আশা – সুনীল দত্ত

নন্দ জেঠা বৰ হিচাপী মানুহ৷ নিজৰ লগতে বেলেগৰো হিচাপ কৰে৷ কাৰোবাৰ বিয়া ভোজলৈ মাতিলে জেঠাই কেতিয়াও নোযোৱাকৈ নাথাকে৷ মানুহঘৰে নিমন্ত্ৰিত অতিথিৰ হিচাপ কৰিয়েই যা যোগাৰ কৰিছে৷ এতিয়া জেঠা যদি নাযায় জেঠাৰ ভাগৰ বস্তুখিনি পেলনি নাযাব জানো? সেইবাবে জেঠাই পৰাপক্ষত নিমন্ত্ৰণবোৰ ৰক্ষা কৰে৷ কাৰোবাৰ ঘৰত চাহ তামোল খালেও পিৰিচত দিয়া আটাইখিনি বস্তু চুঁচি মাজি খায়৷ পিৰিচত বস্তু এৰিলে সেইখিনি বস্তু কোনে খাব? গৃহস্থই পিছত পেলাইহে দিব৷

যোৱা সপ্তাহৰ কথা৷ জেঠাৰ ঘৰলৈ ক’ৰবাৰ আলহীৰ ছোৱালী এজনী আহিছে৷ চকামকাকৈ দুদিনমান দেখিলোঁ৷ চালে চকু ঘূৰাবই নোৱাৰি৷ এদিন গধূলি ভালকৈ চিনাকি হোৱাৰ আশাত জেঠাৰ পদূলিৰ জপনাখন খুলিলোঁ৷ আজি ভালকৈ বহি চাহ তামোলো খাম, ছোৱালীজনীৰ লগত চিনাকিও হ’ম৷ জেঠা বাৰাণ্ডাতেই বহি আছিল৷ মোক আথেবেথে বহিবলৈ দিলে৷ পাকঘৰত জেঠীয়ে কেৰাহীত কিবা লৰাই আছে৷ টুং টাং শব্দ ভাঁহি আহি আছে৷ চাহ দিবলৈ চাগে’ ছোৱালীজনীয়েই আহিব৷ জেঠীয়ে ধূতি নীতি মানি চলে৷ পাকঘৰত এবাৰ সোমালে আৰু ওলাই নাহে৷ গা পা ধুইহে আহে৷

পাকঘৰৰ পিনে চাই জেঠাই চিঞৰিলে-“অ’ শুনছ৷ কণ্ঠিৰ ডাঙাৰটু চলি আইছিহা৷ তাৰাতাৰি চাহ কৰাহা৷ “ভিতৰত ছোৱালীজনীৰ মাত শুনিলোঁ৷ শিষ্টাচাৰ দেখুৱাবলৈ গৈ মই অইনে কৰাৰ দৰে মূৰটো জোকাৰিলোঁ-“নাই নাই জেঠা৷ মই চাহ খাই আহিছোৱেই৷ চাহ বনাব নালাগে৷ “সচৰাচৰ এনেকুৱা ক্ষেত্ৰত গৃহস্থই আলহীৰ কথা নুশুনে, জোৰ কৰি চাহ খুৱাইহে এৰে৷ পিছে আজি যে গৃহস্থ নন্দ জেঠা সেইটো পাহৰিয়েই গৈছিলোঁ৷ পাকঘৰৰ পিনে চাই জেঠাই দুগুণ জোৰত চিঞৰিলে-“অ’ শুনছ৷ ই বুলে চাহ খাই আইছি৷ চাহ কৰবা নালগে দা৷“ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক