আহাৰৰ কবিতা (- স্মৃতিৰেখা ভূঞা )

আলিলৈ ঘনাই চকু নিদিবি তৰামাই
টোকা-পৰুৱাৰ বাঁহত অজানিতে ভৰি দিবি।
গছৰ তলৰ বোকা-কঠীয়া এনেয়েও লেকেটীয়া
শিপাৰ বোকা আচাৰি ৰঙা পৰা তোৰ ভৰি কুমলীয়া,
পকা চিৰালবৰণীয়া হাতদুখন এৰালিয়ে কটা;
দেহি ঐ, গোলাপফুলীয়া মুখখনিও ৰ’দে চেলেকা।
বুকুখন মোচৰি যোৱাকৈ কিয় হাঁহি মাৰ ভেলেঙী
মোৰ মজ্জাই মজ্জাই উজাই আহে আবতৰীয়া পচোৱা।
বেলি ডুবিব খুজিছে অ’ তৰামাই ,
ৰঙাজোন ওলাবৰ হ’ল
কঠীয়াতলী এৰি ঘৰলৈ যাওঁ ব’ল
আমতলৰ বুঢ়াডাঙৰীয়াৰ চহৰ ফুৰিবৰ হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments