আশা (ৰূপালী ভৰালী বৰুৱা)

– পালাহি ?… আজি অলপ দেৰি হ’ল বাৰু, তাতে ইমান খঙ যে? কিয়? কি হ’ল?

– এহ! নকবা আৰু, এনেকুৱা ল’ৰা হোৱাতকৈ নোহোৱাই ভাল….ভগৱানে বাছি বাছি সকলো দুখ যেন মোৰ গাতেই জাপি দিলে। কেতিয়াবা এনে লাগে যেন চলি থকা গাড়ীৰ আগলৈ ইয়াক ঠেলা এটা মাৰি দিম৷ নহলে বিহ অলপ আনি দুয়োটাই খাই মৰিম৷ বচ! কাম খতম! কিমান আৰু টেনশ্যন লম, বুজিছা?”

– হেই! নাপায় তেনেকৈ কব৷ অলপ শান্ত হোৱা৷ তাক অলপ সময় দিয়াচোন। তোমাৰ ল’ৰাতকৈ মোৰ ল’ৰাটো বহু বেছি হাইপাৰএক্টিভ৷ দেখিছাই নহয়, তাক টনা-আজোৰা কৰি কৰি মোৰ গা বিষাই গৈছে৷ তাৰ ওজনো বেছি৷ তথাপিও মই পৰি দিয়া নাই৷ হাৰি যোৱা নাই৷ সদায় নিজকে বুজাইছো৷ তাকো বুজাওঁ, সি বুজি পাওক বা নাপাওঁক কোনো কথা নাই৷ তাক সদায় বুজাই যাওঁ৷ হয়তো এদিন সি নিশ্চয় বুজি পাব৷  যোৱা এতিয়া, ইয়াক তাক ক্লাছত সুমুৱাই থৈ আহা৷ কথা পাতিম বাৰু।

এয়া থেৰাপী চেন্টাৰৰ কোঠাৰ বাহিৰত দুই দিব্যাঙ্গ শিশুৰ মাতৃৰ আবেগময় কৰুণ ভাষ্য৷

গধূলি থেৰাপী ক্লাছটো শেষ হোৱা পাছত পৰিমিতাই অসীম(সন্তান)ৰ হাতত ধৰি প্ৰায় টানি নিয়াদি নি খালী টেম্প’ এখনৰ আগৰ চিটত বহিলগৈ৷  সদায় অহা যোৱা কৰি কৰি টেম্প’ কেইখন তাইৰ প্ৰায় চিনাকীৰ দৰেই হৈ পৰিছে৷

–  দাদা, দুটা চিট লৈছোঁ দেই!
টেম্প’ৰ চালকজনে মুৰ জোকাৰি বহিবলৈ দিলে৷ মানুহ ভৰ্তি হলেহে যাব৷ চালকজনে অসীমৰ সৈতে দুই এষাৰ কথা কবলৈ চেষ্টা কৰিলে৷

–  ভাইটি, কি নাম তোমাৰ? তোমাৰ নামটো কি?

অসীমে চিপছ খোৱাত ব্যস্ত৷

– ভাইটি, কি নাম তোমাৰ ? নামটো কোৱাচোন …  নোকোৱা ন’ ?
নাই তাৰ কোনো গুৰুত্বই নাই, এবাৰ মানুহজনৰ ফালে চাই হাঁহি এটা মাৰি আকৌ চিপছ খোৱাত ব্যস্ত !

–  ইয়াৰ নাম অসীম … ই কথা নকয়৷
–  নকয় মানে ? কব নোৱাৰে নেকি ? কাণৰ কিবা প্ৰব্লেম আছে নেকি?
–  কাণেৰে শুনে কিন্তু কথা হে নকয়, কথা কব নিবিচাৰে …..
–  ঘৰতো নকয় নে?
–  নাই নকয়, দুই এটা শব্দৰ বাদে একো নকয়।

ইমানদিনে শুনি অহা সেই একেই প্ৰশ্নকেইটা শুনি উত্তৰ দিবলৈ পৰিমিতা এইবাৰ সাজু হ’ল৷

– জিভাৰ কিবা প্ৰব্লেম আছে নেকি?  ভালকৈ দেখাইছিল নে? অলপ ছাগলী জিভা পুৰি খুৱাবচোন আৰু তোলনি বিয়াত যে আখৈ ফুটায় সেই তলত পৰা আখৈ অলপ আনি খাবলৈ দিবচোন!

– হয় এইবিলাক আগতে খুৱাইছো৷ আচলতে ইয়াৰ প্ৰব্লেমটো অলপ বেলেগ৷ এইটোক ADHD (Attention Deficit Hyperactive Disorder) বুলি কয় ।

কথাষাৰ কৈ তাই ভাবিলে যে টেম্প’ চালকজনে ADHD ৰ কথা বুজি পাবনে বাৰু? আন মানুহৰ দৰেই হয়তো এই শব্দটো তেওঁৰ মগজুৰ ওপৰেদি গৈছে। তাই আকৌ এবাৰ অলপ সহজভাৱে কথাটো কবলৈ চেষ্টা কৰি কলে..

– ইয়াৰ সকলোবোৰ ঠিকেই আছে, বেমাৰ বুলিবলৈ তেনে একো নাই৷ সকলোবোৰ পৰীক্ষা কৰা হৈছে, কেৱল কথাহে কব নিবিচাৰে৷ মানুহৰ লগত মিলামিচা কৰিবলৈ নাজানে৷ অকলে অকলে খেলি থাকিবলৈ বেছি ভাল পায়৷ সেইকাৰণে তাৰ সমবয়সীয়া ল’ৰা-ছোৱালীতকৈ বহুখিনি পিছ পৰি আছে। সেয়ে মই ইয়াক সদায় ইয়াত ‘স্পীচ থেৰাপী’ দিবলৈ লৈ আহো৷

ইমানখিনি কৈয়েই তাই সামৰিলে৷ টেম্প’খন লাহে লাহে যাত্ৰীৰে ভৰি গৈছিল৷ যাত্ৰীসকলৰ লক্ষ্য আছিল কেবল তাই।

টেম্প’খন চলিল ৷ বতাহে তাইৰ বান্ধি থোৱা চুলিখিনি আউল-বাউল কৰি পেলালে৷  দুডালমান চুলি তাইৰ চকুৰ আগলৈ আহি তাইক আমনি কৰিবলৈ ধৰিলে৷ চেচাঁ বতাহ এজাকে তাইৰ শৰীৰ কঁপাই তুলিলে৷

☆☆
ল’ৰাটোক নিশাৰ আহাৰ খুৱাই লৈ তাক মজিয়াত বহুৱাই কিবা এটা ৰং কৰিবলৈ শিকাই থাকোতেই পৰিমিতাৰ ম’বাইলটো বাজি উঠিল৷ শাহুৱেকৰ ফোন৷

– হেল্ল’ মা ৷ কওক৷
– হেল্ল’, কি কৰিছা ? ক্লাছৰ পৰা আহি পালা ?
–  অ’ আহি পালো৷ ইয়াক অলপ খুৱাই ল’লো৷ এতিয়া কালাৰ কৰিবলৈ শিকাই আছো৷ আপোনালোকে ভাত খালে নেকি?
– অ’৷ খালো৷ শুব লৈছো আৰু৷ হেৰি নহয়, কালি দেউতাৰাই ‘আই’ এগৰাকীৰ ওচৰত চোৱাইছিল৷ ‘আই’গৰাকীয়ে কৈছে অসীমৰ হেনো ‘আইৰ দোষ’ লাগি আছে৷ এখন শৰাই দিবলৈ কৈছিল৷ মই তামোল-পাণ আগবঢ়াই থ’লো৷ এটা কাম কৰিবা৷ তোমালোক এইটো দেওবাৰে ৰাতিপুৱা সোনকালে পোৱাকৈ আহি যাবা৷ আৰু শুনা…
– অ’, কওক৷
– মনত ভাল ভাব এটা লৈ আহিবা৷ মই আগতে কৈছিলোৱেই নহয়, ইয়াৰ কিবা এটা দোষ লাগি আছে বুলি৷ এতিয়া সেয়াই হ’ল৷ বুজিছা?
– অ’ ৷ যাম বাৰু৷ পিছে ‘আইৰ দোষ’ৰ বাবে আগতেও দেখোন কিবাকিবি কৰিছিলো৷ এইবোৰ একো নাই মা, ইয়াক ‘স্পীচ থেৰাপী’ দিলেহে ভাল হ’ব৷ অলপ লাহে লাহে হলেও সুফল পোৱা যাব৷ যোৱা এবছৰ কেবল আক-তাক চোৱাই থাকোতেই গ’ল৷
– তেনেকৈ নক’বাচোন! তুমি বিশ্বাস নকৰা কাৰণেই এনেকুৱা হৈছে বুজিছা ?
– হ’ব দিয়ক মা, আমি শণিবাৰে গধূলি পোৱাকৈয়ে যামগৈ৷

ফোনটো কাটি পৰিমিতাই দীঘলকৈ উশাহ এটা ল’লে৷ সৰু অসীমে সৰু আঙুলিকেইটাৰে একান্তমনে ছবি এখনত ৰং বোলোৱাত ব্যস্ত৷ ময়ুৰৰ ছবি৷ সি ময়ুৰৰ পেখমত নীলা ৰং বোলাইছে৷

ময়ুৰ… ধুনীয়া ময়ুৰ এটা৷ ধুনীয়া ময়ুৰ এটাৰ তেজ….

☆ ☆

পৰিমিতাৰ সেই জোনাবজনৰ কথা মনত পৰিল৷

– আপোনাৰ ল’ৰাক গৰ্ভত থাকোতেই দেৱতাই পাইছে৷ এই দেৱতাক খেদিবলৈ এটা অনুষ্ঠান পাতিব লাগিব ৷ তাৰ বাবে ময়ুৰ আৰু জটায়ু চৰাইৰ তেজ লাগিব !

তাইৰ গিৰিয়েকে আচৰিত হৈ সুধিছিল –
– এইবোৰ আমি ক’ত পাম?
– আপোনালোক চিন্তা নকৰিব৷ এইবোৰ চব আমি যোগাৰ কৰিম৷ প্ৰায় চল্লিছহাজাৰ মান টকা খৰচ হ’ব৷
– এইবোৰ কৰাৰ পাছত ঠিক হবনে ?
– সকলো ওপৰৱালাৰ কৃপা৷ ওপৰৱালাই বিচাৰিলে সকলোবোৰ ঠিক হ’ব! আমি কৰিবহে পাৰো৷ চল্লিছহেজাৰ টকা আজিয়েই পাৰিলে দিয়ক৷ এই অমাৱস্যাৰ দিনাই কামটো কৰি পেলাম৷

সিদিনাই পৰিমিতাৰ এই মানুহবোৰৰ প্ৰতি প্ৰচণ্ড খং উঠিছিল৷ সাধাৰণ মানুহৰ দুখ-দুৰ্দশাক লৈ ব্যৱসায় কৰা এচাম ভণ্ডৰ চতুৰালি দেখি তাই সেই মুহুৰ্তৰ পৰাই এইবোৰ কৰ্মকাণ্ডৰ প্ৰতি বীতশ্ৰদ্ধ হৈছিল৷ সিদিনা সেই ভণ্ড ধৰ্মগুৰুজনক একো নকৈ গিৰিয়েকৰ সৈতে তাই উভটি আহিছিল৷ সেইদিন ধৰি দুনাই তাই আৰু সেইমুৱা নহ’ল৷

তাৰ পাছতো অৱশ্যে এইবোৰ কথা শেষ নহল৷ এবাৰ তাই গাত গোঁসানী লম্ভা আই এগৰাকীৰ ওচৰলৈ গৈছিল৷ তেওঁৰ ঘৰৰ চোতালত অসংখ্য মানুহ৷ ৰাতিপুৱাৰ পৰাই আন বহুতৰে সৈতে শাৰী পুৰাই ৰৈ থাকোতে ঘৰৰ চোতালৰ পৰা কিবা অদ্ভুত উকি দুটামান শুনা পোৱা গৈছিল৷ বহু দেৰীৰ পাছত পৰিমিতাৰ পাল পৰোতে দেখিলে যে মানুহগৰাকীয়ে চুলিখিনি মেলি লৈ মাজে মাজে জোকাৰি কিবা এটা অদ্ভুত মাত উলিয়াই আছে৷ কি যে অভিনয়, মানুহক বুৰ্বক বনোৱাৰ ফন্দী মাথোন৷ কি যে অদৰকাৰী কিছুমান কাম ফুৰিছিল!

তাই এনে আৰু দুজনমানক কেতিয়াও পাহৰিব নোৱাৰে৷ উদং পিঠিত কাঁহৰ থাল এখন লৈ আন এজনে ল’ৰাটোৰ ভূত আৰু ভবিষ্যত কৈছিল৷ আন এগৰাকীয়ে চিচাৰ গিলাছ এটাত পানী অলপ লৈ তাত ল’ৰাটোৰ হেনো ভবিষ্যত দেখা পাইছিল৷ যোৱা এটা বছৰত নকৰিবলগীয়া কাম হয়টো আৰু নাই৷ ল’ৰাটোক লৈ তাই আৰু দেউতাকে সমগ্ৰ অসমখন এইবোৰ কৰিয়েই ঘূৰিলে৷  যিয়েই যি কয় তাকেই কৰাৰ ইচ্ছা হওক বা নহওক কিন্তু কৰি গৈছিল৷

ল’ৰাটোক শুৱাই লৈ পৰিমিতাই বিচনাত পৰি এই কথাবোৰেই আকাশ পাতল কৰি ভাবি থাকিল৷ আকৌ পুজা, শৰাই ইত্যাদি৷ কিয় বাৰু মানুহবোৰে বুজি নেপায়?  তাই আৰু কিমানক বুজাব লাগিব?

ল’ৰাটোৰ বাবে ইতিমধ্যে তাই সকলো এৰিছে৷ নিজৰ বেংকৰ চাকৰি পৰ্য্যন্ত এৰি দিছে৷ থকা ঘৰটোও গিৰিয়েকৰ কৰ্মক্ষেত্ৰৰ পৰা দুৰৈত৷ আত্মীয়-স্বজন, বন্ধু-বান্ধবী সকলো এৰি পেলাইছে৷ এইবোৰ আৰু কিমানক বুজাব? এটেনশ্যন ডেফিচিট-হাইপাৰ এক্টিভিটি ডিছঅ’ৰ্ডাৰ (ADHD), অ’টিজম (AUTISM) এইবোৰ কি আৰু কিয় হয় সকলোৱে কেতিয়ালৈ বুজিব? এনেধৰণৰ সকলো শিশুৱেই অ’টিষ্টিক নহবও পাৰে৷ শিশু অৱস্থাতে ভালদৰে পৰীক্ষা কৰি ADD (Attention Deficit Disorder), PDD (Pervasive Developmental Disorder), ASD (Autism Spectrum Disorder) আদি বহুধৰণৰ বিসংগতি ধৰা পেলাই ফলপ্ৰসু চিকিৎসা বা থেৰাপীৰ ব্যৱহাৰ কৰিলে এনে শিশু ভাল হৈ উঠাৰ অৱকাশ থাকে৷

তাকে নকৰি ল’ৰাটোক টানি টুনি অলৈ তলৈ নি সময় নষ্ট কৰি লাভ নাই৷ ইহঁতৰ বাবে অকল ট্ৰেইনি আৰু থেৰাপীৰহে প্ৰয়োজন হয়৷ ইহঁত অলপ এবনৰ্মেল কিন্তু পাগল নহয়৷ আন বহুটো ল’ৰাতকৈ ইহঁত টেঙৰ, কেৱল সাধাৰণ ল’ৰা-ছোৱালীৰ সৈতে মিলামিচা কৰিবলৈ অক্ষম৷ এনেধৰণৰ শিশুবোৰ সদায়েই অলপ বিশেষ ধৰণৰ হয়৷ সেই বুলিয়েই ইহঁতক মানসিক ৰোগী সজোৱাৰ কোনো দৰকাৰ নাই৷ এনেধৰনৰ শিশুৱে সাধাৰণ স্কুলতে পঢ়িব পাৰে, কেবল শিক্ষকসকলৰ অলপ বিশেষ প্ৰশিক্ষণৰ দৰকাৰ হয়৷ ইহঁতক অকণমান মৰম আৰু সময়ৰহে প্ৰয়োজন৷ হয়তো কাইলৈ বা পৰহিলৈ আন সাধাৰণ ল’ৰা-ছোৱালীতকৈ ইহঁত বেছি জ্ঞানী হৈ পৰিব৷

☆☆

তাই কেনেকৈ বুজায় যে অসীমতকৈ সৰু-সৰু ল’ৰা-ছোৱালীবোৰে কথা কোৱা শুনিলে বা গান গোৱা শুনিলে কিমান যে ভাল লাগে৷ তাইৰো ল’ৰাটোৰ মুখৰ পৰা দুটামান শব্দ শুনিবলৈ মন যায়৷
সি ‘মা’ বুলি চিঞৰি মতাৰ বাবে তাই অপেক্ষা কৰি থাকে৷ যেন এইমাত্ৰ সি ‘মা’ বুলি মাতিব৷

‘মা মোক খাবলৈ দিয়া, মোক চকলেট দিয়া, মা এটা সাধু কোৱা, মা আজি স্কুললৈ নাযাওঁ..’

তাই আজিলৈ এনেবোৰ কথা শুনিবলৈকে কিমান যে কি কৰিলে৷ এদিন ল’ৰাৰ মাতষাৰ শুনাৰ বাবেই তাই আজিলৈ ধৈৰ্য্য ধৰি আছে৷ আকৌ কেতিয়াবা চিন্তা কৰে একো নহলেও ডাঙৰ হৈ পৰিস্থিতি বা পৰিবেশৰ লগত যাতে ল’ৰাটোৱে মিলাই চলি যাব পাৰে ….

এই আশাকে সাৰথি কৰি তাই আগুৱাই গৈ আছে ….
ভাগৰি নপৰাৰ প্ৰতিশ্ৰুতিৰে …..
এটি কোমল আশাৰ ৰেঙণিৰ বাবে ….
এটি মিঠা আশাৰ অপেক্ষাত..৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক