আহ্ণিক (নীলোত্‍পল শর্মা)

:বহুদিনৰ অভ্যাস!-মিচিকিয়া হাঁহিৰে অপূর্ব দত্তই ক’লে -সদায় নাহোঁ, কিন্তু প্রায়ে আহোঁ।
:হয়ো দিয়ক, দিনটোত অকণমান সময় নিজাকৈ পাবলৈ বৰ মন যায়হে।-য্তীন বৰুৱাই ক’লে।
:সময়্কনৰ লগতে এই বতাহকন, বুজিছেনে – মোৰ লোভ এই বতাহকনলৈহে!
:হয় দেই, তাজা বতাহকন পাবলৈকো নোহোৱা হ’ল। আৰু কুৰি বছৰ পিচলৈ কি যে হব!
:কি হব আৰু! এতিয়া পানী কিনাৰ দৰে বতাহো কিনিব লাগিব। কিমান পানী আৰু বতাহ ব্যৱহাৰ কৰিব চৰকাৰে তাৰ সীমা বান্ধি দিব আৰু তাৰ ওপৰত টেক্স লগাব।
:মুকলি বতাহ কি,  ল’ৰা-ছোৱালীয়ে আগলৈ গমেই নাপাব আৰু!
:হেৰি, চাকৰিত জইন কৰাৰ সময়ত – নহয়, এই ল’ৰা-ছোৱালী হোৱাৰ সময়লৈকে আপুনি পানী কিনিব লাগিব বুলি ভাবিছিলনে?
:ঠিকেই – কি যে দিন পৰিল! পেঞ্চনলৈ কিমান দিন বাকী আপোনাৰ?
:দুবছৰ, আপোনাৰ?
:তিনিবছৰ।  এতিয়া সঁচা কথা কবলৈ গ’লে,  কামে আমুৱাইছে আৰু। মাজে-মাজে ভাব হয়, কেবল টকা কেইটাৰ লোভতহে অফিছলৈ গৈ আছোঁ। আৰু ঘৰখনতো মোৰ প্রয়োজন যেন তাতেই। দেৰিকৈ বিয়া কৰোৱাৰ বিপদ এইটোৱেই, বাকী জীৱনটো আপুনি মূৰ পোনাব নোৱাৰে।
:কথা একেটাইহে! আমালৈ চাওক, মস্ত ঘৰটোত এতিয়া থাকোঁতা নাই। আমি দুটা মানুহক ঘৰটোৱে গিলি খাব যেন লাগে।
:ল’ৰা-ছোৱালীয়ে ফোন নকৰে নে কি?
:কৰে কৰে। কিন্তু কি হ’ব – দিনে পাঁচ মিনিট, দহ মিনিট কেনে আছা, কি কৰিছা ধৰণৰ নির্দিষ্ট প্রশ্নোত্তৰ যেন আৰু। সিহঁত ভালে আছে, আমি ভালে আছোঁ কথাটো জনাজনি হয় আৰু। সিহঁতক এবাৰ চাবলৈ, অকনমান সময় একেলগে কটাবলৈ যে মন যায়, সেইতো সিহঁতে বুজি নাপায় যেন লাগে।
:আজিকালি তেনেকুৱাই। ল’ৰা-ছোৱালীবোৰ বৰ প্রেক্টিকেল হৈছে।
:নহয়, আমিহে সনা-পোটোকা কৰি পেলাইছোঁ যেন লাগে। প্রেক্টিকেল আৰু চেলফিছ, ৰিকুৱেস্ট আৰু অর্দাৰ, ডিপ্লোমেছি আৰু হিপোক্রেছিৰ মিনিং একে কৰি পেলাইছোঁ আমি।
:জগতখন পিছে নতুনৰ চকুৰেই চাব লাগে। দি ৱৰ্ল্ড বিলং টু ইয়ংচ। আৰু আমিতো কেতিয়াবাই, অন দ্য ৰং চাইদ্‌ অৱ ফৰ্টি।
:এণ্ড ডেয়াৰ ইজ নো প্লেচ ফৰ ওল্ড মেন।- দুয়োজনে হাঁহিলে !
:মতা মানুহৰ জীৱন বুজিছে! চিৰদিন যোগান ধৰি যাওক, নিজৰ কোনো প্রয়োজনৰ কথা নাভাবিব। সন্তুষ্ট কৰি ৰাখক সকলোকে!
:আৰু এদিন ছহিদ হওক! অমৰত্বৰ আশাৰে আপুনি গোটেই জীৱন নিজক উজাৰি দিয়ক, কিন্তু গঞ্জনা পাবই!
:সেয়াইতো চিৰন্তন নীতি।
:নহয়! প্রিঞ্চিপোল্‌ অফ্‌ কনভেনিয়েঞ্চ্‌- আমি ব্যাপকভাবে ব্যৱহাৰ কৰিছিলোঁ। মাত্র কথাবোৰ বুমেৰাং হব বুলি ভবা নাছিলোঁ।
:বৰ দ্রুতগতিৰে সলনি হৈছে কথাবোৰ! আমিবোৰে তাল মিলাবই নোৱাৰা হ’লোঁ।-বৰুৱাই সৰু হুমুনিয়াহ কাঢ়িলে- নদীখনলৈকে চাওক, ক’ৰ পৰা কলৈ আহিল!
দত্তই বুজিলে, বৰুৱাই প্র্সংগ সলাব বিচাৰিছে! প্রসংগান্তৰত আপত্তি নাই দত্তৰো। দত্তই নদীখনলৈ চালে। এচটা কলা ডাৱৰ উঠি আহিছে, ৰাতিলৈ বৰষুণ হব। ঘৰমুৱা চৰাই এজাক নাওখনৰ ওপৰেৰে উৰি গ’ল – ভ্রুক্ষেপ নকৰি নাৱৰীয়া দুজনে বঠা মাৰি থাকিল।
এয়া চিনাকি ছবি। কিন্তু চাই আমনি নালাগে। এই ছবি চাই আত্মমগ্ন হৈ পৰে দত্ত, ক্ষণিকৰ বাবে পাহৰি যায় সকলো – যেতিয়ালৈকে বৰুৱা,  মোবাইল বা কর্তব্যসচেতনতাই সেই মুগ্ধতাক জোকাৰি নিদিয়ে।
আৰু নদীপাৰৰ প্রকাণ্ড শিলদুটা মুগ্ধতাৰ সাক্ষী, নির্বাচিত স্থান। শিলত বহি দত্তই নীৰৱে ছৱি চায়, বৰুৱাই এই সময়ত একো নকয়। বৰুৱা অৱশ্যে দত্ততকৈ কমকৈ আহে।
ঠাণ্ডা বতাহ এছাটি কোবাই গ’ল দুয়োকে।
:সলনি হ’ল চব! আজি আমাৰ স্থানো সলনি হব। – বৰুৱাই কৌতুকেৰে ক’লে।
দত্তই নুবুজি বৰুৱালৈ চালে। বৰুৱাই চাৱনিৰে ইংগিত দিলে। দত্তই দেখিলে, জিন্স আৰু টি-চার্ট পিন্ধি এহাল যুৱক-যুৱতী ইজনে-সিজনক সাৱটি শিলত বহি আছে। তেওঁলোকৰ আগমনক গণ্যই নকৰিলে সিহঁতে।
:ল’ৰা-ছোৱালীবোৰৰ একেবাৰে লাজ-কাজ নোহোৱা হ’ল দেই! – বৰুৱাই শিলদুটা পাৰ হৈ ক’লে।
:আমাৰ দিনত – অকণমান হঁহাৰ দৰে কৰি দত্তই ক’লে – এইটোতো এটা কেলেংকাৰী হ’লহেঁতেন।
:কেলেংকাৰী ঠিক নহয়, কিন্তু ডাঙৰ ঘটনা বুলিব লাগিব।
:আজিকালি ইহঁতে প্রেম মানে কি বুজেহে? এইবোৰ ইহঁতৰ বাবে খেলাহে হৈছেগৈ।
:খেলা মানে দেহৰ খেলাহে হৈছেগৈ। নহবনো কিয়? সৰুৰে পৰা টি.ভি. চাই চাই..
:নহয়, নহয়! এই যে পিলটো, দি মর্নিং আফটাৰ পিল – ইট হেজ চেঞ্জড্‌ দ্য ৰুল অৱ দ্য গেম টোটেলি। এভেইলেবল্‌ এণ্ড এফোর্দেবল্‌। গতিকে মা ভৈ:।
:কি যে ওলাল এইবোৰ! আৰু এইবোৰৰ মিচইউজ্‌ হয় বুলিয়ে মোৰ ধাৰণা!
:ইউজ-মিচইউজ পিছৰ কথা। কিন্তু ইয়াৰ ভৰসাত আপুনি নিশ্চিন্তমনে উপভোগ কৰিব পাৰে। গতিকে আপোনাৰ লালসা বাঢি যাব, নৈতিকতা আৰু মূল্যবোধ কমি আহিব আৰু..
:আপুনি বিশ্বাস কৰেনে মূল্যবোধ অবিহনে সমাজ এখন চলি থাকিব? মই ভাবোঁ, তেনেকুৱা হ’লে সমাজখন ভাগি পৰিব।
:পিছে সমাজৰ ধাৰণাও সলনি হব নহয়! নতুন নিয়মত নতুন পুৰুষে নতুন সমাজ চলাই থাকিব। আমি বুঢাবোৰ আউটডেটেড্‌ হৈ যাম – না, হৈ গৈছোঁৱেই ইতিমধ্যে। ইহঁতৰ -শিলৰ ওপৰত বহি থকা যুৱক-যুৱতীহাললৈ দেখুৱাই দত্তই ক’লে – বহুত কথা বুজিব নোৱাৰোঁ মই।
:বুজিব নোৱৰোঁ মানে? – বৰুৱাই সুধিলে।
:মানে হজম নহয়। চেমনীয়াৰ দল এটাৰ কথালৈ কাণ পাতক – শুনিব কোনে কাক ডিচ্ছ্‌ কৰিলে, কাক ডাম্প্‌ কৰা হ’ল, কাৰ ব্রেক-আপ হ’ল, কাৰ ডাবল টাইমিং চলি আছে – এইচব আৰু। ঘিণ লাগি যায়!
:হয় দেই! আগতে বাধা বেছি আছিল, তীব্রতাও বেচি আছিল। এতিয়া বাধাহীন হৈছে, সেয়ে তৰাং হৈছে।
:ঘূৰোঁ বলক।
দুয়ো ঘূৰিল। আকাশ কলা মেঘে ঢাকি ধৰিছে। ঠাণ্ডা বতাহো আগতকৈ বেছি হৈছে।  নদীৰ পানীত যেন কলা ৰং এটাই ঢৌ খেলিছে!
:সোনকলেই বৰষুণ আহিব। – দত্তই ক’লে।
:আহক দিয়ক। ধূলিবোৰ কমিলেই ভাল।
:কাইলৈ ৰ’দ দিলে কথা একেটাই হ’ব।  ধোঁৱা, ধূলি -এইবোৰ কমাৰ চিন্তা নকৰিব আৰু!
:তথাপিতো খন্তেকীয়া সকাহ এটা পোৱা যাব দিয়কচোন।
আকাশত বিজুলি চমকিছে। দুয়ো আহি শিলদুটাৰ ওচৰ পালে। যুৱক-যুৱতীহাল তেনেকৈয়ে আছে। যুৱতীয়ে এপলকৰ বাবে ঘূৰি চালে কাষেৰে পাৰ হৈ যোৱা দত্তলৈ।  বিজুলীৰ পোহৰত দত্তই দেখিলে- যুৱতীৰ বিষন্ন চকুযুৰি।
:এইহালে কি কৰি আছে! উঠাৰ লক্ষণেই নাই যে! -অলপ আঁতৰি আহি সৰুকৈ ক’লে দত্তই।
:কিবা ড্ৰাগচ্‌-চ্ৰাগচ্‌ লৈছে হবলা। নিচাত গমেই পোৱা নাই ক’ত আছে, কি হৈছে!
:একো কব নোৱাৰি! কিন্তু কব পাৰি প্রেমত পৰি আপোনঘাতী হ’বলৈ ৰৈ থকা নাই অন্তত:। – নিজৰ ৰসিকতাত নিজেই হাঁহিলে দত্তই।
:পংকজৰ কথা মনত পৰেনে আপোনাৰ?
:পাহৰিব কেনেকৈ? তেনেকুৱা ব্রিলিয়ান্ট ল’ৰা এটাই যে প্রেমত পৰি চিপজৰী লব, কেনেকৈনো ভাবিব?
:তাকো উমাৰ দৰে সাতঘাটৰ পানী খোৱা ছোৱালী এজনীৰ বাবে! উমাই পিচে টকাৰ বহিৰে একোৱেই নিচিনিলে জীৱনত- বিৰাট সুবিধাবাদী চৰিত্রৰ দেই!
:নহয়হে, বেছিকেলি চব মাইকীয়েই সম্পত্তিৰ পিছত দৌৰে। এতিয়াও নুবুজেনে আপুনি!
:চব মাইকী বুলি নক’ব, এইখন ফিল্ডত সুবিধাবাদী মানুহৰো আকাল নাই। কিমান দেখিলোঁ জীৱনত। আৰু তেনে মানুহবোৰৰ মাজত থাকি থাকি এতিয়া পংকজৰ দৰে মানুহবোৰক বুর্বক বুলিবৰ মন যায়!
দত্তক যেন চটপকৈ চৰ এপাত শোধালে বৰুৱাই!
পুৰনি অপৰাধবোধ এটা সংগোপনে জাগি উঠিল দত্তৰ মনত।
বহু বছৰৰ আগতে, এনেকৈয়ে লাৱণ্যৰ শৰীৰৰ ওপৰত আগুৱাই গৈছিল দত্ত।
:মোৰ ভয় লাগে!- কঁপা মাতেৰে কৈছিল লাৱণ্যই।
:মই আছো নহয়!- অভয় দিছিল দত্তই।
:যদি কিবা হয়? – নিষিদ্ধ ফল ভক্ষণৰ পাছত লাৱণ্যই সংশয় প্রকাশ কৰিছিল।
:একো নহয়!- দত্তই অভয় দিছিল ভিত্তিহীনভাবে।
একো হোৱা নাছিল। লাৱণ্যৰ দেহতো, দত্তৰ স’তে সম্পর্কতো।
নীহ্কুল, ঘৰৰ পৰিবেশ, তাজ্যপুত্রৰ ভাবুকি ইত্যাদি কাৰকৰ সমুখত নতজানু দত্তই আৰতিক আনি ঘৰ সুমুৱাইছিল। নে প্রিঞ্চিপোল্‌ অফ্‌ কনভেনিয়েঞ্চক সাৰথি কৰি লাৱণ্যক দূৰলৈ ঠেলি দিছিল!
আৰতিৰ সৈতে প্রথম নিশা ভিতৰি ভিতৰি দত্ত প্রচণ্ড শংকিত হৈ আছিল। অৱশ্যে আৰতিয়ে এবাৰো নকলে ভয় লাগিছে বুলি। আৰু “যদি কিবা হয়” বুলি নোকোৱাকৈ আৰতি এহাল ল’ৰা-ছোৱালীৰ মাক হ’ল।
বৰুৱাৰ কথাষাৰে দত্তৰ পুৰণি ঘা দোখৰ পুনৰ খুচৰি দি গ’ল। ইমান সময়ে আত্মবিশ্বাসী, দমনীয় সুৰেৰে কথা কৈ থকা দত্তই অসহায়ভাবে, স্বীকাৰোক্তি দিয়াৰ সুৰেৰে ক’লে –
:ঠিকেই, সুবিধাবাদী মানুহো বহুত আছে। কিন্তু পংকজক বুর্বক নুবুলিব!
বৰুৱাই দত্তলৈ ঘুৰি চালে। বৰষুণৰ টোপাল দুটা আহি গাত পৰিল।
:ছে:, বৰষুণ পৰিলেই! বেগাই বলক।
দুয়ো খৰকৈ খোজ দিলে। ঘৰত সোমোৱালৈ ধাৰাসাৰ বৰষুণ আহিল। দত্তৰ মনত ছোৱালীজনীৰ বিষন্ন চকুহাল জিলিকি উঠিল। সিহঁত তাৰপৰা আহিলনে নাই চাই আহিবলৈ দত্তৰ বৰ মন গৈছিল।

ৰাতিপুৱা দত্ত অফিচলৈ যাবলৈ সাজু হৈছে। মোবাইল বাজিল। বৰুৱাই কৰিছে।

:হেল্ল’ –  ৰিচিভ কৰিলে দত্তই!
:খবৰ পাইছেনে? – বৰুৱাৰ উত্তেজিত কণ্ঠ সিমূৰত।
:কি খবৰ?
:সেই যে কালিৰ ল’ৰা-ছোৱালীহাল..
:অ’ অ’- কি হ’ল? – দত্তৰ উত্তেজনা তুংগত।
:তাতে ছুইচাইদ কৰিলে সিহঁতি! লাভ ষ্টোৰী হেনো – ডিটেইলচ্‌ গম পোৱা নাই, চাওকচোন কি কাণ্ড!
ধপ্‌কৈ দত্ত কাষৰ চকীখনত বহি পৰিল। কিছুক্ষণৰ বাবে দত্তৰ ভাৱ হ’ল – নদীখনে যেন তেওঁক খেদি আহিছে হোঁ-হোঁৱাই!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments