আস্, এটা আধলি পোৱা হ’লে ! “জীৱন- নাটৰ এচোৱা”—-সোমকান্ত শইকীয়া

মোৰ বাল্যকাল চোৱা বৰ সুখৰ নাছিল । মানুহে যে কয় “সোণৰ শৈশৱ কাল ” বুলি , সকলোৰে শৈশৱ বোৰ কিন্তু সোণালী নহয় ।মোৰ নিজৰ ক্ষেত্ৰতে পাইছিলোঁ , কিমান অভাৱ অনাটৰ মাজেদি , এসাঁজ খাই দুসাঁজ লঘোনে থাকি দিন পাৰ কৰিব লগা হৈছিল । শীতৰ ঠেঁটুৱৈ ধৰা জাৰত প্ৰায় নগ্ন অৱস্থাতে থাকিবলৈ বাধ্য হৈছিলোঁ । কিন্তু ইমানৰ মাজতো এটা কথাতে নিৰ্ভৰ কৰি পঢ়া শুনা চলাই যাব পাৰিছিলোঁ যে জন্মসূত্ৰে অলপ মগজু পাইছিলোঁ ,যাক মূলধন কৰি বৰ ভূঁইকপৰ বছৰ ,অৰ্থাৎ ১৯৫০ চনত ” ক” শ্ৰেণীত নাম লগোৱাৰ পৰা শিক্ষা সমাপ্ত কৰালৈকে কোনো বাৰেই ২য় হ’ব লগা নহৈছিল ( অষ্টম শ্ৰেণীৰ পৰা ৯ ম শ্ৰেণীলৈ ২ য় হৈছিলোঁ )।

আমাৰ আগৰ বছৰলৈকে ষষ্ঠ শ্ৰেণীত ‘নিম্ন মাধ্যমিক শিক্ষা বৰ্ডে’ বছৰেকীয়া পৰীক্ষাটো সদৌ অসম ভিত্তিত পৰিচালনা কৰিছিল । কিন্তু ১৯৫৭/৫৮ বছৰৰ পৰা বৰ্ডে মাথোন ষষ্ঠ শ্ৰেণীত প্ৰতিখন স্কুলে বাছি দিয়া সীমিত সংখ্যক ছাত্ৰ- ছাত্ৰীৰ বাবেহে পৰীক্ষা পৰিচালনা কৰি আহিছে । অধিকাংশ ছাত্ৰ – ছাত্ৰীয়ে বাকী বিলাক শ্ৰেণীৰ দৰেই বছৰেকীয়া পৰীক্ষা দিছিল। অৰ্থাৎ প্ৰথম আমিয়েই ষষ্ঠ শ্ৰেণীত বৃত্তি পৰীক্ষা দিবলৈ পাইছিলোঁ ।

প্ৰথম হ’লে যি কোনো কাম বা ঘটনাৰে গুৰুত্ব থাকে ,গতিকে প্ৰথম বৃত্তি দিবলগা ল’ৰা হিচাপে আমিও গুৰুত্ব পালোঁ । আমাৰ স্কুলৰ পৰা মোকে ধৰি ৬ জন ল’ৰাক এই পৰীক্ষাৰ কাৰণে বাছিলে । বাকী ৫জন ল’ৰাই নিজৰ ভিতৰতে আলোচনা কৰি ঠিক কৰিলে যে প্ৰথম বৰ্ডৰ পৰীক্ষা দিবলৈ ওলাইছোঁ যেতিয়া চাৰ , বাইদেউ সকলৰ পৰা আশীৰ্বাদ ল’বলৈ চাহ একাপ খুৱালে ভাল হ’ব। মইও হয়ভৰ দিলোঁ । আমাৰ মাজৰে মুখিয়াল ল’ৰা এজনক আমাৰ প্ৰত্যেকৰ পৰা আঢ়ৈ টকাকৈ তুলিবলৈ দায়িত্ব দিলে । অৱশ্যে মোৰ আৰ্থিক অৱস্থালৈ চাই মাত্ৰ আঠ অনা দিলেই হ’ব বুলি কলে । অৰ্থাৎ আঢ়ৈ টকাৰ দুটকা ৰেহাই দিলে। সেইদিনা মই দাৰিদ্ৰ্যৰ কুৎচিত ৰূপটোৰ লগত আকৌ এবাৰ মুখা মুখী হ’লোঁ। এই কথাই মোৰ কিশোৰ মনটোত মচিব নোৱাৰা এক দুখ বোধৰ ক্ষত চিহ্ন বহুৱাই থৈ গ’ল।

আৰু সেই দিনাৰ পৰা আৰম্ভ হ’ল — এটা আধলি কেনেকৈ যোগাৰ কৰা যায় তাৰ চিন্তা । স্কুলত বা ঘৰত মোৰ একেটাই চিন্তা। ঘৰত কলেও যে লাভ নাই জানোৱেই। অৱশেষত , পইচা জমা দিব লগা দিনৰ আগ ৰাতি বৌক কথাটো কলোঁ । বৌৱে হালধিৰ টেকেলিত হাতেৰে খেপিয়াই খেপিয়াই ৮ টা এক অনীয়া পইচা উলিয়াই আনিলে। বৌৱে গাঁৱৰ মানুহক মাজে সময়ে বন দৰব দি তামোল পাণ এটাৰ উপৰিও কেতিয়াবা ১ অনা ২ অনা পইচাও পায় আৰু তাৰে নিমখ , কেৰাচিন আদি ‘নহ’লে নচলা’ দুই এপদ বস্তু কিনি আনি ঘৰ খন চলাই থাকে । তেতিয়া কাতি মাহ চলি আছিল— এই মাহটোৱেই বছৰটোৰ আটাইতকৈ নাটনিৰ মাহ ।

যা হওক, পিছদিনা মুখিয়াল ল’ৰাজনক ৮ অনা পইচা দি অলপ হ’লেও সঁকাহ পোৱা যেন লাগিল । কিন্তু যিদিনা চাৰ – বাইদেউ সকলক চাহ খুওৱাৰ যোগাৰ কৰিলে , সেইদিনা মোৰ মনটো দুখত ভাগি পৰিল আৰু মই বাকী ল’ৰা ছোৱালী বিলাকৰ পৰা ফালৰি কাটি থাকিলোঁ । পানীখোৱা ছুটীত বাকী ৫ জনে চাহৰ যো- যা কৰিছে আৰু মই অপৰাধীৰ দৰে টীয়ক নৈৰ পাৰত চকু পানী টুকি বহি থাকিলোঁ গৈ ।

পানীখোৱা ছুটী শেষ হ’বলৈ অকনমান সময় থাকোঁতেই মই কৈ অহা মুখিয়াল ল’ৰা জনে মোক বিচাৰি বিচাৰি উলিয়াই কলেগৈ —“সোমকান্ত -তুমি দিয়া এই ১ অনীয়া টো আমি ক’তো চলাব নোৱাৰিলোঁ , তুমিয়েই থৈ দিয়া” — এই বুলি কৈ দুয়োফালে মিহি হৈ ক্ষয় যোৱা এক অনীয়াটো মোৰ হাতত দি আঁতৰি গ’ল । মোৰ কিশোৰ মনটো লাজ – অপমান – গ্লানি – অপৰাধবোধত মৃতপ্ৰায় হ’ল আৰু চকুৰ পানীয়ে বাধা নমনা হ’ল। কিন্তু এটা কথা আজিও মোৰ কাৰণে সাঁথৰ হৈ ৰ’ল যে পানী খোৱা ছুটীত চাহ খোৱাৰ সময়ত শিক্ষক বা লগৰ ল’ৰা কেইজনৰ কোনোৱেই মোৰ অনুপষ্ঠিতি লক্ষ্য নকৰিলে কিয় ? মোক সঁচাকেয়ে ঠগ প্ৰৱঞ্চক বুলিয়েই ভাবিলে নেকি ?■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments