আহক, টাইম মেচিনত উঠি কুৰি বছৰ আগলৈ উভতি যাওঁ  – চিৰঞ্জীৱ গগৈ

সেই সময়ত আপুনি আপোনাৰ গাঁৱৰ পৰা জিলা সদৰলৈ বা মফচলীয় চহৰখনলৈ যাবলৈ এখন বাছত উঠিছিল৷ পুৱা আঠ বা চাৰে আঠ মান বজাত বাছখনে যাত্ৰা আৰম্ভ কৰি ঠিক দহ বা দহ বিশ মানৰ ভিতৰত চহৰৰ বাছ আস্থানত উপস্থিত হৈছিলগৈ৷ ওখোৰা – মোখোৰা বোকাময় বা ধূলিময় গড়কাপ্তানিৰ পথটোৰে বাছখন ঘটং মটং কৰি আগবাঢ়িছিল৷ বাছৰ ধুনীয়া ধুনীয়া নামবোৰ আজিও আপোনাৰ স্পষ্টকৈ মনত আছে, “পাৰিজাত”, “বৃন্দাবন”, “আফচানা”, “নন্দদুলাল” বা “মোৰ আই৷” আপোনাৰ গাঁওখনৰ পৰা চহৰলৈকে ২৫ – ৩০ কি:মি ৰ পথচোৱাত বাছখন কমেও ৪০ ঠাইত ৰখাবলগীয়া হয় মানুহ উঠা-নমা কৰাবৰ বাবে৷

বাছবোৰ সামাজিক সম্প্ৰতিৰো বাহক আছিল৷ যাত্ৰাপথত আছিল মিচিং গাঁও বা মিৰি গাওঁ, গৰীয়া গাঁও পাৰহৈ মৰিয়া গাঁও৷ মেৰেঙ চাহ বাগিচা পাৰ হৈ বাছখন ৰৈছিল কমলাবৰীয়া কৈৱৰ্ত্ত গাঁৱত৷ তিনিজনীয়া চিটটোত একেলগে বহি কলেজলৈ গৈছিল মাৰ্গাৰেট, মানসী আৰু মৰ্জিনা৷ পিছদুৱাৰত ওলমি যোৱা ৰজতে ভিৰৰ মাজতো আগফালৰ চিটত বহি যোৱা ষোড়শী লতিকাক ইংগিত দি কৈছিল, “আজি দিলৱালে’’
খন চাম দেই ‘মধুমিতা’ত৷
বাছখনে কঢ়িয়াই নিয়ে কোনোবা ৰত্ন শৰ্ম্মাৰ পেন্সন নোপোৱাৰ দুখ, ৩৬ বছৰীয়া ফাগুনীৰ বিয়া নোহোৱাৰ দুখ বা বলীন – লখিমীৰ দহবছৰীয়া বিবাহিত জীৱনত ল’ৰা – ছোৱালী নোহোৱাৰ দুখ৷
দুখৰ বিপৰীতে বাছবোৰে গাঁৱলৈ আনন্দ আৰু আশাও কঢ়িয়াই আনিছিল৷ ডালিমী খুৰীয়ে জীয়েকৰ বিয়াৰ বজাৰখিনি বাছৰ ওপৰৰ বডীত লাডি আনিছিল৷ বেটেলিয়নৰ চিপাহী অজিতৰ লগত পলাই যোৱা ৰেৱতী উখহা পেটটোৰ সৈতে বাছত উঠিয়েই মাকৰ ঘৰলৈ আহিছিল, লাজতে ৰাঙলী হৈ ৷
বাছৰ মালিকসকলকো অঞ্চলটোৰ সকলোৱে চিনি পাইছিল আৰু সমীহ কৰিছিল৷ তেওঁলোকৰ একোখনকৈ ৰাজদূত বা য়ামাহা Rx 100 আছিল৷ বাছৰ মালিক,গতিকে ধনী মানুহ৷ বাছৰ বডী তেওঁলোকে বৰপেটাত গৈ বনাই আনিছিল৷ গাঁৱৰ ধনী – দুখীয়া সকলো মানুহ বাছত উঠিয়ে চহৰলৈ গৈছিল৷ পুৱা ১০/১০-৩০ বজাত বাছখনে মানুহবোৰ নি চহৰত পোনা মেলাদি মেলি দিছিলগৈ আৰু সন্ধিয়া ৪/৪-৩০ মানত চপাই কোচাই আনি আকৌ গাঁৱত নমাই দিছিলহি৷
বাংময় হৈ উঠিছিল এখন নিভাঁজ জীৱনৰ ছৱি৷
পিছে! !
বাছবোৰ দেখোন আজিকালি নোহোৱা হৈ পৰিল৷ থকা কেইখনো গাঁৱলৈ নাহে৷ চহৰৰ পৰা চহৰলৈকেহে চলে৷ তেজপুৰ > গুৱাহাটী > তেজপুৰ বা গোলাঘাট > যোৰহাট > ডিব্ৰুগড়৷ নামবোৰতো আগৰ কেঁচা মাটিৰ গোন্ধ নাই৷ “মা শাৰদা” “মেহজবিন” “চিমৰন” বা “কেষ্ট ঠাকুৰ৷” কিবাচোন বঙলুৱা বঙলুৱা গোন্ধ!
বাছবোৰৰ ঠাই ল’লেহি মেজিক, মেক্সিমো, উইংগাৰ আৰু চৱাৰীয়ে৷ চালকৰ আসনত ফুকলীয়া নালিয়া একোটাহঁত৷ ১২/১৫জন যাত্ৰী উঠাই এই “যমদূত” কেইখন এঘণ্টাতে চহৰ পায়গৈ৷ দিনটোত ৪/৫বাৰ অহা যোৱা৷ আগতে ৭/৮খন গাঁৱৰ মানুহ লৈ এখন বাছ চহৰলৈ গৈছিল আৰু এতিয়া এখন গাঁৱৰ পৰাই ৭/৮খন এনেকুৱা সৰু গাড়ী চহৰলৈ যায়৷ যাত্ৰীৰ অভাৱ নাই৷ কাৰণ আজিকালি গাঁৱৰ সৰহবোৰ মানুহেই চহৰমুখী৷ অৱশ্যে ধনী গাঁৱলীয়া মানুহখিনি নিজৰ আইটেন বা ইটিয়ছ গাড়ীতহে চহৰলৈ যায়৷ কাষৰ চিটত ক’লা চছমা পিন্ধা পত্নী৷ বাটত কোনোবা চিনাকি মানুহ দেখিলেও মাত নিদিয়ে৷ কিজানিবা উঠাই নিব লাগে!
বাছবোৰ আজি হেৰাই গ’ল৷ কিন্তু বাছত উঠি যাতায়ত কৰা দিনবোৰৰ স্মৃতি হ’লে এতিয়াও আপোনাৰ বুকুত সজীৱ হৈ আছে৷ –
কাৰণ – – –
হাড়ে হিমজুৱে আপুনি এজন সম্পূৰ্ণ “গাঁৱলীয়া” মানুহ! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক