আৰ্থিক ক্ষেত্ৰত নিম্নবিত্ত/মধ্যবিত্তসকলে কৰা ভুলবোৰ – হীৰকজ্যোতি দাস

1) ইন্সুৰেন্স পলিচিক বিনিয়োগৰ বাবে ব্যৱহাৰ: কেতিয়াও ইন্সুৰেন্স পলিচিক বিনিয়োগত ব্যৱহাৰ কৰিব নালাগে৷ দীৰ্ঘ সময়ত এল-আই-চি বা অন্য ইন্সুৰেন্সে কেৱল 5% ৰ পৰা 6%লৈহে ঘূৰাই দিয়ে৷ Term Insurance কৰি বাকী টকা অন্য কামত বিনিয়োগ কৰিলে বেছি ৰিটাৰ্ণ পোৱা যায়৷
2) ক্ৰেডিট কাৰ্ড:
আজিকালি বেংকবোৰে ক্ৰেডিট কাৰ্ড সহজতে উপলভ্য কৰি দিছে৷ ই একপ্ৰকাৰৰ ঋণ জাল, যি কেতিয়াও শেষ নহয়৷ ইয়াৰ ফলত খৰচৰ মাত্ৰাও বেছি হয়৷
3) চাৰ্বাকবাদ:
জমা কৰি কি হ’ব? খাই বৈ জী আছোঁ৷ এইটো আমাৰ প্ৰজন্মৰ বহুতৰে মনোভাৱ৷ এই মনোভাৱৰ বাবে বস্তুবাদী আৰু সহজলভ্য বজাৰত উপাৰ্জনখিনি শেষ হৈ যায়৷
4) ৰেকাৰিং আৰু বিমিশ্ৰ বিনিয়োগৰ ক্ষমতা: বিমিশ্ৰ(compounding)ৰ জৰিয়তে দীৰ্ঘসময়ত বহু টকা উপাৰ্জন কৰিব পৰা যায়৷ যেনে 1000/- টকাকৈ প্ৰতিমাহে 7% হাৰত বছৰি 30 বছৰৰ বাবে জমা কৰিলে 12,17.300 টকা পোৱা যাব, য’ত কেৱল জমা থোৱা হৈছিল 3,60,000 টকাহে৷ আইনষ্টাইনে কৈছিল কম্পাউণ্ডিং অষ্টম আশ্চৰ্য৷
5) জীৱনধাৰণৰ মানদণ্ড:
থকা লোৱাৰ ধৰণ উচ্চস্তৰলৈ উন্নীতকৰণ সকলোৱে কৰিব বিচাৰে৷ দৰমহা বঢ়াৰ লগে লগে, প্ৰমোচন পোৱাৰ লগে লগে আমি ঘৰ সলনি কৰোঁ, গাড়ী সলনি কৰোঁ যাৰ প্ৰয়োজন বহুতেই কম৷ এনেদৰে উপাৰ্জন বঢ়াৰ পিছতো আমি টকা সাঁচিব নোৱাৰোঁ৷
6) ডিচকাউণ্ট দেখি বস্তু কিনা:
ফ্লিপকাৰ্ট, আমাজন আদিয়ে “Big billion day”, “Great Indian sale” আদিৰে দিয়া ডিচকাউণ্ট দেখি বহুতে অলাগতিয়াল সামগ্ৰীও কিনে; মবাইল সলনি কৰে, টিভি সলনি কৰে৷ ই আপোনাৰ কষ্টৰ উপাৰ্জনক কেৱল শেষহে কৰে৷ মূল উপযোগীতা আপুনি নাপায়৷
7) উইকেণ্ড পাৰ্টী:
আমাৰ প্ৰজন্মই সপ্তাহৰ শেষত পাৰ্টী কৰাটো নিয়ম যেন হৈ পৰিছে৷ সেয়ে মহানগৰৰ বাৰ, মল, পাবত লোক গিজগিজাই থাকে৷ ইয়াতো হিচাপবিহীনভাবে খৰচ কৰা হয়৷

8) খৰচৰ হিচাব:
খৰচৰ নিৰ্দিষ্ট কোনো হিচাব নাই৷ তাৰফলত টকা ক’ত খৰচ হৈ গ’ল তাৰ একো গমকে পোৱা নাযায়৷
9) মেডিকেল ইন্সুৰেন্স:
জীৱনৰ সমস্ত উপাৰ্জনৰ বেছিখিনি আজিকালি অসুখতে খৰচ হৈ যায়৷ 90%+ মানুহৰে মেডিকেল ইন্সুৰেন্স নাই, যাৰ ফলত সাচতীয়া টকাখিনি বেমাৰতে খৰচ হৈ যায়৷ সেয়ে পৰিয়ালৰ মেডিকেল ইন্সুৰেন্স এটা অতি প্ৰয়োজনীয়৷
10) জাকজমক বস্তু:
প্ৰয়োজনীয় বস্তুতকৈ দামী আৰু জাকজমক বস্তু সকলোৱে কিনে৷ দামী গাড়ী, দামী আচবাব আদিৰ প্ৰতি মানুহৰ আকৰ্ষণ সদায়, যি কেৱল আনক ভাল দেখাবলৈহে কিনা হয়৷
11) বিয়া:
মধ্যবিত্তৰ সমস্ত উপাৰ্জন শেষ হয় বিয়াত৷ অযথা খৰচ কৰি তিনি চাৰি বছৰলৈ ডিঙিত ধাৰ লৈ আমি বিয়া পাতোঁ৷ যিখিনি উপাৰ্জন কৰিবলৈ আমাৰ জীৱন পাৰ হৈ যায়৷|
12) অৰ্থনৈতিক পৰিকল্পনা:
বেছিভাগ মধ্যবিত্তৰ কোনোধৰণৰ অৰ্থনৈতিক পৰিকল্পনা নাই৷ ঘৰ লাগে, লোন লৈ ল’লে৷ গাড়ী লাগে, লোন লৈ ল’লে৷ আৰু উপাৰ্জনখিনি বেংকক ই.এম.আই হিচাবে দি টানি-টুনি জীৱন চলাই যায়৷
13) পৰ্যাপ্ত জ্ঞান আৰু ধৈৰ্য্যৰ অভাৱ:
কিছুমান মানুহে শ্বেয়াৰ মাৰ্কেটত পইছা লগায়, কিন্তু সেই বিষয়ে বিশেষ একো অধ্যয়ন নকৰে৷ তাৰ ফলত বেছি দামত শ্বেয়াৰ কিনে আৰু মাৰ্কেট ডাউন থাকিলে বিক্ৰি কৰি দিয়ে৷
14) লোভ:
ছমাহতে দুগুণ কৰি দিয়া কোম্পানীত টকা থৈ সৰ্বস্বান্ত হোৱা মানুহবোৰো এইখিনিয়েই৷
15) কৃপণ আৰু মিতব্যয়ী:
কোনোবাই হাত বান্ধি চলিলেই সমাজে কৃপণ বুলি আখ্যা দিয়ে৷ তাৰ ভয়তেও বহুত মানুহে নিজৰ সামৰ্থ্যৰ বাহিৰত বস্তু কিনে৷ কিন্তু সকলোৱে বুজা দৰকাৰ যে কৃপণ আৰু মিতব্যয়ীৰ মাজত পাৰ্থক্য আছে৷
এইখিনি হৈছে সাধাৰণ মানুহখিনিয়ে নিজৰ আৰ্থিক দিশত কৰা ভুল৷ যদি সকলোৱে এইখিনি ভুল শুধৰাব পাৰে নিজৰ আৰ্থিক স্থিতি টনকীয়াল কৰাত সুবিধা হ’ব৷
—————–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments