আশা -(কাকলি বৰুৱা)

আশা
-(কাকলি বৰুৱা)

বহু দিন খৰাং হৈ থকাৰ পিছত আজি ৰাতিপুৱাৰ পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণ জাকে ৰামেশ্বৰৰ মনটোও অকণমান পলসুৱা কৰি তুলিলে । পৈতৃক সম্পত্তি হিচাপে পোৱা মাটি চাৰি বিঘাৰ লগতে মৌজাদাৰৰ ঘৰৰ মাটিখিনিৰ পৰাও সপোনৰ সোণ গুটি চপাই সি যি খিনি পায় তাৰেই ঘৈনীয়েক আৰু ল’ৰা−ছোৱালী হালৰে সৈতে পৰিয়ালটোৱে পেটে ভাতে সুখেৰেই খাই আছিল । পিছে যোৱা বেলি খৰাংটোৱেহে তাৰ সুখৰ কণমানি সংসাৰখনত আউল লগালেহি । তাতে ভূতৰ ওপৰত দানহ পৰা দি বৰ্ত্তমান সময়ত দেশৰ বৃহৎ সমস্যা হিচাপে পৰিগণিত হোৱা মূল্যবৃদ্ধিয়ে আন দহজন দেশবাসীৰ দৰে তাকো জুৰুলা কৰিছেহি । এফালে বজাৰত বস্তুৰ জুই চাই দাম, আনফালে ল’ৰা−ছোৱালী দুটাৰ ভৱিষ্যত। বাৰ বছৰ আগতে ল’ৰাটোৰ জন্মৰ সময়তে নিজৰ সন্তানৰ সোণালী ভৱিষ্যতৰ সপোন দেখা ৰামেশ্বৰ আৰু অমলাই থিৰাং কৰিছিল যে যি কোনো পৰিস্থিতিতে সিহঁতে সিহঁতৰ সন্তানক পঢ়োৱাই−শুনোৱাই শিক্ষিত কৰি নিজৰ ভৰিত থিয় দিব পৰা কৰি তুলিব । সেয়েহে দৰিদ্ৰতাই কোঙা কৰিবলৈ ধৰা সংসাৰখনক তাপলি মাৰি ৰামেশ্বৰক কিছু হ’লেও সকাহ দিবলৈকে অমলাই আজিকালি গাৱঁৰে ইঘৰ সিঘৰত বিয়াই−সবাহে বা তাঁত বওঁতে বা কোনোবাই ধান দাবলৈ মাতিলে নোযোৱাকৈ নাথাকে ।

আগফালৰ বাৰান্দাখনতে বহি কাঠিকামি কৰি থকা ৰামেশ্বৰে ঘন কলীয়া ডাৱৰে আৱৰি থকা আকাশখনলৈ চাই মুখৰ ভিতৰতে কিবা এটা ভূনভূনাই ঘৈনীয়েকক মাত লগালে − ∀শুনিছনে ঐ এইজনী ! আকৌ এজাক আহিব যেন পাইছো । তাতে আজি শনিবাৰে আৰম্ভ হোৱা বৰষুণ যেতিয়া সপ্তাহটোলৈ আৰু নেৰে বুজিছ । অৱশ্যে ভালেই হ’ব দে, এনেকৈ থাকিলে দুদিনমানৰ পিছতে হালখন জুৰিব পৰা যাব ।∀ সি বহাৰ পৰাই গোহালিটোলৈ চালে । গোহালিৰ এচুকত তেতিয়া হালোৱা বলধ দুটাই নেজ জোকাৰি খেৰ চোবাই আছে । আনটো চুকত খিৰতী কাজলী জনীয়ে তাইৰ তিনি মহীয়া পোৱালীটোৰ কান, মূৰ চেলেকি আছে । নামঘৰত তেতিয়া বগীৰাম নামঘৰীয়াই চাকি গছি জ্বলাই দবাত কোব দিছে । দবাৰ মাত শুনি ৰামেশ্বৰে দীঘলকৈ হাতযোৰ কৰি নেদেখা জনলৈ কৃতজ্ঞতা জনাই সেৱা এটা কৰি মুখতে “বেলি গ’ল গধূলি হ’ল, হৰি নাম ল’বলৈ মনত নহ’ল” বুলি ভক্তি মূলক গীত এফাঁকিকে আওৰালে । অমলায়ো সন্ধিয়াৰ চাকি গছি জ্বলাই ভাতৰ চৰুলৈ বুলি আগবাঢ়িল । ল’ৰা−ছোৱালী দুটায়ো ধেমালি এৰি মাকৰ লগতে গোসাঁইৰ আগত মূৰতো দোঁৱাই হাতত কিতাপ বহী লৈ নিজৰ নিজৰ পাঠ মেলিলে ।

ৰাতি ভাত কেইটা খাই উঠি ৰামেশ্বৰে আকৌ এবাৰ বাহিৰৰ আকাশখনলৈ চালে । তেতিয়াও কিনকিনাই থকা বতৰটোৱে কলহৰ মুখে এজাক ঢলাৰ সম্ভাৱনা সি দেখিলে । দোৱাৰখনত শলখা ডাল লগাই সি কেৰকেৰীয়া বিছনাখনৰ এটা মূৰে বাগৰ মাৰিলে । ল’ৰা−ছোৱালীহাল তেতিয়া লালকাল টোপনিত । জ্বলি থকা চাকিটো ফু মাৰি নুমুৱাই অমলায়ো বিছনাৰ আনটো মূৰত বাগৰ মাৰিলে । কাৰো মুখত কোনো শব্দ নাই । দুয়োটাই কান থিয় কৰি শুনিছে বৰষুণৰ মাত । অমলাই দীঘলকৈ হামি এটা মাৰাৰ আধা মিনিট মানৰ পাছতেই নাকৰ ঘোৰঘোৰণি শুনি ঘৈনীয়েকো যে টোপনিত লালকাল দিছে সেই কথা তাৰ আৰু বুজিবলৈ বাকী নাথাকিল । বাহিৰত চিকমিকাই থকা বিজুলীটোৱে মাজে মাজে আন্ধাৰ কোঠাটো পোহৰাই থৈ যায় । সি শুৱাৰ পৰা উঠি বিছনাখনতে বহি থাকিল কিছু সময় । জেঠমহীয়া গৰম যদিও দিনতো বৰষুণ দি থকাৰ কাৰণে গৰমতো বৰকৈ অনুভৱ হোৱা নাই । চকু চাট মাৰি ধৰা বিজুলীৰ পোহৰতে সি ল’ৰা−ছোৱালী দুটাৰ মুখকেইখন দেখা পালে । তাৰ বুকুখন হঠাতে বিষোৱা যেন অনুমান হ’ল । লাহেকৈ হুমুনিয়াহ এটা এৰি সি আকৌ বিছনাত বাগৰ মাৰিলে । এইবাৰ তাৰ অৱশ হৈ পৰা চকু যোৰলৈ গধুৰ টোপনি নামি আহিল ।

গভীৰ টোপনিত সি এটা সপোন দেখিলে । ধাৰাষাৰ বৰষুণে বুৰাই থৈ যোৱাৰ পিছত চন পৰা পথাৰ খনলৈ সজীৱতা ঘূৰি আহিছে । মনৰ আনন্দত বোৱাৰী পুৱাতে উঠি সি হাল কোৰ বায় চহ কৰি মৈ দিয়া বোকা মাটিত অমলাই বুকুত মেঠনি মাৰি ভূঁই ৰুই আছে । ল’ৰা ছোৱালী দুটায়ো কেঁচা আলিৰ ওপৰে ওপৰে ডেও দি ফুৰিছে । দিন যোৱাৰ লগে লগে সেউজীয়া পথাৰখনে ৰূপ সলাই সোণবৰনীয়া হৈছে । মাজে মাজে বতাহ জাকৰ লগত পকা ধানৰ গোন্ধ এটা আহি তাৰ নাকত লাগিছেহি ।

হঠাতে গুমগুমাই উঠা ঢেৰেকণি এটাত উচপ খাই সি টোপনিৰ পৰা সাৰ পাই গ’ল। তেতিয়া পূৱৰ আকাশত ধলফাট্ মেলা সি বেৰৰ জলঙাইদি দেখিলে । তাৰ আৰু শুই থাকিবৰ মন নগ’ল । সি লাহেকৈ বিছনাৰ পৰা নামি ভঁৰালৰ গাধৈত আওজাই থোৱা নাঙলটোৰ ওচৰ পালেগৈ । একেবাৰে চিকমিকাই থকা কঠাল কাঠেৰে সজা । ক’তো অকণো বোকাৰ চিন নাই । তাৰ ৰাতিৰ সপোনটোলৈ আকৌ মনত পৰিল । কিছু সময় নঙলা মুখতে ইফাল সিফাল কৰি সি ওচৰতে থকা নিম জোপাৰ পৰা সৰু ঠাল এটা আঁজোৰ মাৰি পথাৰৰ ফাললৈ খোজ ল’লে ।।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
1 year ago

ধুনীয়া লাগিল পঢ়ি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক