আৰাধনা: নীলিম অনুৰাগ

(তামিল গল্প, গল্পকাৰ এন পিচ্চমুতিৰ গল্পৰ অনুবাদ)

: মোৰ বন্ধুজনে ক’লে—‘সেই মানুহজনক ভালকৈ চোৱা।
: তেওঁক চালে মোৰ কি লাভ হ’ব?
: আৰে চোৱাচোন আগত, পিচত কৈ আছো সকলো।
আমি কথাখিনি পাতি থাকোতেই মানুহজন আমাৰ সন্মুখেৰে পাৰ হৈ গ’ল। তেওঁৰ পিছফালটো দেখা পালো মই। শুকান খৰি যেন শৰীৰ । কঁকালত দীঘল ধুতিৰ দৰে কাপোৰ এখন বন্ধা আৰু কান্ধত এখন গামোছা। এইখিনিয়েই চকুত পৰিল ।
মই ক’লো—‘দেখিলোঁ তেওঁক।’
: কিন্ত তুমি তেওঁৰ মুখখন নেদেখিলা।
: তেনেকৈ দেখিবলৈ আৰু বাকীয়েই কি থাকিল কোৱাচোন?
: ‘ৰঙা-সেউজীয়া বৰণৰ কিবা দেখিলা নে আৰু একো কথা নকোৱাকৈ বা নুশুনাকৈ তেওঁ গুচি যাব এতিয়া।’— বন্ধুৱে জনালে ।
: এতিয়া কোৱাচোন তাতে কি হ’ল?
: তেওঁ এজন বিচিত্র মানুহ।
: মানে?
: আনৰ দৰে তেওঁ কাম-কাজো কৰে । কিন্ত এটা কথা আছে, আচলতে তেওঁ কি মইও আজিলৈকে বুজিব পৰা নাই।
: কি কাম কৰে তেওঁ?
: কাঠমিস্ত্রী।
‘: অ’, আচ্ছা!
: মিস্ত্রীৰ হ’লেও কিন্ত তেওঁ মুখেৰেই একো এটা নকয়।
: বোবা নেকি ?
: নহয়। কিন্ত মৌন হৈ থাকে।
বোবা নহয় অথচ মৌন! কথাটো শুনি মই আচৰিত হৈ গ’লো । বোবা মানুহবোৰৰ কথা কোৱাৰ ইচ্ছা হয়! মুখেৰে নানা ধৰণৰ শব্দ কৰে সিহঁতে, হাত আৰু আঙুলি লৰাই নিজৰ বক্তব্য আগবঢ়ায় । সেই হিচাবত বাকশক্তিসম্পন্ন এজন এনেদৰে মৌন হৈ থকাটো একেবাৰে আশ্চর্যৰ কথা নহয়নে? কাম কৰে অথচ কথা নকয়, এনেদৰে তাৰ ঠিকমতে জীৱিকা নির্বাহ হয় জানো?
: কথা নকয় ঠিকই। পিছে মজুৰি লয় নে নাই?
: মজুৰি ঠিকেই লয়।’
: জানা নেকি তেওঁক?
: দেখা দেখি হৈছে কেইবাৰমান । চিনাকীও আছে অলপ।
‘: কিন্ত, তেওঁতো কথা নকয় ?
: অ’, কথা নকয় ঠিকেই, কিন্ত ইংগিতেৰে বহু কথাই বুজাই দিব পাৰে । যিবোৰ ইংগিতেৰে বুজাব নোৱাৰি সেইবোৰ লিখি জনায় । আগতে এসময়ত তেওঁ ধনী ব্যক্তি এজনৰ ঘৰত ষাঠিটকীয়া মজুৰিত গাড়ীৰ চালকৰ চাকৰি কৰিছিল। গাড়ীত থকা সময়বোৰত পট্টিনতাৰ১, তায়ুমানৱৰ২ আৰু ওঠৰসকলোবোৰ৩ লেখাই পঢ়িছিল। এদিন মালিকৰ স’তে গাড়ীৰে ক’ৰবালৈ গৈ থাকোতে হঠাৎ সন্মুখৰ গলি এটাৰ পৰা ওলাই অহা গাড়ী এখনক তেওঁলোকৰ গাড়ীখনে সজোৰেৰে খুন্দা মাৰে । মালিকজন গুৰুতৰভাৱে আহত হয়। তেওঁ অজ্ঞান হৈ গাড়ীৰ বাহিৰলৈ ছিটিকি পৰে। দুয়োজনকে হাস্পতাললৈ লৈ যোৱা হয় যদিও মালিকজনৰ হাস্পতালত মৃত্যু হয়। পৰীক্ষা কৰি ডক্টৰসকলে এওঁৰ শৰীৰৰ ভিতৰ বা বাহিৰ ক’তো একো আঘাতৰ চিন বিচাৰি পোৱা নাছিল । মাথোঁ চকুযোৰ বন্ধ হৈ আছিল । দহদিন অজ্ঞান হৈ আছিল তেওঁ । এঘাৰ দিনাখন পুৱা আনদিনাৰ দৰে যেতিয়া ডাক্তৰজন তেওঁৰ কাষত আহি উপস্থিত হ’ল, তেতিয়া তেওঁ উঠি বহিলে । ডাক্তৰে যেতিয়া তেওঁৰ খবৰ জানিব বিচাৰিলে, তেওঁ ক’লে, ‘অমৃতৰ কুম্ভটো পূর্ণ হৈ গৈছে ।’ ডক্টৰজনে ইয়াৰ অর্থ একো বুজি নাপালে । তেওঁ বেলেগ কথা সুধিলে, ‘ইমানদিনে যমৰজাৰ সৈ’তে যুদ্ধ চলি আছিল । আজি শেষ হ’ল সেয়া | নাকৰ ফুটাৰে ছয় আঙুলি দূৰৰ পৰা শ্বাস ওলাই আহিছে ।’ এই বুলি কৈ তেওঁ ডাক্তৰক সুধিলে, ‘নাকৰ ফুটা দুটাৰ একেলগে নিশ্বাস নির্গত হ’ব পাৰেনে ?’ ডক্টৰজনে একো উত্তৰ নিদি তেওঁক ঘৰলৈ পঠিয়াই দিলে ।’
ঘৰলৈ ঘুৰি যোৱাৰ পিছত তেওঁৰ অৱস্থা আৰু আগৰ দৰে হৈ নাথকিল । পত্নী আৰু দুজনকৈ পুত্র থকা স্বত্ত্বেও, কাৰো লগতে একো কথা নপতা হ’ল । সকলো কামেই আকাৰ ইংগিতেৰে কৰিবলৈ আৰম্ভ কৰিলে | এটা সময়ত গৈ তেওঁৰ পত্নীয়ে ভাবিবলৈ ল’লে, মানুহজন হয়তো পগলাই হ’ল। কথা-বার্তা নকৰিলেও বা বিশেষ কিবা চিন্তাত ডুবি থাকিলেও, তেওঁৰ ব্যৱহাৰত কিন্ত একো পাগলামিৰ ভাব নাছিল । ঠিকমতেই খোৱা-বোৱা কৰিছিল । ল’ৰাবোৰৰ স’তেও খেলিছিল । আকৌ পত্নীক দেখি হাঁহিছিলেও । হাঁহিটো কিন্ত আগৰ দৰে নাছিল, আকৌ পাগলৰ দৰেও নাছিল সেয়া । এসপ্তাহ চুপ-চাপ ঘৰত বহি থকাৰ পিছত আঠ নে ন দিনৰ দিনা বজাৰলৈ গৈ মিস্ত্রীৰ কামৰ সকলো প্রয়োজনীয় যন্ত্র-পাতি কিনি আনিলে আৰু এঘাৰ নম্বৰ দিনৰ পৰা কাম আৰম্ভ কৰি দিলে । সিদিনা তেওঁ তিনি টকা উপার্জন কৰি উভতি আহিল ঘৰলৈ ।’— এই বুলি কৈ বন্ধুৱে কথা সামৰিলে । মোৰ এনে লাগিল যেন অলপ দূৰ আগুৱাই গৈ মানুহজনক মই দেখা কৰি অহাটো উচিত আছিল ।
‘অন্য এদিন তেওঁক ভালকৈ চাই লবা’ এই বুলি কৈ মোৰ বন্ধুজন নিজৰ কামলৈ গুচি গ’ল ।
তেতিয়াৰ পৰা মোৰ ইচ্ছা হ’ল, এদিন তেওঁক চাই ল’ব লাগিব ভালকৈ ।
কেইদিনমানৰ পিছত কামৰ সকলো যন্ত্র-পাতি লৈ মানুহজনে ৰাস্তাৰে গৈ আছিল । সিদিনা ভালকৈ লক্ষ্য কৰিলো মানুহজনক । তেওঁ কাণত এডাল ধূপ গুজি লৈছিল । বুকুত চন্দনৰ লেপ সানিছিল । আৰু সিদিনাৰ দৰেই পিন্ধনত আছিল এখন দীঘল ধুতি । কান্ধত এখন গামোছা । মুখখন ভালকৈ দেখা পালোঁ । তন্ময় ভাব এটাৰ বাহিৰে বেলেগ বিশেষ একো চকুত নপৰিল মোৰ । চকু ওপৰলৈ উঠাওতেই তেওঁ মোক দেখিলে আৰু মইও তেওঁক ।
ইয়াৰ পিছতো সেই একেটা গলিতেই আৰু বহুবাৰ লগ পাইছো তেওঁক । ক্রমশঃ তেওঁৰ স’তে মোৰো একপ্রকাৰৰ মৌখিক পৰিচয় গঢ়ি উঠিল । এতিয়া আৰু তেওঁ মোক দেখিলে মুখ ঘূৰাই আতঁৰি নাযায় ।
এদিন মোৰ ওচৰৰে এঘৰলৈ কাম কৰিবলৈ আহিল তেওঁ । সেই ঘৰৰ মালিকজনে মোৰ ওচৰত মানুহজনৰ বহুত প্রশংসা কৰিলে । তেওঁ ক’লে, ‘কি যে এক বিচিত্র মানুহ । একেবাৰে নায্য মজুৰিহে লয় । আগতে কাকো ইমান সুন্দৰ কাঠৰ বাকছ সজোৱা দেখা নাছিলো মই ! তেওঁ এনেকৈ মৌন হৈ থকাটো একো বিচিত্র নহয় অৱশ্যে । মানুহজনে কাম আৰম্ভ কৰাৰ আগে আগে কাণত গুজি থোৱা ধূপকাঠিডাল জ্বলাই লয় । তাৰ পিছত অলপ সময় দীঘল দীঘলকৈ উশাহ লয় । কাম বহুত মনোযোগেৰে কৰে । দুপৰীয়াৰ ভোজনত তেওঁ আধা সেৰকৈ জলকীয়া খায় । মাজে মাজে গৰম পানীও বিচাৰে । সকলো সময়তে মানুহজন নিজৰ মাজতে মগ্ন হৈ থাকে সম্পূর্ণৰূপে । তেনেকৈ কাম কৰি থাকোতে তেওঁক সেই গছজোপাৰ দৰে লাগে, যি হয়তো সামান্য বেঁকা হৈ গৈছে, কিন্ত এতিয়াও থিয় হৈ আছে শক্তিশালীভাৱে । সঁচাই বৰ বিচিত্র এই মানুহজন ।’ লোকজন সম্পর্কে ৰহস্য আৰু বাঢ়ি গ’ল মোৰ । তেওঁৰ বিষয়ে ধাৰণা আৰু স্পষ্ট হ’ল । তেওঁ মাথোঁ এজন মিস্ত্রীয়েই নে এজন জ্ঞানী ব্যক্তি, নে দুয়োটাই, একো বুজি নাপালো ।
এদিন তেওঁক মাতি মই ক’লো যে মোৰ ঘৰত অলপ কাঠৰ কাম কৰিবলগীয়া আছে । মোৰ সন্দেহ আছিল যে তেওঁ মজুৰি কমকৈ বিচাৰিব । মই মনে মনে যিমান মজুৰি দিম বুলি স্থিৰ কৰিছিলোঁ, তেওঁ সিমানেই বিচাৰিলে । মই আচৰিত হৈ গ’লো ! নায্য মজুৰিয়েই বিচাৰিছিল তেওঁ । তেওঁ ইমানেই জ্ঞানী আছিল যে তেওঁ যেন মোৰ মনৰ কথাটোও গম পাই গৈছিল !
তেওঁ মোৰ ঘৰত দুদিন কাম কৰিছিল । মোৰ বন্ধুজনে যি যি কৈছিল, তাৰ এটা শব্দও মিছা নাছিল । দ্বিতীয় দিনা কাম শেষ হোৱাৰ পিছত মজুৰিৰ লগত দুটকা বেছিকৈ দিলো তেওঁক ।
টকাখিনি হাতত লৈ গণিব ধৰিলে তেওঁ । নির্ধাৰিত মজুৰিৰ অতিৰিক্ত টকাখিনি মোৰ হাতত ঘূৰাই দিলে তেওঁ । তাৰ পিছত ইংগিতেৰে কাগজ আৰু পেঞ্চিল বিচাৰিলে । তাত লিখিলে, ‘এই ব্যক্তিজনে বকচিচ নলয় ।’ মানুহজনৰ প্রতি মোৰ মনটো শ্রদ্ধাৰে উপচি পৰিল । টকাৰ বাবেই কষ্ট কৰে তেওঁ, অথচ টকাৰ প্রতিয়েই কোনো আগ্রহ নাই । তেওঁৰ সংযম দেখি মই আচৰিত নহৈ নোৱাৰিলোঁ । তেওঁৰ ঘৰলৈ গৈ তেওঁক আৰু ভালকৈ লগ কৰিবলৈ বহুত মন গ’ল মোৰ । মই ক’লো, ‘তোমাৰ স’তে তোমাৰ ঘৰলৈ যাম মই ।’ সি হাঁহি উত্তৰ দিলে, ‘বাৰু ।’
তেওঁৰ স’তে মইওঁ গ’লো । বটত কাৰো স’তে অলপো বার্তা বিনিময় নকৰিলে তেওঁ । চিধাই বজাৰলৈ গৈ সৰু ফুলৰ দোকান এখনৰ সন্মুখত ৰ’লে তেওঁ । মই যি টকা দিছিলো তাৰেই ফুলৰ দামটো দি চন্দনৰ দোকান এখনলৈ আহিল । আঠ অনাৰ সুগন্ধি চন্দন আৰু এপেকেট ধূপ লৈ তাৰ পৰা ওলাল । ফুল আৰু চন্দন বিক্রেতাকেইজনক দেখি গম পালো এয়া সদায়েই হয় ।
তাৰ পৰা তেওঁৰ ঘৰলৈ গ’লোগৈ । সাজ-সজ্জাবিহীন তেওঁৰ ঘৰটো যেন এটা চৰাইৰহে বাহ । ঘৰ গৈ পায়েই তেওঁ ফুলবোৰ নিজৰ পত্নীৰ হাতত তুলি দিলে । মোৰ বহুত ভাল লাগিল দৃশ্যটো । এনে লাগিল যেন জ্ঞান-বুদ্ধিৰ অগোচৰত অন্য কোনো লোকত আহি পাইছোহি মই । ইয়াৰ তাৎপর্য আছে মাথোঁ আৰাধনাত…।
তাৰ পিছত তেওঁ হাত-ভৰি ধুই ধূপ, চন্দন আৰু বাকী থকা টকাখিনিও পত্নীক দি দিলে । বস্তুবোৰ লৈ থকাৰ সময়ত তেওঁৰ পত্নীৰ মুখখন মোৰ চকুত পৰিল । সেই মুখত নিতান্তই নৰ-নাৰীৰ সম্পর্কতকৈ ভিন্ন, বন্ধুভাবৰ এক স্পষ্ট প্রকাশ দেখিলোঁ মই ।
তেওঁ বাৰান্দালৈ ওলাই আহিল । মোৰ বাবে আসন এখন পাৰি দি তেওঁ ওচৰতে বহি ল’লে । তেওঁৰ পত্নীয়ে আমাৰ বাবে এগিলাচকৈ লচ্চি লৈ আহিল ।
‘তোমাৰ ল’ৰা-ছোৱালীকেইটা?—’ মই সুধিলো । আঙুলিৰে তেওঁ দুটা বুলি দেখুৱালে । ‘’সিহঁতক দেখা নাই চোন ।’ মই কওতে কওতেই ল’ৰা দুজন ভিতৰলৈ সোমাই আহিল । সিহঁতৰ কাণত বনৰীয়া ফুল গুজি থোৱা দেখিলো । মোৰ লগত একো চিনাকী নাথাকিলেও ল’ৰা দুজনে মোক নমস্কাৰ জনাই গুচি গ’ল । মই আশ্চৰ্যান্বিত হ’লো ।
ইংগিত, ফলি আৰু খৰিৰ সহায়েৰে বহু কথাই জানিব বিচাৰিলো মই । ক’ব নোৱাৰো সেই আটাইবোৰ মই বুজি পাইছিলোঁ নে নাই, কিন্ত তেওঁক কিবা ‘ভিন্ন মানুহ’ যেনেই লাগিল মোৰ । তেওঁ মোক লিখি জনালে, ‘ইয়াত ভিন্নতাৰ একো কথা নাই । ফুলবোৰ নতুন, কিন্ত গছ পুৰণি ।’
সকলোবোৰ কথা ভালদৰে বুজি নাপালো । যিমানকণ বুজিছো, তৃপ্তি পাইছো মনত ।
‘কাইলৈ মোৰ বন্ধু এজনৰ ঘৰত কাম আছে অলপ । তুমি আহিবানে ?’ মই সুধিলো ।
লিখি উত্তৰ দিলে তেওঁ, ‘এই ব্যক্তিজন আৰু তিনিদিনলৈ ক’তো নাযায় ।’
‘কিয়?’ মই জানিব বিচাৰিলো ।
‘তিনি প্রহৰৰ বাবে আৱশ্যকীয় সোণ আছে হাতত ।’ মই আৰু একো ক’ব নোৱাৰিলোঁ । ‘নমস্কাৰ’ বুলি কৈ বিদায় জনাই গুচি আহিলো মই ঘৰলৈ ।

[১-তামিল শৈৱ কবি, ২-তামিল সন্ত কবি, ৩-ৰহস্যবাদ সৃষ্টিৰ বাবে খ্যাত ওঠৰজন প্রখ্যাত তামিল কবি ]

(প্রখ্যাত তামিল গল্পকাৰ ন. পিচ্চমুতিৰ জন্ম হয় ১৯০০ চনত । প্রথমে আইন ব্যৱসায়ত জড়িত হৈ পিছলৈ সংবাদিকতাত মনোনিৱেশ কৰে । বিতর্কমূলক গল্প লিখি সাহিত্য জগতত বিশেষ স্থান অধিকাৰ কৰিছে এইজন গল্পকাৰে । )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments