰো তাইৰ দৰে প্রতীক্ষাৰ যন্ত্রণা অসহনীয় হয়। ‘অলপ পাছতে পাবহি, অলপ ধৈৰ্য্য ধৰাচোন!’ মালবিকাই বাব্‌লুক কলে যদিও মনে মনে চিন্তা কৰি আছে-অন্যদিনা ১.৩০বজাৰ আগে পিছে এওঁ ঘৰ পায়হি, আজি ৩ বাজিবৰ হল, এতিয়াও পোৱাহি নাই কিয়বা! ফোনটোও পৰিসীমাৰ বাহিৰত বুলি কৈ আছে..। বাব্‌লুৰ কালিলৈ জন্মদিন। এইবাৰ প্রথম তাৰ জন্মদিনটো ঠিক সময়তে দেউতাকৰ লগত উদ্‌যাপন কৰিব পাৰিব.. বাব্‌লুৰ এই ৫বছৰীয়া জন্মদিনটো সেয়ে সিহঁতৰ বাবে বেচ বিশেষত্বপূৰ্ণ হব। অবিনাশে বাব্‌লুক এইবাৰ জন্মদিনত ভিডিঅ’ গেম এটা কিনি দিয়াৰ কথা । সেয়ে পুৱাৰে পৰা তাৰ উৎকণ্ঠাৰ শেষ নাই!… মালবিকাই আজি সকলো অবিনাশে খাই ভালপোৱা খাদ্য ৰান্ধিছে। অবিনাশৰ পচন্দ বাব্‌লুৰো পচন্দ। বাব্‌লুৰ চাগে ভোকেই লাগিছে। তাই তাক ভাত খোৱাই দিবলৈ খুজিলে..কিন্তু সি কোনোপধ্যেই নাখায় ..দেউতাকৰ লগতহে খাব!! মালবিকায়ো যিমান ভোকত থাকিলেও অবিনাশ অহাৰ দিনা একো খাব নোৱাৰে..তাৰ লগত একেলগে খাবলৈ ৰৈ থাকে..। যোৱা পাঁচোটা বছৰে বাব্‌লুক তাই প্রায় অকলেই ডাঙৰ কৰিছে। অবিনাশ নথকাৰ সময়ত বাব্‌লুৰ অসুখ, স্কুলৰ সমস্যা, ফোনৰ বিল, বিজুলীৰ বিল আৰু কত কি কাম অকলেই চম্ভালিব লাগে। মুম্বাইৰ দৰে চহৰত এইবোৰ অকলে চম্ভালা কম কথানে? বিয়াৰ আগতে তাই অকলে বজাৰ-সমাৰ কৰাৰ প্রশ্নই উঠা নাছিল। ককায়েক, দেউতাকৰ মৰমৰ ছাঁতে তাই ডাঙৰ হোৱা। এতিয়া অৱশ্যে তাই এইবোৰত অভ্যস্ত হৈ পৰিছে। উপায়ো নাই-মানুহজনে সাগৰত অন্-অফ্ ডিউটি কৰিব লাগে। কেতিয়াবা তাইৰ বৰ বেয়া লাগে-ওচৰৰ চুবুৰীয়া পুৰুষবোৰ সদায় গধূলি সময়ত ঘৰ সোমাইহি-কেতিয়াবা ভালো লাগে- তাই যে মানুহজনক ১৪ দিনৰ বাবে একেৰাহে পায়। ক’ৰবাত অহাযোৱা সুবিধাজনক ভাবে কৰিব পাৰে এই ১৪দিনত ।
‘ছেঃ ইমান দেৰী হৈছে আজি..’!! বেলকনিলৈ ওলাই আহি তাই আকাশৰ ফালে চালে-কিজানি হেলিকপ্টাৰখন দেখা পায়েই! নাই, সূৰ্য্যটোৰ আশে-পাশে ডাৱৰৰ চপৰা কেইটাৰ বাহিৰে একো নাই।

(২)

বহুদিনৰ মূৰত ঘৰলৈ ঘূৰি অহাৰ মাদকতা কেনে, কম বেছি পৰিমাণে সকলোৱেই অনুভৱ কৰিছে। তাতে যদি আপোনজনৰ মৰম আৰু উৎসাহৰ সীমা নাথাকে উত্তেজনাও অধিক হয়। সাগৰত অইল ৰিগত নিয়োজিত প্রায় সকলোৱেই এনে অভিজ্ঞতাৰে পুষ্ট । ৰিগত থকা ১৪দিন বৰ্হিজগতৰ পৰা প্রায় বিছিন্ন হৈ থাকে। ঠিক টিভিত চলি থকা ‘বিগ বচ’ৰ দৰে। ৰিগত মানুহবোৰ দুটা দলত ভাগ হৈ থাকে-এটা দলে ৰাতি আৰু আনটো দলে দিনৰ ভাগত কাম কৰে সাতদিনকৈ । গতিকে কোনো হীন-ডেঢ়ি নোহোৱাকৈ ২৪ ঘন্টাই পূৰ্ণ গতিত তেল খননৰ কাম চলি থাকে।
মংগলবাৰৰ দিনটোলৈ ৰিগৰ সকলোৱে আগ্রহেৰে বাট চাই থাকে। কিয়নো এই দিনটো change over-ৰ দিন। মানে এটা দল ৰিগলৈ নতুনকৈ আহে আৰু পৰিপুৰক ৰিগৰ দল এটা ঘৰলৈ যায়। গতিকে সোমবাৰে সন্ধ্যাসময়ত মানুহবোৰে ৰিগৰ ৰেডিঅ’ অফিচাৰৰ ৰুমৰ আগত ভিৰ কৰেহি। হেড অফিচৰ পৰা ৰিগলৈ আহিব লগা মানুহকেইজনৰ তালিকা সন্ধ্যাসময়তহে ৰেডিঅ’ অফিচাৰক জনোৱা হয়। মেকানিকেল ইঞ্জিনীয়াৰ কৃষ্ণমূৰ্তিৰ লগত ৰেডিঅ’ ৰুমৰ পৰা ওলাই অহা অবিনাশৰ ভেটাভেটি হল। কৃষ্ণমূৰ্তিৰ বিমৰ্ষ মুখখন দেখিয়েই সি সুধিলে, ‘কি হ’ল ৰিলিভাৰ নাহিব নেকি?’
–‘নাই ভাই, যাদবৰ (কৃষ্ণমূৰ্তিৰ ৰিলিভাৰ) নামটো নাই’।
‘যাদবৰ মাকৰ অসুখ বুলি আগৰবাৰ লগ পাওঁতে কৈছিল । চাগে সেই কাৰণেই সি আহিব পৰা নাই । সাধাৰণতে সি চেডিওল (schedule) মিচ্ নকৰে । বৰ চিন্‌চিয়েৰ মানুহ’।–কৃষ্ণমূৰ্তিয়ে নিজকে সান্তনা দিবৰ বাবে কথাখিনি কোৱা যেন ভাব হল অবিনাশৰ। সি যাদবক ভালদৰে জানে-যাদব অকলশৰীয়া মানুহ। ঘৰত তাৰ বুঢ়ী মাকজনী আৰু আকৰী ভনীয়েক এজনী। সি অন্-অফ্ ডিউটি কৰিব নোৱাৰোঁ বুলি বছক আবেদন কৰিছিল-পিছে সদ্যহতে বেলেগ মানুহ নোপোৱালৈকে কন্টিনিউ কৰি থাকিব কৈছে । সি মানি লোৱাৰ বাহিৰে অন্য বিকল্প নাই। কৃষ্ণমূৰ্তি আৰু আবিনাশ দুয়ো কথা পাতি পাতি তললৈ নামি গ’ল-ৰিক্রিয়েচন ৰুমৰ ফালে-। তেনেতে মাড্‌ (Mud) ইঞ্জীনিয়াৰ ৰাও আহি সিহঁতৰ লগ হ’ল। কৃষ্ণমূৰ্তিৰ মুখখনলৈ চাই ৰাওৱে কলে, ‘তোৰ আক’ কি হল?’ কৃষ্ণমূৰ্তিৰ উত্তৰলৈ বাট নাচায় ৰাও ৰেডিঅ’ অফিচাৰৰ ওচৰ পালেগৈ্, তালিকাত নিজৰ ৰিলিভাৰৰ নামটো দেখি সি আনন্দ পালে। সি ঘূৰি আহি সিহঁত দুটাক ক’লে, ‘ব’ল, ৰিক্রিয়েচন ৰুমৰ ফালে- “মোৰ ওচৰত এখন চি ডি আছে। ভাল চিনেমা্ । ডিনাৰ টাইমৰ লৈকে আধা চোৱা হৈ যাব। তোৰো মন-চন ভাল লাগিব”- কৃষ্ণমূৰ্তিৰ ফালে চায়েই কথাষাৰ কলে সি।
তিনিও তললৈ নামি গ’ল।চৰিক্রিয়েচন ৰুমটো একেবাৰে তলৰ ডেকত। চতাৰ লগতে ডাইনিং হল আৰু কাষতে সৰুকৈ (gym) ব্যায়ামাগাৰটো। ৰাওৱে আগবাঢ়ি গৈ চিডিখন লগাবলৈ যো-জা কৰিলে। তেনেতে আগৰে পৰা বহি থকা পৰমায়ে মাত লগালে, ‘ৰাও চাব্, ভিচিডি কনেক্টৰডাল বেয়া হ’ল-আমি সেই কাৰণেহে বহি আছোঁ। ইছলামে কনেক্টৰ এডাল বিচাৰি গৈছে। ‘ছেঃ এইডাল এতিয়াহে বেয়া হ’বলৈ পালে’-কথাষাৰ কৈ ৰাও আহি অবিনাশৰ ওচৰত চকীখনত বহি পৰিল। অবিনাশ আৰু ৰাওৰ মাজত এক অন্তৰংগতা আছে। দুয়ো সুখ-দুখৰ ভাগ-বতৰা কৰে। ৰাওৱে ক’লে, ‘বুইছ অবিনাশ, এইবাৰ ডিউটিলৈ অহাৰ আগদিনা মিচেচৰ লগত অলপ লাগি আহিছোঁ। মানে আহিবৰ সময়তো মই তেওঁক ভালদৰে মাত এষাৰ দি নাহিলোঁ। ভাবিছো গৈয়ে অলপ বেলেগ ধৰণেৰে আৰম্ভ কৰিব লাগিব।’ অবিনাশে মনোযোগেৰে শুনি গ’ল। ৰাওৱে কৈ গ’ল, ‘ঠিক সময়ত গৈ পালে মিচেচক লৈ চিনেমা চোৱাৰ কথা ভাবিছো, লগতে অলপ শ্বপিং। এই কেইটাদিন মনত বৰ অশান্তি এটা লৈ ফুৰিছোঁ। হাজাৰ হওক তিৰোতা মানুহ। ঘৰখনত সোমাই থাকি ব’ৰ হৈ যায়। হ’ল বুলিনো আৰু লৰা-ছোৱালীৰ লগতে কিমান অনবৰতে লাগি থাকিব। তেওঁলোকৰ যে কিমান ধৈৰ্য্য!!’ অবিনাশে শুনি গ’ল-
‘পৰিয়াল এটা সুচাৰুৰূপে চলাই নিব পৰাটো কম ডাঙৰ কথা নহয়। মই নিজে ১৪ দিন নাথাকোৱেই। তাতে ঘৰত থকা দিনকেইটা বিভিন্ন কামৰ বাবে দৌৰি ফুৰিব লগা হয়। কিমাননো সময় দিব পাৰিছোঁ। এইবাৰ মাতষাৰো নিদিয়াকৈ অহাৰ বাবে নিজকে অপৰাধী যেন লাগিছে’। ৰাওৱে একেলেথাৰিয়ে অবিনাশক কথাখিনি কৈ মনটো পাতল কৰিলে। ইমান সময়ে মনে মনে বহি থকা পৰমায়ে মাত লগালে, ‘অহাসপ্তাহত মোৰ মামাৰ ছোৱালীজনীৰ বিয়া। দৰাঘৰীয়াক খুওৱাৰ দায়িত্ব সম্পূৰ্ণ মোৰ। গাৱঁৰ ঘৰৰ কথা । প্রত্যেকটো বস্তুৰ বাবে চহৰলৈ দৌৰিব লাগে। অৱশ্যে গ্রুপ এটাৰ লগত কথা হৈ আহিছোঁ। তাৰোপৰি কইনাজনীৰো স্পেচিয়েল ফৰমাইচ্ আছেই-তাইক লৈ চহৰলৈ যাব লাগিব। বিয়াখন হৈ নোযোৱালৈকে শান্তি নালাগিব। এইবাৰৰ অফ্‌টো বিয়াতেই যাব!’ কিছুসময়ৰ বাবে নিজম পৰিল। প্ৰত্যেকই নিজ নিজ সংসাৰৰ মাজত সোমাই পৰিল।
মৌনতা ভংগ কৰিবলৈকে অবিনাশে মাত লগালে, ‘ইমান বছৰৰ মূৰত এইবাৰহে মই লৰাটোৰ জন্মদিন ঠিক সময়তে পাতিব পাৰিম জানে। সেয়ে মাক-পুতেকৰ খুউব স্ফূৰ্তি । আজি ঘৰলৈ গৈয়ে বজাৰলৈ দৌৰিব লাগিব। পত্নীয়ে চাগে কিমান দীঘল বস্তুৰ তালিকা বনাই থৈছে হিচাপ নাই!!’-অবিনাশৰ কথাত আটাইকেইজনে হাঁহিলে। ইতিমধ্যে ইছলামে কনেক্টৰডাল লৈ ৰুমত প্রৱেশ কৰিলে।
‘সোনকালে লগোৱা ভাই ইছলাম। ইমান দেৰি তোমাৰ বাবেই ৰৈ আছোঁ’। অলপ সময়ৰ পাচতে চিনেমা আৰম্ভ হ’ল । ৰোমাণ্টিক চিনেমা। সকলোৱে মনোযোগেৰে চোৱাত লাগিল। কোনোবা এটাই উঠি গৈ দুটামান লাইট নুমুৱাই দিলে। সকলো চিন্তা-দুখৰ অৱসান ঘটাই ৰিক্রিয়েচন ৰুমটো সপোনপুৰীলৈ ৰূপান্তৰ হ’ল।

(৩)

মংগলবাৰৰ দিনা পুৱাৰে পৰা ৰিগত ব্যস্ততা আৰম্ভ হ’ল। পুৱা ব্ৰেকফাষ্টৰ সময়তে ৰেডিঅ’ অফিচাৰে ঘোষণা কৰিলে-যাব লগাসকলৰ নাম আৰু লগতে তেওঁলোকক ৮.৩০ বজাত হেলিকপ্তাৰত লব লগা জীৱন সুৰক্ষা সমন্ধীয় ভিডিঅ’ চাবৰ বাবে অনুৰোধ জনালে। ভিডিঅ’ চাই ৰেজিষ্টাৰত চহী কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা। আকৌ এবাৰ ঘোষণা হ’ল-‘চপাৰৰ (Chopper) সময় ১০.১৫’। সকলোৱে ৰুমত গৈ বেগ ৰেডী কৰি শেষ ঘোষণাৰ বাবে অপেক্ষা কৰিলে। হেলিকপ্তাৰখন আহি নোপোৱালৈকে মানুহবোৰ অলপ উত্তেজনাত থাকে। কিয়নো বতৰ বেয়া বা যান্ত্রিক বিজুতিৰ বাবে কেতিয়াবা কেতিয়াবা নাহে। আজি অৱশ্যে বতৰ ভালেই, অন্য অসুবিধা নাথাকিলে অহাটো খাটাং। অৱশেষত সেই ফাইনেল ঘোষণাটো আহিল, ৰেডিঅ’ অফিচাৰে যাবলগা সকলৰ নামবোৰ পুনৰবাৰ মাতি গ’ল, লগতে তেওঁলোকক “ৱেটিং এৰিয়া”ত অতি শীঘ্ৰে সমবেত হবলৈ অনুৰোধ জনালে। পাইলট কেপ্তেইন ৰাকেশে হেলিকপ্তাৰখন ২০০০মি. উচ্চতাৰ পৰা তললৈ নমাই আনি ৰিগলৈ ৰেডিঅ’ যোগে বার্তা পঠিয়ালে ‘VT-Z-1 reaching within 10min’। ইতিমধ্য ৰিগটো সম্পূর্ণৰূপে দেখা গৈছে। ৰিগত সুৰক্ষা বিষয়া (Safety Officer)ৰ তৎপৰতা বাঢ়িল৷ অবিনাশহঁত Waiting Areaত সমবেত হ’লহি৷ Supply Boat খন ৰিগৰ পৰা ৫০০ মিটাৰ মান দূৰত অৱস্থান কৰিলেহি। হেলিকপ্টাৰখনে ৰিগৰ চাৰিওফালে এপাক মাৰি অবতৰণ কৰিলে। ব্লেডকেইখনৰ speed কমাৰ লগে লগে পাইলটে বুঢ়া আঙুলি(Thumb) দেখুউৱাৰ পাচতে সুৰক্ষা বিষয়াই যাত্রীৰ অহা আৰু যোৱাৰ তালিকাখন সালসলনি কৰিলে । আন এজনে হেলিকপ্তাৰখনৰ এটা ফালৰ দুৱাৰখন খুলি দিলে । বেল্ট খুলি এজন এজনকৈ নামি গ’ল আৰু যাওঁতে তেওঁলোকৰ লাইফ জেকেটবোৰ মানুহজনৰ হাতত দি গ’ল। তেওঁ জেকেটবোৰ যাবলগীয়া কেইজনক দিলে- পিন্ধিবৰ বাবে। জেকেট পিন্ধি অবিনাশহঁত এজন এজনকৈ হেলিকপ্তাৰখনত বহিলগৈ। আৰু ছীট-বেল্ট লগাই ল’লে । সুৰক্ষা বিষয়াই শেষ বাৰৰ বাবে সকলোৰে জেকেট আৰু বেল্ট চেক কৰি দুৱাৰ বন্ধ কৰি দিলে। হেলিডেকৰ আনটো মূৰলৈ গৈ বুঢ়া আঙুলি (Thumb) দেখুৱাই পাইলটক গ্ৰীণ চিগনেল দিলে। পাইলটেও ৰেডিঅ’ অফিচাৰক মেচেজ পঠাই Throttle ত হাত দিলে।
হেলিকপ্টাৰখনে অবিনাশ, ৰাও, পৰমাহঁত আৰু সিহঁতৰ আশা, আনন্দ আৰু স্বপ্নবোৰ বুকুত ভৰাই ডেউকা জোৰেৰে কোবাবলৈ ধৰিলে। হেলিডেকৰ ঠিক ১০ মিটাৰমান ওপৰলৈ উঠি কেইচেকেন্ড মানৰ বাবে হেলিকপ্তাৰখন স্থিৰ হ’ল-যেন পানীত বুৰ মৰাৰ আগতে দীঘল উশাহ এটা লোৱাৰ দৰে। তাৰ পাচতে Nose down কৰি তৎক্ষণাত চকুৰ পচাৰতে উৰা মাৰিলে। কিন্তু ই কি!! হেলিকপ্তাৰখন দেখোন ওপৰলৈ নগৈ তললৈহে গ’ল– সাগৰৰ বুকুলৈ– । বুকু ভৰা আশা আৰু স্বপ্নবোৰ ককবকাই সাগৰৰ বুকুত শুই পৰিল চিৰদিনৰ বাবে ।
—————–
(মোৰ“অর্ধ আকাশ”- মোৰ প্ৰিয়তমা পত্নী অনুপমা আৰু মোৰ অনুভৱ তথা আৰৱ সাগৰত সলিল সমাধি ঘটা ONGCৰ মোৰ সহকর্মীসকলৰ স্মৃতিত গল্প এটাৰ জন্ম হল।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments