আশা (কল্লোল কুমাৰ বৰুৱা)

কল্লোল কুমাৰ বৰুৱা


সমুদ্রৰ দাঁতিকাষৰীয়া সৰু চহৰ এখনত সৰু ল’ৰা এটাই এখন অনাথ আশ্রমত থাকি ডাঙৰ দীঘল হৈছিল। সেই অনাথ আশ্রমখনত সিয়েই সকলোতকৈ কম বয়সীয়া আছিল। দিনবোৰ ধুনীয়াকৈ পাৰ হৈ গৈ আছিল। তাৰ সপোন আছিল সিও এদিনাখন চৰাইৰ দৰে উৰি ফুৰিব। কিন্তু সি বুজা নাছিল যে কিয় উৰিব নোৱাৰে সি। চিৰিয়াখানাৰ ভিতৰত সি তাতকৈ ডাঙৰ ডাঙৰ চৰাইবোৰক উৰি ফুৰা দেখিছে। সি মনে মনে ভাবিছিল-‘মই কিয় নোৱাৰিম? মোৰ তেনেহলে অসুবিধা বা সমস্যা ক’ত আছে?’

সেই অনাথ আশ্রমৰ কিছু নিলগত তাৰ সমান আৰু এটি সৰু শাৰিৰীক ভাবে অক্ষম(পঙ্গু) ল’ৰা আছিল আৰু তাৰ ভৰিৰ সমস্যাৰ বাবে ভালদৰে খোজকাঢ়িব পৰা নাছিল। তাৰ সপোন আছিল সিও এদিনাখন তাৰ সমনীয়া সকলোৰ লগত খোজকাঢ়িব, দৌৰি ফুৰিব। সি ভাবিছিল মই কিয় সিহঁতৰ দৰে নহয়?
এদিন সেই অনাথ ল’ৰাটো, যিটোৱে চৰাই হ’বলৈ বিচাৰে, খোজ কাঢ়ি কাঢ়ি সমুদ্রৰ পাৰ আহি পালে। তাতে গৈ সি দেখিলে যে তাৰেই সমবয়সীয়া যেন লগা পঙ্গু লৰাটোৱে সাগৰৰ বালিত বহি খেলিছে। বালিৰে ঘৰ সাজিছে, চৰাই আদিবোৰ বনাইছে।
পঙ্গু লৰাজনক চৰাই সাজি থকা দেখি সি তাৰ কাষলৈ গৈ সুধিলে –“তুমিও কি মোৰ দৰেই চৰাই হৈ উৰিবলৈ সপোন দেখা?”
উত্তৰত সি ক’লে –“উহু নহ’য়। মই সপোন দেখোঁ বাকী গোটেইবোৰৰ দৰে খোজ কাঢ়িবলৈ, দৌৰি গৈ একে জাপতেই পাপাৰ পিঠিত উঠিবলৈ।”
তাৰ মুখৰ পৰা এনেধৰনৰ কথাবোৰ শুনি তাৰ নিজৰ সৰু মনটোত বৰ কষ্ট আৰু দুখ অনুভৱ কৰিলে। সি অতি মৰমসনা মাতেৰে ক’লে –“আমি দয়ো বন্ধু হ’ব পাৰোনে?”
পঙ্গু লৰাজনে ক’লে – “নিশ্চয়, আমি বন্ধু হ’ব পাৰোঁ।”
তাৰপিছত দুয়োজনে লগলাগি প্রায় এঘন্টামান খেলিলে। বালিৰে ঘৰ, অট্টালিকা, চৰাই সাঁজিলে। চৰাইৰ দৰে অদ্ভুত অদ্ভুত মাত উলিয়ালে। দুয়োজনেই অন্ততঃ কিছুসময়ৰ বাবে নিজৰ নিজৰ দুখবোৰ পাহৰি থাকিল। এটাসময়ত পঙ্গু লৰাজনৰ দেউতাকে হুইল চেয়াৰ খন লৈ ল’ৰাজনক নিবলৈ আহিল। বিদায়ৰ সময় আহিল। অনাথ ল’ৰাজনে তাৰ বন্ধুৰ দেউতাকৰ কানে কানে কিবা এটা ক’লে। আৰু উত্তৰত বন্ধুৰ দেউতাকজনে ক’লে-“মোৰ কোনো আপত্তি নাই বাবা।”
অনাথ বন্ধুজনে পঙ্গু বন্ধুজনক ক’লে-“তুমিয়েই মোৰ একমাত্র বন্ধু। মই যদি কিবা এটা কৰি তোমাক মোৰ দৰে খোজকাঢ়াবলৈ পাৰিলোঁহেঁতেন, মই সঁচাই সুখী হলোঁহেঁতেন। কিন্তু মইতো সেইয়া নোৱাৰিম। কিন্তু কিন্তু মই তোমাৰ বাবে এইমূহুৰ্তত কিবা এটা কৰিব বিচাৰোঁ। আৰু তুমি না বুলি নক’বা দেই।”
এই বুলি কৈ অনাথ লৰাটোৱে পিছমুৱা হৈ বালিত বহি দি তাক তাৰ পিঠিত বহিবলৈ ক’লে। বহাৰ পিছত সি লাহে লাহে বালিৰ ওপৰত থিয় হৈ দৌৰিব লাগিল। দৌৰিয়েই থাকিল। দৌৰাৰ গতি বঢ়াৰ ফলত তাহাঁত দুয়োৰে মুখবোৰত সমুদ্রৰ বতাহ আহি পৰিব লাগিল। কি যে ধুনীয়া সেই দৃশ্য!!
দূৰৰ পৰা এনে দৃশ্য দেখি ল’ৰাজনৰ দেউতাকে চকুলো আৰু ৰখাই থ’ব নোৱাৰিলে। দুচকু ভৰি উঠিল। তেওঁ দেখিলে তেওঁৰ শাৰীৰিক ভাবে অক্ষম একমাত্র ল’ৰাটোৱে ফূৰ্তিতেই তাৰ সৰু সৰু হাতদুখন দুইফালে মেলি দি চৰাইৰ দৰে তল-উপৰ কৰি তেওঁলৈ চাই চিঞৰি চিঞৰি কৈছে,

“মই উৰিছো, পাপা, মই উৰিব পাৰিছোঁ!!”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments