আশীৰ্বাদ(-অনুবাদঃ ৰাজীৱ ৰঞ্জন)

এবাৰ এখন জাহাজ মাজসাগৰত দূৰ্ঘটনাগ্ৰস্ত হৈ ডুবি গ’ল। যাত্ৰীসকলৰ মাজৰ পৰা ভালকৈ সাঁতোৰিব জনা মাথো দুজনেহে সৰু দ্বীপ এটালৈ সাঁতোৰি প্ৰাণ ৰক্ষা কৰিব পাৰিলে। দুয়ো আছিলে নলে গলে লগা বন্ধু। নিৰ্জন দ্বীপটোৰ পৰা উভটিবৰ কাৰণে কোনো ৰাস্তা নাছিল। দুয়ো বন্ধুৱে ঠিক কৰিলে যে একমাত্ৰ ভগৱানেহে তেওঁলোকক বচাব পাৰিব, ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে আৰু কোনো উপায় নাই। কিন্তু কাৰ প্ৰাৰ্থনাৰ জোৰ বেছি সেইটো কেনেকৈ গম পোৱা যাব? অলপ সময় ভাবি দুয়ো ঠিক কৰিলে যে দুয়ো দ্বীপটোৰ দুটা মূৰে থাকিব আৰু বেলেগে বেলেগে প্ৰাৰ্থনা কৰিব।

প্ৰথম আহিল খাদ্যৰ কাৰণে প্ৰাৰ্থনা। দুয়ো দুফালে খাদ্যৰ কাৰণে প্ৰাৰ্থনা কৰিলে। পাছদিনা পুৱা প্ৰথম মানুহজনে দ্বীপটোৰ এটা ফালে এজোপা বৰ ধুনীয়া ফল লাগি থকা গছ দেখা পালে। দ্বীপটোৰ ইটো ফালে থকাজনে তেনেকুৱা একো গছ বিছাৰি নাপালে।


এসপ্তাহ পাছত প্ৰথম মানুহজনে অকলশৰীয়া অনুভৱ কৰিলে। এইবাৰ তেওঁ এগৰাকী পত্নীৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। পাছদিনা পুৱাই বেলেগ এখন জাহাজ ডুবিল দ্বীপটোৰ ওচৰতে। মাথো এগৰাকী মহিলা যেনে তেনে বাছি আহি দ্বীপটোৰ এইটো পাৰত উঠিল। দ্বীপটোৰ সিটো ফালে তেনেকুৱা একো নঘটিল।

লাহে লাহে প্ৰথম মানুহজনে ঘৰ, কাপোৰ, আৰু খাদ্য ইত্যাদিৰ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আৰু এটা এটাকৈ তেওঁৰ সকলোবোৰ প্ৰাৰ্থনাই ফলিয়ালে। সিজন মানুহে তেতিয়াও একো নাপালে।

শেষত প্ৰথমজনে এখন জাহাজৰ প্ৰাৰ্থনা কৰিলে দ্বীপটোৰ পৰা যাবলৈ। পাছদিনা পুৱাই এখন জাহাজ আহি দ্বীপটোৰ এইটো পাৰত লাগিলহি। প্ৰথম মানুহজনে তেওঁৰ পত্নীক লৈ জাহাজত উঠিল। তেওঁ নিজৰ বন্ধুৰ এটাও প্ৰাৰ্থনা নফলিওৱাৰ বাবে ভগৱানৰ আশীৰ্বাদ পোৱাৰ অযোগ্য বুলি ভাবিলে আৰু বন্ধুক দ্বীপটোৰ সিটো পাৰতে এৰিলে।

ঠিক জাহাজখনে দ্বীপটো এৰিবৰ সময়ত মানুহজনে এটা কণ্ঠস্বৰ শুনিলে যিটো আছিল স্বয়ং ভগৱানৰ। “তুমি তোমাৰ বন্ধুক কিয় এৰি যাব খুজিছা?”

প্ৰথম মানুহজনে উত্তৰ দিলে: “মোৰ সকলোবোৰ আশীৰ্বাদ একমাত্ৰ মোৰ কাৰণ এইবোৰ পাবৰ বাবে মইহে প্ৰাৰ্থনা কৰিছিলোঁ। মোৰ বন্ধুৰ এটাও প্ৰাৰ্থনা কামত নাহিল কাৰণ তেওঁ হয়টো আশীৰ্বাদৰ অযোগ্য।”

“তোমাৰ ভুল হৈছে।” এইবাৰে ভগৱানে তেওঁক ধমক দিলে। “তোমাৰ বন্ধুৱে মাথো এটাই প্ৰাৰ্থনা কৰিছিল যিটো মই পূৰ্ণ কৰিছো ইতিমধ্যে। তেওঁৰ প্ৰাৰ্থনাৰ অবিহনে তুমি এটাও বস্তু নাপালা হয়।”

“প্ৰভূ, তেওঁ কি প্ৰাৰ্থনা কৰিছিল?

“তেওঁ মাথো এটাই প্ৰাৰ্থনা কৰিছিল যে তোমাৰ সকলোবোৰ প্ৰাৰ্থনা পূৰণ হওক।”

———————————————-

আমাৰ জীৱনত যিবোৰ আশীৰ্বাদ পাওঁ, আশা পূৰ্ণ হয়, তাৰ একমাত্ৰ অংশীদাৰ কেৱল আমি নিজেই নহয়। কেৱল আমাৰ নিজৰ প্ৰাৰ্থনা, চেষ্টাৰ বলতেই আমি আমাৰ সপোনবোৰ সফল নকৰো। তাত আমাৰ বাবে আমাক ভালপোৱা সকলোৰে প্ৰাৰ্থনাৰ, শুভকামনাৰ অলপ অলপ অংশ আছে। বন্ধুত্ব এক আশীৰ্বাদ। বন্ধুক সন্মান কৰিবা। নিজে আগবাঢ়ি যাওঁতে পাৰিলে তোমাক ভালপোৱা সকলোকো সহায় কৰা আগবাঢ়িবৰ বাবে।

————–ভাবানুবাদ————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments