আৰণ্যক ( ডেভিদ স্বৰ্গীয়াৰী )


… চিন্তাত যতি পৰিল জীৱন ফুকনৰ ৷ সোণাৰু পাঠক বহাৰ পৰা উঠিল ৷ হয় হয়, কামফেৰা সম্পূৰ্ণ কৰিলে তেওঁ ৷ তাৰ মানে… তাৰ মানে তেওঁৰ অন্তহীন যেন লগা অপেক্ষাৰো অন্ত পৰিল ৷ কৃতজ্ঞতাসূচক চাৱনিৰে পাঠকলৈ চাই ৰ’ল তেওঁ ৷

প্ৰস্তাৱনা

দীপশিখাৰ বুকুত জুই ৷ এজাক প্ৰচণ্ড ধুমুহাই যেন থানবান কৰি পেলালে তাইৰ সপোনৰ ঘৰখন৷ হেৰুৱাই পেলালে তাই বহু কিবাকিবি ৷ জীৱনৰ প্ৰতি মমতা হেৰাই যাব খোজে তাইৰ; অথচ কিবা এক বান্ধোনে যেন অকাতৰে জব্দ কৰি পেলায় তাইক ৷ তাই নিৰুপায়; সচাঁকৈয়ে নিৰুপায় তাই৷ নিষ্ঠুৰ সময়ৰ ওপৰত তাইৰ প্ৰচণ্ড ক্ষোভ৷
কোঠাৰ এন্ধাৰত নীৰৱে চকুলো টুকে তাই৷ নীৰৱে শুই পৰে বুকুৰ কণমানিটি৷ এই কণমানিটিয়েই তাইৰ বুকুৰ সম্বল; নিৰাশাৰ মাজত আশাৰ এমুঠি ৰেঙণি ৷ দীপশিখাৰ অন্তৰৰ বিননি যেন প্ৰতিধ্বনিত হয় প্ৰাচীৰে প্ৰাচীৰে, আকাশে-বতাহে, হৃদয়ৰ দুৱাৰে দুৱাৰে৷
প্ৰতিধ্বনিত হয় এই বিননি সোণাৰু পাঠকৰ হৃদয়ত ৷ কবি সোণাৰু পাঠক ৷ সময়ৰ হাতত বৰ শোচনীয়ভাৱে বিপৰ্যস্ত এজন নিমাখিত কবি৷ এতিয়া আৰু তেওঁৰ কলমেৰে নিগৰিত নহয় সেউজ সপোনৰ প্ৰতিচ্ছৱি; গলি নাযায় তেওঁৰ হৃদয়ৰ হিমীভূত গান৷ তেওঁ অনুভৱ কৰে-‘মই যেন জীৱন যুঁজৰ এগৰাকী পৰাজিত সৈনিক ৷’ বেদনাৰ এচমকা ডাৱৰেৰে পৰিপূৰ্ণ তেওঁৰ বুকু ৷ জড়তাত অভ্যস্ত হৈছে তেওঁৰ সৃষ্টি। সেয়া যে প্ৰাণহীন, স্পন্দনহীন !
আৰু জোনাকত প্লাৱিত হয় পদূলিৰ নাহৰজোপা ৷

( এক )

সৌৰভৰ দুবাহুৰ বন্ধনত সপোন ৰচিছিল তাই ৷ তাৰ নীলাভ দুচকুৰ উজ্জ্বল জ্যোতিত উদ্ভাসিত হৈছিল তাইৰ সপোনৰ ঘৰ: এটি অনাগত ভৱিষ্যতৰ গান ৷ জোনাকত উমলিছিল তাই ৷ সাঁতুৰি-নাদুৰি আহিছিল এক দেৱশিশু ৷ তাই শিকিছিল প্ৰাণ খুলি হাঁহিবলৈ ৷ আনন্দত ভৰি পৰিছিল তাইৰ বুকু ৷
… কিন্তু এক অজান আশংকা ক্ৰমশঃ বিয়পি পৰিল তাইৰ সৰ্বশৰীৰত ৷ স্তিমিত হৈ পৰিল তাইৰ মুখৰ হাঁহি ৷ তাই যেন এতিয়া সৌৰভৰ মাজত বিচাৰি নোপোৱা হ’ল তাইৰ নিজৰ প্ৰতিচ্ছৱি ৷ সৌৰভ এতিয়া বিপ্লৱী ৷ তাৰ মুখত এতিয়া লাগি ৰয় বিপ্লৱৰ অগ্নিস্ফূলিঙ্গ ৷ সৰ্বসাধাৰণৰ মুক্তিৰ বাবেই তাৰ এই সংগ্ৰাম৷ হিয়াত তাৰ বিপ্লৱী চেতনাৰ সুৰ ৷
শত্ৰু সাজিছে সৌৰভে; চৌদিশে শত্ৰুৰ দুৰ্গ। খুব ভয় লাগে দীপশিখাৰ ৷ দিনে দিনে আশংকা বাঢ়ি গৈছে তাইৰ ৷ তাইৰ শ্বাসৰুদ্ধ হৈ যাব খোজে ৷ কিন্তু সৌৰভ আঁকোৰগোজ৷ সৰুৰে পৰা সি তেনে স্বভাৱৰে ৷ হক কথাত মাত মাতিবই। কোনেও বাধা দিব নোৱাৰে তাক ৷

‘তোমাৰ জানো ভয় নালাগে?’ – দীপশিখাৰ প্ৰশ্ন ৷ তাইৰ মুখলৈ অপলক দৃষ্টিৰে চাই ৰয় সি ৷
‘ভয় ? কিহৰ ভয়?’—সৌৰভৰ চমু উত্তৰ ৷
‘কিয়, তুমি জানো যেনিয়ে-তেনিয়ে শত্ৰু সৃষ্টি কৰি লোৱা নাই?’
‘সেইবোৰ তুমি ভাবিব নালাগে, দীপা ৷ তুমি নিশ্চিন্ত হৈ থাকা, সিহঁতে মোৰ একো অনিষ্ট কৰিব নোৱাৰে৷’
‘কিন্তু … ‘
‘নাই নাই, তুমি সেইবোৰ ভাবি সময় নষ্ট কৰিব নালাগে৷ এতিয়া তুমি বেছিকৈ চিন্তা কৰাটোও অনুচিত। আমাৰ ভৱিষ্যৎ বংশধৰে কষ্ট পাব ৷ … যোৱা, কি আছে লৈ আহাগৈ; মোৰ বৰ ভোক লাগিছে, জানানে?’
কিন্তু দীপশিখাৰ মনে মানিব নোখোজে ৷ কিবা এক আশংকাই যেন খুলি খুলি খাবলৈ ধৰিছে তাইক। কিন্তু তাই যে সচাঁকৈয়ে নিৰুপায় ৷ সৌৰভৰ মৰমসনা চাৱনিতো তাই আশ্বস্ত হ’ব পৰা নাই ৷ এই দুদিনতে যিবোৰ ঘটনা ঘটি গ’ল, সেইবোৰে সচাঁকৈয়ে আতংকিত কৰি তুলিছে তাইক ৷ তাই ভাবি নাপায়—মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰে জানো ?
আকাশ তেতিয়া ক’লা মেঘে আবৰি ধৰিছিল ৷ অচিৰেই এজাক বৰষুণ নামিব ৷ নাহৰজোপাৰ তলত নীৰৱে বহি আছিল কবি সোণাৰু পাঠক ৷ …

চিনাকী হৃদয়ৰ অচিনাকী সুৰ…

কলমটো মুঠি মাৰি ধৰিছে তেওঁ ৷ বেদনাত দুওঁঠ কামুৰি ধৰিছে : অপ্ৰকাশৰ বেদনা ৷ নিস্তব্ধতাত বুৰ গৈছে চুবুৰিটো ৷ মাজে মাজে দুই-এটা কুকুৰৰ ভুকনি শুনা যায় ৷ কেতিয়াবা অদূৰৰ পৰা নৈশ সংগীত ভাহি আহে ৷ তেওঁ জানে কাৰ সুললিত কণ্ঠ সেয়া ৷ সংগীত হঠাতে বন্ধ হয় আৰু সেই ঠাই অধিকাৰ কৰে সীমাহীন নীৰৱতাই ৷ এই নীৰৱতাক ভয় কৰে সোণাৰু পাঠকে ৷ আগতে এনে নাছিল; স্বাভাৱিকভাৱেই অতিবাহিত হৈছিল দিনবোৰ ৷ কিন্তু এতিয়া যেন সকলোবোৰ কিবা ওলট-পালট হৈ গৈছে ৷
অৱশ্যে নিশাৰ মায়াজাল এতিয়াও ভাল পায় তেওঁ ৷ জীৱনৰ মধুৰ নিশাবোৰত কিমান যে কবিতা ৰচিলে তেওঁ, তাৰ লেখ-জোখ নাই৷ সচাঁকৈয়ে ভাবিলে সপোন যেন লাগে সেইবোৰ দিনৰ কথা ৷ এতিয়াৰ কথা বেলেগ ৷ এতিয়া নীৰস সৃষ্টিৰ বোকোচাত বিতৃষ্ণা ওপজে তেওঁৰ ৷ কিয় ? কিয় বাৰু হেৰাই গ’ল তেওঁৰ উৰ্বৰ পৃথিৱীৰ সপোন ?

মূৰ তুলি চালে তেওঁ ৷ হয় হয়, এতিয়াও তেওঁৰ পিনেই অপলক দৃষ্টিৰে চাই আছে জীৱন ফুকনে ৷ তেওঁ হয়তো বুজিছে সোণাৰু পাঠকৰ বেদনাৰ কথা, হয়তো বুজা নাই ৷ মাথো চাই ৰৈছে একে থৰে৷ পুনৰ কলমটো হাতত তুলি ল’লে সোণাৰু পাঠকে ৷ নাই নাই, তেওঁ উদঙাই দেখুৱাব নোৱাৰে তেওঁৰ অসমৰ্থতাৰ কথা ৷
… ৰাতি দোভাগ হ’ল ৷ সোণাৰু পাঠকৰ দুচকুত দোলা দি আছে পোৱা-নোপোৱা শতেক হৃদয়ৰ বিননি ৷ জীৱন ফুকন নিৰ্বিকাৰ৷ মাজতে চিগাৰেট জ্বলাই লয়, তেওঁকো যাঁচে, তেওঁ সবিনয়ে প্ৰত্যাখ্যান কৰে ৷ ধীৰ গতিৰে কলম চলি যায় ৷ মাজে মাজে স্তব্ধ হয় কলমৰ গতি ৷ ভাগৰি পৰে তেওঁ, কিবা এক বিৰক্তিয়ে যেন বাৰে বাৰে আমনি কৰে ৷ শুবৰ মন যায় তেওঁৰ ৷ নোৱাৰে, তেওঁ শুব নোৱাৰে৷

কোঠাটোতে পায়চাৰি কৰি থাকে জীৱন ফুকনে ৷ এক দৃঢ় সংকল্প লৈ তেওঁ আজি উপস্থিত ৷ কবি সোণাৰু পাঠকৰ ওপৰত আস্থা আছে তেওঁৰ ৷ সেই আস্থাৰ ওপৰত ভেজা দিয়েই তেওঁ এই নিশা যাপন কৰিলে এক বিৰামহীন প্ৰতীক্ষাৰে ৷ তেওঁ জানে, সঁচা হৃদয়ৰ মানুহ সোণাৰু পাঠক ৷ এক বিপৰ্যস্ত জীৱনৰ গৰাকী বাবেই নেকি সোণাৰুক আপোন আপোন লাগে তেওঁৰ ৷ তেওঁৰ এনে লাগে, দুয়ো যেন একেখন নাৱৰে যাত্ৰী ৷ কিন্তু তেওঁ জানে, সোণাৰু পাঠক তেওঁতকৈ কিহ’বাত বেলেগ ৷ সোণাৰু পাঠক প্ৰয়োজনতকৈ বেছি ভাবুক ৷
… চিন্তাত যতি পৰিল জীৱন ফুকনৰ ৷ সোণাৰু পাঠক বহাৰ পৰা উঠিল ৷ হয় হয়, কামফেৰা সম্পূৰ্ণ কৰিলে তেওঁ ৷ তাৰ মানে… তাৰ মানে তেওঁৰ অন্তহীন যেন লগা অপেক্ষাৰো অন্ত পৰিল ৷ কৃতজ্ঞতাসূচক চাৱনিৰে পাঠকলৈ চাই ৰ’ল তেওঁ ৷
‘আপোনাৰ কাম মই সমাধা কৰিলোঁ৷ এতিয়া আপুনি এইবোৰ লৈ যাব পাৰে ৷ কিন্তু এটা কথা, মোক আপুনি কৃতজ্ঞতা নজনাব৷ সেয়া আপোনাৰহে প্ৰাপ্য৷ কাৰণ মোৰ ইমানদিনে নিষ্ক্ৰিয় হৈ থকা হাত দুখন আপুনিয়ে খোল খুৱালে৷ আপোনাক ধন্যবাদ জনোৱাৰ ভাষা মই বিচাৰি পোৱা নাই৷’— সোণাৰু পাঠকৰ স্পষ্ট কণ্ঠ ৷
তেনেকৈ আপুনি কিয় ক’লে? মইহে আপোনাক কৃতজ্ঞতা জনাব লাগে৷ আপুনি মহান কাৰণেই এইদৰে ক’লে ৷
‘নহয়, মই মহান নহয়৷ আপুনি মিছাতে মোক ওপৰলৈ নুতুলিব৷ …বাৰু, আপোনাৰ কাম সমাধা কৰিলোঁ ৷ কিন্তু আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দি যাওক৷ জানিবলৈ মই খুবেই আগ্ৰহী ৷ আশা কৰোঁ, মই উচিত উত্তৰ পাম৷’—সোণাৰু পাঠকৰ কথাত থত্‌মত খালে জীৱন ফুকনে৷ তেওঁ আশা কৰা নাছিল পাঠকে তেওঁক সেইদৰে হঠাতে জব্দ কৰি পেলাব বুলি ৷
সোণাৰু পাঠকৰ সন্ধানী দুচকুৱে অনুসৰণ কৰিবলৈ ধৰিলে তেওঁক ৷ প্ৰশ্নৰ অপেক্ষাত ৰ’ল জীৱন ফুকন ৷
… পূব আকাশত তেতিয়া ধলফাট দিছে ৷ চৰাই-চিৰিকটিৰ কিচিৰ-মিচিৰ শব্দত পৃথিৱীখনে যেন সাৰ পাবলৈ ধৰিছে ৷ দুৰণিৰ পৰা ভাহি আহিছে প্ৰভাতী বন্দনা৷ হয় হয়, সোণাৰু পাঠকৰ চিনাকী শিল্পীগৰাকী জাগ্ৰত হৈছে৷ অকল জাগ্ৰত হোৱাই নহয়, আন দহজনক জগাইছে৷ শীতল বতাহ ছাটিয়ে চুই গৈছে সৰ্বশৰীৰ ৷
আকাশত তেতিয়া ডাৱৰ নাছিল ৷ …

নৈশিক চৈতন্যৰ বেদনা…

‘দীপা …’
অনুচ্চ কণ্ঠত সচকিত হৈ উঠিল দীপশিখা ৷
‘দুৱাৰ খোলা দীপা৷’
হয় হয়, ঠিকেই ধৰিছে তাই৷ সেইজন তাৰ বাহিৰে আন কোনো হ’ব নোৱাৰে৷ কিমান চিনাকী সেই মাতটো তাইৰ! যৌৱনৰ দুৱাৰডলিত ভৰি দিয়েই মাতটোৰ সৈতে পৰিচয় হৈছিল তাইৰ ৷ কিমান যে অন্তৰংগতা গঢ়ি উঠিছিল এই কণ্ঠৰ গৰাকীৰ সৈতে! সেইবোৰ এতিয়া অতীত ৷ আগতে যে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল তাৰ বাবে তাই! …
কিন্তু আজি হঠাতে তাৰ কণ্ঠ শুনি সচকিত হৈ পৰিল তাই৷ তাৰ মানে…
সৌৰভৰ মুখলৈ একেথৰে চাই ৰ’ল তাই অবাক হৈ ৷ আৱেগত উথলি উঠিল সৌৰভো ৷ কিন্তু … নাই নাই, সি ইমান আৱেগিক হ’ব নোৱাৰে৷ এয়া তাৰ নিয়ম বিৰুদ্ধ কথা৷ সি যে এতিয়া আন এক বান্ধোনেৰে আবদ্ধ ৷
‘মই তোমাক এইদৰে আশা কৰা নাছিলোঁ৷’—কঠোৰ হ’বলৈ চেষ্টা কৰিছে তাই ৷ বিগত দিনবোৰৰ অভিজ্ঞতাই তাইক শিকাইছে কঠোৰ হ’বলৈ৷ অথচ হৃদয়ৰ গুপুত কোণত কিবা যেন শোক উথলি উঠিল তাইৰ৷ সৌৰভৰ এনে অৱস্থা দেখি এক পুতৌমিশ্ৰিত শোকে যেন বোবা কৰিব খুজিছে তাইক৷ অথচ কান্দো বুলিও কান্দিব পৰা নাই তাই ৷ কিয় এনে হৈছে বাৰু!
ক্লান্ত খোজেৰে সৌৰভ ৷ সি জানে, কিমান যে বেদনাগধুৰ নিশা পাৰ কৰিবলগীয়া হৈছে তাই ৷ যন্ত্ৰণাকাতৰ তাইৰ মুখখনিত সি আৰু বিচাৰি নাপায় সেউজ সপোনৰ আভা, সি জানে ৷ অথচ একো কৰিব নোৱাৰে সি; সি যে সচাঁকৈয়ে নিৰুপায়! সি যে এতিয়া …
‘মোৰ কথাৰ উত্তৰ নাই যে!’—দীপশিখাই তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে তালৈ৷ মূৰ তুলি চালে সি৷ কি ক’ব ভাবি পোৱা নাই ৷ সি যে কোনো উত্তৰ যুগুত কৰি অনা নাছিল তাইৰ বাবে!
ক্ষণিক মৌনতা ৷ নাই নাই, তাৰ ওচৰত সচাঁকৈয়ে উত্তৰ নাই ৷ বিভ্ৰান্ত দৃষ্টিৰে চাই ৰ’ল সি ৷
দীপশিখা তাৰ প্ৰত্যুত্তৰৰ বাবে ৰৈ আছে ৷ আছে আছে, তাৰ ওচৰত বহু কথা আছে, তাই এতিয়ালৈকে ভূ নোপোৱা অনেক কথা আছে ৷ সেইবোৰ জানিব পাৰিলে তাই হয়তো ক্ষমা কৰি দিব তাক, হয়তোবা ক্ষমা নকৰিবও পাৰে ৷ নাই নাই, সি ক্ষমা বিচাৰি অহা নাই তাইৰ ওচৰত ৷ তাইক মাথোঁ এবাৰ লগ পাবলৈ আহিছিল সি, মাথোঁ এবাৰ৷ তাই বাৰু বুজিব নে তাৰ বেদনাৰ কথা! অনুভৱ কৰিব পাৰিবনে তাৰ হৃদয়ৰ ভাষা!
‘সিহঁতে, সিহঁতে মোক শেষ কৰি দিব ৷ মোক হত্যা কৰিবলৈ সিহঁত দৃঢ়প্ৰতিজ্ঞ ৷ কাৰণ সিহঁতৰ কুৎসিত অভিলাষক মই নিৰস্ত্ৰ কৰি পেলাইছোঁ ৷ মোক বুজিবলৈ চেষ্টা কৰা, দীপা ৷ …দীপা, তুমি ভয় নকৰিবা; সিহঁতে তোমাৰ কোনো অনিষ্ট সাধিব নোৱাৰে ৷’
‘তুমিয়েই জানো কোৱা নাছিলা তোমাৰ কালৈকো ভয় নাই!’—ইতিকিঙৰ সুৰত ক’লে তাই—’এতিয়া প্ৰাণৰ ভয়ত পলাই ফুৰিছা যে!’
দীপাৰ দুচকুলৈ একেথৰে চাই ৰ’ল সি ৷ কিবা এক বেদনাই যেন খুলি খুলি খাবলৈ ধৰিছে তাক ৷ তাই জানো বুজিব? তাই জানো বুজিবলৈ চেষ্টা কৰিব তাৰ মনৰ কথা!
‘সচাঁকৈয়ে মোৰ ভয় নাই, দীপা ৷ কিন্তু মই জীয়াই থাকিব লাগিব। মোৰ বহু কাম বাকী আছে ৷ হ’বলগীয়া পোনাটিক মোৰ মৰম দিবা ৷ তাক বুজাবা, মই আকৌ উভতি আহিম অতি সোনকালে৷’
সি অনুমান কৰিলে তাইৰ দুচকু চলচলীয়া হৈ আহিছে ৷ ফিৰফিৰিয়া বতাহজাকে কঁপাই থৈ গ’ল দুয়োকে৷ অপেক্ষা এজাক বৰষুণৰ ৷
‘মোৰ আশা পূৰ্ণ নহ’ল, দীপা ৷’–আৱেগ বিহ্বল কণ্ঠেৰে ক’লে সৌৰভে ৷
‘যি কৰা সোনকালে কৰা ৷’—চকুলো ঢাকিবলৈ বৃথা চেষ্টা তাইৰ ৷
ক্লান্ত খোজেৰে আঁতৰি গ’ল সি ৷ বিলীন হৈ গ’ল অন্ধকাৰৰ গৰ্ভত ক্ৰমশঃ ৷ প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ ৰ’ল দীপশিখা ৷ দুচকুৰে বৈ আছে চকুলোৰ সোঁত ৷ ববলৈ দিছে, তাই ববলৈ এৰি দিছে চকুলোবোৰ ৷ ভৰিৰ তলৰ মাটিডোখৰ যেন আঁতৰি যাবলৈ ধৰিছে ৷ তাইৰ এনে লাগিল যেন কিবা এক প্ৰচণ্ড শক্তিয়ে চেপি ধৰিব খুজিছে তাইৰ ডিঙি ৷
… ইয়াত তেতিয়া জোনাক নাছিল ৷

( দ্বিতীয় অধ্যায় )

মিঠা আবেলিটো বোকোচাত লৈ ৰৈ আছিল সমৰ কাকতি৷ চেনিহাটলৈ অহা-যোৱা কৰি থকা মানুহলৈ চাই চাই আমনি লাগি গৈছিল তাৰ ৷ এবাৰ মধুকাইৰ দোকানৰপৰা তামোল এখনকে খাই আহোঁগৈ বুলি গ’ল সি ৷ আজি বহুদিনৰ মূৰত তাক দেখি খুবেই আনন্দিত হৈছে মধুকায়ে ৷ চহৰলৈ যোৱাৰ পাচৰ পৰা তাক আৰু দেখা নাছিল মধুকায়ে ৷ আজি সুবিধা বুজি সুধিয়েই দিলে— ‘তহঁতে বোলে এতিয়া কিবা জৰুৰী কামত লাগিছা ? মোক মানে সিদিনা টংকেশ্বৰেহে ক’লে ৷’

চেনিহাটৰ বুধবৰীয়া বজাৰ ৷ জনসমুদ্ৰত পৰিণত হৈছে চেনিহাট ৷ তাৰ ল’ৰালিকালৰে চিনাকী এই চেনিহাট ৷ বহু দূৰ-দূৰণিৰপৰাও মানুহ আহে চেনিহাটৰ বুধবৰীয়া বজাৰলৈ ৷ বিভিন্ন তৰহৰ বয়-বস্তুৰে ঠাহ খাই পৰে চেনিহাট ৷ ওচৰৰ গাঁৱৰ মানুহবোৰৰ ব্যস্ততাৰ শেষ নাই ৷ সমৰে মাথোঁ চাই গৈছে মানুহবোৰৰ ৰেহ-ৰূপ ৷ বুজিবলৈ চেষ্টা কৰিছে কোন কি উদ্দেশেৰে আহিছে ইয়ালৈ ৷ কাৰণ সি জানে যে ইয়াত প্ৰায়ে চুৰি-ডকাইতি, ঠগ-বাজিৰো বেহা চলে ৷ কিন্তু সি যি উদ্দেশে তালৈ গৈছে, সেয়া এতিয়াও সিদ্ধ হোৱাই নাই ৷ আৰু কিমান দেৰিলৈ অপেক্ষা কৰিব লাগিব বাৰু সি !
মধুকায়ে একেথৰে চাই ৰয় তাৰ চিন্তাক্লিষ্ট মুখখনলৈ ৷ হয়তো তেওঁ ধৰিব পাৰিছে, অনুভৱ কৰিব পাৰিছে তাৰ পৰিৱৰ্তন ৷ বিৰাট মানসিক পৰিৱৰ্তন ৷ এৰা সেয়া স্বাভাৱিক, নিতান্তই স্বাভাৱিক ৷ সমৰে বুজে মধুকাইৰ মনৰ কথা; বুজে কাৰণেইতো অকণমান হ’লেও সহানুভূতিৰ দৃষ্টিৰে চাইছে তালৈ ৷ এই মধুকায়েই এদিন আঙুলিত ধৰি জীৱনক ভাল পাবলৈ শিকাইছিল ৷ মধুকাইৰ বাবেইতো হাঁহিবলৈ শিকিছিল সি! এইবোৰ কথা সি জানো কাহানিবা পাহৰিব পাৰিব? নোৱাৰে, সি কেতিয়াও পাহৰিব নোৱাৰে ৷
‘মই এইবোৰ কথা বুজি নাপাওঁ, সমু ৷ মই ভাবো, তহঁতে ভাল কামেই কৰিবি ৷ তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৷
… অ’, ভাইটি কোৱা, চেনি কিমান লাগিব?’
সমৰৰ দুচকুত ভাহি আহে সেই হৃদয়বিদাৰক চিতা জুইৰ দৃশ্য, যি আছিল তাৰ জীৱনৰ এক নিৰ্ণায়ক ক্ষণ ৷ মাকৰ শিৰৰ সেন্দূৰকণ মচ খাই গৈছিল সিদিনা ৷ হয় হয়, তাৰ এতিয়াও মনত আছে কিদৰে এদিন দুদিনকৈ পাৰ হৈছিল সিহঁতৰ দুখৰ দিনবোৰ ৷ বৰ কষ্টকৰ আছিল সেই দিনবোৰ ৷ কোনোৱে কৈছিল, তাৰ বাপেক হেনো কোনোবা সংগঠনত আছিল আৰু তাক গুলীয়াই মাৰি ভালেই কৰিলে ৷ আন কোনোৱে আকৌ কৈছিল, নাই নাই, সেইবোৰ অপপ্ৰচাৰ। আচলতে ভুৱা সংঘৰ্ষতহে প্ৰাণ হেৰুৱালে তেওঁ ৷ নাই নাই, কথাবোৰ বুজি পোৱা নাছিল সি, বুজিবলৈ চেষ্টাও কৰা নাছিল ৷ নবছৰীয়া তাৰ মনত আছিল এটাই সত্য—তাৰ বাপেকক কোনোবাই গুলীয়াই মাৰিছে ৷
মাকৰ যন্ত্ৰণাকাতৰ মুখখনলৈ চাই সমৰৰ অন্তৰখনে কান্দি উঠিছিল ৷ খুব কষ্ট হৈছিল মাকৰ দুটাকৈ ল’ৰা-ছোৱালীক পোহপাল দিওঁতে। এই কথাই তাৰ অকণমানি মনটোক ব্যথিত কৰি তুলিছিল ৷ এনে এক কঠিন সময়তে সিহঁতক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল মধুকায়ে ৷ মধুকাইৰ মৰমত দুখবোৰ পাহৰি যাবলৈ চেষ্টা কৰিছিল সমৰে ৷ তাক পঢ়া-শুনাত সহায় কৰি দিছিল ৷ মুঠতে তাক মানুহ কৰি তুলিবলৈ চেষ্টাৰ অকণো ত্ৰুটি কৰা নাছিল মধুকায়ে ৷ সঁচাকৈয়ে মহান মধুকাই!
আৰু এনে এক মধুকাইক এৰি এদিন চহৰলৈ গৈছিল সমৰ ৷ সেয়া অন্য এক কাহিনী ৷ …

‘চহৰলৈ গ’লি হয়, কিন্তু আমালৈ অলপো মনত পৰিবৰ নহ’ল নে? আমাৰ ৰতনৰ মাকে তোৰ কথা মাজে মাজে সুধি থাকে ৷ মইহে কৈ থওঁ—চাবি আমাৰ সমু এদিন ডাঙৰ মানুহ হৈ উভতিব ৷
… অ’ কাইটি, সেইবিধ বিস্কুট নাই দেখোন; আজি ৰখা নহ’ল ৷’—পুনৰ গ্ৰাহকৰ সৈতে ব্যস্ত হৈ পৰে মধুকাই ৷
চেনিহাট মুখৰ হৈ পৰিছে ৷ সকলো ফালে কেৱল ব্যস্ততা আৰু ব্যস্ততা ৷ মাথোঁ সিহে ৰৈ আছে কৰ্মহীনৰ দৰে ৷ আছে, তাৰো কাম আছে ৷ এই মানুহবোৰৰ মাজত তাৰ কাম সুকীয়া ৷ সি যে এতিয়া…
‘আজি তেনেহ’লে আমাৰ ঘৰলৈকে ব’ল ৷ আমাৰ তায়ো তোক পাই ভালেই পাব ৷ বৰ ভাল লাগিব৷ আমাৰ ঘৰতেই নিশাৰ সাঁজ খাব পাৰিবি ৷’
‘নেলাগে মধুকাই, আজি মই এটা বৰ দৰকাৰী কামত আহিছোঁ ৷ মানুহ এজনলৈ ৰৈ আছোঁ ৷ বেয়া নাপাবি, আজি মই যাব নোৱাৰিম ৷ তাৰমানে …’
‘এইটোৰ মূল্য সাতচল্লিশ টকা ৷ একদম শেহতীয়াকৈ আহিছে ৷ চাহিদাও ভাল ৷ এটা দিওঁ নে?
অ’, কি ক’লি ? আজি নেযাওঁ ? আৰু নো কেতিয়াকৈ আহিবি তাকেই জানি লওঁচোন ৷ অ’, তোক কথা এটা কোৱাই হোৱা নাই নহয় ৷ মনত পৰোতে কৈ থোৱা ভাল ৷ তইতো গাঁৱৰ বহুত খবৰেই নেপাওঁ ৷ সোণাৰু দাইটি সিদিনা কথমপি বাচিল ৷ শনিবাৰৰ কথা ৷ আমাৰ গাঁৱত কিবা বেয়া বস্তু সোমোৱা বুলি পুলিচে তৎক্ষণাত তালাচী চলালে ৷ গৈ গৈ সোণাৰু দাইটিৰ বাৰীত হেনো কিবা সন্দেহজনক বস্তু পালেগৈ ৷ লগে লগে জেৰা আৰম্ভ কৰিলে ৷ সোণাৰু দাইটিয়ে কয়—এই বিষয়ে সি একোকে নাজানে, সিহঁতেহে নামানে ৷ … ‘
‘তাৰ পাছত? ‘—উৎকণ্ঠা বাঢ়ি গৈছে সমৰৰ ৷
‘গাঁৱৰ মানুহেৰে ভৰি পৰিল দাইটিৰ চোতাল ৷ দাইটিৰ হাতত হাতকেৰেয়া লগায়েই আৰু , তেনেতে মোহন বাবুৰ ঘৈণীয়েকে সাহস কৰি আহি যিখিনি কথা ক’লে, সেইখিনি শুনি আমাৰ সকলোৰে হাত-ভৰি থৰ্‌থৰ‌্কৈ কঁপিবলৈ ধৰিলে ৷ গাঁওখনত কি ঘটি আছে, আমি দেখোন একো গমেই নাপাওঁ! সুখৰ কথা এইটোৱেই যে সোণাৰু দাইটি ৰক্ষা পৰিল ৷ আমি উশাহ লোৱাৰ থল সেইটোৱেই ৷ তই তো জানই, দাইটিক আমি গাঁৱৰ মানুহবোৰে কিমান ভাল পাওঁ, কিমান শ্ৰদ্ধা কৰোঁ ৷’—মধুকাইৰ কথাৰ ভাগ দোকানলৈ যোৱা আৰু ওচৰে-পাঁজৰে থকা মানুহবোৰেও ল’বলৈ ধৰিলে ৷ আচলতে সকলোৱেই আগ্ৰহী হৈ আছিল বকুলবন গাঁৱত ঘটা ঘটনাৰ সম্পৰ্কে জানিবলৈ ৷
‘কিন্তু কি কৈছিল নো মোহনবাবুৰ ঘৈণীয়েকে?’—কৌতুহল দমাব পৰা নাই সমৰে৷ নিজৰ গাঁওখনৰ ছবি বাৰে বাৰে মনলৈ আহিবলৈ ধৰিলে ৷ কিবা এক শক্তিয়ে যেন বাৰে বাৰে হাত বাউলি মাতি আছে তাক তাৰ আপোন গাঁওখনলৈ ৷ চহৰত থকা দিনবোৰত সিতো পাহৰি যাবলৈ চেষ্টা কৰিছিল সেইবোৰ কথা! কিয় বাৰু এনে হৈছে তাৰ, কিয় ?
‘সোতৰই পাঁচে বাইছ টকা হৈছে ৷ আপুনি বিছ টকা দিলেও হ’ব। মাধুৰিমাৰ ভাল নে? পঢ়া-শুনা ?
অ’, কি কৈছিলি? মোহন বাবুৰ ঘৈণীয়েকৰ কথ ? পিছে এটা কথা নহয়, এইবোৰ কথা সকলোৰে আগত কোৱা কথা নহয় ৷ কেনেবাকৈ আমিহে ফঁচি যাব লাগিব ৷ জানিছ’ নে ? দেখা নাই ইয়াত ক’ত ৰকমৰ মানুহ আছে? সেই কাৰণেই ক’লোঁ, বোলো আজি গাঁৱলৈকেই ব’ল ৷ গৈ থাকোতেই কৈ যাব পাৰিম ৷ তইহে কিবা নেযাওঁ নেযাওঁখন কৰি থাক ৷
… অ’ কল্পনা বাইটি দেখোন! আজি বহুদিনৰ মূৰত দেখিলোঁ ৷ ক’ৰ পৰা ? কিবা লাগিব হ’বলা ? ‘
হয় হয়, ঠিকেই কৈছে মধুকায়ে ৷ এইবোৰ য’তে-ত’তে কৈ ফুৰিব পৰা বিধৰ কথা নহয় ৷ কিন্তু সি সচাঁকৈয়ে উৎসুক হৈ পৰিছে কথাবোৰ জানিবলৈ ৷ তেন্তে কি কৰিব বাৰু সি! হয় হয়, গাঁৱলৈ নগ’লে নহ’ব ৷ সি বহু কথাৰে ভূ নাপায় ৷ তাকতো অন্তত জীৱন খুৰাহঁতে খবৰ দিব পাৰিলেহেঁতেন! কি কাৰণত তাৰপৰা এইবোৰ কথা লুকুৱাই ৰখা হৈছে, সি নাজানে৷ জীৱন খুৰাকে জানো তাকো বিশ্বাসত ল’ব নোৱাৰে! সি গম পায় যে তেওঁ মাজতে এদিন গৈছিল সোণাৰু পাঠকক লগ ধৰিবলৈ ৷ আৰু পুৱতি নিশা সোণাৰু পাঠকৰ হাতে লিখা আখৰ সম্বলিত কাগজ হাতত লৈ উভতি গৈছিল ৷ তাত কি লিখা আছিল সি জানে ৷ তদুপৰি সি শুনিবলৈ পাইছিল যে, তাৰ বিনিময়ত জীৱন ফুকনে নিমাখিত কবিগৰাকীক জনাবলগীয়া হৈছিল সিহঁতৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ৷ এইবোৰ জীৱন খুৰাকে নিজে কোৱা কথা ৷ সোণাৰু পাঠকৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল, সি নাজানে ৷ জানিবলৈ ইচ্ছা যায় তাৰ ৷ কিন্তু আজি মধুকায়ে যি ঘটনাৰ কথা ক’লে, সেইটোৱে সঁচাকৈয়ে ভবাই তুলিলে তাক ৷ সি সেই সম্পৰ্কে একোৱেই নাজানে! নে তাৰপৰা লুকুৱাবলৈ চেষ্টা কৰা হৈছে কথাবোৰ ? সঁচাকৈয়ে তীব্ৰ কৌতূহলবোধ এটাই তাক গাঁৱলৈ হাত বাউলি মাতিব ধৰিলে। সি জানিব লাগিব এইবোৰ কথা ৷ এয়া যে তাৰ কৰ্তব্য!
হয় হয়, আজি বহুদিনৰ মূৰত ল’ৰালিৰ মধুৰ গাঁওখনলৈ যাব সি ৷ আজিৰ পৰিকল্পনা ত্যাগ কৰি হ’লেও যাব ৷ জীৱন খুৰাকে খং কৰিব। তথাপিও সি যাব ৷ সি যাবই তাৰ আপোন গাঁও বকুলবনলৈ ৷ হয় হয়, সি যাবই লাগিব ৷ …
পশ্চিম আকাশত তেতিয়া অস্তগামী সূৰুযৰ হেঙুলীয়া আভা ৷

হৃদয় বাঁহীৰ সুৰ …

জান’ পুটুকণ,
তোৰ পিতেৰ এই ৰণতে পৰিছিল
ধুনীয়াকৈ দেহাটো ধূলিয়ে পালে ৷
আবেলিৰ বতাহজাকে
খবৰটো দি গ’ল,
আৰু সিদিনাই তোৰ মাৰৰ শিৰৰ
জুইকুঁৰাৰ দৰে দগমগীয়া সেন্দূৰকণ
মচ্ খাই গ’ল।
তেতিয়া তই মাৰৰ তেজত ৷

হয়তো সিদিনাই
মহাকাব্যৰ বুকুত ৰচিত হৈছিল
স্বপ্নভঙ্গৰ মহা-আখ্যান ;
অথবা পবিত্ৰ প্ৰেমৰ প্ৰহেলিকা ৷ …

… ৰৈ গ’ল সোণাৰু পাঠক ৷ বাহিৰত এছাটি সুন্দৰ বতাহ বলিছে ৷ খিৰিকীখন খুলি ল’লে তেওঁ ৷ এ-আকাশ নীলাই আবৰি ধৰিব খুজিছে তেওঁক ৷ নাহৰজোপাই যেন হাঁহি হাঁহি কথা পাতি আছে ডালত পৰি থকা চৰাইবোৰৰ স’তে ৷ দূৰৈৰপৰা ভাহি আহিছে পথাৰত কাম কৰি থকা মানুহবোৰৰ মাত-কথা ৷ দূৰৈৰ পাহাৰৰাশিৰ ওপৰত কিছু মেঘ জমা হৈ আছে ৷ দুদিনমানৰ ভিতৰতে বৰষুণ অহাৰ সম্ভাৱনা আছে ৷ সন্মুখৰ পথেৰে বাটৰুৱাৰ সঘন আহ-যাহ ৷ মাজে মাজে কমলাকান্তৰ ল’ৰাটোৰ চিঞৰ-বাখৰবোৰ ৷
সজীৱ হৈ উঠিছে বকুলবন গাঁও ৷ এনে সজীৱতাৰ মাজতো যেন তেওঁ বিচাৰি পায় এমুঠি যন্ত্ৰণাবোধ ৷ বেদনাহত নিশাবোৰে তেওঁৰ বুকুত গুজি যায় স্বপ্নভংগৰ অযুত কাহিনী ৷ শোকাভিভূত হৃদয়ত তাৰ জুইৰঙী দিনৰ কবিতা ৷ এমুঠি সিক্ত অনুভূতি ৷
বিগত দিনবোৰত ঘটি যোৱা ঘটনাবোৰে সঁচাকৈয়ে ভবাই তুলিছে তেওঁক ৷ সৌৰভৰ আত্মগোপন, দীপশিখাৰ দুৰৱস্থা, জীৱন কাকতিৰ কাম-কাজ, ৰসেশ্বৰৰ আত্মহত্যা এই সকলোবোৰৰ মাজত যেন কিবা এক যোগসূত্ৰ আছে ৷ আৰু সিদিনা তেওঁৰ নিজৰ ঘৰতে যি ঘটনা ঘটি গ’ল আৰু তাৰেই আলমত মোহনবাবুৰ ঘৈণীয়েকে যিখিনি কথা ক’লে, সকলোবোৰেইতো পৰস্পৰে পৰস্পৰৰ সৈতে সম্পৰ্কযুক্ত ৷ তেওঁ ঠিকেই অনুমান কৰিব পাৰিছে, ক’ৰবাত যেন কিবা এক ৰহস্য লুকাই আছে, ঘনঘোৰ ৰহস্য ৷ হয় হয়, তেওঁ উদ্ঘাটন কৰিবই লাগিব সেই ৰহস্য ৷ এয়া যে সময়ৰ দাবী ৷ তেওঁ সঁচাকৈয়ে উপেক্ষা কৰিব নোৱাৰে সেইবোৰ কথা ৷
তেওঁৰ কাণত আজিও ভাহি উঠে মোহনবাবুৰ ঘৈণীয়েক মালতীয়ে কোৱা কথাবোৰ ৷ কি যে ভয়ানক আছিল সেইবোৰ কথা ! হয় হয়, তাই দৃঢ়ভাৱেই কৈছিল কথাবোৰ ৷ তাইৰ দুচকুত তেওঁ আৱিস্কাৰ কৰিছিল সত্যতাৰ এমুঠি অগ্নিস্ফূলিঙ্গ ৷ …

লাহে লাহে অন্ধকাৰ নামি আহিল ৷ এজাক ফিৰফিৰীয়া বতাহে চুই গ’ল তেওঁক ৷ নাহৰজোপাৰ পাতবোৰৰ অন্তিম পোহৰখিনিও বিলীন হৈ গ’ল অন্ধকাৰৰ গৰ্ভত ৷ জোনাকী পৰুৱাৰ জাকবোৰ ওলাই আহিল গুপুত স্থানৰপৰা ৷ ৰৈ ৰৈ বাজি থাকিল সন্ধ্যাৰ আৰতি ৷
চাকিটো জ্বলাই ল’লে তেওঁ ৷ এইখিনি সময়ত তেওঁ খুবেই অকলশৰীয়া অনুভৱ কৰে ৷ সঙ্গীহীনতাৰ বেদনাই খুলি খুলি খাবলৈ ধৰে তেওঁক ৷ হয় হয়, তাকেই কৰিব লাগিব; দীপশিখাক এই কেইদিনৰ কাৰণে আনি ল’ব লাগিব ৷ এতিয়া তায়ো অকলশৰীয়া ৷ শত্ৰুৰ ভয়ত সৌৰভ এতিয়া পলাতক; চৌদিশে শত্ৰুৰ সৃষ্টি কৰি লৈ সি এতিয়া অসহায় হৈ পৰিছে ৷ তদুপৰি দীপশিখা এতিয়া সন্তানসম্ভৱা; এনে সময়ত আদৰ-যত্নৰ প্ৰয়োজন ৷ অকলে থকাটো এতিয়া তাইৰ বাবে কেতিয়াও নিৰাপদ নহয়, বিশেষকৈ নিশাৰ ভাগত ৷ গতিকে তাইক আনি ইয়াতেই ৰাখিব লাগিব ৷ নিজৰ একমাত্ৰ ভনীয়েকৰ চকুলোৰ বোজা তেওঁ জানো সহিব পাৰিব কাহানিবা!
‘সোণাৰু খুৰা, ঘৰত আছে নে?’—এনেতে বাহিৰত কোনোবাৰ কণ্ঠ শুনি চিন্তাত যতি পৰিল তেওঁৰ৷
বাহিৰলৈ ওলাই গ’ল তেওঁ ৷ আন্ধাৰত জুমি জুমি চালে ৷ এটা ছাঁয়ামূৰ্ত্তিয়ে আগবাঢ়ি আহিল তেওঁৰ পিনে ৷ এক মুহূৰ্ত্তৰ বাবে সচকিত হ’ল তেওঁ ৷ লাহে লাহে ক্ষীণ পোহৰত স্পষ্ট হ’ল আগন্তুকৰ মুখমণ্ডল ৷ চিনিবলৈ চেষ্টা কৰিলে তেওঁ ৷
‘খুৰা, মোক চিনিব পৰা নাই নে? মই সমৰ ৷ মদন কাকতিৰ পুত্ৰ ৷’
‘সমু, তই!’ – আচৰিত হোৱাৰ পাল সোণাৰু পাঠকৰ ৷
লগে লগে কিবা এক আৱেগে দোলা দি গ’ল তেওঁৰ দেহ-মনত ৷ মিশ্ৰিত অনুভূতি বিয়পি পৰিল হৃদয়ৰ মাজত ৷ এফালে অনিৰ্বচনীয় আনন্দ, আনফালে এজোলোকা কেঁচা তেজ ৷ …

… সৌৱা পানী যুৱঁলীতে তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছে মদন ৷ তেওঁ মানুহবোৰক খবৰ দিবলৈ দৌৰিছে আৰু দৌৰিছে ৷ নাই নাই, তেওঁ আৰু নোৱাৰে ৷ আতংকত জঠৰ হৈ যাব খুজিছে তেওঁৰ দুভৰি ৷ হয় হয়, কিবা এক প্ৰচণ্ড ভয়ে গ্ৰাস কৰিব খুজিছে তেওঁক ৷ তেওঁ আৰু নোৱাৰে, নোৱাৰে ৷ উজুটি খাই বাগৰি পৰিল তেওঁ ৷ নাই নাই, মানুহবোৰক খবৰ দিবই লাগিব যিকোনো উপায়েৰে ৷ কিন্তু কিয় বাৰু, কিয় বাৰু ৰুদ্ধ হৈ যাব খুজিছে তেওঁৰ কণ্ঠ! তেওঁ মাথোঁ দৌৰিছে , দৌৰিয়েই আছে তেওঁ ৷ …
তেতিয়া আকাশ আছিল মেঘাচ্ছন্ন ৷ …

……………………………………………….( আগলৈ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক