আহমেদাবাদত গুজৰাটী গাঁও (দীপাংকৰ মল্ল বৰুৱা)

কেই বছৰমান আগতে আহমেদাবাদ চহৰত সপৰিয়ালে কেইদিনমানৰ বাবে আছিলোঁ। পুত্ৰ নিয়ৰে আহমেদাবাদত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলত অংশ গ্ৰহণ কৰিছিল। খেল শেষ হোৱাৰ পিছত আহমেদাবাদৰ বিভিন্ন ঠাই চাবলৈ ওলাই গৈছিলোঁ। সবৰমতীৰ পাৰত গান্ধী আশ্ৰম, অক্ষৰধাম মন্দিৰ আদি চাই ফুৰিছিলোঁ।

প্ৰণীতাৰ লগত চাকৰিসূত্ৰে চিনাকী আহমেদাবাদৰ আৰতি নামৰ মহিলা এগৰাকীয়ে এদিন সন্ধিয়া ফোন কৰিলে। “আপোনালোকক আজি মই আহমেদাবাদৰ এটা বিশেষ আকৰ্ষণ দেখুৱাবলৈ লৈ যাম। সাজু হৈ থাকিব”।

আমি তেওঁ দিয়া সময়মতে সাজু হৈ থাকিলোঁ। মাৰুতি গাড়ী এখন চলাই তেওঁ আহি পালে আৰু আমাক লৈ গ’ল চহৰৰ ব্যস্ত অঞ্চলৰ পৰা আঁতৰত থকা এখন ঠাইলৈ। বিজুলী বাতিৰ পোহৰেৰে চমকিত হৈ নথকা এঠাইত আমি গাড়ীৰ পৰা নামিলোঁ।
“এয়া বিশালা। আহমেদাবাদৰ বিশেষ আকৰ্ষণ”, আৰতিয়ে ক’লে। তেওঁ আগতিয়াকৈ টিকটৰ বন্দোবস্ত কৰি থৈছিল। দুৱাৰদলিত হাতত লেম লৈ গুজৰাটী পোছাক পৰিহিত দুজন ব্যক্তিয়ে আমাক সম্ভাষণ জনালে।

সোমাই যোৱা বাটটো লুংলুঙীয়া। কম পোহৰৰ বাল্ব কেইটাই লেমৰ পোহৰৰ দৰে পোহৰ দিয়ে। এখন গাঁৱত প্ৰৱেশ কৰা যেন লাগিল। অকনমান দূৰ গৈয়েই গুজৰাটী হস্তশিল্পৰ দোকান দেখিলোঁ। দেশী বিদেশী পৰ্যটক সকলে তাত বস্তুৰ দৰদাম কৰি থকা দেখিলোঁ।

আগবাঢ়ি গৈ এঠাইত দেখিলোঁ থলুৱা লোকগীতৰ অনুস্থান পৰিৱেশন কৰা হৈছে। আলহীৰ বাবে বহিবলৈ খাটিয়া, কাঠৰ বেঞ্চ আদি সজাই থোৱা আছে। গছ গছনিৰে আৱৰি থকা ঠাইডোখৰ কোনোবা গাঁৱৰ চোতাল যেনেই লাগে। আমি বেঞ্চ এখনত বহিলোঁ। আমাক সুস্বাদু নেমু টেঙাৰ চৰবত খাবলৈ দিলে। সেয়া হেনো ‘অভ্যৰ্থনা পানীয়’ (Welcome Drink)।

গুজৰাটী লোকগীত উপভোগ কৰিলোঁ। অলপ আগলৈ গৈ মন্দিৰ এটা দেখিলোঁ। তাতো গাঁৱলীয়া পৰিৱেশ। এঠাইত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন কৰি থকা দেখি ৰৈ পুতলা নাচ উপভোগ কৰিলোঁ।

আন এঠাইত গুজৰাটৰ পৰম্পৰাগত ডাণ্ডিয়া নৃত্যৰ আয়োজন দেখিলোঁ। পৰ্যটক সকলকো ডাণ্ডিয়া নাচিবলৈ উৎসাহিত কৰা হৈছে। হাতে হাতে দি যোৱা ডাণ্ডিয়াৰ লাঠীবোৰ লৈ আমি সকলোৱে এপাক ডাণ্ডিয়া নাচিলোঁ। ল’ৰা ছোৱালী দুটিয়ে খুব উপভোগ কৰিলে।

ওচৰতে এটা বিশেষ ‘মিউজিয়াম’ আছে। এই মিউজিয়ামটো হ’ল বিশ্বৰ একমাত্ৰ বাচন বৰ্তনৰ সংগ্ৰহালয়। পৌৰাণিক যুগৰ পৰা মানুহে ব্যৱহাৰ কৰা বাচন বৰ্তন, যন্ত্ৰ আহিলা এই মিউজিয়ামত সংগ্ৰহ কৰি থোৱা হৈছে। মানুহে বিভিন্ন সময়ত ব্যৱহাৰ কৰা বাচন বৰ্তন সমূহত যে সেই সময়ৰ শিল্প কলাৰ চানেকিও সুন্দৰকৈ ফুটি উঠিছিল, সেই কথা এই মিউজিয়ামৰ সামগ্ৰী সমূহ দেখিলে অনুভৱ কৰিব পাৰি।

বিশালা প্ৰকল্পটো ১৯৭৮ চনতে আৰম্ভ কৰা হৈছিল। আহমেদাবাদ চহৰৰ উপকণ্ঠত মানুহক গতানুগতিকাৰ পৰা আঁতৰত গাঁৱলীয়া পৰিৱেশত প্ৰকৃতিৰ সান্নিধ্য দিয়াৰ উদ্দেশ্যেৰে এই প্ৰকল্প গঢ়ি তোলা হৈছিল। আজিও বিশালাত গাঁৱলীয়া পৰিৱেশত চাপৰ খোৱা মেজত পৰম্পৰাগত গুজৰাটী খাদ্য পৰিৱেশন কৰা হয়। সকলো আলহীয়ে মজিয়াত বহি একেলগে খাদ্য গ্ৰহণ কৰে। হাত ধুবলৈ বেচিন নাই, মানুহ এজনে পাত্ৰ এটাৰ পৰা ঢালি দিয়া পানীৰে হাত ধুব লাগে। পোহৰৰ বাবে প্ৰতিখন মেজতে একোটা লেম। পৰিৱেশন কৰা মানুহ কেইজনে পৰম্পৰাগত গুজৰাটী সাজ পোচাক পৰিধান কৰে। বিশালাত খাদ্য গ্ৰহণ কৰি থকা সময়ত গুজৰাটৰ গাঁও এখনত বহি একলগে ভোজ খোৱাৰ অনুভৱ জাগে।

আমাৰ ভোগালী বিহুৰ লগে ভাগে ভোজ ভাত খোৱাৰ পৰম্পৰাক আধাৰ হিচাপে লৈ এখন অসমীয়া গাঁৱৰ আৰ্হিত, অসমীয়া পৰম্পৰাগত লোক গীত আৰু নৃত্যৰে মুখৰিত এটি সন্ধিয়া পৰ্যটকক উপহাৰ হিচাপে দিব পৰাকৈ গুৱাহাটীৰ আশে পাশে ‘বিশালা’ৰ দৰে এখন ৰিজৰ্টৰ অভাৱ বৰকৈ অনুভৱ কৰিছিলোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments