আশ্বাস — শিখাৱলী হাজৰিকা

-অ’ ইয়াক, মানে ভৱক মই গাওঁবুঢ়া পাতিছো বুইছ খগেন৷ বাকী কেইটা ক’ত কেনেকৈ থিতাপি লাগে লাগক ই ঘৰতে থাকিব ৷

ধানৰ মাজৰ আলি এটাত বহি একান্ত মনে টুনি চৰাই খেদি থকাৰ পৰা ভৱই দেউতাক আৰু দদায়েকৰ কথা কেইষাৰ ভালকৈয়েই শুনিলে৷

-গাওঁবুঢ়া!!!!!!

কম ডাঙৰ কথানে হে! সি গাওঁবুঢ়া হ’ব ঘৰৰ সকলোৰে ওপৰত হুকুম চলাব৷ তাৰ কথাকেইটা ভাবিয়েই ভাল লাগিল৷

আঠবছৰীয়া ভৱৰ কাৰণে গাওঁবুঢ়া সম্পৰ্কে ধাৰণা সিমানকণেই৷

হওঁতে দেউকণ বুঢ়াৰ ল’ছালী সাতটা৷ ভৱ দুই নম্বৰত৷ বুঢ়াই ভাবিলে গোটেই মখাই পঢ়ি শুনি চাকৰিৰ পা পইচা চুব পালে ঘৰৰ খেতিখোলালে পিঠি দিব৷ সেইভাবিয়েই পঢ়াত আৰু কামে কাজে সকলোতকৈ ভাল ভৱকে ইস্কুলৰ পৰা এৰুৱাই “গাওঁবুঢ়া” বনাইছে৷ তাকেই কোনোবাই শুধিলে কয় আৰু ভৱই শুনি বৰ ৰং পায়৷

পিছে ভৱৰ সপোন ভাঙিবলৈ দেৰি নালাগিল যেতিয়াই খগেন দাইটিয়েই তাক বুজায় ক’লে এইবিধ “গাওঁবুঢ়াৰ” বিষয়ে৷ তাৰ সৰু মনটোত আশ্বাসৰ ভাঙোন সেইদিনাৰ পৰাই আৰম্ভ হ’ল৷

-“পিতাই মোক আকৌ ইস্কুলত নাম লগাই দে৷”

নিদিলে৷

কোনেও মনেই নিদিলে ভৱৰ মনটোৰ প্ৰতি৷

এদিন ভৱই নিজেই নাহৰণি প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত নাম লগাই ল’লেগৈ৷ সেইদিন ধৰি আৰম্ভ হ’ল ঘৰখনৰ সকলোৰে ভৱৰ প্ৰতি আওকাণ ভাব৷ সি যেন ঘৰৰ নহয়েই৷ স্কুল যোৱাৰ আগতে পথাৰত কাম কৰাৰ পৰা আদি কৰি গৰু গাই কেইটাৰ লেঠা মাৰি গোহালী সাৰি থৈ যাব লাগিব৷ আহিও সিহঁতক পানী খুৱাই সন্ধিয়া জাগ দিয়ালৈকে ভৱই কৰিব লাগিব৷ বাকী কেইটাই বল খেলিব ধিতিঙালি কৰিব৷ মাকে মন কৰিলেও পিতায়েকৰ ভয়ত একো নামাতে৷ 
সহোদৰেও পিতৃৰ আচৰণত আখৈ পায়৷ তাক পাত্তা দিব নিবিচাৰে৷
কামৰ অকণ গাফিলতি হ’লেই হয় এচাৰিৰ কোব নহ’লে এসাজ ভাতৰ লঘোণ৷
মাকৰ অকণ মৰম, পিতায়েকৰ এশাৰী মৰমৰ মাত আৰু সহোদৰৰ অলপ আদৰৰ বাবে ভৱৰ মনটোয়ে হাঁহাকাৰ কৰে৷

এইবোৰৰ একমাত্ৰ কাৰণ ভৱই “গাওঁবুঢ়া” হ’বলৈ অমান্তি হোৱাৰ৷

এইদৰেই সকলোৰে অৱজ্ঞা আওকাণৰ মাজেৰেই ভৱই পঢ়া সামৰি চাকৰি জীৱন আৰম্ভ কৰিলে৷

টকা সিকা হাতত অহাৰ পিছতো ভৱই ৰাতি হ’লে উচুপি কান্দে৷ পৰিয়ালৰ ভাই ককাই বাই ভনীৰ আদৰ মৰমৰ বাবে বুকু খনে হাহাঁকাৰ কৰে৷দৰমহাৰ প্ৰথম পইচা কেইটা মাকৰ হাতত তুলি দিছিল৷ লগতে আনিছিল মাংস অকণ৷ ভাবিছিল এসাঁজ সুখৰ ভাত খাব৷ কিন্তু সেইদিনা গৰুৱে ধান খোৱাৰ কথালৈ ভৱই পাইছিল ককৰ্থনা৷

ভৱৰ মনত এটা কথাই ইতিমধ্যেই থিতাপি লৈছিল যে সি আৰু কাৰোৰ পৰা মৰমৰ আাশ্বাস নাপায়৷

দিনবোৰ বাগৰিছিল৷

বিয়া বাৰু কৰাই ল’ৰা এটাৰ পিতৃ হ’ল ভৱ৷

এদিন ককাও হ’ল৷

কিন্তু সেই অকলশৰীয়া ভাবে ভৱ বুঢ়াক আজিও খেদে৷

কেতিয়াবা সপোন দেখে “তই গাওঁবুঢ়া, তই গাওঁবুঢ়া” বুলি চিঞৰ বোৰে খেদে৷ টোপনিৰ পৰা ধহমহাই উঠি ঘোট্ ঘোটকৈ পানী খায়৷ বহুত দেৰি আন্ধাৰতে বাৰাণ্ডাত বহি ভাবি থাকে গাওঁবুঢ়া হোৱাই ভাল আছিল নেকি তেতিয়া হয়তু আজিৰ এই একাঁকী ভাববোৰে নেখেদিলে হয়৷

আজি সোণমইনাৰ তিনিবছৰীয়া জন্মদিন৷
ককা, ককা বুলি ককাকৰ পিছ নেৰা সোণমইনা৷
ভৱবুঢ়াৰ নাতি৷

ভৱবুঢ়াই এতিয়াও আশা কৰে৷ কোনোবাই এই জীৱনতেই তেওঁক মৰমৰ আশ্বাস দিব৷ সেই আশ্বাস যি তেওঁ ল’ৰালিতেই হেৰুৱালে৷

কেক্ কাটি চবেই ফূৰ্তি কৰি আছে৷ সোণমইনাই বহি থকা ককাকক কেক্ এটুকুৰা খোৱাবলৈ আহিল৷ কোনেও মনেই কৰা নাই ভৱবুঢ়া চকীখনতে হাউলি গৈ আছে৷
সোণমইনাই চিঞৰিলে ” আমা ককা কি হ’ল চোৱাচোন”৷

মানুহবোৰৰ মাজত হুৱাদোৱা লাগিল৷ পুতেকে দাংকোলাকৈ দেউতাকক লৈ গাড়ীৰ ওচৰলৈ দৌৰ দিলে৷ পিছে পিছে হাতত কেক এটুকুৰা লৈয়েই সোণমইনাও দৌৰিছে৷ লগতে চিঞৰি গৈছে “আমা ককাক ডাক্তৰ লৈ যোৱা, মইয়ো মইয়ো যাম৷
দেউতাকক পিছফালৰ চিটত শুৱাই পুতেকে গাড়ী ষ্টাৰ্ট দিলে৷
ঘৰ আলহীক গটাই ভৱবুঢ়াৰ পত্নী আৰু বোৱৰীয়েকো গাড়ীত বহিল৷

পুতেকে হস্পিটাল  অভিমুখে গাড়ী দৌৰালে৷
সোণমইনাই ককাৰ মূৰটো ধৰি মূৰৰ শিতানত বহি গৈছে৷ তাৰ কণমানি মনটো অস্হিৰ হৈ গৈছে৷ আলহীয়ে অনা পুতলা আৰু খেলনা তাক নালাগে৷ ককাকক লাগে৷
ককাক যে তাৰ খেলৰ লগৰী৷

ভৱবুঢ়াই অনুভৱ কৰিলে তেওঁ যেন আলাসত উৰি আছে৷ শৰীৰটো পাতল হৈ গৈছে৷ তেওঁক যেন টানি আছে কিবা এটা মোহে৷ 
আস!! কোনোবাই মোক ধৰি ৰাখ অ’৷
মই যে সোণমইনাক বহুত মৰম দিব আছে৷
জীৱনৰ আশ্বাস দিব আছে৷

এনেতে ভৱ বুঢ়াই অমৃতবাণী শুনা যেন পালে৷

সোণমইনা ককাকৰ মূৰটো বুকুত লৈ ফুটা নুফুটা অমিয়া মাতেৰে কৈ আছে “ককা, তোমা একো নহয় দেই৷ ডাতৰে ভাল কয়ি দিব নহয়৷ তুমি ভয় নকইবা মই আথো নহয় তোমা লগত৷ মই ধই আথো নহয় তোমাক৷ মই নমোক কৈ দিথো মো ককাক ভাল কৰি দিয়া৷ ল’বা মই মন্ত গাই দিম”৷ সি গাই গৈছে “তিমতে বকতি কলিবো তোমাত হয়ি এএ…

আস্ “মই আছো নহয় ককা”৷ এইষাৰ কথাই যেন ভৱবুঢ়া বুকুৰ পৰা সমস্ত জীৱনৰ আশ্বাসহীনতাত ভোগা বোজা এটাহে আতঁৰাই দিলে৷
তেওঁ জোৰকৈ চকুহাল মেলিবলৈ যত্ন কৰিলে৷

“ৰচোন ৰ’ অ’ বাবা দেউতাৰাই চকুহাল মেলিছে”৷

মাকৰ কথাত ভৱৰ পুতেকে গাড়ীখন কাষলৈ নি ৰখালে৷

“পানী অকণ খাম”৷ ভৱবুঢ়াই সেহাই সেহাই ক’লে৷ বোৱাৰীয়েকে বটলৰ সাফঁৰখনৰেই পানী অলপ অলপকৈ খুবাই দিলে৷ তেওঁক লাহেকৈ বহাই দিলে৷
“ককা তুমি উঠিলা৷ দেখিলা মই নমোক কৈ দিলো নহয়৷ তুমি যে মই দুখ পালে কোৱা মই তোমাৰ লগত আছো নহয় তেনেকৈ কৈ দিলো আৰু নমো মন্ত্ৰও গাই দিলো সেইকাৰণেই তুমি ভাল হৈ গ’লা৷ তুমি চিন্তা নকৰিবা দেই৷ মই আছো নহয়৷” সোণমইনাই পোহৰ মুখ এখন লৈ তাৰ নিজৰ ভাষাত কলকলাই গ’ল৷

ভৱবুঢ়াই নাতিয়েকক কাষলৈ চপাই ল’লে৷ চকুৰ বৈ অহা পানীখিনি ইখন হাতেৰে মুচি ল’লে৷

ডাক্তৰ ওচৰত দেখাই মেলি ঔষধ পাতি লৈ সকলো ঘৰমুৱা হ’ল৷ ওৰেতো বাট সোণমইনাই ককাকৰ বুকুতে সোমাই টোপনি গ’ল৷

ভৱবুঢ়াই বুকুখন কিবা এটা সাহসত ডাঠ হোৱা যেন পালে৷

সোণমইনাৰ এখন হাতৰ মুঠিত ককাকলৈ থোৱা জন্মদিনৰ কেক এটুকুৰা তেতিয়াও আছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments