আশাৰ দিগন্ত (- জ্যোতিপ্ৰকাশ নাথ)

(উচৰ্গা : কবিতা লিখিবলৈ সদায় উৎসাহ জগাই থকা শ্ৰদ্ধাৰ নিতুলদাৰ হাতত)
মাজনিশাৰ মহানগৰীত অকলশৰীয়া মই,
মনত সৃষ্টিৰ হাবিয়াস,
দেহত জীয়াই থকাৰ তাড়না আৰু
সুৰৰ লহৰত বিচাৰো জীৱনৰ ঠিকনা।
তুমি সুধিলা সুখৰ সংজ্ঞা কি?
হয় জানো তুমি আটাইতকৈ সুখী মানুহজন?
আৰু মই নিমজ্জিত হ’লো স্মৃতিৰ গৰাহত,
সুখ দুখৰ তুলনাবিহীন, শব্দহীন অটল গহ্বৰত।

মোৰো মন যায় এখন সমাজ গঢ়িবলৈ
তোমাৰ মুখত হাঁহি বিৰিঙাবলৈ
স্নিগ্ধ শীতল কোমল জোনাকত
তোমাক পাৰিজাতৰ দেশলৈ লৈ যাবলৈ!
শুকুলা মেঘৰ ওৰণি টানি
নব্য প্ৰভাতৰ ডেউকাত উঠি
উৰি যাম আমি সুখ দুখৰ বিভেদ নথকা
নতুন দিগন্ত বিচাৰি……
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক