আৰম্ভণি (বি.জে. ৰঞ্জন)

 

 

মহেন্দ্ৰৰ যাবলৈ মুঠেই ইচ্ছা নাছিল। পিছে হৰিৰ কথাই তাক চিন্তাত পেলালে। হৰিয়ে কৈছিল-“চা মহেন, মালিক হৈছে বেপাৰী মানুহ, তই নগ’লে মালিকৰ একো নাই, বেলেগ এজনক ক’ব। আজি তই ঘৰৰ কথা ভাবি যাব বিচৰা নাই, কালি যদি তোক মালিকে উলিয়াই দিয়ে, ঘৰখন নো পুহিবি কিদৰে?”
অলপ ৰৈ মহেন্দ্ৰই কৈছিল-“হ’ব দিয়া, যাম।”

 

মাকণৰ গা ন-মাহ ভৰি পাৰ হৈছে। ভবামতে এইকেইদিনৰ ভিতৰত প্ৰসৱ-বেদনা আৰম্ভ হ’ব লাগে। বিষ অনুভৱ কৰিলেই লগে লগে তাইক আস্পাতাললৈ নিব লাগিব। তাৰ চিন্তা লাগিল। সি গ’লে ঘূৰি আহি পাবলৈ এদিন লাগি যাব। থকাত কাষৰে মাধবকাইহঁত আছে, টানে-বিপদে তেওঁলোকে নিশ্চয় নোচোৱাকৈ নাথাকে- চাব।
ট্ৰাকত উঠাৰ আগেয়ে সি হৰিৰ মোবাইলেৰে মাধবকাইক ফোন কৰি কথাটো ক’লে আৰু তেওঁলোকৰ ছোৱালী জোনালীক ৰাতিটোৰ বাবে মাকণৰ লগত থবলৈও টানি টানি ক’লে। নেদেখাজনক চিন্তি অৱশেষত সি ট্ৰাকত উঠি দিলে।

টাওনৰ ব্যৱসায়ী মগনলালৰ ট্ৰাকৰ হেন্দিমেনৰ কাম কৰে মহেন্দ্ৰই। মাল-বস্তুবোৰ ট্ৰাকেৰে অ’ত-ত’ত থব যাব লাগে। আজি হঠাতে ডিমাপুৰলৈ যাবলগীয়া হ’ল, ঘৈনীয়েক মাকণক এই অৱস্থাত এৰি যাবলৈ তাৰ মন নাছিল, কিন্তু উপায় যে নাই। অৱশ্যে মাল ‘আনলোদ’ হোৱাৰ পিছত সোনকালে ঘূৰিব পাৰিব।
ট্ৰাকৰ গতিৰ বিপৰীতে মনটোৱে তাক বাৰে বাৰে ঘৰলৈ টানিছে। ট্ৰাকৰ দৰজাৰ হেন্দেলত বান্ধি ৰখা সৰু টোপালাটো চাই তাৰ মন বেজাৰেৰে ভৰি পৰিছে।

সদায়ে সুধিব খুজি পাহৰি থকা কথাটো কালি ৰাতি সি মাকণক সুধিছিল। তাই অলপ দেৰি ৰৈ উত্তৰটো দিছিল।
বিভিন্ন সময়ত দিহা-উপদেশ দি অহা হৰি দ্ৰাইভাৰে মহেন্দ্ৰক এদিন কৈছিল-“ঘৈণীয়েৰক ভালকৈ খুৱাবি, বাচ্চা জন্ম হোৱাৰ আগে মাকে যি খাবলৈ মন কৰে খুৱাব লাগে।”
কথাটো তাৰ মাজে মাজে মনত পৰে যদিও কাম আৰু চিন্তাৰ হেঁচাত ঘৰত থকা সময়খিনিত ঘৈণীয়েকক সুধিবলৈ পাহৰি থাকে।
কালি ৰাতি হঠাতে মনত পৰি তাইনো কি খাবলৈ ইচ্ছা কৰে সুধিছিল।
তাই লাজ লাজ কৰি কৈছিল-“জিলাপী।”
সি কৈছিল-“পাগলী, ইমান দিনে কোৱা নাছিলি কিয়?”
তাই হঁহাৰ দৰে তালৈ চাইছিল। তাইৰ মনৰ ভাবটো সি বুজিলে- ট্ৰাকৰ লগত গাধ-খাটনি দি কোনোমতে সংসাৰখন চলোৱা মহেনক তাই খোৱাৰ কথাটো কৈ যেন এটা ডাঙৰ অপৰাধ হে কৰিলে। মাকণলৈ তাৰ বৰ মৰম লাগি গ’ল, মনে মনে ভাবিলে-“কালি জিলাপী আনিমেই আনিম।”

টাওনৰ বজাৰত আজি সি ঘনশ্যামৰ দোকানত জিলাপী ভাজি থকা দেখি তাৰপৰা পাঁচখন জিলাপী লৈ ল’লে। তাৰ পিছতে মগনলালৰ তাত যাওঁতে হৰি-দ্ৰাইভাৰক লগ পালে আৰু সি ডিমাপুৰলৈ গুছি আহিবলগীয়া হ’ল।

টাউন এৰি পাঁচ-ছয় কিলোমিটাৰমান অহাৰ পিছত হৰি-দ্ৰাইভাৰে ক’লে-“পানী অনা নহ’ল অ’ মহেন। ক’ৰবাত টিউবৱেল দেখিলে ক’বি। বটলকেইটা ভৰাই লব লাগিব।”
সিহঁতে জগতপুৰ পাইছিল। জগতপুৰত মহেন্দ্ৰহঁতৰ গাঁৱৰে বিয়া দিয়া ছোৱালী বীনাবাইৰ ঘৰ, হাইৱে’ৰ কাষতেই। তাহাঁতৰ ঘৰৰ আগত মহেন্দ্ৰই গাড়ী ৰখাব দি জিলাপীৰ টোপোলাটো লৈ নামি গ’ল।B.J. Ranjan_Arambhoni

 

চোতালত কণমানি এটাই ধূলিত বাগৰি হাও-ৰাও কৈ কান্দি আছে। কাষতে তাতকৈ অলপ ডাঙৰ ছোৱালী এজনীয়ে মাটিত বহি শিলগুটি খেলি আছে। সেইকেইটা বীনাৰে ল’ৰা-ছোৱালী হ’ব বুলি সি অনুমান কৰিলে।
বীনাই ভিতৰৰ পৰা চিঞৰিছে-“অনু, ভায়েৰক চাচোন।”
বায়েকে এখন হাত মাটিত লগাই গুহাৰ দৰে এটা ফাঁক কৰি আনখন হাতেৰে শিলগুটিকেইটা ওপৰলৈ দলিয়াই এটা এটাকৈ ফাঁকটোত ভৰাবলৈ চেষ্টা কৰি আছিল, মাকৰ মাতত মূৰ নডঙা কৈ তাই শলাগি থ’লে-“অ, হ’ব।”

মহেন্দ্ৰই পিৰালিৰ পৰা মাত দিলে-“বাই! ”
ভিতৰৰ পৰা বীনা ওলাই আহি মহেন্দ্ৰক দেখি আচৰিত হ’ল-“কি অ’, হঠাতে যে, ক’ৰ পৰা আহিলি?”
সি হাতৰ বটলকেইটা দেখালে-“খোৱা পানী ল’ব লাগিছিল বাই। ভৰাই দেচোন, মই ট্ৰাকত আহিছোঁ এঠাইলৈ বুলি।”
বীনাই বটলত পানী ভৰাই থাকোতে সি সুধিলে-“ভিনিদেউ বোধহয় পথাৰলৈ গৈছে? তহঁতো চাগে বহুদিন আমাৰ সিফালে যোৱা নাই, গ’লে আমাৰ পিনেও সোমাবিচোন এপাক।”
-“কি যাবি অ’, দেখিছই নহয় কিমান জঞ্জাল এয়া ল’ৰা-ছোৱালীয়ে, ঘৰে-গৃহস্থালিয়ে। এইটোৱে আকৌ ৰাউচি জুৰিছে, কিবা বেলেগ খাই হেনো, ভাত দিছোঁ- নাখায়, এতিয়া ইয়াক মইনো ক’ৰপৰা বেলেগ কিবা আনি দিওঁ” -বীনাই পুতেকক দেখুৱাই ক’লে।
মহেন্দ্ৰই ল’ৰাটোক কাষলৈ মাতিলে-“জিলাপী খাবি?”
সি মূৰ জোকাৰিলে, মানে খাব।
মহেন্দ্ৰই টোপোলাটোৰ পৰা এখন জিলাপী তাক আৰু এখন ছোৱালীজনীক দি টোপোলাটো বীনাৰ হাতত দি ক’লে-“মই গৈ থাকো বাই, বহু দূৰণিৰ বাট।”
বীনাই কলে-“চাহ এটুপি খাই যা মহেন।”
সি মূৰ জোকাৰিলে-“নাখাওঁ বাই, দেৰি হৈ যাব।”
চাপ-চুপ জিলাপী খাই ল’ৰাটো শান্ত হৈ পৰিছিল। ল’ৰা-ছোৱালীহাললৈ চাই মৰমেৰে সি ক’লে-“যাওঁ দে বাচাহঁত।”

 

ট্ৰাকৰ মাল থৈ পিছদিনা ঘূৰি আহি থাকোতে ৰহাৰ ওচৰমানত হৰি-কাইৰ মোবাইলত মহেন্দ্ৰই খবৰটো পালে- মাকণৰ ছোৱালী এজনী হ’ল ৰাতিপুৱাই, ভালে কুশলে হৈছে।
তাৰ মনটো উথলি উঠিল, উত্তেজনাত হৰিক ক’লে-“হৰিকাই, মই বাপেক হ’লোঁ, ছোৱালীৰ বাপেক হ’লোঁ!”
তাৰ মনটো থৌকিবাথৌ লাগিল।

টাউন আহি পাওঁতে সিহঁতৰ দুটা মানে বাজিল।
মাত লগাই সি আহিব ওলাওঁতে হৰিয়ে ক’লে-“লেতেৰা-পেতেৰা হৈ হস্পিটাললৈ নাযাবি, ধূলি-বালি লাগি লেতেৰা হৈ আছ, এনেকৈ কেঁচুৱা নুচুবি, প্ৰথমে ঘৰলৈ গৈ গা-পা ধুই, চাফা কাপোৰ পিন্ধি যাবিগৈ। মোৰ চাইকেলখন লৈ যা।”

হৰিৰ পৰা চাইকেলখন লৈ সি আহি ঘৰ পালেহি। ঘৰত সোমাই জোনালীক দেখি সি সুধিলে-“হস্পিটালত কোন আছে অ’ জোনা?”
তাই কলে-“মা আৰু খুৰিমা।”
সি দৌৰা-দৌৰিকৈ গা ধুবলৈ গ’ল। গা-পা ধুই চাফা চোলা-পেন্ট এযোৰ পিন্ধি চুকৰ টেবুলখনলৈ গৈ পানী এগিলাচ খালে। টেবুলত এটা ঠোঙা দেখি সি জোনালীক সুধিলে-“কোনোবা আহিছিল নেকি অ’?”
-“কালি আবেলি কোনোবা আহিছিল, মই নিচিনো।”
-“এয়া কি?”
-“সেয়া জিলাপী খুৰা, আলহীয়ে আনিছিল।”
-“তহঁতে খালি নে?”
-“আমি বহুত খালোঁ কালি, এয়া তোমালৈ বুলি থৈছিল খুৰিয়ে।”

মহেন্দ্ৰৰ মনটো মুকলি লাগি গ’ল। কালিৰ পৰা ঘৈনীয়েকক জিলাপী খুৱাবলৈ নাপাই মনত যি এটা খেদ বোজাৰ দৰে লাগি আছিল, কেঁচুৱা হোৱা সুখবৰতো যিটো ভাৱে তাৰ মনত বিন্ধি আছিল, সেয়া ততমুহূৰ্ত্তে আঁতৰিল। গানৰ কলি এটা গুণগুণাই দিলে সি। জোনালীক ক’লে-“জোনা, মই হস্পিটাললৈ যাওঁগৈ দেই।”

হস্পিটাললৈ গৈ থাকোতে ঘনশ্যামৰ দোকানৰ আগেৰে পাৰ হ’ল। দোকানখন পাৰ হ’ব লৈ সি ৰৈ গ’ল, দোকানলৈ চাই ৰিং মাৰি সুধিলে-“জিলাপী ভাজিছা?”
দোকানৰ পৰা এটোপোলা জিলাপী লৈ সি হস্পিটাল আহি পালে।
প্ৰসূতিৰ দীঘল ৰূমটোৰ ভিতৰত মাধবকাইৰ বৌক দেখি সি আগবাঢ়িল।

মাকণ শুই আছিল, কাষত কণমানিটো, কাপোৰেৰে মেৰোৱা, চকুমুদি মাকৰ পিয়াহ খাই আছে।
কেঁচুৱাৰ মুখখনি দেখি তাৰ মনটো সুশীল হৈ পৰিল- আঐ দেহি।
মাধো-বৌৱে হাঁহি মাৰি ক’লে-“ছোৱালীৰ বাপেক হ’লা, মিঠাই ক’ত?”
-“আনিছো বৌ, হোৱা লোৱা।”
-“বাহ, বাপেকে মিঠাই আনিলেই, ল অ’ সৰোৰ মাক, জিলাপী খা।”

মাকণে তালৈ চালে, তাৰ চকুৱে চকুৱে পৰিল, তাইৰ শেঁতা মুখখনিত এটা হাঁহি বিৰিঙিল। তাইলৈ চাই কৌতুকেৰে সি সুধিলে-“জিলাপী খালি তেন্তে?”
সৰুকৈ হাঁহি তাই ক’লে-“অ’, খালোঁ।”
-“কোন আহিছিলনো কালি?”
-“হৰিকাৰ বৌ।”

হৰি-দ্ৰাইভাৰলৈ তাৰ মন কৃতজ্ঞতাৰে ভৰি পৰিল। মাকণলৈ বুলি জিলাপী কিনা কথাটো হৰিকায়ে যোৱাকালি গম পাইছিল।
কেঁচুৱাটোলৈ বুলি সি আগবঢ়িল-“চাওঁ দেচোন, লওঁ এবাৰ।”
কেঁচুৱাটো কোঁচত লৈ সি নিচুকালে-“অ’ অ’, নাই-নাই, আমাৰ মাইনাই জিলাপী খাব অ’, জিলাপী খাব অ’।”
পিছপিনৰ পৰা ডাক্তৰ আহি তাৰ নিচুকনি শুনি ক’লে-“কেঁচুৱাক জিলাপী খুৱাবাই নে?”
ডাক্তৰে মাকক পৰীক্ষা কৰি কেঁচুৱাটো চালে-“সুন্দৰ, চব ঠিকে আছে, গধূলিলৈ যাবই পাৰিবা।”
জিলাপীৰ ঠোঙাটো মেলি লৈ সি অনুনয়ৰে ক’লে-“ছাৰ, মিঠাই।”
ডাক্তৰে তাৰ হাতত থকা জিলাপীলৈ চাই হাঁহি মাৰি কলে-“মই চেনী খাব নোৱাৰোঁ, তথাপি ছোৱালী হোৱাৰ আনন্দতে আজি এখন খাম বাৰু। পিছে ৰুমত দি আহিবা, এতিয়া ডিউটি, মাত্ৰ এখনহে দিবা দেই।”

 

মহেনৰ মনটো খুউব ফূৰ্ত্তি লাগিল।
সি মাকণলৈ চালে-তাইৰ মুখত সতেজ হাঁহি এটা বিয়পি পৰিছে।

দুখীয়াৰ সুখে-দুখে ভৰা যোৱা নটা মাহে খালীপেটে, আধাপেটে গৰ্ভত সন্তান পালি সন্তান জনম দিয়াৰ সুখত মাকৰ মুখত বিৰিঙা সেই হাঁহিত কোনো অভাৱ বা দুখৰ প্ৰচ্ছায়া নাছিল। সেই হাঁহি জগতৰে এটা ধনী হাঁহি আছিল।

আহিনৰ পিছবেলাৰ এজাক ৰঙচুৱা ৰ’দ হস্পিটালৰ খিড়িকীৰে ভিৰ কৰি-কৰি কেঁচুৱা চাবলৈ ভিতৰলৈ সোমাই আহিছিল।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments