আসুৰিক তৃপ্তি – বেদান্ত ফুকন

সেউজ নগৰ, বাইলেন নম্বৰ চাৰি, পুৱা চাৰি বাজি ত্ৰিছ মিনিট, মলিয়ন পাইজামাৰ সৈতে ভৰিত হাৱাই চেণ্ডেল, এমুখ দাড়িৰে ওখ পাখ মানুহজনক দেখিলেই সন্দেহ উপজিব যিকোনো মানুহৰ৷ হাউছ নাম্বাৰ চৈধ্য, গেটখন খুলি ভিতৰ সোমাল তেওঁ, বাগিছাখনৰ লগতে থকা পানীৰ টেপটো খুলি মুখখন ধুই আজলী পাতি হেঁপাহ পলুৱাই টেপৰ পানীকেই খালে৷

দীঘলকৈ উগাৰ এটা মাৰি বাগিছাখনলৈ চালে, বনেৰে চানি ধৰিছে বাগিছাখন৷ খন্তি এখন বিচাৰি খোজ ল’লে ঘৰৰ পাছফাললৈ বুলি৷ শৰতৰ পুৱা, এজাক কিনকিনিয়া বৰষুণ পৰিছে৷

গেৰেজটোৰ ওচৰত মুনি-চুনি পোহৰত এটা মানুহে কিবা পাইচাৰি কৰি আছে৷ বুকুখন কিবা চিৰিং কৰি গ’ল বৰুৱানীৰ৷ ঘপহকৈ যেন কিবা এটা সৰি পৰিল বুকুখনৰ পৰা৷ নাই নাই এইয়া হ’ব নোৱাৰে, তেখেত ঢুকুৱা আজিচোন প্ৰায় বিশ বছৰেই হ’ল৷ শত্ৰুৰ সৈতে যুঁজি যুঁজি দেশৰ নামত উছৰ্গা কৰিলে জীৱন৷ কিন্ত ইমান মিল কেনেকৈ সম্ভৱ, অবশ্যে কানি-মুনি পোহৰতে হয়তো এনে লাগিছে, নিজকে পতিয়ন নিয়াবৰ চেষ্টা কৰিলে৷ বোৱাৰী পুৱাতে উঠি প্ৰাতঃভ্ৰমণত যোৱাটো তেখেতৰ পুৰনি অভ্যাস৷ লৰালৰিকৈ পাছফালৰ দুৱাৰখন মাৰি পৰ্দাৰ ফাকেৰে যথেষ্ট উৎকণ্ঠিত হৈ চালে গেৰেজটোৰ ফাললৈ৷ মানুহটোচোন এইবাৰ দুৱাৰৰ ফালেই আগবাঢ়ি আহিছে, বাহিৰৰ গ্ৰীলখন খুলিবৰ চেষ্টা কৰিছে৷ লৰালৰিকৈ গৈ পুতেকৰ গাত হেচুঁকিছে বৰুৱানীয়ে৷ ৰাতি দেৰিকৈ ঘৰ সুমুৱা ল’ৰাই অলপ আমনি পাইছে৷ বাহিৰত শব্দ ডাঙৰ হৈছে৷

দোয়ো পৰ্দাৰ ফাঁকেৰে চাই ৰৈছে, মানুহটো কিবা অস্থিৰ হৈ পৰিছে৷ পানীপুতাৰ কাষতে থকা কোৰখন লৈ মানুহটোৱে কিবা খান্দিব ধৰিছে৷

বৰ বেয়া পাই তেওঁ, এনেই খালী ঠাই পৰি থকা দেখিলে, বনখিনি চুৰুকি, কোৰখনেৰেই খান্দি খান্দি মাটিখিনি অলপ চহাবলৈ ধৰিলে, এফালে ধনীয়া আনফালে লাইশাকৰ গুটি সিচিব লাগিব৷ ফুলনিতকৈয়ো তেখেতৰ শাকপাচলিৰ খেতি কৰাৰ প্ৰতি আগ্ৰহ বেছি৷ সেয়েহে শ্ৰীমতীয়ে লগোৱা ফুলপুলি উঠাই তাতে তেওঁ জলকীয়া পুলি লগাই আৰু শ্ৰীমতীৰ জ্বলাসনা মাতৰ আমেজ লয়৷ আচলতে সেইখিনি শুনিবলৈকে তেওঁ এনেবোৰ কৰে, মনৰ ভিতৰতে মিচিকিয়া হাঁহিৰে তৃপ্ত হয় তেওঁ, সেইকথা শ্ৰীমতীয়েও জানে আৰু তাকে নো নকৰি কৰিব কি, ল’ৰাছোৱালী দোয়োটাই কৰ্মসূত্ৰে বাহিৰত, কথাবতৰা পাতিবলৈ বুলি আন কোনো নাই, জীৱনৰ বিয়লিবেলা দোয়ো এনেকৈয়ে পাৰ কৰে সময়৷

চাৰিবাৰৰ মূৰত প্ৰতিবেশী মাষ্টৰ বৰাই চকুকেইটা মোহাৰি মোহাৰি ফোনটো উঠালে৷ যথেষ্ট উৎকণ্ঠিত তথা ভয় ভয় কৈ চেপা মাতেৰে বৰুৱানীয়ে জনালে বাগিছাত কিবা খান্দি থকা বুঢ়া মানুহটোৰ কথা৷

ছেহঃ বৰষুণ পৰি শেৱালি ফুলখিনি নষ্টয়েই হ’ব এতিয়া, লৰালৰিকৈ পাছফাললৈ গৈ খৰাহি এটা পাই লৈ আনিলে৷ তেওঁ ফুলবোৰ শুঙি চাইছে, আমেজ লৈছে, শৰতৰ৷ এপাহ এপাহ কৈ ফুলবোৰ বুটলিছে, পাচিটোত শুভ্ৰতা আৰু শৰতে হাঁহিছে৷ কাণৰ কাষেদি এটোপ দুটোপ কৰি বৰষুণৰ টোপাল বাগৰি আহিছে, এটা ফুৰফুৰীয়া কেঁচা মাটিৰ গন্ধ ভাঁহিছে৷

চাৰিটা চকুৱে এক অবুজ অবাক চাৱনিৰে চাই ৰৈছে বাহিৰলৈ৷ সন্দেহ ঘনীভূত হৈছে, বৰষুণত তিতি তিতি এই মানুহটোৱে শেৱালিজোপাৰ তলত কি কৰিছে? কোৰখনেৰে কি খান্দিছে৷

খবৰ মানেই বতাহ, বৰুৱানীৰ ফোনটোৰ পাছতেই এজন দুজনকৈ গোটেই চুবুৰীটোৱেই পালে খবৰ৷ যিয়েই যেনেকৈ পাৰে হাতত দা, লাঠি, টাঙোন একোদাল লৈ বৰুৱানীৰ গেট ওলাইছেহি৷ মানুহখিনি দেখি গ্ৰীলৰ তলা খুলি বাজ হৈ আহিল বৰুৱানী আৰু তেওঁৰ একমাত্ৰ পুত্ৰ৷ সকলোৱেই আগুৰি ধৰিলেহি বুঢ়া মানুহজনক, তেওঁ মাটি চহোৱাত ব্যস্ত৷

“হেৰি ডাঙৰীয়া অলপ মাত দিবচোন” তেওঁ ব্যস্ত ঘূৰি চোৱা নাই পাছলৈ৷
“ঐ বুঢ়া, শুনা নাপাৱ নেকি! ” মাষ্টৰ বৰাৰ ডাঙৰটো পুতেকে আগবাঢ়ি গৈ কোৰখন থাপমাৰি ধৰি ক’লে, তাতে আকৌ ডেকা তেজ৷

এক অবাক চাৱনিৰে নিচেই কাষতে থকা মানুহ জাকলৈ চালে, চকুত তেওঁৰ কৌতূহল৷
“ঐ বুঢ়া, কি নাম, ক’ত ঘৰ তোৰ”৷

বিদ্ৰূপযুক্ত ইৰ্ষৎ হাঁহিৰে ঘৰটোলৈ আঙুলিয়াই ক’লে “সৌটো মোৰ ঘৰ”৷
“তই পাগল নেকি? এইটো আমাৰহে ঘৰ” বৰুৱানীৰ ডাঙৰ পুতেকে চকু ৰঙা কৰি ক’লে৷
“তহঁত যাঃ মোক কাম কৰিব দে” বুলি কৈয়েই মাষ্টৰৰ পুতেকৰ পৰা কোৰখন টানিবৰ চেষ্টা কৰিলে৷ দৈনিক শৰীৰ চৰ্চা কৰা দেহাটোৰ ওচৰত বেছি সময় টিকিব নোৱাৰিলে৷ চিতিকি পৰিলগৈ নিজেই চহোৱা মাটিখিনিৰ ওপৰত৷ মলিয়ন পাইজামা আৰু মলিয়ন হ’ল, কিলাকুটিৰ তলতে ইটাটোত লাগি ৰঙা হ’ল মাটি৷

বৰদলৈ ট্ৰফী খেলা মানুহ তেওঁ, ডেকা কালৰ তেজ জাগি উঠিল মনত, গোলাপ জোপাত ভেজা দি ৰখা ডাং দাল লৈ চোচা মাৰি গ’ল৷ খন্তেকৰ বাবে মানুহজাক ভিৰাই লৰ দিলে৷ বাহু দাঙি সমষ্ট শক্তিৰে এটা কোব লগালে মাষ্টৰৰ পুতেকক৷

সেয়াই কাল হ’ল তেওঁৰ, এজন অনাহুত অতিথিৰ ইমান সাহ, নাই সহ্য কৰাৰ কথাই নাহে৷ এজাক অসুৰ সাৰ পাই উঠিলে, ৰাংকুকুৰৰ জাকৰ দৰে জঁপিয়াই পৰিল বৃদ্ধৰ ওপৰত৷ ৰাংকুকুৰৰ জাকে সুবিধা বিচাৰিয়েই ফুৰে কাক কেতিয়া নেফানেফ কৰিব পাৰি, সকলো ৰূপান্তৰিত হ’ল মানুহৰ পৰা পশুলৈ৷

নিজৰ জীৱনত হতাশগ্ৰস্ত এজাক মানুহ, কাৰোবাৰ পত্নীক লৈ অশান্তি, কোনো ব্যৰ্থ কৰ্মজীৱনত, কোনো ব্যৰ্থ নিজকে আগুৱাই নিয়াত, সন্তানৰ নৈতিক অধঃপতন, যিবোৰ হতাশা পুঞ্জীভূত হৈ আছে নিজৰেই ভিতৰত, যিয়ে জন্ম দিছে ইৰ্ষা, হিংসা, ক্ৰোধ আৰু নানান বিষবাষ্পৰ, জন্ম হৈছে অসুৰৰ৷ আসুৰিক তৃপ্তিৰ বাসনাত উটি ভাঁহি গৈছে মানুহজাক, হৈ পৰিছে একো একোটা কলিৰ মহিষাসুৰ একো একোটা ৰাবনৰ৷

নাই অনাহুত অতিথিজনে আৰু কষ্ট পোৱা নাই তেওঁ কেতিয়াবাই মুক্ত হৈছে৷ মাষ্টৰৰ পুতেকৰ কোৰৰ গাদীৰে মূৰত মৰা পুৰ্ণহতীয়া কোবত কেতিয়াবাই প্ৰাণ বায়ু উৰিছে৷ মানুহজাকে মাথোঁঁঁ এটি মৰি যোৱা শৰীৰত কোবাই আছে৷

লাহে লাহে এজন দুজনকৈ মানুহবোৰে ফালৰি কাটিছে, মনত কোনো অনুশোচনা নাই, নাই পাপবোধ নাই অপৰাধবোধ৷

বুকুৰ ধপধপনি বৰকৈ বাঢ়িছে বৰুৱানীৰ, খিৰিকীৰে ঘনেঘনে জুমি চাইছে বাহিৰলৈ৷ মানুহবোৰ গুচি গৈছে, লাঠি, দা, কোৰ য’ত ত’ত পৰি ৰৈছে৷ বাহিৰত বৰষুণৰ টোপালবোৰ অলপ ডাঙৰ ডাঙৰ হৈছে৷ বুকুখন মোচৰ খাই উঠিছে, ডিঙিলৈকে কিবা এসোপা উজাই আহিছে৷

অনাহুত অতিথি পৰি ৰৈছে বৰষুণত, নিজেই বুটলা শেৱালি ফুলৰ পাচিটোত মূৰ থৈ৷ ৰঙা হৈ পৰা শেৱালি ফুল কেইপাহ বৰষুণ পাই আকৌ অলপ বগা হৈ পৰিছে৷

চোতালখন তথা চুবুৰীটোত এতিয়া মৰিশালিৰ নিস্তব্ধতা, খন্তেক সময়ৰ আগৰ বা-মাৰলি জাক এতিয়া নাই, সকলো তচনচ কৰি নিজ বাটে বাট মেলিলে৷ হঠাতে এয়া কি হৈ গ’ল, প্ৰায় বিশ বছৰৰ মূৰত হঠাৎ গিৰিহেন দেখা মানুহজন এতিয়া শুই আছে৷ সৌৱা, তাতেইচোন ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই তেওঁৰ স্বামীকোচোন শুৱাই থৈছিল৷ আচলতে হ’ল কি, ঘটনাৰ আৰম্ভণি ভালদৰে নৌহওঁতেই সকলো শেষ হৈ গ’ল ইমান সোনকালে৷ চিঞৰি চিঞৰি মানুহজাকক ৰখাবলৈ যথেষ্ট চেষ্টা কৰিছিল বৰুৱানীয়ে, কিন্ত এজাক উত্তেজিত ৰক্তপিপাসুক বাধা দি ৰখোৱাতো জানো সম্ভৱ আৰু বন্য উল্লাসত মত্ত এই মানুহবোৰচোন তেওঁৰেই আত্মীয় স্বজন৷ অলপমান ধৈৰ্য্য ধৰিব নোৱাৰিলে কিয় মানুহজাকে, নাই নাই, এয়াটো মানুহ হ’ব নোৱাৰে, তেওঁচোন বাস কৰিছে মানুহৰূপী এজাক অসুৰৰ মাজত৷ মনত অজস্ৰ খং, হিংসা, হতাশা, সন্দেহ তথা কুটিলতাৰ চোন বহিৰ্প্ৰকাশ এয়া৷ তেওঁৰো মনবোৰ কিয় ইমান সন্দেহী তথা জটিল হৈ পৰিল, কিয় আৰু অলপ সময় ধৈৰ্য্য ধৰি চাই নাথাকিল মানুহজনক৷ প্ৰতিবেশী মাষ্টৰক ফোন নকৰি পুলিচক প্ৰথমে কিয় ফোন নকৰিলে৷

অনুশোচনাৰ জুয়ে দহিছে তেওঁক, জাগি উঠিছে ভাব অপৰাধবোধৰ, নিজকেই অনুভৱ হৈছে পাপীহেন৷ ইমান জটিলকৈ তথা সন্দেহৰ ভাৱেৰে নাচায় সহজ ভাবেৰেও ল’ব পৰা ন’হল হয় জানো কথাটো, নে তেৱোঁ লাহে লাহে ৰূপান্তৰিত হৈছে অসুৰলৈ৷

চিতিপ চাতাপ কেমেৰাৰ শব্দৰে মুখৰিত হৈছে বৰুৱানীৰ চোতাল৷ অবশেষত সন্ধান পালে আৰক্ষীয়ে, সন্ধানহীন হৈ থকা অবসৰপ্ৰাপ্ত প্ৰফেছৰ হাজৰিকাৰ, যোৱা তিনিদিন ধৰি নিখোজ হৈ আছিল তেখেত৷ ডিমেনচিয়াত আক্ৰান্ত হাজৰিকাই প্ৰায়েই ভুল কৰে নিজৰ ঘৰ, নিজৰ ঠিকনাৰ৷ য’তেই অসম আৰ্হিৰ ঘৰ লগতে সন্মুখত বাগিছা দেখে সেয়াই নিজৰ ঘৰ বুলি ভবা আৰম্ভ কৰে৷ অবশ্যে তেওঁক তেওঁৰ অঞ্চলটোত প্ৰায়খিনি মানুহেই জানে, তেওঁক চিনি পাই ভালদৰেই৷ কাৰোবাৰ ঘৰত সোমালেও গিৰিহঁতে নিজেই হাতত ধৰি তেওঁৰ নিজৰ ঘৰত থৈ আহেগৈ৷

কিন্ত সেইদিনা তেওঁ বেছি দূৰলৈকে গুচি গৈছিল৷ ল’ৰাছোৱালী দুয়োটা বিদেশতে থাকে, অকলশৰীয়া হাজৰিকানীয়ে অনবৰতে পহৰা দি ৰাখে মানুহজনক৷ কিন্ত কালে যেতিয়া নিব খোজে সাধাৰণ নৰমনিচে নো কি কৰিব পাৰে৷ হাজৰিকানী গা ধুবলৈ যোৱাৰ সময়তে বাজ হ’ল প্ৰফেছৰ৷

যোৱা তিনিদিন ধৰি এজাক মানুহে মিলি চলাথ কৰিছে সকলোফালে, নাই কোনো উৱাদিহ নাই৷ দেউতাকৰ নিৰুদ্দেশৰ বাতৰি পাই বিদেশৰ পৰা ছোৱালীও আহি ঘৰ পালেহি৷

বৰুৱানীৰ চোতাল, আউলি বাউলি চুলি মেলি এজনী মানুহ ভিৰ ফালি আগবাঢ়িছে৷ পুলিচে ঘেৰাও কৰি ৰাখিছে প্ৰফেছৰ পৰি ৰোৱা ঠাইখিনি, সকলোৱে বাট এৰি দিছে, কানে কানে কোৱা কুই কৰিছে,
“ ঘৈণীয়েক চাগৈ ”
বৰষুণ পৰি বোকা হৈ ৰোৱা ঠাইখিনিতে মানুহজন শুই আছে৷ মানুহজনীয়ে আলফুলে মূৰটো ডাঙি কোলাত লৈছে, আঁতৰাই দিছে তেজ আৰু বোকাত এঠা লাগি ধৰা শেৱালিফুলবোৰ৷

প্ৰায় পঞ্চল্লিছ বছৰ কাল দুয়ো একেলগে কটালে, মোহাছন্ন কৰি ৰাখিছিল মানুহজনে গোটেই জীবনজুৰি৷ অনেক ঘাট প্ৰতিঘাত অতিক্ৰমী পৰিয়ালটিক বট বীক্ষৰ দৰে ছাঁ দি ৰাখিছিল এই মানুহজনে৷ হিয়ালি জিয়ালিকৈ ভৰি দুখনত সাবতি ধৰি কান্দিছে বৰজীয়ৰীয়ে৷ একান্তমনে কোলাত মূৰটো লৈ হাজৰিকানীয়ে চাই ৰৈছে মুখখনলৈ, বৰষুণ এৰিছে, পিছে প্ৰফেছাৰ আকৌ ভিজিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক