আয়াত — ৰীতাঞ্জলি ৰাজবংশী

তাৰ বাৰু কিমান বয়স আছিল তেতিয়া ! মেট্ৰিক দি উঠিছিলহে। কলেজত যোৱাৰ ৰঙীণ সপোন দেখাৰ সময়তে জ্বলি উঠিছিল চহৰখন। এটা ৰাতিতে যেন মৰিশালি লৈ পৰিণত হৈছিল ঠাইখন। বতাহত পোৰা মানুহ, জন্তু আৰু ঘৰৰ মিশ্ৰিত এক অদ্ভুত গোন্ধ। ঠায়ে ঠায়ে পৰি ৰৈছিল আধাপোৰা পোহনীয়া জন্তু আৰু ঘৰবোৰৰ ভিতৰত মানুহৰ মৃতদেহ। নৰক যদি আছে সেইয়াই আছিল চাগৈ। সেনা বাহিনী নামিছিল, কাৰৰ্ফিও দিছিল, আশ্ৰয় শিবিৰ গঢ়ি উঠিছিল। তাৰ ঠাইত অঞ্চল বোৰ হৈ পৰিছিল জনশূন্য। ভয়ংকৰ এক শংকাত মানুহবোৰে দিন কটাইছিল। তেনে এক নাৰকীয় পৰিবেশতে সিয়ো ওলাইছিল এদ’ল উন্মত্ত আক্ৰোশত জ্বলি থকা মানুহৰ লগত। কোনে জানো তুলি দিছিল তাৰ হাতত তৰোৱাল এখন । মুখবোৰ চিনাকি ৰচুল চাচা, আবিদ দাদা, মেহমুদ দাদা, জাকিৰ, ৰহমত আলী …। আধাবাটতে আগুচি ধৰিছিল সিহঁতক সেনাবাহিনীয়ে। গুলিবৰ্ষণ হৈছিল। চেদেলি ভেদেলি হৈ গৈছিল সিহঁত। এৰা ..আপোনঘৰ আৰু আপোন মানুহক হেৰুৱাই বলিয়া হৈ পৰা সিহঁতে সেইদিনা এখন চহৰ জ্বলাবলৈ গৈছিল ।

আশ্ৰয় শিবিৰৰ পৰা তাক মোমায়েকে লৈ আনিছিল। ডিগ্ৰী লৈ পঢ়াৰ পিছত মোমায়েকহঁত একেবাৰে গুচি গ’ল ডুবাইলৈ। সি ৰৈ গ’ল। নোৱাৰে সি এৰি যাব তাৰ জন্মভূমিক। ইমানবোৰ হোৱাৰ পিছতো সি বিশ্বাস কৰে সকলোতে একাংশ বেয়া মানুহ থাকেই। সেইয়া লাগিলে হিন্দু হওক, মুছলমান হওক বা খ্ৰীষ্টান। মানৱতা কোনোবা নহয় কোনোবাখিনিত হাৰি যায়েই। চহৰৰ মাজমজিয়াত থকা ঘৰটো মোমায়েকে তাৰ নামত লিখি দিছিল। তাৰেই সম্মুখত সি গঢ়ি তুলিলে “আয়াত ।” আয়াতৰ বিৰিয়ানী কম সময়তে সকলোৰে প্ৰিয় হৈ উঠিল। এদিন তাৰ কাষলৈ আহিল পাৰ্থ। আহিয়েই কৈ উঠিছিল -”দাদা মোক আপোনাৰ লগতে ৰাখক। কলেজৰ পিছত ইয়াতে কাম কৰিম। থকাৰ অকণ ঠাই দিয়ক।” হেৰুৱা ভাইটোক যেন ঘূৰাই পালে সি। পাৰ্থ শৰ্মাৰ অভিভাৱক হৈ পৰিল ইৰফান কোৰেচী।

পাৰ্থৰ লগতে আয়াতলৈ আহিবলৈ লৈছিল তাৰ বান্ধবী প্ৰিয়ংকাও। শিশুসুলভ সৰলতাৰে কেতিয়া যে তাই ইৰফানৰ বুকুৰ আপোন হৈ পৰিল সি নিজেই গম নাপালে। কলেজত হাজাৰটা ডেকাৰ বুকুত কঁপনি তোলা হিন্দু ব্ৰাহ্মণ বলিন চক্ৰৱৰ্তীৰ জীয়ৰি প্ৰিয়ংকাও অন্তৰত স্থান দিছিল কচাই ৰছুল কোৰেচীৰ পুত্ৰ ইৰফান কোৰেচীক । নিদিবই বা কিয়? প্ৰেমে জানো মানে জাতি, ধৰ্ম, সমাজ। সমাজ বেলেগ, জাতি বেলেগ, ধৰ্ম বেলেগ কিন্তু শৰীৰ জানো বেলেগ? শৰীৰত প্ৰৱাহিত তেজৰ বৰণ জানো বেলেগ? হৃদয়ৰ অনুভূতি জানো বেলেগ? ভালপোৱাৰ মিঠা অনুভৱত ডুবি থকা ইৰফানে নিজকে নিজেই সোধে -সি বাৰু সেইজন ইৰফানেই নে যিজনে এদিন হাতত তৰোৱাল লৈ মানুহ কাটিবলৈ গৈছিল? দেউতাকৰ কটা মূৰটো, সৰু ভাইটো আৰু মাকৰ আধা জ্বলা বীভৎস শৰীৰ, আৰু আশ্ৰয় শিবিৰৰ ভয় লগা দিনবোৰৰ ছবি লৈ থকা তাৰ বুকুত ইমান ভালপোৱা সোমাই আছিল নে? হয়তো আছিল আৰু সেইবাবেই তাৰ বুকুত শুই থকা ভালপোৱাৰ শান্ত সাগৰখনত প্ৰিয়ংকাই আহি জোৱাৰ তুলিলে । ৰাতি ৰাতি সপোনত চিঞৰি উঠা ইৰফানে মিঠা সপোনত মিচিকিয়াব লৈছিল। হৃদয়ৰ সমস্ত ভালপোৱাৰে ইৰফানে প্ৰিয়ংকাক বুকুত লৈ কৈছিল “ ভালপাওঁ তোমাক প্ৰিয়ংকা আৰু মই সদায় তোমাৰেই। “

ইৰফানৰ বুকুত মূৰ থৈ প্ৰিয়ংকায়ো সপোন দেখিছিল এখন ঘৰৰ য’ত থাপনাত থাকিব নামঘোষা, গীতা, ভাগৱতৰ লগতে কোৰান। ঈদত পোলাও, মাংসৰ লগতে থাকিব তিলপিঠা, লাড়ু। সন্ধিয়া প্ৰাৰ্থনাৰ লগতে পঢ়িব নামাজ। এখন মৰমৰ ঘৰ, এখন সপোনৰ পৃথিৱী বাস্তৱ ৰূপ দিবলৈ দুয়োটা আগবাঢ়িছিল । তাইৰ কি উৎসাহ – “ এই ইৰফান আমি কিন্তু প্ৰথমে হিন্দু নিয়ম মতে বিয়া হম । মই গুণা কৰা পাটৰ সাজ পিন্ধিম আৰু তুমি পাটৰ কূৰ্টা। হোমৰ গুৰিত বহি মন্ত্ৰ মাতিম, সাতপাক লৈ শপত লম জনম জনমলৈ এক হোৱাৰ। তাৰ পিছত তোমালোকৰ নিয়ম মতে “ কলেমা” পঢ়িম। কিমান যে ভাল লাগিব পৰ্দাৰ আঁৰৰ পৰা আইনাত তোমাৰ মুখ চাই কম “কবুল হে, কবুল হে, কবুল হে”।

প্ৰতি বহাগত তাৰ ডিঙিত বিহুৱান পিন্ধাই বিনিময়ত এপাহ কপৌফুল তাইৰ দাবী আছিল । কমখন দৌৰিছিল নে সি কপৌপাহ যোগাৰ কৰিব লৈকে। কথা আছিল তাইৰ এম.এ কমপ্লিট হোৱাৰ পিছতেই ঘৰত সিহঁতে বিয়াৰ কথা পাতিব। প্ৰিয়ংকাৰ দৃঢ় বিশ্বাস আছিল জাত পাত নমনা দেউতাকে সিহঁতৰ সপোন পূৰণ কৰিব।

কিন্তু চূড়ান্ত বৰ্ষৰ পৰীক্ষা দি ঘৰলৈ ওভোতাৰ পিছতেই সকলো সলনি হৈ গৈছিল। প্ৰিয়ংকাই ভবাৰ দৰে দেউতাকে নুশুনিলে তাইৰ কথা, নুবুজিলে ইৰফানক। হিন্দু মুছলমান ভাই ভাই কোৱা সমাজৰ মানুহখিনিয়ে নুবুজিলে সিহঁতৰ প্ৰেমৰ ভাষা। বুজিবই বা কিয় হিন্দু ব্ৰাহ্মণ ছোৱালী প্ৰিয়ংকাৰ মুছলমান কচাইৰ ল’ৰা ইৰফান ভালপোৱাৰ পবিত্ৰতাক। মানিবই বা কিয়? ভালপোৱাৰ পৃথিৱীত সিহঁতে দেখা নোপোৱা পাৰ্থক্য সমূহ যে তেওঁলোকৰ বাবে ভাঙিব নোৱাৰা প্ৰাচীৰ সদৃশ নিয়ম। এখন আধুনিক সমাজত বাস কৰা বুলি দাবী কৰা মানুহখিনিয়ে জাত-পাত লৈয়েই বহি আছে সাতম যুগৰ পৰা। তচনচ হৈ গৈছিল সিহঁতৰ সপোন। প্ৰিয়ংকাই চিঞৰিছিল – দেউতা তুমি স্কুলত এনেই পঢ়াইছিলা “ জাতি, ধৰ্ম, বৰ্ণহীন সমাজ এখন আমিয়েই গঢ়িব লাগিব বুলি।” অস্থিৰতাত দিন কটাইছিল ইৰফানে প্ৰিয়ংকা আকৌ আহিব পাৰিবনে তাৰ কাষলৈ?

প্ৰিয়ংকা ঘৰত থকা সময়ৰ উকা উকা লগা দিন এটাতে আহিছিল মানুহজন। দীৰ্ঘদেহী, সুঠাম, ধুতি- পাঞ্জাবী পৰিহিত দেখিলেই শ্ৰদ্ধা ওপজা মানুহজনে আহিয়েই কৈছিল –

: মই প্ৰিয়ংকাৰ দেউতাক বোপা। তুমি ইৰফান হোৱা নে?

ব্যস্থ হৈ পৰিছিল ইৰফান। সমাজৰ ভয়ত, নিজৰ সন্মান ৰাখিবলৈকে তাৰ সম্মুখত আঁঠুকাঢ়ি হাতযোৰ কৰি বহি পৰিছিল তেওঁ। সি কথা দিছিল মানুহজনক। কথা দিয়াৰ সময়ত সি পাহৰি গৈছিল প্ৰিয়ংকাক দিয়া প্ৰতিশ্ৰুতিৰ কথা। তাৰ সম্মুখত যে আছিল এগৰাকী সমাজৰ পৰা একাশৰীয়া হৈ পৰাৰ আশংকাত অসহায়, ভয়াৰ্ত, ভগ্ন পিতৃৰ অনুৰোধ । দুবাহুত ধৰি উঠাই দিয়াত আব্বাকৰ বয়সৰ মানুহজনে হুকহুকাই কান্দি উঠিছিল।

তাৰ দুদিন পিছতেই আহিছিল খবৰ টো। তাৰ বাবে “ কলেমা” পঢ়িব খোজা, ওৰণিৰ দৰে “ হিজাব” পিন্ধিব খোজা প্ৰিয়ংকা গ’লগৈ। সপোন দেখিবলৈকে শুবলৈ ভালপোৱা প্ৰিয়ংকা শুই পৰিছিল একেবাৰে। প্ৰতিশ্ৰুতি ভঙাৰ বাবে তাক অভিমান কৰিয়েই গুচি গ’ল । আজি পাচঁবছৰেই হ’ল প্ৰিয়ংকা যোৱা। “আয়াত” ৰ সকলো এতিয়া পাৰ্থই চায় । আয়াতৰ পিছফালেই ইৰফানে গঢ়ি তুলিছে এখন আশ্ৰয় গৃহ “ জন্নত ।” অনাথ আৰু পদপথৰ গৃহহীন শিশুসকলৰ বাবে। য’ত নাই কোনো হিন্দু, মুছলমান আৰু খ্ৰীষ্টান। “ জন্নতৰ” এটাই ধৰ্ম মানৱতা। প্ৰতিদিনে জন্নতত নামাজৰ লগতে প্ৰাৰ্থনাও গোৱা হয়। ইৰফানে প্ৰতিবছৰে বহাগত এপাহ কপৌ পিয়ংকালৈ আগবঢ়ায়। আয়াতত ঈদত থাকে পোলাওৰ লগতে তিলপিঠা। ।

প্ৰিয়ংকাৰ ফটোখনত চাকিগছি জ্বলাই, ধুপডাল দি ইৰফান বহি পৰিল । কাষৰ মিউজিক চিষ্টেমটোত বাজি উঠিল –

তুঝে য়াদ কৰ লিয়া হে আয়াত কী তৰহ
তুঝে য়াদ কৰ লিয়া হে আয়াত কী তৰহ
কায়ম তু হো গয়ী হে ৰিয়ায়ত কী তৰহ
কায়ম তু হো গয়ী হে ৰিয়ায়ত কী তৰহ
মৰণে তলক ৰহেগী, মৰণে তলক ৰহেগী
তু আদত কী তৰহ …
তুঝে য়াদ কৰ লিয়া হে। ।
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক