আশীৰ্বাদ -মালা দিহিঙীয়া হাজৰিকা

কিমান দিন যে হ’ল জেউতিৰ, পোৰা গৰৈ মাছ এটাত তেল দুটোপালমান দি পিটিকা মাৰি নোখোৱা৷ মানুহটো থকালৈকে যেনে তেনে মাছ পুঠি দুটামান যোগাৰ কৰিছিল৷ এতিয়া মানুহটোও নাই সেই পোৰামাছৰ গোন্ধটোও নাই৷ বোৱাৰীয়েকে বৰ বেয়া পায় পোৰা মাছৰ গোন্ধ৷ সেয়ে তেওঁ পোৰা মাছৰ কথা ভাবিবই নোখোজে৷ তথাপিও কেতিয়াবা মনত পৰি পেটটো কলমলাই উঠে৷

নিজৰ কোঠাটোতে সোমাই সোমাই আমনি লাগে জেউতিৰ৷ নিজাকৈ বাহিৰ ভিতৰ কৰিব নোৱাৰা হ’ল মানুহজনীয়ে৷ হাতেৰে ঢুকি পোৱা খিৰিকীকখন খুলি দিয়ে তেওঁ৷ সাউতকৈ পোৰা মাছৰ গোন্ধটোৱে চুই যায় তেওঁক৷ ইফালে সিফালে চাওঁতে দেখিলে কাষৰ ঘৰৰ মইনাই ডাঙত কাপোৰ মেলি আছে৷ আবিয়ৈ ছোৱালী দুজনীয়ে জেউতিক লুকাই চুৰকৈহে মাতে৷ বোৱাৰীয়েকৰ কিবা গোটৰ পইচাৰ লগত কাজিয়া হ’ল হেনো৷ বৰ বেয়াকৈ ক’লে, সিহঁত বিয়া নোহোৱাক লৈও কথা শুনালে৷ তথাপিও জেউতি জেঠাইক নমতাকৈ থাকিব নোৱাৰে সিহঁতে৷ দেহি অই সৰুৰে পৰাই কোলাই পিঠিয়ে উঠি ডাঙৰ হৈছে৷ বোৱাৰীয়েক ঘৰত নাই দেখি মইনাক চিঞৰি মাতিলে৷ মইনাইও জেওঁৰাখন পাৰ হৈ সীমামূৰীয়া খালটো জঁপিয়াই জেঠায়েকৰ ওচৰ পালেহি৷

খিৰিকীৰে চুই চালে এসময়ৰ জেঠুৰ চঞ্চলা চপলা প্ৰেমিকাজনীক৷ বিশৃংখল হৈ থকা চুলিখিনি আঙুলিৰে পোনাই দিলে৷ চকু দুটা সেমেকি উঠিল তাইৰ, কি মানুহজনী কি হৈ গ’ল৷ সেই মৰমৰ স্পৰ্শত একেটা শোক উজাই আহি জেউতিৰ ডিঙিতো সোপামাৰি ধৰিলেহি৷ জেঠুয়েক থকালৈকে ঠিকেই আছিল৷ এদিন হঠাতে তেওঁ নোহোৱা হোৱাত প্ৰেচাৰ ষ্টোক হৈ মানুহজনীৰ তলৰচোৱা অলৰ অচৰ হৈ পৰিল৷ তিনিমাহৰ মূৰত পুতেকটো ঘৰলৈ আহিলে অলপ সুস্থিৰ হয় আকৌ সি যোৱাৰ পিছত এনেকেই পৰি থাকে৷ কাম কৰা ল’ৰা এটা আছে৷ ধৈৰ্য তাৰ নাম৷ বৰকৈ বাথৰূম যাব লগা হ’লে কোনেও নেদেখাকৈ সিয়ো গটা একোটা মাৰে৷ একো নকয় জেউতিয়ে৷ ঘৰলৈ ইটি সিটি আহি তেওঁৰ খবৰ কৰিলে বোৱাৰীয়েকে বেয়া পাই৷ চুবুৰীয়া মানুহবোৰ বিতুষ্ট হয় বোৱাৰীয়েকক লৈ৷ ওচৰৰে টাউনখনত স্কুলত দিছে নাতিয়েকক৷ তাৰ লগত অহা যোৱা কৰোঁতেই তাই ভাগৰি যায় বুলি মানুহৰ কটু কথাৰ পৰা বচাই বোৱাৰীয়েকক৷

“মাৰলৈ মাছ পুৰিছিলি নেকি মইনা? “বৰ আগ্ৰহেৰে সোধে তেওঁ৷ মইনাই বুজি পায়, পইতা ভাত কেইটাৰ লগত ভোট জলকীয়া আৰু মিঠাতেল সনা পোৰা মাছ খাই জেঠায়েকে ভাল পাই৷ সুযোগটো পাই তাই ততাতৈয়াকৈ তেওঁলৈ কাঁহৰ কাঁহীখনতে সজাই আনে তেওঁৰ প্ৰিয় ভাতসাজ৷ ঘৰখনত যে মাছ মাংস খাবলৈ নাপায় তেনে নহয় কিন্তু মাছৰ নামত জলকীয়া বিলাহীৰ সোৱাদলগা মাছ এটুকুৰা আৰু মাংসৰ নামত সেই টান টান কাঠ মাংস কেইটুকুৰা তেওঁ খাবই নোৱাৰে৷ আগৰে পৰাই মাছ মাংসৰ জোলখিনিহে খাই ভালপোৱা জেউতিক বোৱাৰীয়েকে সেইবোৰ খাবলৈ নিদিয়ে৷ জেউতিয়ে ধৈৰ্যক কয় বোৱাৰীয়েকৰ তেওঁকলৈ বৰ চিন্তা, সেয়ে পেটৰ অসুখ হোৱাৰ ভয়তে সেইবোৰ খাবলৈ নিদিয়ে৷ কেতিয়াবা ধৈৰ্যই অকল জেউতিয়ে শুনাকৈ কয়, “একো মৰম চেনেহ নহয় আইতা, পেটচলিলে আপোনাৰ কাপোৰে কানিয়ে যাব আৰু গোটেই ঘৰটো গেলা গেলা গোন্ধাব যে সেয়ে নিদিয়ে৷ “ জেউতিয়ে কিবা বুজি নাপাই নেকি সেইটো কথা, তথাপিও বাহিৰৰ ল’ৰাটোৰ চকুত বোৱাৰীয়েকলৈ অসন্মান চাব নোৱাৰে তেওঁ সেয়ে তাক ভেকাহি এটা মাৰি কথাষাৰ বোৱাৰীয়েকৰ হকে কৈ থয়৷ সি উঠি যায় অসন্তুষ্ট হৈ৷ পাকঘৰৰ পৰা মাংসজোলৰ গোন্ধতো নাকত লাগেহি৷ ইফালে সিফালে চাই ধৈৰ্যৰ বাতিৰ পৰা জোল অকণমান বাকি লয় ভাতত৷ সিয়ো জানে, সেয়ে মাছ মাংস থকাৰ দিনা যিকোনো অজুহাততে তাৰ ভাগৰ কাঁহীখন থৈ ওলাই যায় সি৷

“অ জেঠাই খা আক’, কি ভেবা লাগিলি? বোৱাৰী আহি পাইহে লাগে৷ যিখন মুখ তাইৰ৷ ইয়াতে বধিব মোক“ ….জেউতিয়ে থতমত খাই৷ হাতখন নুধোৱাকৈয়ে খিৰিকীৰে পাৰকৰা ভাতকাঁহী খপজপকৈ খাই৷ চকু দুটা নাচি থাকে তেওঁৰ৷ দুৱাৰৰ সিপাৰৰ পৰা ধৈৰ্যৰ দুগালেদি বৈ যায় দুধাৰি চকুলো৷ মইনাইও জেঠায়েকে নেদেখাকৈ মচি থয় গালদুখন৷ কলিজা ফালি ওলাই অহা শোকখিনি গিলি থয় নীৰৱে৷ মনে মনে ভাবে, ভালেই সিহঁতৰ ল’ৰা নাই, ভালেই সিহঁতৰ বিয়া হোৱা নাই, অন্ততঃ আই পিতাই হালৰ এনে দিন অহা নাই আৰু নাহেও৷ বৰ তৃপ্তিৰে খালে জেউতিয়ে ভাতকেইটা৷ কাঁহীখন সামৰি মইনা গ’লগৈ৷ ধৈৰ্য সোমাই আহিল খুন্দা তামোল অকণমান লৈ৷ এটাই আনটোলৈ চাই হাঁহিলে৷ ল’ৰাটোৰ বেদনাভৰা হাঁহিটো উজ্জ্বলি উঠিল জেউতিৰ সন্তুষ্টিভৰা হাঁহিৰ পোহৰত৷

স্কুলৰ পৰা আহিয়েই নাতিয়েকে ফোনটো আনি জেউতিক দিলেহি৷ পাপাই ফোন কৰিছে বুলি৷ বৰ আনন্দৰে ক’লে পুতেকে ফোনত, “আই ট্ৰেন্সফাৰ হৈছে মোৰ ঘৰৰ ওচৰলৈ, এতিয়া আৰু তিনিমাহ দূৰত নাথাকো দে তোৰপৰা৷ অহা সপ্তাহত যাম মই ঘৰলৈ৷ দৰৱ পাতি বোৰ সময়মতে দিছেনে তোক নিধিয়ে? “ জেউতিৰ চকুত সমস্ত তৰা একেলগে থুপ খাইছেহি৷ সুখবোৰ উফৰি আহিছে তেওঁলৈ৷ পুতেকক চুলিৰ সমান আয়ুসৰ উপৰিও নিজৰ আয়ুসখিনিও আশীৰ্বাদ বুলি দিছে৷ বোৱাৰীয়েকৰ ব্যস্ততাৰ বৰ্ণনা দিছে৷ ঘৰে দুৱাৰে, ল’ৰাই বুঢ়ীয়ে চম্ভালিছে বৰ কষ্টৰে তাই৷ পুতেকৰ চকু জিলিকি উঠিছে, অন্ততঃ তাৰ পচন্দ ভুল হোৱা নাই৷ দেউতাকে এনেই চিন্তা কৰিছিল, বুঢ়া বয়সত তাই তেওঁলোকৰ যত্ন নল’ব বুলি৷

জেউতিৰ চকুকেইটা জাপ খাইছিলহে৷ পুতেকে ফোন কৰাৰ পিছত বহুতদেৰি মানুহটোৰ কথা ভাবি পৰি আছিল৷ হঠাতে হুলস্থূলখন শুনি ধৰফৰাই উঠিল তেওঁ৷ বোৱাৰীয়েকে কাক খং কৰিছে ইমান কান্দি কান্দি৷ “কুলক্ষণীয়া জনীৰ লগত কথা পাতিয়েই এইখন হ’ল৷“ কাৰ কথা কৈছে তাই, কি হ’লনো? ধৈৰ্য সোমাই আহিল৷ হাজাৰ প্ৰশ্নই ভিৰ কৰা চকুহাল দেখিয়েই সি ক’লে, “ককাইহঁত অহা গাড়ীত কোনোবা উগ্ৰপন্থীৰ দলে আক্ৰমণ কৰিছে৷ তাৰ লগৰ দুটামান মৰিল, সিহঁত ঠিকেই আছে এতিয়া৷ টিভিত দি আছে, অলপ পিছতে সি আকৌ ফোন কৰিব“ জেউতিৰ গাটো কঁপিব ধৰিলে৷ মনতে মানুহটোক ক’লে, “মই কুলক্ষণীয়া নহওঁ অ, নিজৰ আয়ুসখিনিও দিছো তাক৷ একো নহয় তাৰ৷ মই জানো নহয়, একো নহয়৷“ “মাকজনী কোনো ল’ৰাৰ কাৰণে কুলক্ষণীয়া নহয় অ বোৱাৰী৷ একো নহয় তাৰ৷ তোমাৰ শিৰত সদায়েই বেলি হৈ জিলিকি থাকিব সি ৷“ বিৰবিৰাই উঠিল তেওঁ৷ চকুদুটা টান খাই আহিছে তেওঁৰ৷ গাটোও যেন বতাহতে উৰি ফুৰিছে তেনে লাগিল৷ নাতিয়েকটো দৌৰি আহিল হাতত ফোনটো লৈ, পুতেকে ফোন কৰিছে, তেওঁ মাতটো ডাঙৰ কৰি দিবলৈ ক’লে৷ সিমূৰত পুতেক “আই, মোৰ ওচৰতে বহা মোৰ লগৰীয়াটো শ্বহীদ হ’ল৷ তোৰ স’তে কথা নপতা হ’লে আজি ময়ো নাবাচিলো হেঁতেন৷ আই তই নিজেই মোৰ আশীৰ্বাদ৷ মই ঠিকেই আছো৷ চিন্তা নকৰিবি দেই৷ নিধিকো ক’বি৷ ……আই…. আই শুনি আছনে তই? … হেল্ল’, হেল্ল’….হেল্ল’ আই…..পুতেকে চিঞৰি থাকিল সিটোমূৰে৷ দুৱাৰ মুখত সজল দুচকুৰে শাহুৱেকলৈ চাই ৰৈ থকা বোৱাৰীয়েক আগুৱাই আহি চুই দিলে তেওঁক৷ বুকুৰ পৰা নিস্তেজ হাতখন বাগৰি উলমি থাকিল তেওঁৰ৷ মুখখন ভৰি পৰিছে তেওঁৰ সীমাহীন প্ৰশান্তিৰে……ধৈৰ্যই আহি চকুকেইটা জপাই দিলে তেওঁৰ৷ ফোনৰ সিপাৰৰ পৰা ভাঁহি আহিল পুতেকৰ উচুপনি৷ আৰম্ভ হ’ল জেউতিৰ নতুন যাত্ৰা পথ……..

সমাপ্ত

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments